‘‍‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস’’ গ্ৰন্থৰ আগকথা

অঞ্জন শৰ্মা

টাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি জন মাগুফুলিয়ে ২০১৬ চনত ‘টাঞ্জানিয়াৰ সকলো বিদ্যালয় সকলোবোৰ ছাত্ৰৰ বাবে বিনামূলীয়া কৰি দিয়া হ’ব’ বুলি ঘোষণা কৰাৰ লগে লগেই টাঞ্জানিয়াৰ মহিলাসকলে আনন্দত উৎফুল্লিত হৈ সকলো প্ৰকাৰৰ গৰ্ভনিৰোধক সামগ্ৰী পৰিত্যাগ কৰি একাধিক সন্তান জন্ম দিয়াৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ কৰাৰ ফলত সম্প্ৰতি ৰাষ্ট্ৰসংঘৰ চকু কপালত উঠিছে। ৰাষ্ট্ৰসংঘৰ হিচাপ মতে ১৯৫০ চনত চাহাৰা সংলগ্ন আফ্ৰিকাৰ জনসংখ্যা আছিল ১৮০ নিযুত, ই আছিল ইউৰোপৰ সৰ্বমুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ। ৰাষ্ট্ৰসংঘৰ অনুমান অনুসৰি ২০৫০ চনলৈ এই সংখ্যা হৈ পৰিব প্ৰায় ২.২ বিলিয়ন (১০০ কোটিত ১ বিলিয়ন) আৰু ২১০০ চনত হৈ পৰিব প্ৰায় ৪ বিলিয়ন!

পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পটভূমিত এসময়ত খাদ্য সংকটৰ গৰাহত পৰি পৃথিৱীত ভয়ংকৰ দুৰ্ভিক্ষ হোৱাটো অনিবাৰ্য বুলি ১৮ শতিকাৰ শেষৰ ফালে, ১৭৯৮ চনত “An Essay on the Principle of Population” শীৰ্ষক ৰচনাৰ জৰিয়তে ৰেভাৰেণ্ড থমাছ মালথাছে (Reverend Thomas Multhus) সাৱধানবাণী শুনাই প্ৰথমটো বিপদঘণ্টা বজাইছিল বুলি আমি ছাত্ৰাৱস্হাতে পঢ়িছিলো। এগৰাকী মানৱদৰদী ব্যক্তি হিচাপে, খাদ্যসংকটৰ গৰাহত পৰি মৃত্যু বৰণ কৰিবলগীয়া দৰিদ্ৰ লোকসকলৰ কথা ভাবি তেওঁ যিদৰে উদ্বিগ্ন হৈ পৰিছিল, সভ্য-উন্নত এখন দেশৰ এজন নাগৰিক হিচাপে তেওঁ পৃথিৱীত দুৰ্ভিক্ষজনিত পৰিস্থিতিয়ে সৃষ্টি কৰিব পৰা সামাজিক-সাংস্কৃতিক অৱক্ষয়েৰে ভৰা এক বিশৃংখলাময় ভৱিষ্যতক লৈও সমানেই চিন্তিত হৈ পৰিছিল। ‘The Crowded Earth’ নামৰ এখন গ্ৰন্থত আছে, মালথাছ ডাঙৰীয়াৰ ভৱিষ্যৎবাণী এতিয়ালৈ ফলিলহেঁতেন, যদিহে পৃথিৱীত সেউজ বিপ্লৱে অধিক শস্য উৎপাদন নকৰিলেহেঁতেন। আমি পঢ়িছিলো যে ওঠৰ শতিকাৰ শেষৰ ফালে মালথাছে বজোৱা বিপদঘণ্টাটো বিংশ শতাব্দীৰ শেষৰ ফালে বিশ্বৰ দেশে দেশে, উপমহাদেশে-মহাদেশে ভয়ংকৰ শব্দেৰে বাজিবলৈ ধৰিছিল আৰু শাসকসকলে-চিন্তাবিদসকলে-নাগৰিকসকলে ভালদৰেই বুজিবলৈ সক্ষম হৈছিল যে পৃথিৱী নামৰ শূন্যত ওপঙি থকা গোলকটোৱে বহন কৰিব পৰা জনসংখ্যা অতি শীঘ্ৰে বিপদসীমা অতিক্ৰম কৰিব। গতিকে ‘জনসংখ্যা’ শব্দটোক লৈ আৰম্ভ হৈছিল বিভিন্ন আলোচনা। ব্যৰৱহৃত হ’বলৈ ধৰিছিল নতুন নতুন শব্দ — ‘জনসংখ্যা বোমা’, ‘জনসংখ্যা বিস্ফোৰণ’; আৰু নতুন নতুন বিশেষণ, যেনে—‍‘জনসংখ্যাবিদ’! এনে এক পটভূমিতেই ৰাষ্ট্ৰসংঘই ১৯৭৪ চনত ৰুমাণিয়াৰ বুখাৰেষ্টত পোনপ্ৰথমবাৰৰ বাবে ‘জনসংখ্যা বৃদ্ধি’ক লৈ এক অধিৱেশন অনুষ্ঠিত কৰিছিল আৰু ১৪০ খন দেশৰপৰা প্ৰায় ৩০০০ প্ৰতিনিধিয়ে সেই অধিৱেশনত যোগদান কৰিছিল। প্ৰথম বিশ্ব, দ্বিতীয় বিশ্ব আৰু তৃতীয় বিশ্বই অংশগ্ৰহণ কৰা সেই অধিৱেশনত আনকি ভেটিকানেও এজন পৰ্যৱেক্ষক প্ৰেৰণ কৰিছিল। সেই অধিৱেশনত জন্মনিয়ন্ত্ৰণ, সম্পদ বৃদ্ধি, অৰ্থনৈতিক অৱস্হাৰ উন্নতি আদি বিভিন্ন বিষয়ৰ ওপৰত বিভিন্ন দেশৰ প্ৰতিনিধিয়ে বক্তব্য দাঙি ধৰিছিল। ৰাজনৈতিক নেতাসকলে ৰাজনীতিৰ বকলা মেলিছিল আৰু জনসংখ্যাবিদে পৰিসংখ্যা দাঙি ধৰিছিল—আৰু দুয়োপক্ষই দুয়োপক্ষৰে কথাবোৰ বুজি পোৱাৰ চেষ্টা কৰা নাছিল! বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা সেই অধিৱেশন সমাপ্ত হোৱাৰ প্ৰায় ৪৪ বছৰ পাৰ হৈ গ’ল, কিন্তু কাৰ্যক্ষেত্ৰত একোৱেই নহ’ল। ‘The Crowded Earth’-অত উল্লেখ আছে—”The popular understanding of ‘population’ unfortunately has been that it is about birth control and family planning. ‘Population’ means much more, it includes topics that determine how people’s lives are changed—health care, aging, migration, urbanization, women’s education, and social politics.”

জনসংখ্যা বৃদ্ধিক কেন্দ্ৰ কৰি হ’ব পৰা যি দুৰ্ভিক্ষক লৈ মালথাছ উদ্বিগ্ন হৈ পৰিছিল, সেই ‘দুৰ্ভিক্ষ’ আজি পৃথিৱীৰ বাবে প্ৰধান বিষয় হৈ থকা নাই, বৰং অইন বহু বিষয় জনসংখ্যা বৃদ্ধিৰ সৈতে জড়িত হৈ বিষয়টোক অত্যৱধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। মাইক্ৰ’ছফটৰ প্ৰতিষ্ঠাপক স্বনামধন্য বিল গেটছ্ ডাঙৰীয়ায়ো অলপতে কৈছে—”High fertility can also be seen as a global problem. Overall humanity is becoming wealthier. But because birth rates are so high in the world’s poorest countries, proverty and sickness are that much harder to eradicate. ‘Kids are being born exactly in the places’, where it is hardest to get schooling, health and other services to them”! অৰ্থাৎ, অধিক সন্তান জন্ম এতিয়া এক বিশ্বজোৰা সমস্যা হৈ পৰিছে আৰু সামগ্ৰিকভাৱে বিশ্বৰ মানুহে অধিক সম্পদ আহৰণ কৰিলেও বিশ্বৰ দুখীয়া দেশবোৰৰ অধিক জনসংখ্যাই দৰিদ্ৰতা, ৰোগ সমানে বৃদ্ধি কৰি এনে এক অৱস্হাৰ সৃষ্টি কৰিছে যে সেইবোৰ নিৰ্মূল কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। বিল গেটছ্ মহোদয়ে ঠিকেই কৈছে যে অধিকাংশ শিশু এনে কিছুমান স্থানত জন্মগ্ৰহণ কৰিছে, য’ত বিদ্যালয়, চিকিৎসালয়কে ধৰি বহু প্ৰাথমিক সা-সুবিধা নাই। টাঞ্জানিয়াকে ধৰি চাহাৰা সংলগ্ন আফ্ৰিকাৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি, বাংলাদেশৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধি আৰু প্ৰব্ৰজন (বৈধ-অবৈধ) তথা প্ৰব্ৰজনজনিত সমস্যা, আমেৰিকা-মেক্সিকোৰ সীমান্তত ডোনাল্ড ট্ৰাম্পে দীৰ্ঘতম প্ৰাচীৰ নিৰ্মাণ কৰি প্ৰব্ৰজনকাৰীৰ সোঁত ৰুদ্ধ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা সময়ত কৰা উদাত্ত ঘোষণা, আশ্ৰয় বিচাৰি ইউৰোপ অভিমুখে ঢাপলি মেলা অজস্ৰ প্ৰব্ৰজনকাৰীক গ্ৰীচৰ লেচবছ দ্বীপকে ধৰি অইন চাৰিটা দ্বীপত সাময়িকভাৱে ‘ট্ৰেনজিট কেম্প’ত ৰখাৰ দৰে আশ্ৰয়দানৰ বিনিময়ত ইউৰোপীয়ান ইউনিয়ন আৰু তুৰস্কৰ মাজত হোৱা চুক্তি অনুসৰি তুৰস্কক বছৰি ৩.৪ বিলিয়ন ডলাৰ সাহায্য প্ৰদান কৰাৰ লগতে গ্ৰীচকো সাহায্য প্ৰদান কৰি পোলেণ্ড-হাংগেৰী-চেক্ ৰিপাব্লিক-ইটালী-স্পেইন-ফ্ৰান্স-জাৰ্মানী আদিলৈ অস্বাভাৱিক হাৰত হৈ থকা প্ৰব্ৰজনৰ গতি মন্থৰ কৰাৰ প্ৰচেষ্টা, ১৯৭৯-১৯৮৫ চনৰ ঐতিহাসিক অসম আন্দোলন, বৈধ-অবৈধ প্ৰব্ৰজনে আজিৰ অসমত সৃষ্টি কৰা বেদনাময় অৱস্হা তথা অস্বাভাৱিকভাৱে হোৱা জনসংখ্যা  বৃদ্ধিয়ে অসমৰ সংস্কৃতি-ৰাজনীতি-অৰ্থনীতি-জনগাঁথনি সোলোক-ঢোলোক কৰি পেলোৱাৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ ঐতিহাসিকভাৱেই উত্থাপিত হৈছে।

