••।। সংসাৰ ।।•• অজ্ঞতাৰ টোকাবহীঃ

লেখন/অনুবাদঃ অঞ্জন শৰ্মা

[সচল বিশ্বনাথ শ্ৰীত্ৰৈলঙ্গস্বামীৰ তত্ত্ববোধ]

[ অৱধূত শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজৰ জ্ঞানৰ মণি-মুকুতা অসাধাৰণ। যদিও ২৮০ বছৰ এই ধৰাধামত শৰীৰ ধাৰণ কৰি আছিল, শ্ৰীত্ৰৈলঙ্গস্বামীয়ে অজস্ৰজনক শিষ্য হিচাপে গ্ৰহণ কৰা নাছিল। তেওঁৰ শিষ্য-শিষ্যা আছিল মাথোঁ ২০ জন। তেওঁলোক আছিল (১) প্ৰধান শিষ্য – স্বামী কালিকানন্দ সৰস্বতী বা কালীচৰণ স্বামী ( কালীচৰণ মিশ্ৰ), (২) স্বামী ব্ৰহ্মানন্দ সৰস্বতী, (৩) স্বামী ভোলানন্দ সৰস্বতী, (৪) স্বামী সদানন্দ সৰস্বতী, (৫) স্বামী ত্ৰিপুৰলিঙ্গ সৰস্বতী বা ঢাকা চহৰৰ স্বামীবাগৰ বিখ্যাত ‘ডায়লা বাবা’, (৬) স্বামী সচ্চিদানন্দ সৰস্বতী,(৭)  স্বামী সত্যানন্দ সৰস্বতী, (৮) স্বামী নৰসিংহানন্দ সৰস্বতী, (৯) স্বামী কানাইলালজী, (১০) মঙ্গল দাস ভট্ট, (১১) মহাদেব ভট্ট, (১২) কৃষ্ণ ভট্ট, (১৩) অম্বাদেৱী, (১৪) ৰামভট্ট, (১৫) শ্ৰীশ্ৰীযোগেশ্বৰী মা বা ভৈৰৱী মা বা ব্ৰাহ্মণী মা ( ঠাকুৰ শ্ৰীৰামকৃষ্ণৰ গুৰু), (১৬) মা ৰাজলক্ষ্মীদেৱী ( গুৰুপ্ৰদত্ত নাম অম্বালিকা; কালীচৰণ মিশ্ৰৰ সহধৰ্মিনী তথা সন্ন্যাসিনী শঙ্কৰী মাতাজীৰ মাতৃদেৱী), (১৭) চিৰকুমাৰী সন্ন্যাসিনী শঙ্কৰী মাতাজী ( শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজৰ মানসকন্যা), (১৮)  কেদাৰনাথ বন্দ্যোপাধ্যায়, (১৯) ৰামতাৰণ ভট্টাচাৰ্য, (২০) উমাচৰণ মুখোপাধ্যায় ( স্বামী শ্ৰীত্ৰৈলঙ্গস্বামীৰ তিৰোধানৰ ৪২ বছৰ পিছত ‘জীৱন্মুক্ত ত্ৰৈলঙ্গ স্বামীজীৰ জীৱনী’ৰ লেখক)। ইয়াৰোপৰি লোকনাথ ব্ৰহ্মচাৰী, বেণীমাধৱ গাঙ্গুলী, সুফি সিদ্ধ ফকিৰ আব্দুল গফুৰজীও শ্ৰীত্ৰৈলঙ্গস্বামীৰ শিষ্য আছিল। অইন এগৰাকী মহাত্মা বিজয়কৃষ্ণ গোস্বামীৰ প্ৰাথমিক  দীক্ষা আৰু দেহশুদ্ধি শ্ৰীত্ৰৈলঙ্গস্বামীৰ দ্বাৰাই হৈছিল।

শ্ৰীত্ৰৈলঙ্গস্বামী আছিল এক অসাধাৰণ মহাপুৰুষ। সেই অসাধাৰণ মহাপুৰুষজনাৰ বিষয়ে বিভিন্ন গ্ৰন্থত উল্লেখ আছে। কিন্তু তেওঁৰ শ্ৰীমুখনিঃসৃত অমৃতময় অসামান্য কথাসমূহৰ- যিবোৰৰ যৎকিঞ্চিৎ তেওঁৰ অন্যতম তথা অন্তিম গৃহস্থ  শিষ্য উমাচৰণ মুখোপাধ্যায়ে সংগ্ৰহ কৰি লিখি উলিয়াইছিল। তাৰে এক দুৰ্লভ লেখা ‘সংসাৰ’ৰ অসমীয়া ভাঙনি তলত ডাঙি ধৰিলো ]

