Vitiligo (শ্বেতকুষ্ঠ) – ডা. মুকুল শৰ্মা

তিনি বছৰমান আগৰ কথা। মই মোৰ চেম্বাৰত বহি আছিলো। এনেতে ৪০ বছৰমান বয়সৰ ভদ্ৰলোক  এজন চেম্বাৰত সোমায় আহিল। মই তেখেতক বহিবলৈ দি সুধিলো তেখেতৰ সমস্যানো কি? তেখেতে গহীনভাবে উত্তৰ দিলে সমস্যা তেঁওৰ নহয় তেঁওৰ দহবছৰীয়া ছোৱালীজনীৰ হে। মই সুধিলো কিনো সমস্যা? তেঁও ক’লে যে তেঁওৰ ছোৱালীজনীৰ শৰীৰৰ বিভিন্ন ঠাইত বগা বগা দাগ হৈছে। বহুত ঠাইত চিকিৎসা কৰিও সুফল পোৱা নাই। তেঁও হেনো কৰবাত শুনিছে আয়ুৰ্বেদত এই বেমাৰৰ চিকিৎসা আছে। মই ক’লো আপুনি ঠিকেই শুনিছে আৰু মই তেখেতক ছোৱালীজনী লৈ আহিবলৈ ক’লো। তিনিদিন পিছত মানুহজনে নিজৰ ছোৱালীজনী লৈ আহি অনুনয় সুৰত ক’লে চাৰ বহুত আশালৈ আপোনাৰ ওচৰত আহিছো। মোৰ ছোৱালীজনীক থিক্ কৰি দিয়ক । এই ছোৱালীজনী লৈ মোৰ বহুত চিন্তা। এই বেমাৰ থাকিলে ডাঙৰ হ’লে তাইৰ বিয়া বাৰু লৈ সমস্যাৰ সৃষ্টি হব। মই উত্তৰ দিলো পিতৃ হিচাবে আপোনাৰ চিন্তা অমূলক নহয়। কিন্তু আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ ছোৱালীৰ বেমাৰ থিক্ কৰাৰ দায়িত্ব মোৰ। এইবুলি মই ছোৱালীজনীক পৰীক্ষা কৰাত লাগিলো আৰু দেখিলো যে ছোৱালীজনীৰ শৰীৰৰ পাচ ঠাইমানত বগা বগা দাগ পৰিছে। মই ছোৱালীজনীৰ দেউতাকক ক’লো ছোৱালীজনী সম্পূৰ্ন আৰোগ্য হব কিন্তু চিকিৎসা অকমান দীঘলীয়া হব। তেখেতে ক’লে আপুনি যিমান সময় লয় লওক কিন্তু মোৰ ছোৱালীজনী থিক্ কৰি দিয়ক। সম্পূৰ্ন এবছৰ চিকিৎসাৰ পিছত ছোৱালীজনী সম্পূৰ্ন আৰোগ্য লাভ কৰে।

আচলতে ছোৱালীজনীৰ বেমাৰটোনো কি আছিল? ইংৰাজীত এই বেমাৰটোৰ নাম Vitiligo বা Leukoderma , হিন্দী  আৰু অসমীয়াত ইয়াক শ্বেতকুষ্ঠ বুলি জনা যায়। শ্বেতকুষ্ঠ এবিধ চৰ্মৰোগ য’ত শৰীৰৰ বিভিন্ন ঠাইত বা কেতিয়াবা এঠাইত বগা  দাগ হোৱা দেখা যায়। যদিও বহুতৰ ধাৰনা আছে এই বেমাৰ সোঁচৰা যাৰফলত বহুতে এই বেমাৰ লুকুয়াই ৰাখিব চেষ্ঠা কৰে কিন্তু এই বেমাৰ সোঁচৰা নহয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে ইয়াক থিক্ কৰিব পৰা যায়। শ্বেতকুষ্ঠ বেমাৰৰ আচল কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও শৰীৰৰ মেলানোচাইট্ (Melanocyte) নামৰ কোষবিলাকৰ পৰা মেলানিন্ (Melanin) নামৰ ৰাসায়নিক বিধৰ থিক্ মতে উৎপত্তি নহোৱাৰ ফলত এই বেমাৰবিধ হোৱা বুলি কোৱা হয় যাৰফলত শৰীৰত বগা বগা দাগ দেখা যায়। মেলানিন্ নামৰ ৰাসায়নিক পদাৰ্থবিধে আমাৰ শৰীৰৰ ৰং বা বৰ্ণ নিৰ্ধাৰণ কৰে।  আফ্ৰিকা মহাদেশৰ মানুহৰ বেছিকৈ মেলানিন্ উৎপত্তি হয় বাবে সেই মহাদেশৰ মানুহৰ দেহৰ বৰণ তুলনামূলক ভাবে কিছু ক’লা হয়।

