‘‍‘কাঞ্চনজংঘা’’ আৰু অসমীয়া ছবিৰ সুদিন সম্পৰ্কত দু-আষাৰ

নীহাৰিকা গোস্বামী

শিল্পসৃষ্টিত যেতিয়া ব্যৱসায়িক দৃষ্টিকোণ জড়িত হৈ পৰে সেই শিল্পত সমাজ উত্তৰণৰ চিন্তাই মুখ্যতা নাপায়। কেৱল মাত্ৰ মনোৰঞ্জন মুখ্য উদ্দেশ্য হৈ পৰে ব্যৱসায়িক দৃষ্টিকোণেৰে নিৰ্মিত শিল্পকৰ্মত। বিপ্লৱী ছবি বুলি প্ৰচাৰ অনুষ্ঠানসমূহত কোৱা হৈছিল যদিও জুবিন গাৰ্গ পৰিচালিত, প্ৰযোজিত, নিৰ্দেশিত শেহতীয়া ছবি ‍‘‍‘কাঞ্চনজংঘা’’ এখন পূৰামাত্ৰাই বাণিজ্যিক ছবি, যি কথা দৰ্শক-ৰাইজে ছবিখন আৰম্ভ হোৱাৰ ঠিক ১০ মিনিটৰ ভিতৰতেই অনুভৱ কৰিব পাৰিব।

ছবিখনত পৰিচালকে দেখুৱাইছে—এগৰাকী মেধাসম্পন্ন চফল যুৱক অনিৰ্বাণ, যিয়ে অসামৰিক পৰীক্ষাৰ মৌখিক পৰীক্ষা দি ঘৰলৈ নিশ্চিতমনে উভতিছে অসামৰিক বিষয়াৰ চাকৰি পাম বুলি। সেই সময়ত অনিৰ্বাণৰ লগৰ দুজন বন্ধুৱে ব্যৱসায়ক জীৱিকা হিচাপে লৈ জীৱন আগবঢ়াইছে। তেনে সময়ত অনিৰ্বাণ চৰিত্ৰটোৰ বন্ধু প্ৰয়াস আৰু সমীৰৰ মুখত গম পায় অঞ্চলটোত দপদপাই থকা ভূমাফিয়া ৰঘুনাথৰ কথা। প্ৰায়ে টকা বিচাৰি বন্ধু দুজনক হাৰাশাস্তি কৰি থকা ভূমাফিয়া ৰঘুনাথৰ অনিৰ্বাণহঁতৰ খালী হৈ পৰি থকা মাটিখিনিৰ ওপৰত চকু পৰে আৰু দখল কৰিবলৈ নিজৰ গুণ্ডাবাহিনীৰে সৈতে আগবাঢ়ে। অনিৰ্বাণৰ দেউতাকে বাধা দিবলৈ যাওঁতে দেউতাকক নিৰ্মমভাৱে হত্যা কৰে। ইফালে অসামৰিক পৰীক্ষাৰ মৌখিক পৰীক্ষাত উত্তীর্ণ হ’ব নোৱৰা অনিৰ্বাণে দেউতাক, প্ৰেয়সীক হেৰুৱাই শোকত ভাগি পৰে আৰু দুৰ্নীতি-ভ্ৰষ্টাচাৰেৰে পৰিৱেষ্টিত আমাৰ যি সমাজ ব্যৱস্থা তাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে। অনীতি-অনিয়ম আদি নাইকিয়া কৰিবলৈ প্ৰয়াস আৰু সমীৰৰ সৈতে অনিৰ্বাণে ৰঘুনাথৰ বৈধ-অবৈধ সকলো সম্পত্তিৰ লগতে গুণ্ডাবাহিনীকো ঘপিয়াই মাৰি নিঃশেষ কৰে। শেষত অনিৰ্বাণ আৰু ৰঘুনাথ দুয়ো একেলগে প্ৰাণত্যাগ কৰে। সম্পূর্ণ কাহিনীভাগ আমাৰ সমাজত ৰঘুমলাৰ দৰে বাঢ়ি অহা দুৰ্নীতি, ঘোচখোৰ ‍‘‍‘ছিষ্টেম’’ৰ ওপৰত যদিও পৰিচালক-প্ৰযোজকে কাহিনীভাগ যথাযথ ৰূপত আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তথাপি যেন সফল হোৱা নাই। প্ৰায় ১ ঘণ্টা ৪০ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ মূল বিষয়বস্তু যদিও ৰাজনৈতিক ব্যৱস্থা, কিন্তু উপস্থাপনশৈলীৰ দুৰ্বলতাৰ বাবেই আমাৰ সমাজৰ মূল সমস্যাসমূহক গোটেই ছবিখনতে গৌণ তথা পৰিস্ফুট ৰূপত দেখা নগ’ল। ‍‘‍‘ছিষ্টেম’’ সলনি কৰি সমাজত বিপ্লৱ আনিব বিচৰা পন্থাটো একেবাৰে অসম্ভৱ। শোষিত জনগণক সংগঠিত নকৰাকৈ কেৱলমাত্ৰ চাৰি-পাঁচজন ডেকা লগ হৈ দুৰ্নীতিগ্ৰস্ত লোকক ঘপিয়াই মাৰি সমাজ পৰিৱৰ্তন কৰাটো সম্ভৱ নহয়। বছৰ বছৰ ধৰি দুৰ্নীতিৰ বোকাত গেলি-পচি যোৱা আমাৰ ৰাজনৈতিক ব্যৱস্থা তথা সমাজ ব্যৱস্থা লগতে জ্বলন্ত সমস্যাসমূহক এই পাতলীয়া ধৰণেৰে সমাধান কৰিব বিচৰা কথাটো সমীচীন হোৱা নাই। যিসময়ত এখন বৃহৎ বজাৰ থকা বলিউডতেই ৰিয়েলিটিক ছবি নিৰ্মাণৰ ট্ৰেণ্ড আহিছে, দৰ্শকৰো তেনে ছবিৰ প্ৰতি দৰদ বাঢ়িছে, সেই সময়ত এনে ধৰণৰ ছবি নিৰ্মাণে অসমীয়া ছবি উদ্যোগৰ স্থায়ী উত্তৰণ আনিবলৈ সফল হ’বনে?