অসমৰ কথালৈ বা ঐতিহাসিক অসম আন্দোলনলৈ পিছত আহিম। ৩২.৫৭ কোটি জনসংখ্যা (২০১৭ চনৰ তথ্য) আৰু ৯৮৩৪০ লাখ বৰ্গ কিলোমিটাৰ আয়তনৰ বিশাল দেশ আমেৰিকাও আজি প্ৰব্ৰজনকাৰীক লৈ অতিশয় উদ্বিগ্ন। যিসকল প্ৰব্ৰজনকাৰীয়ে এদিন সেই বিশাল ভূখণ্ডত থকা খিলঞ্জীয়া (ৰেড ইণ্ডিয়ান)সকলক অস্তিত্বহীন কৰি ‘আমেৰিকান’ হিচাপে নিজৰ পৰিচয়, প্ৰবল প্ৰতিপত্তি, শৌৰ্য, বীৰ্য জাহিৰ কৰিছিল, সেই আমেৰিকানো আজি বৈধ-অবৈধ প্ৰব্ৰজনকাৰীক লৈ শংকিত, কিজানি কেতিয়াবা ‘আমেৰিকান’সকলো ‘নতুন ৰেড ইণ্ডিয়ান’ হৈ পৰে!! ‘Fedaration for American Immigration Reform’-ৰ এক প্ৰতিবেদন ‘The United States is already overpopulated’-অত এনেদৰে উল্লেখ কৰা হৈছে -”The United States is already overpopulated in the sense that we are consuming our national ecological resources at an unsustainable rate. Because of the abundance of our nation’s resources, we have long been careless about our level of consumption, but it is the perceptions rise in the U.S. population over the last four decades that has resulted in our outstripping of our national resources. We are living beyond our means and are doing so increasingly as our population expands. This is a serious problem for future generations,………since 1970, the U.S. population has added more than 100 million residents, about a 50% growth in fewer than 40 years……what is propelling the nation’s rapid population growth? In a word, it’s IMMIGRATION. That is because new immigrants and their U.S. born children currently account for 75% to 80% of our annual population growth.” আজিৰ আমেৰিকাৰ দুঃশ্চিন্তা বৃদ্ধি কৰা এনে প্ৰব্ৰজনকাৰীৰ ভিতৰত অবৈধ প্ৰব্ৰজনকাৰীও আছে আৰু প্ৰব্ৰজনকাৰীৰদ্বাৰা আমেৰিকাত উদ্ভৱ হোৱা তথা ভৱিষ্যতে হ’ব পৰা সমস্যা নিৰাময় কৰাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বাবে এক প্ৰধান কৰ্ম হিচাপে বিবেচিত হৈছে। ‘The Washington Post’ কাকতত এনেদৰে বাতৰি প্ৰকাশ হৈছে—‘‘Immigration policy and, specifically, illegal immigration to the United States, was a signature issue of U.S. President Donald Trump’s presidential campaign. Official estimates of the number of illegal immigrants in the U.S. range from 11 and 12 million.” এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে আমেৰিকা আৰু মেক্সিকোৰ মাজত সুদীৰ্ঘ ১৯৫৪ মাইল (৩১৪৫ কিলোমিটাৰ) দৈৰ্ঘ্যৰ এক ব্যয়বহুল প্ৰাচীৰেৰে প্ৰব্ৰজনকাৰীৰ গতি ৰুদ্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৩৩ বিলিয়ন ডলাৰৰ এক অকল্পনীয় আঁচনি প্ৰস্তুত কৰি তুলিছে। ২০১৮ চনৰ জুলাই মাহত ডোনাল্ড ট্ৰাম্পে এই আঁচনিখনত অনুমোদনৰ বাবে কংগ্ৰেছক তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে (U.S. President Donald Trump pressed Congress again on 30th July, Monday, to approve the controversial construction of a wall along the U.S.-Mexico border to thwart illegal immigration. Trump said in a news conference in White House that ‘Border security is national security and strong nations must have strong borders.’ Trump called the United States “the laughingstock of the world, with the worst immigration laws in the world.”)।

‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস’ সম্পৰ্কে দুষাৰ ক’বলৈ এৰি টাঞ্জানিয়া, জনসংখ্যা বৃদ্ধিৰ সমস্যা, আমেৰিকাৰ প্ৰব্ৰজনজনিত উদ্বিগ্নতা, বিশেষকৈ ডোনাল্ড ট্ৰাম্পৰ দুঃশ্চিন্তা এইবাবেই থোৰতে দাঙি ধৰিছো যে মাত্ৰ ৭৮৪৩৮ বৰ্গ কিলোমিটাৰৰ ভূখণ্ড অসমৰ তুলনাত ৯৮৩৪০০০০০০০ বৰ্গ কিলোমিটাৰৰ বিশাল আমেৰিকাও আজি বৈধ-অবৈধ প্ৰব্ৰজনকাৰীক লৈ সৃষ্টি হোৱা বিভিন্ন সমস্যাক লৈ শংকিত হৈ পৰিছে আৰু এনে শংকাত সাৰ-পানী যোগান ধৰিছে আমেৰিকাৰ সুউচ্চ দালান বিশ্ব বাণিজ্য কেন্দ্ৰ, পেণ্টাগণ আদিত চলোৱা আক্ৰমণে। ২০১৮ চনৰ ৮ জানুৱাৰী তাৰিখে ডোনাল্ড ট্ৰাম্প চৰকাৰে স্পষ্টভাৱে ঘোষণা কৰিছে—‘‘Enough was enough. From September 2019 the 200000 or so Salvadoreans who still have T.P.S. (Temporary Protected Status) will have to leave U.S.A.” ছালভাদোৰৰপৰা অহা শৰণাৰ্থীৰ লগতেই, ২০১০ চনত হোৱা ভূমিকম্পৰ ফলত নিজৰ দেশ ত্যাগ কৰি TPS-ৰ সহায়ত আমেৰিকাত আশ্ৰয় গ্ৰহণ কৰা ৪৬০০০ হাইটিয়ান আৰু ১৯৯৮ চনত ‍‘মিটছ’ (Mitch) নামৰ প্ৰবল ঘূৰ্ণি-ধুমুহাৰ ফলত সৰ্বস্বান্ত হৈ TPS-ৰ সহায়ত আমেৰিকাত শৰণাৰ্থী হৈ থকা ২৫০০ নিকাৰাগুৱানকো একে ধৰণেই আমেৰিকা ত্যাগ কৰিবলৈ ট্ৰাম্প চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ১৯৯৮ চনৰ ঘূৰ্ণি-ধুমুহাৰ বাবেই TPS প্ৰাপ্ত হোৱা ৬০০০০ হণ্ডুৰানেও অপেক্ষা কৰি আছে—কেতিয়া নিৰ্দেশ আহে আমেৰিকা  ত্যাগ কৰিবলৈ। উল্লেখযোগ্য যে ২০০১ চনত এল-ছালভাদোৰত হোৱা ভূমিকম্পৰ বাবেই ২৯০০০০ জন ছালভাদোৰানক আমেৰিকাই আশ্ৰয় দিছিল আৰু T.P.S. প্ৰদান কৰিছিল।

T.P.S.ৰ উপৰি আমেৰিকাত ‘‘আলহী শ্ৰমিক আঁচনি’’ (Guest Worker Programme)-ৰ অধীনত ‘‘ব্ৰেছেৰো আঁচনি’’ (Bracero Programme) এখন যুগুত কৰি মেক্সিকো চৰকাৰৰ সৈতে দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পিছত হ্ৰস্বম্যাদী ভিত্তিত মেক্সিকোৰপৰা হাজাৰে হাজাৰে শ্ৰমিক আমেৰিকাত প্ৰৱেশ কৰি আমেৰিকাৰ কৃষিখণ্ডত তথা ঔদ্যোগিক খণ্ডত জড়িত হৈ পৰিছিল। এই আঁচনি অনুসৰি চুক্তিৰ ম্যাদ সমাপ্ত হোৱাৰ পিছত শ্ৰমিকসকলে মেক্সিকোলৈ উভতি যাব লাগিব বুলি লিপিবদ্ধ আছিল। কিন্তু দেখা গৈছিল যে চুক্তিৰ ম্যাদ শেষ হোৱাৰ পিছতো মেক্সিকোৰপৰা আমেৰিকালৈ অহা শ্ৰমিকসকলৰ ৫০% তকৈও অধিক শ্ৰমিকে নিজ দেশলৈ উভতি যোৱা নাছিল। তদুপৰি বহু হাজাৰ শ্ৰমিকে অবৈধভাৱেও আমেৰিকাত প্ৰৱেশ কৰিছিল। আমেৰিকাই আঁচনি হাতত লোৱাৰ পিছত ১৯৪২ চনৰপৰা ১৯৬৪ চনলৈ আমেৰিকাত আনুমানিক ৪৬০০০০০ মেক্সিকান প্ৰৱেশ কৰিছিল আৰু ১৯৬৪ চনত আঁচনিখন বাতিল কৰাৰ পিছত প্ৰায় ২০ লাখৰো অধিক মেক্সিকান আমেৰিকাত থাকি গৈছিল। ‘There is Nothing More Permanent than Temporary Foreign Workers’-অত মাৰ্টিনে লিখিছে যে—“In total, 5.3 million Mexicans were apprehended at the U.S. —Mexico border and half a million illegal Mexicans immigrants entered the U.S. during the 22 years of the Bracero Program.” (Philip Martin, ‘There is Nothing More…’) মৰ্গানে কৈছে, “Guest workers not only do not go back home but they also induce others to enter U.S. illegally. Many Braceros either abandoned their contracts and stayed back in the U.S. or went back only to return to the U.S. illegally.” (Kristi L. Morgan, “Evaluating Guest Worker Programs in the U.S.: A Comparision of the Bracero Program and President Bush’s Proposed Immigration reform Plan.” Berkeley La Raza Law Journal, Vol. 15, No.2, 2004, P. 127)