      ‘সংসাৰ’ কাক কয়? সকলোৱেই অৱগত যে স্বয়ং নিজকে ধৰি স্ত্ৰী, সন্তান, আত্মীয়- স্বজন আদিক লৈয়েই সংসাৰ। তাৰোপৰি কিছু ধন উপাৰ্জন কৰি কিছু কিছু বিষয়- সম্পত্তি কৰি এইসকলক লালন-পালন কৰাই সংসাৰৰ প্ৰধান কাৰ্য। সৰু -ডাঙৰ সকলো লোকেই সমগ্ৰ জীৱনকাল এইবোৰতেই মোহিত হৈ ৰৈছে, মায়া মুগ্ধ হৈ কোন পিতৃ, কোন মাতৃ, কোন ভাতৃ, কোন আত্মীয়, ক’ৰ পৰা আহিছো, ক’লৈ আহিছো, কি কাৰণত আহিছো, কিয়নো দেহ ধাৰণ কৰিছো, কোনেনো আনিলে, কোনে আমাক কি কাৰ্য সমাধা কৰিবলৈ ইয়ালৈ পঠিয়াইছে, সেইবোৰ একোৱেই নাভাবি আত্মবিস্মৃত হৈ ৰৈছে। নিজকে কেতিয়াবা ধনী, কেতিয়াবা মানী, কেতিয়াবা জ্ঞানী বুলি ভাবি উন্মত্ত আৰু উল্লাসযুক্ত হৈছে ; কেতিয়াবা শোক, কেতিয়াবা তাপ, কেতিয়াবা ৰোগ, কেতিয়াবা নিন্দা আদিত ব্যস্ত হৈছে, কেতিয়াবা আকৌ ব্ৰাহ্মণ বৰ্ণত নিজকে বৰণ কৰিছে। কেতিয়াবা ভোগী, কেতিয়াবা যোগী, কেতিয়াবা নিজকে ত্যাগী বুলি ভাবি লৈ নিজকে নানা অৱস্থাৰ অধীন কৰিছে। কেতিয়াবা ক্ৰোধত উন্মত্ত হৈ পৰপীড়নৰে উত্তেজিত হৈছে; কেতিয়াবা লোভগ্ৰস্ত হৈ পৰদ্ৰৱ্য অপহৰণত ব্যস্ত হৈছে ; কেতিয়াবা মোহত অন্ধ হৈ কোনোবাক পৰ বুলি ভাবিছে ; কেতিয়াবা বিষয়-মদত মজি মদমত্ত  হৈ জগতখনক তৃণ-তৰুৰ দৰে তুচ্ছ বুলি ভাবিছে।

        হে মানব, তুমি এবাৰ ভাবি চোৱা, অহঙ্কাৰ কৰিবলৈ তোমাৰ কি আছে ? যাৰ সন্মুখত পৃথিৱীখন এটি মাথোঁ ধূলিকণা, সূৰ্যমন্ডল এটা সৰু বগৰীসদৃশ, মহাসমুদ্ৰ যেন গৰুৰ খোজ – তেনে ক্ষেত্ৰত তোমাৰ ক্ষুদ্ৰ দেহ, ক্ষুদ্ৰ প্ৰাণ জানো গণ্য হ’ব পাৰে? তুমি ধূলিকণাৰ এটি সূক্ষ্ম পৰমাণুৰ সামান্য অংশ হে মাথোঁ, গতিকে তোমাৰ অহংকাৰ কিহৰ? সত্ত্ব, ৰজঃ, তমঃ , এনে তিনিটা স্থূল আৱৰণৰ দ্বাৰা নেত্ৰ আচ্ছাদন কৰিছা, সূক্ষ্ম ৰূপ পৰিহাৰ কৰি স্থূল ৰূপ ধাৰণ কৰিছা, এতিয়া আৰু নিজেই নিজেই চিনিব নোৱাৰা হৈছা! এতিয়াও সময় অতীত হোৱা নাই, এইবেলি আত্মতত্ত্ব নিৰ্ণয় কৰি চিনি লোৱা – তুমি কোন তথা ইয়ালৈ কিয় আহিছা?