ছবিখনৰ মুখ্য চৰিত্ৰ অনিৰ্বাণ (জুবিন গাৰ্গ)এ এক মুহূৰ্তৰ বাবেও চৰিত্ৰটিৰ সৈতে যেন একাত্ম হ’ব পৰা নাই। চৰিত্ৰটিৰ বিপৰীতে থকা নৱাগতা অভিনেত্ৰী পিংকি শৰ্মাৰ অভিনয়ত থকা জঠৰতাৰ বাবেই চৰিত্ৰটোৱে অন্তৰ স্পৰ্শ কৰিব নোৱাৰিলে। অন্যান্য চৰিত্ৰ প্ৰয়াস, সমীৰ, পাগলজন, চণ্ডালৰ অভিনয় আসোঁৱাহমুক্ত নহয় যদিও অভিনয় যথাযথ বুলি ক’ব লাগিব। অনিৰ্বাণৰ আদৰ্শ ঘৰৰ ধাৰণা পৰিয়ালটোৰ স্থাপনত প্ৰযোজক-পৰিচালক সফল হৈছে। বিশেষকৈ মাতৃৰ চৰিত্ৰত অভিনয় কৰা ৰুণু দেৱীয়ে শেষ সময়লৈ মমতাময়ী নাৰী মাতৃৰ চৰিত্ৰৰ অভিনয় সুচাৰুৰূপে আগবঢ়াই নিছে। শিশু চৰিত্ৰ দুটিৰ অভিনয় প্ৰশংসনীয়। ছবিখনত হাস্যৰসৰ সোৱাদ যোগান ধৰাত ৰঘুনাথ আৰু তেওঁৰ প্ৰেয়সী পূৰামাত্ৰাই সফল হৈছে। পাগল চৰিত্ৰটিক আৰু আকৰ্ষণীয় ৰূপত কেমেৰাত অনাৰ স্ক’প আছিল যদিও তেনে কৰা দেখা নগ’ল।