২০১১ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ “Department of Homeland Security (DHS)”-এ এই তথ্য প্ৰকাশ কৰিছিল যে আমেৰিকাত কমেও ১ কোটি ১৫ লাখ অবৈধ প্ৰব্ৰজনকাৰী আছে আৰু তাৰে ৫৯%, অৰ্থাৎ ৬৭,৮০,০০০ জন হ’ল মেক্সিকোৰপৰা অহা অবৈধ প্ৰব্ৰজনকাৰী। অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰতি আমেৰিকাৰ চৰকাৰ যে কঠোৰ হ’বলৈ বাধ্য হ’ল, তলৰ তালিকাখনেই প্ৰমাণ কৰে—

আমেৰিকাত গ্ৰেপ্তাৰ হোৱা অবৈধ প্ৰব্ৰজনকাৰী

ক্ৰ:নং: বছৰ  গ্ৰেপ্তাৰ হোৱা প্ৰব্ৰজনকাৰী
১. ১৯৯০ ১১৬৯৯৩৯
২. ১৯৯১ ১১৯৭৮৭৫
৩. ১৯৯২ ১২৫৮৪৮১
৪. ১৯৯৩ ১৩২৭২৬১
৫. ১৯৯৪ ১০৯৪৭১৯
৬. ১৯৯৫ ১৩৯৪৫৫৪
৭. ১৯৯৬ ১৬৪৯৯৮৬
৮. ১৯৯৭ ১৫৩৬৫২০
৯. ১৯৯৮ ১৬৭৯৪৩৯
১০. ১৯৯৯ ১৭১৪০৩৫

[Source: INS Statistical Year Book, 1999]

আমেৰিকাৰ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়ে ইমানতে এৰি আমি যদি এসময়ৰ দুয়োখন জাৰ্মানী (Fedaral Republic of Germany আৰু German Democratic Republic) লৈ লক্ষ্য কৰো, প্ৰত্যক্ষ কৰিম যে কম-দক্ষতাসম্পন্ন শ্ৰমিকক জাৰ্মানীৰ শিল্পক্ষেত্ৰত নিয়োগ কৰিবলৈ জাৰ্মানীয়ে (Fedaral Republic of Germany) ১৯৫০ চনত নীতি-নিয়ম সংশোধন কৰিছিল। এনে শ্ৰমিকক (Low-skilled Guest Worker) আখ্যা দিয়া হৈছিল—‘Gastarbeiter’। এই শ্ৰমিকসকলে চুক্তিবদ্ধ হৈ জাৰ্মানীত দুবছৰ শ্ৰম কৰি যথেষ্ট পৰিমাণৰ ধন অৰ্জন কৰাৰ লগতে দক্ষতাও অৰ্জন কৰিছিল আৰু চুক্তিৰ চৰ্ত অনুসৰি ২ বছৰ কাম কৰাৰ পিছত নিজৰ দেশলৈ উভতি গৈছিল। একে ধৰণৰ চুক্তিৰে জাৰ্মানীলৈ শ্ৰমিক অনাৰ বাবে ১৯৫৫ চনত জাৰ্মানীয়ে ইটালীৰ সৈতে, ১৯৬১ চনত স্পেইন আৰু গ্ৰীচৰ সৈতে, ১৯৬১ চনত তুৰ্কীৰ সৈতে, ১৯৬৩ চনত মৰক্কোৰ সৈতে, ১৯৬৪ চনত পৰ্টুগালৰ সৈতে, ১৯৬৫ চনত টিউনিছিয়াৰ সৈতে, আৰু ১৯৬৮ চনত যুগোশ্ল’ভিয়াৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল। আৰম্ভণিতে ইটালী আৰু যুগোশ্ল’ভিয়াৰপৰা অহা শ্ৰমিকক জাৰ্মানীত নিযুক্ত কৰা হৈছিল যদিও পিছলৈ বিপুল হাৰত তুৰ্কীৰপৰা শ্ৰমিকৰ সমদল জাৰ্মানীত প্ৰৱেশ কৰাত দৃশ্যপট সলনি হৈ পৰিছিল। ১৯৭০ চনত জাৰ্মানীত (F.R.G.) থকা বিদেশী লোকৰ সংখ্যা আছিল ৩০ লাখ, আৰু তাৰে ৬৫%, অৰ্থাৎ ২০ লাখ আছিল বিদেশৰপৰা অহা শ্ৰমিক ! ১৯৭৩ চনত এনে শ্ৰমিকৰ সংখ্যা হৈ পৰিছিল ২৬ লাখৰো অধিক। কিন্তু ১৯৭৩ চনত তেলৰ আন্তৰ্জাতিক বজাৰত হোৱা অৰ্থনৈতিক মন্দাৰ বতাহে জাৰ্মানীৰ আকাশখনকো ধূসৰিত কৰাৰ ফলত জাৰ্মানীৰ অৰ্থনৈতিক ক্ষেত্ৰত দুৰন্ত গতিত দৌৰি থকা ঘোঁৰাৰ গতি মন্থৰ হৈ পৰিছিল আৰু বিদেশৰপৰা শ্ৰমিক অনাৰ আঁচনিখন চৰকাৰে ১৯৭৩ চনত বাতিল কৰিছিল। ১৯৭৩ চনৰ নৱেম্বৰ মাহত আঁচনিখন বাতিল হোৱাৰ পিছত বুজনসংখ্যক শ্ৰমিকে নিজৰ নিজৰ দেশলৈ উভতি গৈছিল যদিও ২৭ লাখ শ্ৰমিক জাৰ্মানীত ৰৈ গৈছিল। আঁচনি বাতিল হোৱা সত্ত্বেও এইসকল ৰৈ যোৱাৰ কাৰণ আছিল এয়ে যে তেওঁলোকৰ নিজৰ নিজৰ দেশৰ অৱস্থাও ভাল নাছিল তথা এবাৰ জাৰ্মানী ত্যাগ কৰিলে ‘পুনৰ প্ৰৱেশ নিষিদ্ধ’! এওঁলোকৰ সিদ্ধান্ত খুব ভুল নাছিল, কাৰণ সময় অতিবাহিত হোৱাৰ লগে লগে জাৰ্মানীয়ে লাহে লাহে এইসকলক আঁকোৱালি লৈছিল আৰু এসময়ত এওঁলোক হৈ পৰিছিল জাৰ্মানীৰ নাগৰিক!

অইনখন জাৰ্মানী (German Democratic Republic)-তো একে ধৰণে ৩ বছৰীয়া ম্যাদৰ আঁচনিৰ জৰিয়তে ‘Low-skilled Contract Workers’ (কম-দক্ষতাসম্পন্ন চুক্তিবদ্ধ শ্ৰমিক) আহিবলৈ সুবিধা দিয়া হৈছিল আৰু এনে শ্ৰমিকক ‘Vertragsarbeiter’ বোলা হৈছিল। ১৯৬৩ চনত প্ৰথমে চুক্তি কৰা হৈছিল পোলেণ্ডৰ লগত। লাহে লাহে পোলেণ্ডৰপৰা অহা শ্ৰমিকৰ লগতে সমাজবাদী তথা সাম্যবাদী দেশ ভিয়েটনাম, কিউবা, মোজাম্বিক, পোলেণ্ড, হাংগেৰীৰপৰাও শ্ৰমিক জাৰ্মানীলৈ আহিছিল। ১৯৮৯ চনত এনে শ্ৰমিকৰ সংখ্যা আছিল ৯১০০০, আৰু তাৰে প্ৰায় ৬০০০০ আছিল ভিয়েটনামৰ। এই শ্ৰমিকসকলৰ বহুতকে নিজৰ নিজৰ দেশে পিছলৈ গ্ৰহণ নকৰাত তেওঁলোক জাৰ্মানী (GDR)ত থাকি গৈছিল। ১৯৬০ চনত জাৰ্মানী (GDR)-ত ৬৮৬০০০ বিদেশী লোক আছিল, ২০০০ চনত এইসকল বিদেশীৰ সংখ্যা হৈ পৰিছিল ৭৩ লাখ, অৰ্থাৎ ১৯৬০ চনৰ সংখ্যাৰ ১০ গুণতকৈও অধিক! ২০০৬ চনত এই সংখ্যা হৈ পৰিছিল ১৫৩ লাখ, অৰ্থাৎ জাৰ্মানীৰ জনসংখ্যাৰ ১৯% হৈ পৰিছিল প্ৰব্ৰজনকাৰী! ২০১৩ চনত এই সংখ্যা হৈ পৰিছিল ১৬৫ লাখ, অৰ্থাৎ সৰ্বমুঠ জনসংখ্যাৰ ২০.৫% ! এইসকলৰ ২৫ লাখ আছিল তুৰ্কী। উল্লেখযোগ্য যে পিছলৈ ১৯৯০ চনত দুয়োখন জাৰ্মানী ঐক্যবদ্ধ হৈ এখন হৈ পৰিছিল আৰু দুয়োখনত থকা অবৈধ প্ৰব্ৰজনকাৰীসকলো এখন ঐক্যবদ্ধ জাৰ্মানীৰ অন্তৰ্ভুক্ত হৈছিল। Max Frisch-অৰ টিপ্পনী এইক্ষেত্ৰত উল্লেখনীয়—“We asked for workers, and we got people.” [‘There is nothing more permanent than Temporary Foreign Workers’—Martin.]

