‘Rebellion Bejeweled’, -এগৰাকী বিপ্লৱীৰ কর্ম বিপ্লৱ

ৰঞ্জু শর্মা

দিল্লীৰ ‘ইন্দিৰা গান্ধী নেচনেল চেন্টাৰ ফ’ৰ আর্ট’  (Indira Gandhi National centre for Art)ৰ বাকৰিতযোৱাবছৰ নৱেম্বৰ মাহত অনুস্থিত হৈ যোৱা ‘নর্থ ইষ্ট ফেষ্টিভেল’ৰ দ্বিতীয় দিৱসত প্রদর্শিত হৈছিল   চল্লিছ মিনিট দৈর্ঘ্যৰ অসমীয়া আৰু ইংৰাজী দ্বিভাষিক তথ্যচিত্র  ‘Rebellion  Bejeweled’ । অসমৰ জনসাধাৰণৰ বাবে এটি অতি চিনাকী নাম  ভাস্কৰজ্যোতি মহন্ত। প্রাক্তন Additional Director General of Police  আৰু এতিয়াৰ ভাৰত চৰকাৰৰ জইন্ট চেক্রেটাৰীৰ দায়িত্বত থকা ভাস্কৰজ্যোতি মহন্তৰ পৰিচালনাত, সৃজনী প্রডাকচনে প্রস্তুত কৰি উলিওৱা এখন সফল তথ্যচিত্র ‘ Rebellion Bejeweled’ ।

বিখ্যাত কলাকাৰ ৰবীন ব্রাৰৰ মনোমোহা ‘বালি শিল্প ( Sand  Art) এটিৰে  আৰম্ভণী কৰা ডকুমেন্টৰীখন চোৱাৰ পিছত  ইয়াৰ বিষয়বস্তু আৰু প্রকাশভংগীৰ মাধুর্য্যতাত মই  আল্পুত হৈছিলো। তথ্যচিত্রখনে আমাক যেন কিছুমান কথা নতুন দৃষ্টিভংগীৰে চাৱলৈ বাধ্য কৰিছিল।

বিপ্লৱ কিমান প্রকাৰৰ হ’ব পাৰে? বিপ্লৱৰ সংজ্ঞা কি? ধর্ণা, হৰতাল, প্রতিকৃতি দাহ, ধর্মঘট, হাতে হাতে মৰনাস্ত্র লৈ হিংসাত্মক কার্য্যাকলাপ কৰাকেই  বিপ্লৱ বোলেনে? কাৰোবাৰ বাবে যদি সংহাৰ আৰু ধংস বিপ্লৱ , কাৰোবাৰ বাবে  বিপ্লৱৰ অর্থ সৃষ্টি, ধংসস্তুপৰ বুকুত নতুনৰ অংকুৰণ। মানুহভেদে বিপ্লৱৰ সংজ্ঞা ভিন্ন, দৃষ্টিভংগী ভিন্ন।

৪০ মিনিট দৈর্ঘ্যৰ ডকুমেন্টৰীখনত তেনে এজন বিপ্লৱীৰ জীৱনৰ ওপৰত আলোকপাত কৰা হয় যি বিস্বাস কৰে জীৱন মানেই সীমাহীন কর্ম, জীৱন মানেই সমাজৰ দুর্গতজনৰ মুখত বিয়পাব পৰা এমোকোৰা হাঁহি, জীৱন মানেই ধনাত্মক চিন্তাৰ জুমুঠি। কর্মসংস্কৃতিৰ আন  এটি নাম বিপ্লৱ, এই কথা এসময়ৰ এজন সক্রিয় আলফা সদস্য, পিছলৈ আত্মসমর্পনকাৰী আৰু বর্তমানৰ বিশিষ্ট সমাজকর্মী  শ্রীমান মনিমানিক গগৈয়ে হাড়ে হিমজুৱে মানি চলে।‘Rebellion Bejeweled’  মনিমানিক গগৈৰ জীৱন পৰিক্রমাৰ ওপৰত ভিত্তি কৰি নির্মান কৰা এখন  সফল তথ্যচিত্র।