২০ ৰ পৰা ৩০ বছৰ বয়সৰ লোকসকল এই বেমাৰত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় যদিও সকলো বয়সৰ মানুহৰ এই বেমাৰ হব পাৰে। এক সমীক্ষা মতে পৃথিৱীৰ প্ৰায় এক শতাংশ লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত। এই ৰোগত শাৰীৰিক ভাবে মানুহজনৰ কোনো অসুবিধাৰ সৃষ্টি নহয় যদিও সামাজিক ভাবে এইৰোগৰ মহত্ব আছে। যিবিলাক লোক নিজৰ সৌন্দৰ্য্য লৈ খুব সচেতন সেইসকল লোকক এই বেমাৰলৈ বেছি চিন্তিত হোৱা দেখা যায়।

কিছুমানে এই ৰোগটোক Auto immune ৰোগ বুলিও কয়। Auto immune  ৰোগ মানে শৰীৰৰ কোষবিলাক শৰীৰৰ Immune system বা প্ৰতিৰোধ ক্ষমতাৰদ্বাৰা নিজে নিজে আক্ৰান্ত হয়। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা এনেকুৱা এটা জটিল প্ৰক্ৰিয়া য’ত আমাৰ শৰীৰত কোনো বাহিৰাগত  বস্তু বা কোনো বেমাৰৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে এই Immune system বা প্ৰতিৰোধ ক্ষমতাই সেই অনাগত বস্তু বা বীজাণু টোক চিনাক্ত কৰি তাক ধ্বংস কৰিবলৈ চেষ্টা কৰে। শ্বেতকুষ্ঠ ৰোগত শৰীৰৰ মেলানোচাইট্ (Melanocyte) বিলাকক বহিৰাগত বস্তু হিচাবে আক্ৰমণ কৰে।

শ্বেতকুষ্ঠ কেতিয়াবা দুৰ্ঘটনা জনিত কাৰণতো হব পাৰে। যেনে- জুইয়ে পোৰা, কটা-ছিঙা, ঘা ইত্যাদিৰ কাৰনে ছালৰ তলৰ মেলান’চাইট বিলাক নষ্ট কৰে যিয়ে মেলানিন ৰঙৰ সৃষ্টি কৰে যাৰ ফলত ছালৰ বৰণ কমি যায় আৰু বগা বগা দাগ হয়।

ইয়াৰ ওপৰন্সি আৰু কেইটামান কাৰণত এইৰোগ বিধ হব পাৰে বুলি ভবা হয়। যেনে—–

১।  বংশগত
২। স্নায়বিক
৩। ভাইৰাছ জনিত
৪। অত্যধিক মানসিক চাপ
৫। বিৰুদ্ধ আহাৰ
৬। কোনো ৰাসায়নিক পদাৰ্থৰ পাৰ্শক্ৰিয়া।

কিন্তু এই কাৰণবিলাক বৈগ্যানিক  ভাবে প্ৰতিষ্ঠিত নহয়। কিন্তু কাৰণ যিয়েই নহওক এটা কথা স্পষ্ট যে শৰীৰৰ মেলানোচাইট্ বিলাক ধ্বংস হ’লে বা থিক্ মতে কাম নকৰিলে এইৰোগবিধ হোৱা দেখা যায়। আয়ুৰ্বেদত এই ৰোগবিধৰ চিকিৎসাৰ বিষয়ে লিখা আছে যদিও কিছুমান শ্বেতকুষ্ঠ অসাধ্য হয়। শ্বেতকুষ্ঠ ৰোগৰ কিছুমান খাদ্যাভাষ পৰিহাৰ কৰিলে ভাল ফল পোৱা যায়। যেনে——

১।ফল—–কমলা, আঙুৰ, আপেল,আম,টেঙা ফল।
২। পাচলি—-মাটি মাহ,বেঙেনা, পালেং শাক, বিলাহী, নেমু টেঙা, নহৰু, টেঙা খাদ্য ইত্যাদি।।
৩।গাখীৰজাতীয় বস্তু—-গাখীৰ, দৈ, লাচ্চি(Buttermilk)
৪। আমিষ খাদ্য—— মাছ, মাংস, কণী।
৫। অন্য খাদ্যবস্তু—– জাংক ফুদ্(Junk food), চকলেট্, কফি, চদা, কাৰ্বনেটেদ্ ড্ৰিংক(Carbonated drink), চৰ্বী আৰু মচলা যুক্ত খাদ্য যেনে- আচাৰ, alcohol, packaged food যেনে- chips ইত্যাদি, আইচ্ ক্ৰীম ইত্যাদি।

শ্বেতকুষ্ঠ ৰোগীয়ে তলৰ খাদ্যবিলাক খাব পাৰে – সেউজীয়া শাক পাচলি, খেজূৰ, গাজৰ, বীট, মূলা, তাম্ৰপাত্ৰত অতিকমেও আঠঘণ্টা ৰখা পানী ইত্যাদি। শেষত সকলোলৈ এটাই অনুৰোধ এই বেমাৰটো যিহেতু সোঁচৰা নহয় আৰু ইয়াৰ চিকিৎসাও আছে গতিকে ইয়াক লুকুয়াই নাৰাখি বা বেছি চিন্তিত নহয় শৰীৰৰ বিভিন্ন ঠাইত বিয়পাৰ আগতে ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰে যেন।

(ডা. মুকুল শৰ্মা, মোবাইল নম্বৰ ৯৫০৮০২৬৮২৫) 

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close