প্ৰব্ৰজনকাৰীৰপৰা স্পেইনো মুক্ত নহয়। বিদেশলৈ শ্ৰমিক প্ৰেৰণ কৰা অঞ্চল হিচাপে জনাজাত উত্তৰ-আফ্ৰিকাৰ সমীপৱৰ্তী হোৱা হেতুকেই ১৯৯০ চনৰপৰা স্পেইন হৈ পৰিছিল ইউৰোপ অভিমুখে ঢাপলি মেলা প্ৰব্ৰজনকাৰীসকলৰ বাবে এখন অতি পছন্দৰ দেশ, এক গুৰুত্বপূৰ্ণ জংছনসদৃশ। ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে দেশলৈ যাত্ৰা কৰা প্ৰব্ৰজনকাৰীৰ বাবে স্পেইন হৈছিল এক ‘ট্ৰেনজিট পইণ্ট’। ‘অতিথি শ্ৰমিক’ৰ আঁচনি বাতিল হোৱাৰ পিছত জাৰ্মানী আৰু ফ্ৰান্সৰ সীমান্তত অত্যধিক কটকটীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বাবে হাজাৰ-হাজাৰ প্ৰব্ৰজনকাৰী স্পেইনত অৱৰুদ্ধ হৈ পৰিছিল। প্ৰব্ৰজনকাৰীৰ প্ৰতি স্পেইনৰ চৰকাৰ ১৯৮৫ চনৰেপৰাই নৰম হৈ আছিল—যিহেতু স্পেইনে ভাবিছিল যে স্পেইনত কিছুদিন অতিবাহিত কৰাৰ পিছত প্ৰব্ৰজনকাৰীসকলে ইউৰোপৰ অইন দেশবোৰলৈ যাত্ৰা কৰিব। স্পেইন চৰকাৰ ইমান নৰম আছিল যে স্পেইনত প্ৰৱেশ কৰিবলৈ ‘ভিছা’ বা ‘পাৰপত্ৰ’ৰো প্ৰয়োজন নহৈছিল। কিন্তু পিছলৈ স্পেইন চৰকাৰৰ ভুল ভাঙিছিল আৰু ১৯৯১ তথা ১৯৯২  চনত মৰক্কো আৰু লেটিন আমেৰিকাৰ বিপুলসংখ্যক প্ৰব্ৰজনকাৰীৰ বাবে ‘ভিছা’ বাধ্যতামূলক কৰিবলৈ বাধ্য হৈ পৰিছিল (‘Managing Migration: The Promise of Cooperation’, Susan F. Martin, Philip Martin and Patrick weil)।

প্ৰকৃতপক্ষে ১৯৮০ চনৰপৰাই স্পেইন হৈ পৰিছিল প্ৰব্ৰজনকাৰী আমদানি বা আমন্ত্ৰণ কৰা এখন দেশ। প্ৰধানতঃ ইয়াৰ কাৰণ আছিল এয়ে যে ১৯৮০ চনত স্পেইনত জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু এই হাৰ সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন হৈ পৰিছিল। গতিকেই স্পেইন উদ্বিগ্ন হৈছিল। তদুপৰি, ‘ইউৰোপীয়ান ইকোনমিক কমিউনিটি’ত যোগদান কৰাৰ পিছত স্পেইনত অকল্পনীয়ভাৱে অৰ্থনৈতিক ক্ষেত্ৰৰ বিকাশ হ’বলৈ ধৰিছিল যদিও ঔদ্যোগিক আৰু কৃষিক্ষেত্ৰত নিযুক্ত হ’ব পৰাকৈ শ্ৰমিকৰ সংখ্যা পৰ্যাপ্ত নাছিল। স্পেইনৰ থলুৱা শ্ৰমিকসকলে অধিক সুবিধাজনক কৰ্মৰ সন্ধানত থকা হেতুকে কম-দক্ষতাসম্পন্ন শ্ৰমিক বিদেশৰপৰা অনাৰ বাবে স্পেইন হৈ পৰিছিল আগৰণুৱা। আফ্ৰিকাৰ বিভিন্ন দেশ, বিশেষকৈ মৰক্কোৰপৰা বিপুল হাৰত প্ৰব্ৰজনকাৰীয়ে কৰ্মৰ সন্ধানত স্পেইনত কোনো নথি-পত্ৰ পঞ্জীয়ন-ভিছা নোহোৱাকৈ বা ‘ৱৰ্ক পাৰ্মিট’ নোহোৱাকৈ প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। প্ৰব্ৰজনকাৰীৰ এনে ব্যাপক আৰু অবিৰত যাত্ৰাই স্পেইনৰ চকু মুকলি কৰি দিছিল আৰু উপায়ান্তৰ হৈ নতুন ‘প্ৰব্ৰজনকাৰীৰ বাবে আইন’ (Immigration Law) প্ৰণয়ন কৰিছিল। স্পেইনে ‘শ্ৰমিক’ সম্পৰ্কীয় চুক্তি মৰক্কো, ডমিনিকান ৰিপাব্লিক, কলম্বিয়া, ইকুৱেডৰ, ৰুমাণিয়া, পোলেণ্ড আদিৰ সৈতে সুকীয়া সুকীয়াকৈ কৰিছিল যদিও দ্বিপাক্ষিক চুক্তিসমূহৰদ্বাৰাও স্পেইন লাভান্বিত হোৱা নাছিল। নতুন নতুন নিয়মেও প্ৰব্ৰজনকাৰীৰ গতিৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল। এনেবোৰ শ্ৰমিকে চুক্তিৰ ম্যাদ শেষ হোৱাৰ পিছতো নিজৰ দেশলৈ উভতি যাব নোখোজাত আৰু স্পেইনত প্ৰৱেশ কৰাসকলেও নিজৰ দেশলৈ প্ৰত্যাৱৰ্তন নকৰাত স্পেইন প্ৰব্ৰজনকাৰীৰে ভাৰাক্ৰান্ত হৈ পৰিছিল। ২০০৫ চনলৈ এনে প্ৰব্ৰজনকাৰীৰ সংখ্যা হৈ পৰিছিল ৯০০০০০!

২১/১১/২০১৮ তাৰিখৰ ‘The Guardian’-অত জন হেনলি (Jon Henley) ডাঙৰীয়াই ‘What is the current state of the migration crisis in Europe’ শীৰ্ষক প্ৰবন্ধত কৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত, যোৱা তিনিটামান বছৰত ইউৰোপত প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ বোজাই এক বিশাল ৰূপ ধাৰণ কৰিছে বাবেই ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্ভুক্ত দেশবোৰ অত্যন্ত চিন্তান্বিত হৈ পৰিছে আৰু এই সমস্যাৰ কিদৰে সমাধান কৰিব পাৰি—অগ্ৰাধিকাৰভিত্তিত পৰিকল্পনা কৰিবলৈ বিভিন্ন দেশ আজি ব্যস্ত হৈ পৰিছে।

কম-দক্ষতাসম্পন্ন শ্ৰমিকৰ প্ৰব্ৰজনজনিত সমস্যাৰ লগতে নতুনকৈ হোৱা প্ৰব্ৰজনজনিত সমস্যা (জন হেনলিয়ে ওপৰত কোৱা বাক্য) হ’ল বিগত কেইটামান বছৰত মধ্যপ্ৰাচ্য, বিশেষকৈ গৃহযুদ্ধৰ ফলত বিধ্বস্ত হৈ পৰা ছিৰিয়াৰপৰা পলায়ন কৰা হাজাৰ-হাজাৰ শৰণাৰ্থীৰ লগতে অইন দেশবোৰৰপৰাও ইউৰোপ অভিমুখে যাত্ৰা কৰা হাজাৰ-হাজাৰ শৰণাৰ্থীৰ বোজা। উদাহৰণস্বৰূপে, ২০১৮ চনত স্পেইনে গ্ৰহণ কৰিবলগীয়া হৈছে ৫৬২০০ অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা, গ্ৰীচে গ্ৰহণ কৰিবলগীয়া হৈছে ২৮৭০০ আৰু ইটালীয়ে ২২৫০০ জন অবৈধ প্ৰব্ৰজনকাৰীৰ বোজা। ২০১৪ চনৰপৰা ইউৰোপ অভিমুখে যাত্ৰা কৰি ইউৰোপৰপৰা উভতি নোযোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ’ল ১৮ লাখৰো অধিক। কেৱলমাত্ৰ ২০১৮ চনৰ অক্টোবৰ মাহতেই সমুদ্ৰপথেৰে আৰু স্থলপথেৰে ইউৰোপত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা হ’ল ১৬৩১৪ জন!

ফলস্বৰূপে, ইউৰোপৰ বিভিন্ন দেশত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে স্বাভাৱিকতেই প্ৰতিবাদৰ ঢৌ সৃষ্টি হ’বলৈ ধৰিছে আৰু জনসাধাৰণৰ লগতে ৰাজনৈতিক দলবোৰো সৰব হৈ পৰিছে। উদাহৰণস্বৰূপে, ইটালীৰ মেট্টেও ছালভিনি (Matteo Salvini)-ৰ ‘Far-right League Party’-এ প্ৰচাৰ আৰম্ভ কৰিছে যে ইটালীৰপৰা ৫০০০০০ অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়ন কৰা হ’ব। একে ধৰণৰ প্ৰচাৰৰদ্বাৰা জনসাধাৰণৰ মন জয় কৰা অষ্ট্ৰিয়াৰ সোঁপন্থী ‘পপুলিষ্ট ফ্ৰিডম পাৰ্টি’য়ে ক্ষমতাৰ অংশ লাভ কৰি অষ্ট্ৰিয়াৰ চৰকাৰৰ অংশীদাৰ হ’বলৈ সক্ষম হৈছে। এঞ্জেলা মাৰ্কেলে শৰণাৰ্থীৰ বাবে যোৱা কেইটামান বছৰত জাৰ্মানীৰ সীমা উন্মুক্ত কৰি দিয়াৰ পিছত জাৰ্মানীলৈ অবিৰতভাৱে শৰণাৰ্থীৰ সমদল আহি জাৰ্মানীৰ নাগৰিকক চিন্তান্বিত কৰি তোলাৰ পটভূমিত, ২০১৫ চনত ৰাষ্ট্ৰপ্ৰধান এঞ্জেলাৰ সমালোচনাত সৰব হৈ উঠা সোঁপন্থী দল ‘Alternative for Deutschland (AfD) Party’-এ ৰাজনৈতিক কাৰ্যসূচীৰ শীৰ্ষস্থানত স্থান দিয়া বিষয়টোৱেই হ’ল প্ৰব্ৰজনকাৰী তথা শৰণাৰ্থীৰ সমস্যা! সমগ্ৰ ইউৰোপীয়ান ইউনিয়নত সম্প্ৰতি প্ৰব্ৰজনকাৰী আৰু সন্ত্ৰাসবাদ—এই দুয়োটা বিষয় অত্যধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰপৰা প্ৰব্ৰজন কৰা প্ৰব্ৰজনকাৰীসকলক আমেৰিকাত ‘MENA’ (Middle Eastern and North African Immigrants in the U.S.) বুলি অভিহিত কৰা হয়। আমেৰিকালৈ ‘MENA’-ই কৰা প্ৰব্ৰজন এনে ধৰণৰ—