 ‘সংযুক্ত মুক্তি বাহিনী অসম’, আশীৰ দশকৰ আৰম্ভণীৰ এটি নাম, ঠিক  উদয়মূখী সূৰুযৰ  দৰেই তেজোদীপ্ত আছিল সংগঠনটিৰ উদ্দেশ্য, লক্ষ্য, পথ। যাৰ আৱেগেৰে অনু্প্রাণিত হৈ লাখ লাখ অসমীয়া ডেকাই স্বাধীন অসমৰ সঁপোন দেখিছিল, দেশৰ হ’কে মৰণ আহুতিত বিনা দ্বিধাই জপিয়াই পৰিছিল। ডিব্রুগড় জিলাৰ , শালমাৰী দিঘলীয়া গাৱঁৰ যুৱক মনিমানিক গগৈয়ে সেইময়ত সঁপোন দেখিছিল।  স্বাধীনতাৰ সঁপোন। মনিমানিকৰ দৰে ডেকাসমুহৰ অন্তৰত ৰাষ্ট্রনিতীৰ বিৰূদ্ধে হাতে হাতে বন্দুক লৈ শসস্ত্র  সংগ্রামৰ জৰিয়তে জন্মভূমিক স্বাধীনতাৰ সূৰুয দেখুওৱাৰ সপোন দেখাৰ  অত্যুৎসাহ আছিল তেতিয়া,  ডেকা তেজবোৰৰ মাজত হাবি বননিয়ে  আশ্রয় লৈ দেশ উদ্ধাৰ কৰাৰ প্রণ লোৱাৰ ধুমূহা বলিছিল তেতিয়া। তাৰ ফলস্বৰূপেই মানুহক ভাল পোৱাৰ আৰু আপোনজনৰ জীৱন সুখময় কৰি তোলাৰ উদ্দেশ্যেৰে মনিমানিক  গগৈয়েও এটা সময়ত  সংযুক্ত মুক্তি বাহিনী অসমত  যোগদান কৰে।

 আলফাৰ স’তে জড়িত হৈ থকা সময়চোৱাতে উচ্চ পর্য্যায়ৰ অনুশীলনৰ বাবে এসময়ত মনিমানিক গগৈ ম্যানমাৰলৈ যাবলগীয়া হয়। প্রায় ডেৰ বছৰকাল ম্যানমাৰৰ হাবিয়ে বননিয়ে ঘূৰি ফুৰাৰ পিছত  ১৯৯৪ ত অসমৰ ঠায়ে ঠায়ে কিছুমান হিংসাত্মক কার্য্যকলাপৰ সমধানৰ উদ্দেশ্যে সতীর্থৰ স’তে তেওঁ পুণৰ অসমলৈ ঘূৰি আহে। অসমৰ বিভিন্ন ঠাইত ঘটা নানা ধৰণৰ হিংসাত্মক ঘটনাত কেইবাবাৰো অংশও লয়।

পিছে বাৰুদে জানো শান্তি আনে কাহানিও? বিপ্লৱৰ নামত আত্মীয়সকলৰ তেজেৰে কৰাল বন্ধা স্বাধীন অসমৰ ছৱিখন কিয় জানো লাহে লাহে মনিমানিক গগৈ আৰু তেওঁৰ সমসাময়িক বহুকেইজন সতীর্থৰ চকুত ধূৱলি-কুৱলি হৈ আহিবলৈ ধৰিলে। সংগঠনটোৰ প্রতি বিস্বাস আৰু আস্থাৰ ভেটিটোত ক্রমান্বয়ে ঘূণে ধৰিবলৈ আৰম্ভ কৰিলে।