       সকলো মানুহকে ‘মই’, ‘মোৰ’, ‘আমাৰ’ এনেবোৰ কথাই মুগ্ধ কৰি ৰাখিছে। তোমাৰ শিশু অতি ৰূপবান হ’লেও সেই শিশুক দেখিলে মোৰ চিত্ত সিমান  আহ্লাদিত নহয়, মোৰ কদাকাৰ পুত্ৰক দেখা পালে বাৰম্বাৰ চাই থাকিও নয়ন তৃপ্তি যিদৰে নহয়। তোমাৰ বাবে যি কাৰ্য মই কৰিব লগীয়া হ’লে মোৰ বাবে যিদৰে অতি কষ্টকৰ আৰু অসাধ্য বুলি ভাব হয়, তাতোকৈ শতগুণ অধিক কাৰ্য যদি ‘মোৰ’ নিজৰ বাবে কৰিবলগীয়া হয় –  প্ৰাণপণে সেই কাৰ্য সমাধা কৰিলেও সিমান কষ্টকৰ বুলি ভাব নহয়। কোনো দ্ৰব্য তোমাৰ অধিকাৰত থাকিলে যদি সেই দ্ৰব্যৰ অপচয় হয়, তেন্তে তাৰবাবে সিমান দুঃখ নহয় – কিন্তু যদিহে দ্ৰব্যক ‘মোৰ’ বুলিব পাৰি,  তেতিয়া সেই দ্ৰব্যৰ প্ৰতি আদৰ – যত্নৰ সীমা নাথাকে। আজি যিটো ‘তোমাৰ’ বাবে মই নিন্দা কৰো, অহাকালি যদি সেইটো ‘মোৰ’ হৈ পৰে, তেতিয়া প্ৰশংসাই মুখত নধৰা হয়। এই মায়া ৰাক্ষসে ‘মোৰ’ শব্দটোৰ মায়াজালত কীটৰ পৰা ব্ৰহ্ম পৰ্যন্ত মোহিত কৰি ৰাখিছে। মই যাক ‘মোৰ’ বুলি কওঁ, কালৰ বশত সেয়া কাৰ হ’ব – ক’বলৈ কাৰ সাধ্য আছে?

        মোৰ বুদ্ধিয়েই মোৰ সৰ্বনাশ কৰিলে। বাস্তৱিকতে তেন্তে মোৰ কোনো নাই, এতিয়া গম পালো যে মোৰ বুলিবলৈ যিজনা আছে – মই তেওঁৰ হ’ব বিচৰা নাই বাবে তেওঁ মোৰ নহয়! শাস্ত্ৰই কয় যে সকলোবোৰ তেওঁৰেই, কিন্তু মই ভাবো যে এইবোৰ সা- সম্পত্তি- সংসাৰ ‘মোৰ’! এই সামান্য ধন, পুত্ৰ, দুঃখ, বিষয়-সম্পত্তিকেই মোৰ বুলি ভাবি যদি হৃদয় ইমান আহ্লাদিত হয়, তেনেস্থলত এবাৰ সৰল চিত্তৰে ভক্তিভাৱেৰে অনন্ত ব্ৰহ্মাণ্ড যিজনাৰ – তেওঁক যদি নিজৰ বুলি বুজিব পাৰিলোহেতেন, নাজানো মই কিমান যে আনন্দ পালোহেতেন!