১৯৮০ ২২৩০০০ জন
১৯৯০ ৩৪৮০০০ জন
২০০০ ৫৯৬০০০ জন
২০১০ ৮৬১০০০ জন
২০১৬ ১১৬৭০০০ জন

(উৎস : Data from U.S. Census Bureau 2010 and 2016 American Community Surveys (ACS), and Campbell J. Gibson and Kay Jung. “Historical Census Statistics on the Foreign-born Population on the United States: 1850-2000”/working paper no. 81, U.S. Census Bureau, Washington DC, Feb. 2006)

আমেৰিকালৈ অহামেনা’ (MENA) সকলৰ সংখ্যা,
মাতৃভূমি (২০১৬)

দেশ/অঞ্চলৰ নাম প্ৰব্ৰজনকাৰীৰ সংখ্যা শতকৰা হাৰ(%)
মুঠ ‘মেনা’ (MENA) ১১৬৭০০০ ১০০%
মধ্যপ্ৰাচ্য ৮১০০০০ ৬৯.৪
ইৰাক ২২২০০০ ১৯.০
লেবানন ১২৯০০০ ১১.০
চৌদি-আৰব ১০০০০০ ৮.৬
ছিৰিয়া ৯৭০০০ ৮.৩
অন্যান্য পশ্চিম এছিয়াৰ অঞ্চল ৮৩০০০ ৭.১
জৰ্দান ৮২০০০ ৭.০
য়েমেন ৬২০০০ ৫.৩
কুৱেইট ৩৭০০০ ৩.১
উত্তৰ আফ্ৰিকা ৩৫৮০০০ ৩০.৬
ইজিপ্ট ১৮২০০০ ১৫.৬
মৰক্কো ৮০০০০ ৬.৯
অন্যান্য উত্তৰ আফ্ৰিকাৰ অঞ্চল ৫৬০০০ ৪.৮
ছুদান ৩৯০০০ ৩.৪

[উৎস: MPI tabulation of data from the U.S. Census Bureau 2016 ACS.]

কেৱল আমেৰিকা অথবা জাৰ্মানী, স্পেইন, ফ্ৰান্স, ইটালী, গ্ৰীচ আদি দেশলৈকেই নহয়, জনসংখ্যা বৃদ্ধি-গৃহযুদ্ধ-প্ৰাকৃতিক দুৰ্যোগ-ৰাজনৈতিক কাৰণ-অৰ্থনৈতিক কাৰণ-মৌলবাদ সম্প্ৰসাৰণ ইত্যাদি বিভিন্ন কাৰণত সমগ্ৰ বিশ্বত বৈধ-অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যা এতিয়া এক ভয়াৱহ প্ৰধান সমস্যা হৈ পৰিছে। সমগ্ৰ বিশ্বৰ পটভূমিত সংক্ষিপ্ত তালিকাখন এনেদৰে দাঙি ধৰিব পাৰি—

লক্ষ্যস্থান (দেশ/অঞ্চল/মহাদেশ)                ২০০০ চন ২০১৭ চন
(প্ৰব্ৰজনকাৰীৰ সংখ্যা)
এছিয়া ৪৯.২ নিযুত ৭৯.৬ নিযুত
ইউৰোপ ৫৬.৩ নিযুত ৭৭.৯ নিযুত
উত্তৰ আমেৰিকা ৪০.৪ নিযুত ৫৭.৭ নিযুত
আফ্ৰিকা ১৪.৮ নিযুত ২৪.৭ নিযুত
লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চল ৬.৬ নিযুত ৯.৫ নিযুত
অ’চেনিয়া ৫.৪ নিযুত ৮.৪ নিযুত

[উৎস : United Nation, 2017]

ৰাষ্ট্ৰসংঘৰপৰা আহৰণ কৰা তথ্য অনুসৰি পৃথিৱীৰ বিপুলসংখ্যক প্ৰব্ৰজনকাৰীক ২০০০ আৰু ২০১৭ চনত যিবোৰ দেশে (২০খন দেশৰ তালিকা দিয়া হ’ল) নিজৰ ভূখণ্ডত স্থান দিছে, তাৰে বিৱৰণ তলত দাঙি ধৰা হ’ল (সংখ্যাবোৰ নিযুতৰ হিচাপত):

২০০০ চন

আমেৰিকা ৩৪.৮ নিযুত
ৰাছিয়া ১১.৯ নিযুত
জাৰ্মানী ৯.০ নিযুত
ভাৰত ৬.৪ নিযুত
ফ্ৰান্স ৬.৩ নিযুত
ইউক্ৰেইন ৫.৫ নিযুত
কানাডা ৫.৫ নিযুত
চৌদি-আৰব ৫.৩ নিযুত
ইংলেণ্ড ৪.৭ নিযুত
অষ্ট্ৰেলিয়া ৪.৪ নিযুত
পাকিস্তান ৪.২ নিযুত
কাজাখাস্তান ২.৯ নিযুত
ইৰান ২.৮ নিযুত
চীন, হংকং ২.৭ নিযুত
আৰব (UAE) ২.৪ নিযুত
ইটালী ২.১ নিযুত
আইভৰি কোষ্ট ২.০ নিযুত
জৰ্দান ১.৯ নিযুত
ইজৰাইল ১.৯ নিযুত
জাপান ১.৭ নিযুত

 

২০১৭ চন

আমেৰিকা ৪৯.৮ নিযুত
চৌদি-আৰব ১২.২ নিযুত
জাৰ্মানী ১২.২ নিযুত
ৰাছিয়া ১১.৭ নিযুত
ইংলেণ্ড ৮.৮ নিযুত
আৰব (UAE) ৮.৩ নিযুত
ফ্ৰান্স ৭.৯ নিযুত
কানাডা ৭.৯ নিযুত
অষ্ট্ৰেলিয়া ৭.০ নিযুত
স্পেইন ৫.৯ নিযুত
ইটালী ৫.৯ নিযুত
ভাৰত ৫.২ নিযুত
ইউক্ৰেইন ৫.০ নিযুত
তুৰস্ক ৪.৯ নিযুত
দক্ষিণ আফ্ৰিকা ৪.০ নিযুত
কাজাখাস্তান ৩.৬ নিযুত
থাইলেণ্ড ৩.৬ নিযুত
পাকিস্তান ৩.৪ নিযুত
জৰ্দান ৩.২ নিযুত
কুৱেইট ৩.১ নিযুত

[উৎস: United Nation, 2017; ‘Twenty Conntries or areas hosting the largest number of international migrants in 2000 & 2017]

সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বত প্ৰব্ৰজনকাৰীৰ সংখ্যা হ’ল আনুমানিক ১৯১ নিযুত, অৰ্থাৎ ১৯ কোটি ১০ লাখ। বিগত ৫০ বছৰত প্ৰব্ৰজনকাৰীৰ সংখ্যা দুগুণলৈ বৃদ্ধি হৈছে। এই বিশাল পৰিমাণৰ প্ৰব্ৰজনকাৰীৰ ১১৫ নিযুত প্ৰব্ৰজনকাৰীয়ে উন্নত দেশত বসবাস কৰে। প্ৰায় ৩৮ নিযুত (২০%) প্ৰব্ৰজনকাৰীয়ে বাস কৰে আমেৰিকাত, আৰু এই সংখ্যা হ’ল আমেৰিকাৰ সৰ্বমুঠ জনসংখ্যাৰ ১৩%! সৰ্বমুঠ প্ৰব্ৰজনকাৰীৰ ৩৩% প্ৰব্ৰজনকাৰীয়ে আশ্ৰয় গ্ৰহণ কৰিছে ইউৰোপত! ১৯১ নিযুত প্ৰব্ৰজনকাৰীৰ প্ৰায় অৰ্ধাংশ হ’ল মহিলা, অৰ্থাৎ ৯৫ নিযুত। ১৯৯০ চনৰপৰা ২০০৫ চনলৈ ৩৬ নিযুত প্ৰব্ৰজনকাৰীৰ সৃষ্টি হৈছিল, অৰ্থাৎ বছৰি ২.৪ নিযুত।

২০১৮ চনৰ ৩০ অক্টোবৰ তাৰিখে দিয়া এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে আমেৰিকাত জন্মগ্ৰহণ কৰাসকলে নাগৰিকত্ব পোৱা বিষয়টো প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত বাতিল কৰিবলৈ তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ কয় যে—“We’re the only country in the world where a person comes in and has a baby, and the baby is essentially a citizen of the United States….with all of those benefits. It’s ridiculous. It’s ridiculous. And it has to end.” এই সম্পৰ্কে Washington Post কাকতত এনেদৰে বাতৰিও প্ৰকাশ পায় যে—“President Donald Trump said that he would sign an executive order to end birthright citizenship, the right to citizenship for babies born on U.S. soil to non-citizens and individuals residing in the country without legal permission.”