প্রায় সেই সময়খিনিতে বহুকেইটি অনৈতিক, অমানৱিক কার্য্যকলাপ সংঘটিত কৰাৰ পিছত সংযুক্ত মুক্তি বাহিনী নিজেও কিছুপৰিমানে কক্ষচ্যূত হয়।  আভ্যন্তৰীণ খাম-খেয়ালী, স্বয়ম্ভূ নেতা পৰেশ বৰুৱাৰ আত্মগোপন, সোলোক-ধোলোক আন্তঃসাংগঠিক গাঠনি, বিত্তীয় সমস্যাকে আদি কৰি নানা কাৰণত আলফাই নিজৰ স্থিতি হেৰুওৱাৰ উপক্রম হয় আৰু নব্বৈৰ দশকৰ শেষ ভাগলৈ তেওঁলোকৰ অৱস্থা ভালেখিনি শোচনীয় হৈ পৰে। ২০০৪ চনৰ ধেমাজী বোমা বিস্ফোৰনৰ পিছত আলফাৰ ৰাজহাড় প্রায় ভাঙি যোৱা বুলিবই পাৰি।  ক্রমান্বয়ে অসমৰ ৰাইজে সংঠনটোৰ ওপৰত  আস্থা হেৰুৱাই আহে। ঠিক তেনেকুৱা এটি সময়তে মনিমানিক গগৈৰ ওপৰত ডিব্রুগড় জিলাৰ পুলিচ অধিকাৰী এজনক আক্রমন কৰাৰ গুৰুদায়িত্ব হাতত পৰে। ঘটনাটো কার্য্যকৰী কৰা সময়তে  মনিমানিক গগৈ পুলিচৰ হাতত ধৰা পৰে আৰু তেওঁক  কাৰায়ত্ব কৰি টাডাৰ অধীনত কাৰাগাৰলৈ প্রেৰণ কৰে। এক কথাত কবলৈ গ’লে মনিমানিক গগৈৰ সশস্ত্র সংগ্রামী জীৱনৰ অধ্যায়ও ইয়াতেই অন্ত পৰে।

‘Rebellion Bejeweled ‘ত   দেখুওৱা হয় কেনেদৰে  বন্দী অৱস্থাতো মনিমানিক গগৈয়ে সৃষ্টিশীল কামৰ দ্বাৰা নিজৰ সতীর্থ আৰু জেল কর্তৃপক্ষৰ মাজত জনপ্রিয় হৈ পৰে। দেখুওৱা হয় সুদীর্ঘ দহ বছৰীয়া হিংসাত্মক জীৱনৰ পিছতো কেনেদৰে এজন মানুহৰ মাজত ইমান সৃষ্টিশীলতা, ইমানখিনি বিস্বাস,  ইমান সুৰ লুকুৱাই থাকিব পাৰে। তেওঁৰ মনত মানুহৰ প্রতি অগাধ ভালপোৱা আৰু সমাজৰ প্রতি নিস্বার্থ দায়বদ্বতাৰ ভাৱনা হয়তো অন্তঃসলীলা হৈ বৈ আছিল অহৰহ যাৰ ফলশ্রূতিতে  কাৰাগাৰৰ পৰা ওলায়েই তেওঁ কেইজনমান সতীর্থৰ সতে আত্মসমর্পন কৰে।  পিছে অইন বহুতৰ দৰে মনিমানিক গগৈৰ এই আত্মসমর্পন স্বকীয় বিত্তীয় লাভ বা নিৰাপত্তা লাভৰ বাবে নাছিল, তেওঁৰ  আত্মসমর্পন আছিল নিজৰ বিবেকৰ ওচৰত আত্মসমর্পন, জনসাধাৰণৰ জীৱন ধাৰণৰ মানদন্ড উন্নতিকৰণৰ হ’কে সমাজৰ ওচৰত কৰা আত্মসমর্পন।