ছবিখনৰ সংলাপৰ ক্ষেত্ৰত ক’ব পাৰি বিষয়বস্তু, চৰিত্ৰই দাবী কৰা ধৰণে সংলাপসমূহ সজাব পৰা নাই। দুই-এটা সংলাপ যথেষ্ট অৰ্থৱহ যদিও অভিনয়ৰ অদক্ষতা আৰু কাহিনীভাগ সংগঠিত ৰূপত আগবঢ়াই নিব নোৱৰা বাবে জোৰ-জবৰদস্তি চৰিত্ৰৰ মুখত দিয়া যেন আমাৰ অনুভৱ। পিতৃৰ অস্থি নদীত বিসৰ্জন দি নানানটা ক্ষোভত লগুণ ছিঙি দিয়াৰ পিছত অনিৰ্বাণ চৰিত্ৰৰ মুখত দিয়া ‍‘‍‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত’’—সংলাপটি প্ৰক্ষেপণত চৰিত্ৰটিৰ অনুভৱৰ গভীৰতাৰ প্ৰয়োজনীয়তা আছিল। প্ৰাসংগিক যে ‍‘‍‘ব্ৰাহ্মণ্যবাদ’’ কেৱল লগুণতেই সমাজ আবদ্ধ নহয় আৰু তেনেদৰে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আনিব নোৱাৰি। ব্যৱস্থা এটাৰ আমূল পৰিৱৰ্তনৰ বাবে লাগিব এক সৰ্বাত্মক বিপ্লৱ আৰু তাৰবাবে সর্বস্তৰৰ লোকক সংগঠিত ৰূপত আগবঢ়াই লৈ যাব লাগিব।

‍‘‍‘কাঞ্চনজংঘা’’ ছবিখনৰ এটি আৰ্কষণীয় দিশ হ’ল মনোমোহা লোকেছনত লোৱা দৃশ্যসমূহ। সম্পাদনৰ লগতে ভিজুৱেল এফ এক্স (VFX)-ৰ কামসমূহ শলাগিবলগীয়া। উন্নত প্ৰযুক্তিৰদ্বাৰা দৃশ্যগ্ৰহণ কৰা হৈছে যদিও কেমেৰাৰ ভাষাত নতুনত্ব নাই। জুবিন গাৰ্গৰ সংগীত পৰিচালনাত মুখ্য আৱহ সংগীত সুন্দৰ যদিও ৰাভা সুৰবিশিষ্ট জুবিন গাৰ্গ আৰু প্ৰাঞ্চনা ৰাভাৰ দ্বৈত কণ্ঠৰ ‍‘‍‘প্ৰাঞ্চনাৰ দোলা’’ গানটো যথেষ্ট সুকীয়া মাদকতাবিশিষ্ট।

ফৰাছী সমালোচক এন্দ্ৰি বাজিনে চলচ্চিত্ৰ সম্পৰ্কত এষাৰ অৰ্থৱহ কথা কৈছিল, ‍‘‍‘Cinema is a medium that does reflect the true mood of the society and also the the changing reality.’’ সমাজ সলনি কৰিব পৰা সাহিত্য নিৰ্মাণ কৰাটো এক দুৰূহ কাম। চিত্ৰ সাহিত্যৰদ্বাৰা তেনে বাৰ্তা সমাজলৈ নিক্ষেপ কৰি সমাজত যুগান্তকাৰী প্ৰভাৱ পেলোৱাটো তাতোকৈও দুৰূহ কাম। চলচ্চিত্ৰ এক শক্তিশালী গণমাধ্যম। ৮৪ বছৰীয়া আমাৰ ছবি উদ্যোগটোৱে বহু উত্থান-পতনৰ পৰিক্ৰমাৰ মাজেৰে আহি ভৰ্তি প্ৰেক্ষাগৃহ কেৱলমাত্ৰ অসমীয়া ছবিৰ বাবে পুনৰ আজি সেই পৰ্যায় পাইছে। এতিয়া প্ৰশ্ন হ’ল সুস্থ চিন্তা-চৰ্চাৰ অভাৱৰ ‍‘‍‘কাঞ্চনজংঘা’’ৰ দৰে কেৱল ব্যৱসায়মাত্ৰিক ছবিৰদ্বাৰা অসমীয়া ছবি উপভোগ কৰাৰ যি এক ঢৌ আহিছে, সেয়া অটুট থাকিবনে? সমাজ উপকৃত হ’বনে? যোগাত্মক চিন্তাধাৰা তথা সামাজিক দায়বদ্ধ ছবি তথা পৰিচালকেহে ছবি উদ্যোগ সমৃদ্ধিশালী কৰি বিশ্বৰ দৰবাৰত চিৰকাললৈ জিলিকি থাকে—এই কথাষাৰ ছবি উদ্যোগটোৰ সৈতে জড়িত শিল্পীসকলে অনুধাৱন কৰা উচিত।

Related Articles

error: Content is copy right protected !!
Close