বিভিন্ন দেশ/অঞ্চলত অনিয়মীয়া প্ৰব্ৰজনকাৰীৰ সংখ্যাৰ তালিকা এখন ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছিল। তালিকাখন এনে ধৰণৰ—

দেশ/অঞ্চল বছৰ আনুমানিক জনসংখ্যা
অষ্ট্ৰেলিয়া ২০১১ ৫৮৪০০
ইউৰোপীয়ান ইউনিয়ন ২০০৮ ৮০০০০০০
জাৰ্মানী ২০১৪ ১৮০০০০-৫২০০০০
গ্ৰীচ ২০১১ ৩৯০০০০
ইজৰাইল ২০১৫ ১৫০০০০
ইটালী ২০০৮ ২৭৯০০০-৪৬১০০০
ৰাছিয়া আৰু সমীপৱৰ্তী অঞ্চল ২০১১ ৫০-৬০ লাখ
দক্ষিণ আফ্ৰিকা ২০১০ ৩০-৬০ লাখ
স্পেইন ২০০৮ ৩৫৪০০০
ইংলেণ্ড ২০০৭ ৪১৭০০০-৮৬৩০০০
আমেৰিকা ২০১৬ ১ কোটি ১৩ লাখ

[উৎস : United Nations]

‘বিশ্ব বেংক’ৰদ্বাৰা যুগুত হোৱা এখন তালিকা তলত দাঙি ধৰিব বিচাৰিছো। এই তালিকাখনো বিভিন্ন দেশত থকা বৈধ-অবৈধ প্ৰব্ৰজনকাৰীৰ সৈতে জড়িত। তালিকাখনৰ সংক্ষিপ্ত ৰূপ প্ৰত্যক্ষ কৰিলেই ধাৰণা হ’ব—প্ৰব্ৰজনকাৰীয়ে প্ৰব্ৰজিত দেশৰপৰা স্বদেশত থকা নিজৰ পৰিয়াল, সম্প্ৰদায় আদিলৈ প্ৰত্যক্ষভাৱে কিমান ধন প্ৰেৰণ কৰে—

প্ৰব্ৰজনকাৰীয়ে (স্বদেশৰ পৰিয়াললৈ) প্ৰেৰণ কৰা ধন; ধন লাভ কৰা দেশৰ তালিকা [Top Countries receiving remittances (2000-15)] (আমেৰিকান ডলাৰ, বিলিয়নৰ হিচাপত)

২০০০ চন

ভাৰত ১২.৮৪ বিলিয়ন ডলাৰ
ফ্ৰান্স ৮.৬১ বিলিয়ন ডলাৰ
মেক্সিকো ৭.৫২ বিলিয়ন ডলাৰ
ফিলিপাইনছ ৬.৯৬ বিলিয়ন ডলাৰ
দক্ষিণ কোৰিয়া ৪.৮৬ বিলিয়ন ডলাৰ
স্পেইন ৪.৮৬ বিলিয়ন ডলাৰ
তুৰস্ক ৪.৫৬ বিলিয়ন ডলাৰ
আমেৰিকা ৪.৪০ বিলিয়ন ডলাৰ
জাৰ্মানী ৩.৬৪ বিলিয়ন ডলাৰ
ইংলেণ্ড ৩.৬১ বিলিয়ন ডলাৰ

 

২০০৫ চন

চীন ২৩.৬৩ বিলিয়ন ডলাৰ
মেক্সিকো ২২.৭৪ বিলিয়ন ডলাৰ
ভাৰত ২২.১৩ বিলিয়ন ডলাৰ
নাইজেৰিয়া ১৪.৬৪ বিলিয়ন ডলাৰ
ফ্ৰান্স ১৪.২১ বিলিয়ন ডলাৰ
ফিলিপাইনছ ১৩.৭৩ বিলিয়ন ডলাৰ
বেলজিয়াম ৬.৮৯ বিলিয়ন ডলাৰ
জাৰ্মানী ৬.৮৭ বিলিয়ন ডলাৰ
স্পেইন ৬.৬৬ বিলিয়ন ডলাৰ
পোলেণ্ড ৬.৪৭ বিলিয়ন ডলাৰ

২০১০ চন

ভাৰত ৫৩.৪৮  বিলিয়ন ডলাৰ
চীন ৫২.৪৬  বিলিয়ন ডলাৰ
মেক্সিকো ২২.০৮  বিলিয়ন ডলাৰ
ফিলিপাইনছ ২০.৫৬  বিলিয়ন ডলাৰ
ফ্ৰান্স ১৯.৯০  বিলিয়ন ডলাৰ
নাইজেৰিয়া ১৯.৭৫  বিলিয়ন ডলাৰ
জাৰ্মানী ১২.৭৯  বিলিয়ন ডলাৰ
ইজিপ্ট ১২.৪৫  বিলিয়ন ডলাৰ
বাংলাদেশ ১০.৮৫  বিলিয়ন ডলাৰ
বেলজিয়াম ১০.৩৫  বিলিয়ন ডলাৰ

 

 

২০১৫ চন

ভাৰত ৬৮.৯১  বিলিয়ন ডলাৰ
চীন ৬৩.৯৪  বিলিয়ন ডলাৰ
ফিলিপাইনছ ২৮.৪৮  বিলিয়ন ডলাৰ
মেক্সিকো ২৬.২৩  বিলিয়ন ডলাৰ
ফ্ৰান্স ২৩.৩৫  বিলিয়ন ডলাৰ
নাইজেৰিয়া ১৮.৯৬  বিলিয়ন ডলাৰ
পাকিস্তান ১৯.৮৫  বিলিয়ন ডলাৰ
ইজিপ্ট ১৬.৫৮  বিলিয়ন ডলাৰ
বাংলাদেশ ১৫.৩৮  বিলিয়ন ডলাৰ
জাৰ্মানী ১৫.৩৬  বিলিয়ন ডলাৰ

যিবোৰ দেশৰপৰা প্ৰধানতঃ প্ৰব্ৰজনকাৰীয়ে প্ৰত্যক্ষভাৱে ধন প্ৰেৰণ কৰেঃ

২০০০ চন

আমেৰিকা ৩৪.৪০ বিলিয়ন ডলাৰ
চৌদি-আৰব ১৫.৪০ বিলিয়ন ডলাৰ
জাৰ্মানী ৯.০৪ বিলিয়ন ডলাৰ
ছুইজাৰলেণ্ড ৭.৫৯ বিলিয়ন ডলাৰ
ফ্ৰান্স ৩.৭৭ বিলিয়ন ডলাৰ
আৰব (UAE) ৩.৬৮ বিলিয়ন ডলাৰ
কোৰিয়া ৩.৬৫ বিলিয়ন ডলাৰ
ইজৰাইল ৩.২৬ বিলিয়ন ডলাৰ

 

২০০৫ চন

আমেৰিকা ৪৭.২৫ বিলিয়ন ডলাৰ
চৌদি-আৰব ১৪.৩২ বিলিয়ন ডলাৰ
জাৰ্মানী ১২.৭১ বিলিয়ন ডলাৰ
ছুইজাৰলেণ্ড ৯.৯৯ বিলিয়ন ডলাৰ
ইংলেণ্ড ৯.৬৪ বিলিয়ন ডলাৰ
ফ্ৰান্স ৯.৪৮ বিলিয়ন ডলাৰ
ইটালী ৭.৫৫ বিলিয়ন ডলাৰ
ৰাছিয়া ৬.৮৩ বিলিয়ন ডলাৰ

 

২০১০ চন

আমেৰিকা ৫০.৭৮ বিলিয়ন ডলাৰ
চৌদি-আৰব ২৭.০৭ বিলিয়ন ডলাৰ
ৰাছিয়া ২১.৪৫ বিলিয়ন ডলাৰ
ছুইজাৰলেণ্ড ১৬.৮৮ বিলিয়ন ডলাৰ
জাৰ্মানী ১৪.৬৮ বিলিয়ন ডলাৰ
ইটালী ১২.৮৯ বিলিয়ন ডলাৰ
ফ্ৰান্স ১২.০৩ বিলিয়ন ডলাৰ
কুৱেইট ১১.৮৬ বিলিয়ন ডলাৰ

 

২০১৫ চন

আমেৰিকা ৬১.৩৮ বিলিয়ন ডলাৰ
চৌদি-আৰব ৩৮.৭৯ বিলিয়ন ডলাৰ
ছুইজাৰলেণ্ড ২৪.৩৮ বিলিয়ন ডলাৰ
চীন ২০.৪২ বিলিয়ন ডলাৰ
ৰাছিয়া ১৯.৭০ বিলিয়ন ডলাৰ
জাৰ্মানী ১৮.৫৬ বিলিয়ন ডলাৰ
কুৱেইট ১৫.২০ বিলিয়ন ডলাৰ
ফ্ৰান্স ১২.৬৮ বিলিয়ন ডলাৰ

[উৎস : World Bank, n.d.b. (May, 2017)]

মূলতঃ, বৈধ অথবা অবৈধ, দুয়োপ্ৰকাৰৰ প্ৰব্ৰজনকাৰীৰদ্বাৰা উদ্ভূত হোৱা সমস্যা অৱহেলা কৰিব পৰা বা উপেক্ষা কৰিব পৰা সমস্যা হৈ থকা নাই। প্ৰাকৃতিক দুৰ্যোগ, গৃহযুদ্ধ, জনসংখ্যা বৃদ্ধি, অৰ্থনৈতিক-ৰাজনৈতিক আদি বিভিন্ন কাৰণত সৃষ্টি হোৱা প্ৰব্ৰজনকাৰীৰ সমদলে স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতিৰো নিদ্ৰা ব্যাহত কৰিছে, জাৰ্মানী-ফ্ৰান্স-ইটালী-স্পেইন-গ্ৰীচ-মেক্সিকো আদি দেশৰ পৰিৱেশ ধোঁৱাময় কৰি তুলিছে, আনকি জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সদা সচেতন ছুইডেনৰ দৰে দেশতো হঠাৎ ঊৰ্ধ্বমুখী হোৱা জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হিচাপে চিহ্নিত হোৱা ‘অবৈধ প্ৰব্ৰজন’ৰ কাৰণে ছুইডেনেও ২০১৫ চনত দেশখনত প্ৰৱেশ কৰা ৮০০০০ প্ৰব্ৰজনকাৰীক বহিষ্কাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। ২০১৭ চনত ডোনাল্ড ট্ৰাম্প প্ৰশাসনে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ‘বৈধ’ প্ৰব্ৰজনকাৰীৰ সংখ্যাও যাতে বহুলাংশে হ্ৰাস পায়, সেই উদ্দেশ্য সন্মুখত লৈ ভালেমান প্ৰশাসনীয় প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য হ’ল কিছুসংখ্যক ইছলামিক দেশৰ নাগৰিকৰ আমেৰিকা আগমনত বাধা আৰোপ, ‘ভিছা’ৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষাৰ মাত্ৰা বৃদ্ধি, শৰণাৰ্থীৰ ক্ষেত্ৰত বিভিন্ন কৰ্তন প্ৰস্তাৱ, ইত্যাদি। ২০১৮ চনৰ নৱেম্বৰ মাহতো আমেৰিকাই নিজৰ কঠোৰ পদক্ষেপৰ নমুনা হিচাপে মেক্সিকো সীমান্তত ৰৈ থকা প্ৰব্ৰজনকাৰীক কন্দুৱা গেছ নিক্ষেপ কৰি ছত্ৰভংগ দিয়াইছে আৰু আমেৰিকান সৈন্যক নিৰ্দেশ দিয়া হৈছে যে কোনোপধ্যেই যাতে মেক্সিকো-আমেৰিকাৰ সীমান্তৰে প্ৰব্ৰজনকাৰীয়ে আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ লগতে সজোৰে ‘প্ৰাচীৰ নিৰ্মাণ’ৰ বিষয়টো পুনৰ উত্থাপিত হৈছে।