       হে মানৱ! তুমি বিদ্যাৱন্ত হ’বলৈ কিমান যে গ্ৰন্হ অধ্যয়ন কৰিছা! সাহিত্য, ইতিহাস, ভূগোল, জ্যামিতি, গণিত, নানাধৰণৰ শাস্ত্ৰ আদি পাঠ কৰিছা, কিন্তু যি গ্ৰন্হ পঢ়িলে তুমি প্ৰকৃত পন্ডিত হ’ব পাৰিলাহেতেন – সেই গ্ৰন্হ তুমি নপঢ়িলা, পঢ়াৰ ইচ্ছাও নাই, তুমি অইন লোকৰ ভাষা, অইন লোকৰ ইতিহাস আৰু জীৱনী পাঠ কৰিলা, পিছে নিজৰ কি আছে বা কি নাই সেইসম্পৰ্কে এবাৰো লক্ষ্য নকৰিলা, চেষ্টাই নকৰিলা। মানুহ মাত্ৰেই একো একোখন গ্ৰন্হ-বিশেষ। নিজেই নিজকে পাঠ কৰিলে জীৱনৰ সমস্ত বিষয় সম্পৰ্কে জানিব পাৰি। নিজৰ শৰীৰৰ চৰ্ম, অস্থি, মাংস, মেদ, মজ্জা, স্নায়ু, শিৰা, ৰস, তেজ ইত্যাদিৰ গঠন, পৰিমাণ, গতিবিধি যদি ভালকৈ বুজিব পাৰা, তেন্তে দেখা পাবা যে ভগৱানে তোমাৰ শৰীৰ সুচাৰুৰূপে নিৰ্মাণ কৰিছে। কেনে স্বৰ্গীয় সুৰত তাল মিলাই মিলাই শৰীৰৰ প্ৰত্যেক ক্ৰিয়াবোৰ স্পন্দিত হৈছে, কিদৰে পঞ্চ তত্ত্বত পঞ্চ তন্মাত্ৰই গা ঢালি নৃত্য কৰিছে, কিদৰে ইন্দ্ৰিয়বোৰে যথা নিয়মেৰে ক্ৰীড়া কৰিছে! এইসমূহৰ এটা বৃত্তিৰো কাৰ্য যদি কেতিয়াবা গোলমাল হয়, তেন্তে শৰীৰত মহাপ্ৰলয় উপস্থিত হয়। গুৰুৰ সাহায্যৰে যদি তোমাৰ জীৱনগ্ৰন্হ ভালদৰে পাঠ কৰিবলৈ আৰু ৰচনা কৰিবলৈ সক্ষম হ’ব পাৰা, তেন্তে তোমাৰ লগতে অইনৰো বিশেষ উপকাৰ হ’ব।

       একো একোজন মানুহ একো একোখন বিশেষ গ্ৰন্হ। গৰ্ভাবাস এই কিতাপখনৰ বেটুপাত, কৰ্মফল কিতাপখনৰ সূচীপত্ৰ, দীক্ষাগ্ৰহণ কিতাপখনৰ বিজ্ঞান, শৈশৱ, কৈশোৰ, যৌৱন, বাৰ্দ্ধক্য কিতাপখনৰ একো একোটা পৰিচ্ছেদ, জীৱনৰ ভাল- বেয়া কিতাপখনৰ পাঠ্য-বিষয়। যিসকল লোক দৰিদ্ৰ আৰু যৎসামান্য বস্ত্ৰ পৰিধান কৰে, তেওঁলোক বগা কাগজেৰে মেৰিয়াই থোৱা সাধাৰণ কিতাপ; যিসকল ডাঙৰ মানুহ, ৰজা, মহাৰজা, তেওঁলোক হ’ল ভালদৰে বন্ধোৱা, সোণৰ পানীৰে কৰ্ম কৰা, সুন্দৰ বেটুপাতেৰে আৱৰি থোৱা একোখন বৃহৎ কিতাপ। যিসকল মাত্ৰ কিছুদিনৰ বাবে জীৱিত হৈ থাকি কোনো বিশেষ কৰ্ম নকৰাকৈ দেহত্যাগ কৰে, তেওঁলোক হ’ল ক্ষুদ্ৰ ক্ষুদ্ৰ কিতাপ। যিসকলে বেছি দিন জীয়াই থাকি মহৎ কাৰ্য সম্পন্ন কৰি থাকে – তেওঁলোক হ’ল বৃহৎ গ্ৰন্হ আৰু জগতৰ মানুহৰ বাবে আদৰ্শ তথা পঠনীয়।