 মনিমানিক গগৈৰ জীৱনৰ ইয়াৰ পিছখিনি পথ সম্পূর্ণ পৃথক। তেওঁৰ নিজৰ ভাষাত তেওঁৰ সেই নতুন পন্থাও আছিল এক বিপ্লৱেই, মাথো দিশ আৰু পদ্ধতি বেলেগ আছিল। এই কর্মবিপ্লৱৰ অংশ হিচাপে শালমাৰী দীঘলীয়া যুৱ কেন্দ্র গঠন কৰি গগৈ আৰু তেওঁৰ  আত্মসমর্পণকাৰী সহকর্মীসকলে নানা ধৰণৰ সামাজিক কাম -কাজ হাতত লয় আৰু  এটাৰ পিছত এটাকৈ কার্য্যকৰী কৰি যায়। ডিব্রুগড়ৰ অইল ইন্ডিয়া লিমিটেডে চৰকাৰী আচঁনিসমুহৰ সহায় লৈ প্রটিতো খোজতে তেওঁলোকলৈ পূর্ণ সহযোগীতা  আগবঢ়ায়।

এতিয়া টিং-খঙকে আদি কৰি সমগ্র ডিব্রুগড়ৰ স্থানীয় ৰাইজৰ বাবে মনিমানিক গগৈ এটি সকাহৰ নাম, এটি সাহসৰ নাম, এটি উদ্ধাৰৰ নাম। সমবায় খেতি কৰা, মহিলা সকলক আত্ম সহায়ক গোট খোলাত সহায় কৰি দিয়া, স্থানীয় চিকিৎসালয়ৰ সা-সুবিধা উন্নতিকৰণ কৰা,  আনকি থলুৱা প্রাকৃতিক বিচিত্রতা ৰক্ষা কৰি  পর্য্যটনৰ সা-সুবিধা গঢ়ি তোলাকে ধৰি সমাজৰ সর্বাঙ্গীন উন্নতিৰ ক্ষেত্রত মনিমানিক গগৈ এটি চিনাকী নাম। সমাজৰ কামত দিন ৰাতি একাকাৰ কৰি দিয়া মানুহজনৰ সংসাৰৰ পিণে চকু দিবলৈ আহৰি নাই। অইন দহজন সাধাৰণ অভাৱগ্রস্ত মানুহৰ দৰেই তেওঁৰো ঘৰুৱা অৱস্থা। তেওঁৰ আৱর্তমানত খেতি খোলাৰ পৰা আৰম্ভ কৰি ঘৰৰ প্রতিটো কামেই অকলে মূৰপাতি লৈ মানুহজনক আহৰি দিয়া, তেওঁৰ পত্নী  তেওঁৰ স’তে ছাঁৰ দৰে লাগি থকা সহধর্মিনী দিপালী দাসৰ কথাও তথ্যচিত্রখনত খুৱ সুন্দৰকৈ উল্লেখ কৰা হয়।

‘Rebellion Bejeweled ‘ৰ আন এটি উল্লেখযোগ্য উদ্ধৃতি  হ’ল ২০১০ চনত ডিব্রুগড় জিলাৰ চাচনিত মুকলি কৰা ‘ মেৰবিল পৰিবেশ পর্য্যটন প্রকল্প’ । এই প্রকল্পৰ বীজ সিচাঁ  আৰম্ভনীৰ ব্যক্তিজনো মনিমানিক গগৈ। গগৈ আৰু তেওঁৰ সহকর্মীসকলৰ আশাশুধীয়া চেষ্টাৰ ফলতেই  অসমৰ ভিতৰুৱা অখ্যাত ঠাই এডোখৰ  অসমৰ  এখন বিশিষ্ট ঠাইলৈ ৰূপান্তৰিত হয়।  কেইবাবিধো বিলুপ্তপ্রায় পশু-পক্ষীৰে সমৃদ্ধ দিহিঙ পাটকাই বর্ষাৰণ্য সংযুক্ত মেৰবিল এতিয়া এখন  প্রচুৰ সম্ভাৱনাময় পর্য্যটন কেন্দ্র। মনিমানিক গগৈ এতিয়া কেৱল এজন মানুহ নহয়, এটি স্বয়ং