২০১৭ চনত ম্যানমাৰৰ সামৰিক বাহিনীৰ ব্যাপক অভিযানৰ ফলত ম্যানমাৰৰপৰা ৬৩০০০০ৰো অধিক ৰোহিংগা শৰণাৰ্থী ছিন্নমূল হোৱা ঘটনাৰ বিষয়ে ৰাষ্ট্ৰসংঘই—“textbook example of ethnic cleansing” বুলি কয়। কিন্তু বহু ক্ষেত্ৰত প্ৰত্যক্ষ হৈছে যে ৰাষ্ট্ৰসংঘও নিৰুপায়। ২০১৭ চনত শৰণাৰ্থী সম্পৰ্কীয় বিষয়ৰপৰা আমেৰিকা পিছহুঁহকি অহা হেতুকে ৰাষ্ট্ৰসংঘ উপায়হীন হৈ পৰিছে। এই সম্পৰ্কে বাতৰি প্ৰকাশ হৈছে—“The global refugee resettlement landscape changed dramatically in 2017, as the United States began to step back from its role as global leader on resettlement. The Trump administration reduced the 2018 refugee admissions ceiling to the lowest level since the program began in 1980. While other countries increased their commitments or launched new programs, this was not enough to make up for the gap left by the United States.”

২০১০-২০১৫ চনৰ সময়ছোৱাত বিশ্বৰ প্ৰব্ৰজনকাৰীসকলৰ বাবে মনে বিচৰা, প্ৰধান আকাংক্ষিত লক্ষ্যস্থান আছিল—

১) আমেৰিকা ২০.৯%
২) ইংলেণ্ড ৬.১%
৩) চৌদি-আৰব ৫.৮%
৪) কানাডা ৫.৭%
৫) ফ্ৰান্স ৫.৫%
৬) জাৰ্মানী ৪.৯%
৭) দক্ষিণ আফ্ৰিকা ৩.৫%
৮) অষ্ট্ৰেলিয়া ৩%
৯) আৰব (UAE) ২.৯%
১০) স্পেইন ২.৮%
১১) ইটালী ২.৬%
১২) এংগোলা ১.৪%
১৩) ইজিপ্ট ১.৪%
১৪) ৰাছিয়া ১.৩%
১৫) তুৰ্কী ১.২%
১৬) জাপান ১.১%
১৭) নেদাৰলেণ্ড ০.৯%
১৮) ছুইজাৰলেণ্ড ০.৯%
১৯) ছুইডেন ০.৮%
২০) মালয়েছিয়া ০.৭%
২১) ব্ৰাজিল ০.৭%

[উৎস : Gallup Survey on Migration Intentions (2017), IOM GMDAC]

ওপৰৰ তালিকাখনেই প্ৰমাণ কৰে যে আমেৰিকাৰ প্ৰতি প্ৰব্ৰজনকাৰীসকলৰ আকৰ্ষণ কিমান বেছি! সেইবাবেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ‘প্ৰব্ৰজনকাৰী’ বিষয়টোক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আনকি ২০১৮ চনৰ নৱেম্বৰ মাহৰ শেষৰ সপ্তাহতো আমেৰিকাৰ আৰু মেক্সিকোৰ সীমান্তৱৰ্তী মেক্সিকোৰ চহৰ টিজুৱানা (Tijuana)-ত সমৱেত হোৱা হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীয়ে সীমান্তৰ বেৰ ভাঙি আমেৰিকাত প্ৰৱেশ কৰিবলৈ মৰণ-পণ প্ৰচেষ্টা কৰোতে আমেৰিকাই কটকটীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰি ৮০০০ হণ্ডুৰানক ছত্ৰভংগ দিয়া ঘটনাও উল্লেখনীয়।

পৃথিৱীৰ ইতিহাসৰ সৈতে প্ৰব্ৰজনৰ ইতিহাস আৰম্ভণিৰেপৰাই জড়িত হৈ আছে। মানুহৰ স্মৃতিয়ে ঢুকি পোৱাৰ পূৰ্বৰেপৰাই প্ৰব্ৰজন হৈছিল আৰু ভৱিষ্যতেও পৃথিৱীত প্ৰব্ৰজন হৈ থাকিব। খাদ্য, আশ্ৰয়, নিৰাপত্তা, মুক্তি, স্বাচ্ছন্দ্যকৰ জীৱন, স্বাধীনতা, ইত্যাদি বিভিন্ন কাৰণত প্ৰব্ৰজন হয় আৰু প্ৰব্ৰজনকাৰীসকলে তেওঁলোকৰ লক্ষ্যস্থানৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক-ৰাজনৈতিক আদি ক্ষেত্ৰত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰে। বহুত ক্ষেত্ৰত প্ৰব্ৰজনকাৰীসকল উপস্থিত হোৱা মুলুকৰ খিলঞ্জীয়া বাসিন্দাসকলৰ বাবে প্ৰব্ৰজনকাৰীসকল হৈ পৰে অনাকাংক্ষিত। প্ৰব্ৰজনকাৰীয়ে খিলঞ্জীয়াসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰে। আৰম্ভ হয় সংঘাত, সংকট, বিদ্বেষ—যদিহে প্ৰব্ৰজনকাৰীৰ অনুপাত অত্যধিক হয়। সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ দুয়োপক্ষৰে প্ৰতিযোগিতা আৰম্ভ হয়। এনে প্ৰতিযোগিতাৰ সৈতে যেতিয়াই ৰাজনীতি সাঙোৰ খাই পৰে, তেতিয়াই পৰিৱেশ-পৰিস্থিতি সলনি হৈ যায়। খিলঞ্জীয়াৰ অস্তিত্ব, ৰাজনৈতিক ক্ষমতা, সংৰক্ষণ ইত্যাদি বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হ’বলৈ আৰম্ভ কৰে। প্ৰব্ৰজনকাৰীক গ্ৰহণ কৰা অথবা বিপুল হাৰত প্ৰব্ৰজনকাৰী উপস্থিত হোৱা অঞ্চলত অশান্তিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়; সামাজিক বান্ধোন-ভাষা-কৃষ্টি-নিৰাপত্তা-ভৱিষ্যৎ আদি বিভিন্ন বিষয় অনিবাৰ্যভাৱেই মূৰ দাঙি উঠে। ‘World Migration Report 2018’-অত উল্লেখ কৰা হৈছে—“Human migration is an age-old phenomenon that stretches back to the earliest periods of human history. In the modern era, emigration and imigration continue to provide states, societis and migrants with many opportunities. At the same time, migration has emerged in the last few years as a critical political and policy challenges in matters such as integration, displacement, safe migration and border management. In 2015, there were an estimated 244 million international migrants globally (3.3% of the world’s population) –an increase from an estimated 155 million in 2000 (2.8% of the world’s population).

মূলতঃ আজিৰ বিশ্বত প্ৰব্ৰজনকাৰীৰ সমস্যা এক গুৰুতৰ সমস্যা হৈ পৰিছে আৰু ই এক বিশ্বজোৰা সমস্যা হৈ পৰিছে। আমেৰিকা, জাৰ্মানী, ইংলেণ্ড, গ্ৰীচ, ইটালী আদি বহু দেশ আজি উদ্বিগ্ন হৈ পৰিছে। এনে সমস্যাৰ সৈতে ওতপ্ৰোতভাৱে সন্ত্ৰাসবাদ, সম্প্ৰসাৰণবাদ, নিৰাপত্তা, মৌলবাদ আদি জড়িত হৈ সমগ্ৰ বিষয়টোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি আজি আমি আমাৰ অসমলৈ লক্ষ্য কৰো—আমি বুজিব পাৰিম যে আমাৰ অৱস্থা কিমান বেছি ভয়াৱহ।

প্ৰাচীন কামৰূপৰ ৰজা নৰকাসুৰ/ভগদত্তৰ দেশখনৰ সীমা বৰ্তমানৰ উত্তৰ-বংগৰপৰা বৰ্তমানৰ বাংলাদেশ-পশ্চিমবংগ পৰ্যন্ত বিস্তৃত হৈ থকাৰ সময়তে (পৌৰাণিক কাল; বহুতেই ‘কাল্পনিক’ বুলিও ক’ব পাৰে) আৰু পিছলৈও ভাস্কৰবৰ্মাৰ কালছোৱাৰ আগে-পিছে (বুৰঞ্জীসিদ্ধ সময়) হিমালয়ৰ দক্ষিণাঞ্চলৰপৰা কিছুসংখ্যক আৰ্যৰ প্ৰব্ৰজন কামৰূপলৈ হৈছিল বুলি পুথি-পাঁজিত পোৱা যায়। প্ৰাচীন কামৰূপৰেই এক অংশ সৌমাৰলৈ (‘তাই জাতীয় আহোমৰ ৰাজত্বৰ পূৰ্বে এই খণ্ড বৰাহী, মটক আৰু মৰাণ জাতিৰ তলত আছিল’) উল্লেখযোগ্য প্ৰব্ৰজন হৈছিল নৰকাসুৰ-ভগদত্তৰ কাল্পনিক সময়ছোৱাৰ তথা ৰজা ভাস্কৰবৰ্মাৰ বুৰঞ্জীসিদ্ধ সময়ছোৱাৰ বহুকাল পিছত, ১২২৮ চনত—যেতিয়া এই মুলুকলৈ আহোমসকলৰ প্ৰব্ৰজন হৈছিল। পিছলৈ সমগ্ৰ বিশ্বৰ ইতিহাসত এক নজিৰ স্থাপন কৰিব পৰাকৈ আহোমে ব্ৰহ্মপুত্ৰ উপত্যকাত সুদীৰ্ঘ ৬০০ বছৰ ৰাজত্ব কৰাৰ সময়ত ‘ভাৰত’ বা ‘তামাম হিন্দুস্তান’ৰ শ্বাহেনশ্বাহৰ সৈন্যবাহিনীৰ সৈতে আৰু বংগৰ শাসকৰ সৈন্যবাহিনীৰ সৈতে সংঘটিত যুদ্ধ-বিগ্ৰহৰ সময়ত বন্দী হোৱা কিছুসংখ্যক মুছলমান সৈন্যয়ো পিছলৈ অসমতেই থাকি অসমৰেই নিগাজি বাসিন্দা হৈ পৰিছিল আৰু অসমৰ খিলঞ্জীয়াসকলৰ সৈতে একেদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অংশ হৈ পৰিছিল।