       যিসকলে অইনৰ জীৱন ভালকৈ গঠন কৰিবলৈ অনবৰতে উপদেশ দি থাকে, অথচ নিজে একোকে নকৰে, তেওঁলোক হ’ল ব্যাকৰণ। যিসকলে ৰজা, মহাৰজা আদি ডাঙৰ ডাঙৰ লোকৰ গল্প কৰি সভ্য সমাজৰ পৰিৱেশ গৰম কৰি মছগুল হৈ থাকে, তেওঁলোক হ’ল ইতিহাস; যিসকলে জগতৰ লৌকিক লাভ-লোকচান আদিৰ বিচাৰ কৰি কৰি দিন অতিবাহিত কৰে, তেওঁলোক হ’ল গণিতশাস্ত্ৰ ; যিসকলে জড় জগতৰ বিষয় চিন্তা কৰাকেই পুৰুষাৰ্থ বুলি ভাবে, তেওঁলোক হ’ল ভূগোল। যিসকলে পৰোপকাৰ, সত্য, দয়া, নিষ্ঠা, বেদ-অধ্যয়ন, ধৰ্ম-চৰ্চা ইত্যাদিৰ দ্বাৰা কালযাপন কৰে, তেওঁলোক হ’ল ধৰ্মশাস্ত্ৰ।  যিসকলে ভগৱানৰ আৰাধনা কৰাকেই জীৱনৰ প্ৰধান কাৰ্য বুলি ভাবে, তেওঁলোক হ’ল যোগশাস্ত্ৰ। এনেদৰে প্ৰত্যেক মানুহেই একো একোখন কিতাপ। যি কাৰ্য কৰিলে তোমাৰ জীৱনগ্ৰন্হ পৰিপাটীকৈ লিপিবদ্ধ হ’ব আৰু সকলোৰে পাঠ্য হ’ব , আৰু তোমাৰ মৃত্যু হ’লেও তোমাৰ জীৱনচৰিত অন্য জীৱনতো যাতে পুনঃমুদ্ৰিত হয়, তুমি সেইদৰে নিজৰ জীৱনগ্ৰন্হ ৰচনা কৰিব লাগে। সমস্ত কিতাপৰ শেষত ‘সমাপ্ত’, অৰ্থাৎ ‘মৃত্যু’ লেখা থাকে , সেই কথা যেন সদায় মনত থাকে।

       মানুহ মাত্ৰেই ভাবি চোৱা উচিত, ক’ত আছিলো, ক’লৈ নো আহিলো, কি কাৰণত বা আহিলো, আহিয়েই বা তেওঁৰ বাবে কি কৰিলো? ইয়ালৈ মোক কোনে আনিলে, কিয়নো আনিলে, কি ৰূপত বা আনিলে, যি কাৰণে আনিলে – সেই কাৰণৰ বা কৰিলোৱেই কি? ইয়ালৈ আহি কিমান যে কি দেখিলো! কিমান যে কি শুনিলো,  কিমান যে কি ক’লো, কিমান যে কি ভাবিলো, দেখি শুনি ভাবি চিন্তি একোৱেই ঠিক কৰিব নোৱাৰিলো। ইয়াত পিতৃ- মাতৃ পালো, স্ত্ৰী-সন্তান পালো, বন্ধু- বান্ধৱ পালো, ধন- সম্পদ পালো, সুখ- সম্পদ পালো, সকলো পালো, কিন্তু একোতেই তৃপ্তি নাপালো। বহুত ভাষা শিকিলো, বহুত দেশ ভ্ৰমণ কৰিলো, বহুত বস্তু দেখিলো, বহুত লোকৰ সৈতে বাস কৰিলো, কিন্তু প্ৰকৃত সুখ একোতেই নাপালো। মন আৰু বুদ্ধিৰ প্ৰণয় নহ’ল, সৰ্বদাই তুমুল সংগ্ৰামত লিপ্ত, প্ৰবৃত্তি – নিবৃত্তিৰ বিবাদ চলিয়েই আছে। সংসাৰ- সাগৰত প্ৰলয় ধুমুহা দিনে – নিশাই চলি আছে, যিফালেই দৃষ্টি নিক্ষেপ কৰো – সেই ফালেই সম্প্ৰদায় লৈ মতভেদ। সকলোৱেই নিজৰ মত বাহাল ৰাখিবলৈ ব্যস্ত। কোনোৱে কৈ আছে, কোনোৱে শুনি আছে, কোনোৱে বুজাইছে, কোনোৱে মনে মনে থাকি তামাছা চাই আছে, কোনোৱে আন্দোলন কৰিছে, কোনোৱে শাসন কৰিছে, কোনোৱে সিংহাসনত বহি আছে, কোনোৱে ধৰাসনত বহি আছে, কোনোৱে কান্দি আছে, কোনোৱে হাঁহি আছে, কোনোৱে আকৌ অবাক হৈ বহি আছে। সংসাৰত সকলোৱেই ঘূৰি আছে আৰু চিৎকাৰ কৰি আছে, সকলোৱেই গোলমালৰ সোঁতত ভাঁহি গৈ আছে, এইবোৰ দেখি-শুনি কেৱল চিন্তাহে বাঢ়ি আছে – কিন্তু একোতেই সুখ নাপালো। যেন কিবা এক প্ৰকৃত বস্তুৰ অভাৱত ইমান কষ্ট আৰু যন্ত্ৰণা দিনে – নিশাই ভোগ কৰিবলগীয়া হৈছে।