ভাৰতীয়সকলৰ বহুভাগে নর্থ-ইষ্টক কিদৰে চিনি পায় বাৰু? কামাখ্যা, চাহপাত, কাজিৰঙা, গড়, ব্রহ্মপুত্র, হাবি, ফেশ্বন, মিউজিক ইত্যাদি ইত্যাদিৰে নহয়নে? ‘ Rebellion Bejeweled’ এ  বিশ্ববাসীৰ মাজত অসমৰ এনে এটি দিশ তুলি ধৰিবলৈ সক্ষম হৈছে য’ত এজন সশস্ত্র বিপ্লৱীয়ে বিনা অস্ত্রৰে, বিনা হিংসাৰে কিদৰে সহস্র মানুহৰ বুকুত জীয়াই থাকিব পাৰে।

 ‘Rebellion Bejewelled’  সকলো দিশৰ পৰা এখন সফল ডকুমেন্টৰী বুলিয়েই কব পাৰি। মনিমানিক গগৈৰ লেখীয়া সচাঁ অর্থৰ বিপ্লৱী এগৰাকীক ভাৰতৰ লগতে সমগ্র পৃথিৱীৰ জনতাৰ লগত চিনাকী কৰি দিয়াৰ তেওঁলোকৰ যি প্রচেষ্টা এই প্রচেষ্টাত ডকুমেন্টৰীখন পূৰামাত্রাই সফল। পৰিচালক ভাস্কৰজ্যোতি মহন্তৰ এই প্রচেষ্টা কেৱল উৎসাহজনকেই নহয় শলাগনীয়ও।

তথ্যচিত্রখনৰ মাজতে কেইবাঠাইতো অসমৰ বহুকেইজন আগশাৰীৰ সাংবাদিক, সংযুক্ত মুক্তিবাহিনীৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱা আৰু স্বয়ম্ভূ ফৰেইন চেক্রেটাৰী শশধৰ চৌধুৰীৰ স’তে কথোপকথন আৰু সংগঠনটোৰ প্রতি তেওঁলোকৰ মতাদর্শ দেখুওৱা হয়।

 ২০১৬ ত ‘ Rebellion Bejweled’ এ Best Indian Documentery ‘দাদা চাহেব ফাল্কে জনমভূমি পুৰস্কাৰ লাভ কৰে। Smita Patil Documentary and Short Film Festival (SPIFF 2015), তো ‘Rebellion Bejeweled’  এ দ্বিতীয় পুৰস্কাৰ লাভ কৰে। তাৰোপৰি অইন বহুকেইটি বঁটা লাভ কৰাৰ লগতে এই তথ্যচিত্রখন 4th Delhi International Film Festival তো প্রদর্শিত হয়।

শেষত আটাইতকৈ ভাল লগা মুহুর্তটো আছিল ডেকুমেন্টৰীখন প্রদর্শনৰ সময়ত তাত উপস্থিত থকা জীৱন্ত কাহিনীৰ নায়ক মনিমানিক গগৈৰ স’তে আন্তৰিক বার্তালাপৰ অনুস্থানটি, য’ত তেওঁ নিজেই তেওলোকৰ সংঘৰ পৰিকল্পনা আৰু তেওঁৰ ভৱিষ্যত আশাৰ কথা বাখ্যা কৰে । বিশাল হৃদয়ৰ মানুহজনৰ প্রটিতো কথাতেই ফুটি উঠিছিল মানুহৰ প্রতি অগাধ প্রেমৰ বতৰা, মানুহৰ হকে কিবা কৰি যোৱাৰ হেঁপাহ।

এনে এজন মনিমানিক গগৈ আধুনিক ভাৰতবর্ষৰ প্রত্যেকখন সমাজতে অতি প্রয়োজন।.

ৰঞ্জু শর্মা

চেক্টৰ-৬২, নয়দা

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close