      যিজনে ভগৱৎচিন্তাৰ গভীৰ সমুদ্ৰত মগ্ন হৈছে, তেওঁৱেই পৰম সুখী, তেওঁৰেই কেৱল অইন ভাৱনা- চিন্তা একো নাথাকে। গুৰুৱে যিজনাক চিনিবলৈ উপদেশ প্ৰদান কৰে, সেইজনা অন্তৰত – বাহিৰত- সন্মুখত -পিছত থকাৰ পিছতো কোনেও ধৰিব নোৱাৰে, অথচ তেওঁৱেই সমস্ত ধাৰণ কৰি আছে! আমি কোনেও তেওঁৰ পৰিচয় নললো, তুমি- তেওঁ- আপুনি আদি শব্দৰে কাক নিৰ্দেশ কৰো – সেই তত্ত্বও নাজানিলো। সংসাৰখন যাৰ, মই যাৰ, তেওঁক মই সমস্ত সমৰ্পণ নকৰি নিজে কৰ্ত্তা হৈ বহি থাকিলো। যিজনাক ভাবিলেই ভয় – ভাৱনা আতৰ হৈ যায়, যিজনাক স্মৰণ কৰিলেই বিপদ-সম্পদ সমান হয়, যিজনাৰ চৰণত আশ্ৰয় ল’লে জন্ম-মৃত্যুৱে জীৱক স্পৰ্শও কৰিব নোৱাৰে, তেওঁকেই জানিবলৈ চেষ্টা নকৰিলো, তেনেহ’লে মানৱজীৱন লাভ কৰি কৰিলোৱেই বা কি?

       জন্ম হোৱাৰে পৰাই মই সংসাৰ-সুখত আসক্ত, কাৰণ সংসাৰৰ বাহিৰে অইন কোনো সুখৰ সামগ্ৰী মই কেতিয়াও দেখা নাই। এই সুখৰ সংসাৰখন পৰিত্যাগ কৰিব লাগিব, এনে নিদাৰুণ কথা স্মৰণ কৰিলেই চিন্তাৰ সাগৰত মগ্ন হ’বলগীয়া হয়। মই সংসাৰৰ গোলাম হৈ, সংসাৰৰ অনুগত ভৃত্য হৈ নিজৰ জীৱনটোক সুখী বুলি ভাবো, নিজৰ প্ৰাণতকৈও সংসাৰখনক ভাল পাওঁ। যেতিয়া ভাবো যে এই গৃহ, অট্টালিকা, বাগিচা, পুখুৰী, বিষয়-সম্পত্তিৰ ময়েই একমাত্ৰ অধিপতি, তেতিয়া মোৰ হৃদয়ত আত্মগৌৰৱ একেবাৰে নধৰা হৈ পৰে। যেতিয়া দেখো যে মোৰ ৰূপৱতী পত্নী, মোৰ সুদৰ্শন পুত্ৰ, মোৰ ভৃত্য সকলোৱে বিনীতভাৱে মোৰ মুখলৈ চাই আছে, যেতিয়া দেখো যে নানা প্ৰকাৰৰ বাহন মোৰ বাবে সুসজ্জিত , তেতিয়া মোৰ আনন্দৰ সীমা পাৰ ভাঙি যায়। যেতিয়া মোৰ সুখ্যাতি ঘোষিত হয়, ৰাজদ্বাৰত সন্মান প্ৰাপ্তি হয়, শত শত লোকৰ মুখত মোৰ প্ৰশংসা শুনো, তেতিয়াই আহ্লাদত মত্ত হৈ পৰো। সংসাৰত মোহনিদ্ৰাত এনেদৰেই ডুবি থাকোঁ।

           যেতিয়া মনুষ্যৰ বয়স বাঢ়ে, যেতিয়া আত্মজ্ঞান বাঢ়িবলৈ ধৰে, যেতিয়া মোহনিদ্ৰা ভঙ্গ হয়, তেতিয়া বিষয়-সুখৰ কোমল বিচনাখন লাহে লাহে ভাল নলগা হৈ পৰিবলৈ আৰম্ভ কৰে। সুখময় সংসাৰ যেন বিষতুল্য হৈ পৰে। ভোগ-বিলাসে বিকট বেশ ধাৰণ কৰি যেন দংশন কৰিবলৈ ধৰে। চিৰদিনৰ আনন্দভূমি তেতিয়া নিৰানন্দ বোধ হয়। বাসভৱন কাৰাগাৰ তুল্য বোধ হয়। স্ত্ৰী, পুত্ৰ, বিষয়, সম্পদ আদি সামগ্ৰীবোৰ একত্ৰিত হৈ যেন বন্ধন- শৃঙ্খল হে তৈয়াৰ কৰিছে, তেনে অনুভৱ হয়। তেতিয়া মনে ক’বলৈ ধৰে – সংসাৰ! তোমাৰ কোলাত আৰু নিদ্ৰামগ্ন নহওঁ। যি দেশত সন্ধ্যা নাই, ৰাতিৰ অন্ধকাৰ নাই, নিদ্ৰা নাই, শোক নাই, দুঃখ নাই, মই সেই দেশলৈ গৈ সেই দেশৰ মানুহৰ সৈতে থাকিম। যিজনাৰ স্বৰ মধুৰ, দয়া অসীম, চেনেহ অতুলনীয়, মই তেওঁৰেই শৰণাপন্ন হ’ম। তেতিয়া সমস্ত জীৱনত যিবোৰ অন্যায় কৰ্ম কৰা হ’ল – সেইবোৰ মনত উদয় হয় আৰু আক্ষেপেৰে মনে মনক কয় – দয়াময় হৰি! শুনিবলৈ পাইছো যে তুমি হেনো দয়া কৰি ভক্তৰ প্ৰতি সদয় হৈ তেওঁলোকক দয়া কৰা, সহায় কৰা, তুমি হেনো সাধুসকলৰ সৰ্বস্ব ধন, তোমাৰ মহিমা অপাৰ; হে দীনবন্ধু, যি তোমাৰ আশ্ৰয় লয়, তুমি তেওঁলোকক দয়া কৰা ! হে অনাথৰ নাথ! তুমি সদয় হৈ দেখা নিদিলে কোনেও তোমাক দেখা নাপায়। মই মহাপাপী, মোক অভয় পদত স্থান দিয়া, কি পথ অৱলম্বন কৰিলে তোমাৰ দৰ্শন পাম – মোক কৈ দিয়া, কি বুলি তোমাক মাতিব লাগে – সেয়াও মোক কৈ দিয়া, তোমাৰ আদি-অন্ত বোধগম্য হোৱাটো মোৰ সাধ্যাতীত, দয়া কৰি মোৰ আশা পূৰ্ণ কৰা!

         নিজকে নিচিনিলে, নিজকে নুবুজিলে, তুমি কাৰ সুখৰ বাবে ধৰ্ম-সাধন কৰিবা! কাৰ বন্ধন মোচনৰ বাবে জ্ঞান অৰ্জন কৰিবা! প্ৰথমতে তত্ত্ব নিৰূপণ কৰি চোৱা, তোমাৰ দুঃখ বা বন্ধন আছে নে নাই? এবাৰ জাগ্ৰত হৈ চোৱা, তুমি ক’ত আৰু কি অৱস্থাত আছা? সৰ্বত্ৰতে আত্মসত্বা বৰ্তমান, সুযোগৰ সহযোগেৰে যেতিয়া আত্মময় জগত দেখা পাবা, তেতিয়া প্ৰত্যক্ষ কৰিব পৰিবা তুমি কোন আৰু ক’ৰ পৰা আহিছা? তেতিয়া কাৰো সংশয় আৰু ভেদ জ্ঞান নাথাকিব।

        সকলোৱে গুৰুৰ পদত মনপ্ৰাণ সমৰ্পণ কৰি একবাক্যে কোৱা, গুৰুদেৱ! অবোধ শিষ্যৰ প্ৰতি কৃপা বিতৰণ কৰক, আপুনিয়েই আমাৰ গতি, আপুনিয়েই আমাৰ মুক্তি, আত্মমন্ত্ৰত আপুনি যাৰ বিষয়ে ইঙ্গিত দিছে, আশীৰ্বাদ কৰক যাতে তেওঁৰ পূৰ্ণ সত্বাত নিজৰ সত্বা বিসৰ্জন দিব পাৰো। যদি সেয়াই কৰিব নোৱাৰিলো, তেনেহ’লে মানৱ জীৱন লাভ কৰি আৰু আপোনাৰ অভয় পদত শৰণাপন্ন হৈ কিয়েই বা কৰিলো?

‌         সংসাৰৰ সকলোৱে অৰ্থৰ চিন্তাত ব্যস্ত হৈ আছে। সংসাৰত যিমান যি অনৰ্থ, যিমান যি অনিষ্ট, যিমান যি দুৰ্ঘটনা, সকলোৰে মূলতেই হ’ল ‘অৰ্থ’ ! অৰ্থহীন হ’লে যিমান অনিষ্ট, অৰ্থবান হ’লেও সিমানেই অনিষ্ট। অৰ্থ থাকিলে জগৎ যিমান ক্ষতিগ্ৰস্ত , অৰ্থা নাথাকিলেও সিমান ক্ষতিগ্ৰস্ত। অৰ্থই চিন্তাৰ সহোদৰ। তুমি ধনবান বাবে তোমাৰ যিদৰে চিন্তাৰ অন্ত নাই, মোৰ ধন নাই বাবেও মোৰ কষ্ট আৰু চিন্তাৰ সীমা নাই। তোমাৰ ধন আছে বাবে সেই ধন ৰক্ষাৰ বাবে তুমি সৰ্বদাই চিন্তিত হৈ আছা, মোৰ ধন নাই কাৰণে কিদৰে ধনবান হ’ব পাৰিম – কি উপায় অৱলম্বন কৰিলে অৰ্থ উপাৰ্জন হ’ব – সেই চিন্তাত মোৰ দেহ জীৰ্ণ হৈ পৰিছে। তুমি নিৰ্ধনী হৈ পৰা বুলি তোমাৰ চিন্তা, মোৰ চিন্তা ধনী হোৱা! ধনৰ সংযোগ অসহ্য, ধনৰ বিয়োগো অসহ্য , ইয়াৰ পৰা দূৰত থাকিলেও নিস্তাৰ পোৱাৰ সম্ভাৱনা নাই। অৰ্থৰ লীলাভূমি অদৃষ্ট, আৰু যাৰ যেনে অদৃষ্ট- অৰ্থই তেওঁৰ প্ৰতি সেইমতে ব্যৱহৃত হয়। ঈশ্বৰ এই অদৃষ্টলিপিৰ লেখক, তেৱেঁই জীৱৰ সুকৃতি অনুসাৰে আৰু পূৰ্ব-জন্মৰ ফল অনুসৰি মনুষ্যৰ অদৃষ্টত কৰ্মফল লিপিৱদ্ধ কৰে, অৰ্থই সেই লিখিত অংশ কাৰ্যত পৰিণত কৰে আৰু কৰ্মফল প্ৰদান কৰে। অৰ্থ চিৰকালেই চঞ্চল, কেতিয়াও নিগাজী স্থান নাই। অৰ্থৰ অগম্য স্থান নাই, লজ্জাৰো লেশ নাই, সেইবাবে ধোবা আৰু চন্ডালকো আলিঙ্গন কৰে। অৰ্থৰ হৃদয় নাই, এজনৰ সৰ্বনাশ কৰি অইন এজনক সুখী কৰে, আৰু পিছলৈ সেইজনৰ সৰ্বনাশ কৰি অইনৰ বাসনা পূৰ্ণ কৰে। ••

    ওঁ শান্তি! শান্তি!

০৫/০৫/২০২০

**মহাবাহু**

Show More

Related Articles

Back to top button
error: Content is copy right protected !!