পৌৰাণিক কালৰপৰা হোৱা তেনে প্ৰব্ৰজনৰ বিশেষ প্ৰাবল্য নাছিল আৰু সেই প্ৰব্ৰজনকাৰীসকলে প্ৰাচীন কামৰূপৰ জনগাঁথনিত অথবা অসমৰ জনগাঁথনিত প্ৰভাৱ পেলোৱাৰ সলনি ব্ৰহ্মপুত্ৰৰ পানী, কামৰূপৰ মাটি, প্ৰাগজ্যোতিষপুৰৰ বতাহ, অসমৰ জলবায়ুৰ সৈতে, বিশাল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰিছিল। কিন্তু এক বিশেষ প্ৰকাৰৰ গভীৰ প্ৰভাৱ বিস্তাৰ কৰা প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা সময়ৰ পিছৰপৰা। সেই বিশেষ ব্যাপক প্ৰব্ৰজনে আমাৰ এই মুলুকত ভয়ংকৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছিল। তেনে ধৰণৰ প্ৰব্ৰজনক আমি ৫ ভাগত বিভক্ত কৰিব পাৰো, (১) ইংৰাজে ইংলেণ্ডৰ ৰাজভঁৰাল টনকিয়াল কৰিবলৈ অসমত স্থাপন কৰা চাহ বাগিচাবোৰত কাম কৰাবলৈ অনা ‘কুলি’ৰ প্ৰব্ৰজন, (২) পূব-বংগৰপৰা অনা আৰু অনিমন্ত্ৰিতভাৱে অহা মুছলমান প্ৰব্ৰজনকাৰী (মূলতঃ খেতিৰ সৈতে জড়িত), (৩) বংগদেশৰপৰা অহা বঙালী হিন্দু প্ৰব্ৰজনকাৰী (মূলতঃ ইংৰাজৰ অধীনত কাম কৰা কেৰাণী, মহৰী, বৰবাবু, শিক্ষক, ষ্টেছন মাষ্টৰ, ইত্যাদি), (৪) নেপালী প্ৰব্ৰজনকাৰী, (৫) ‘হিন্দুস্তানী’ বা ‘ভাৰতীয়’ বা ইংৰাজৰ উপনিৱেশ ‘ভাৰতবৰ্ষ’ৰ বিভিন্ন অঞ্চলৰপৰা অহা মাৰোৱাৰী-বিহাৰী ইত্যাদি।

ইয়াৰ বিপৰীতে অসমৰপৰা পূব-বংগ বা বংগ বা ব্ৰিটিছ-ভাৰতলৈ হোৱা প্ৰব্ৰজন আছিল এপাচি শাকত এটা মাথোঁ জালুকৰ দৰেই। ১৯৫১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ১৯৩১ চনত অসমৰপৰা ৭৩২২৩ জন লোকে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰু তাৰে বুজন পৰিমাণৰ প্ৰব্ৰজনকাৰী আছিল চাহ-শ্ৰমিক তথা তেওঁলোকৰেই সতি-সন্তান; অৰ্থাৎ এইসকল কামৰূপ-কমতা-প্ৰাগজ্যোতিষপুৰ-অসমৰ খিলঞ্জীয়া নাছিল। ১৯৫১ চনত অসমৰপৰা ভাৰতলৈ প্ৰব্ৰজন কৰা লোকৰ সংখ্যা আছিল ৪৫,৯৮৬ জন আৰু এইসকলৰ ৭২% লোকে কাষৰীয়া ত্ৰিপুৰা, বংগ (পশ্চিম)ত থিতাপি লৈছিল (১৯৫১ চনৰ লোকপিয়ল দ্ৰষ্টব্য)। এওঁলোকৰ মাজতো অসমৰ খিলঞ্জীয়া নাছিল বুলিবই পাৰি। ১৯৫১ চনত অসমৰপৰা পশ্চিমবংগলৈ প্ৰব্ৰজন কৰিছিল ১৮৫৭০ জন লোক। ১৯৭১ চনৰ লোকপিয়ল অনুসৰি মাথোন ৫৪০১৪ জন অসমীয়াই বা খিলঞ্জীয়াই অসমৰ বাহিৰত বাস কৰিছিল আৰু এই সংখ্যা আছিল সমগ্ৰ অসমীয়াৰ মাত্ৰ ০.৬%!

ইংৰাজে অসমত চাহ বাগিচা স্থাপন কৰি ইংলেণ্ডক নদন-বদন কৰিবলৈ অসমৰ বাহিৰৰপৰা, বিহাৰ-ছোটনাগপুৰ-মধ্যপ্ৰদেশ-উৰিষ্যা ইত্যাদিৰপৰা অনা ‘কুলি’ বা ‘চাহ শ্ৰমিক’ৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ ১৯৬১ চনৰ লোকপিয়ল অনুসৰি ১০ লাখৰো অধিক হৈ পৰিছিল আৰু বৰ্তমানে এই সংখ্যা ৫০ লাখৰো অধিক। চাহ বাগিচাসমূহত কাম কৰিবলৈ অনা ‘কুলি’ৰ লগে লগে অসমলৈ মৈমনসিং, পাবনা, বৰ্গা, ৰংপুৰ আদিৰপৰা প্ৰথমতে গোৱালপাৰাত খুঁটি পুতি বহা বাঙালী মুছলমান প্ৰব্ৰজনকাৰীৰ বাবেই ১৯০১ চনৰ গোৱালপাৰাৰ পিয়ল কৰা জনসংখ্যা ৪,৯১,০০০ৰপৰা ১৯১১ চনত ১১,৮২,০০০ লৈ বৃদ্ধি হৈছিল, অৰ্থাৎ ২৪০% বৃদ্ধি হৈছিল (১৯৬১ চনৰ লোকপিয়ল মতে)। এই বাঙালী মুছলমানসকলে লাহে লাহে গোৱালপাৰা অতিক্ৰম কৰি অসমৰ বিভিন্ন স্থানলৈ গতি কৰিছিল আৰু তাৰে ফলাফল আমি কৈশোৰ কালৰপৰাই দেখি আছো। ১৯২১ চনৰ ভাৰতৰ লোকপিয়লৰ ৩৯-৪০, ৬৮ পৃষ্ঠাত এনেদৰে লিখা আছে—‘‘The Census Commissioners of 1891 and 1901 categorically stated that the people from overcrowded East-Bengal districts could not come to occupy wastelands in Assam as there was no inducement and recruitment avenues like those existing for the tea gardens.”

ইংৰাজ বিষয়া মুলান (C.S. Mullan) ডাঙৰীয়াই ১৯৩১ চনত কৈছিল—‘‘The whole structure of Assamese culture and civilization has been threatened by the invasion of a vast horde of land hungry Bengali immigrants mostly Muslims, from the districts of Eastern Bengal, and in particular, from Mymensing…it is sad but non-violence in Kokrajhar appears improbable, and that, in another thirty years, Sibsagar district will be the only part of Assam in whichan Assamese will find himself at home.” উল্লেখযোগ্য যে চি.এছ.মুলান আছিল লোকপিয়ল অধীক্ষক।

ইংৰাজে অসমত স্থাপন কৰা কল-কাৰখানা, ৰে’ল বিভাগ, তৈল প্ৰতিষ্ঠান আদিৰ কাৰ্যালয়ত নিয়োগ কৰিবলৈ বাঙালী হিন্দুৰ প্ৰব্ৰজন ঘটাইছিল। য’তেই ৰে’ল ষ্টেছন, ৰে’লৰ কাৰ্যালয়, ত’তেই আজিও দেখা যায় বাঙালী হিন্দু প্ৰব্ৰজনকাৰী। এই বাঙালী হিন্দুসকল ৰে’ল বিভাগৰ লগতে ডাকবিভাগ, টেলিগ্ৰাফ, জল পৰিবহণ, চাহ বাগিচা, তৈল প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ইত্যাদি সকলোবোৰ বিভাগত বিয়পি পৰিছিল। বংগ বিভাজন/ভাৰত বিভাজনৰ সময়ত এওঁলোকৰ অসমলৈ প্ৰব্ৰজন ব্যাপক হৈ পৰিছিল। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি ২৭৪৪৫৫ জন বঙালী হিন্দু শৰণাৰ্থী অসমত প্ৰৱেশ কৰিছিল। অসমক ধ্বংস কৰিবলৈ সংকল্পবদ্ধ অসম-ভাৰত চৰকাৰৰ প্ৰশ্ৰয় পাই ১৯৫৮ চনত এওঁলোকৰ সংখ্যা ৪,৪৭,০০০ হৈ পৰিছিল আৰু ১৯৬১ চনত ৬,২৮,০০০ জন হৈ পৰিছিল। বাংলাদেশ সৃষ্টি হোৱাৰ সময়ত, আমি আমাৰ কৈশোৰ কালত ভূপেন হাজৰিকাৰ কণ্ঠৰে নিগৰা ‘জয় জয় নৱজাত বাংলাদেশ/জয় জয় মুক্তিবাহিনী/ভাৰতীয় সৈন্যৰ স’তে ৰচিলা…’ শুনি তন্ময় হৈ থাকোতেই ইন্দিৰা গান্ধীয়ে অসমত লাখ লাখ বাংলাদেশী জাপি দিছিল। ১৯৭১ চনত অসমত হিন্দু বাঙালীৰ সংখ্যা হৈ পৰিছিল ২৩,৩০,০০০ৰ অধিক, অৰ্থাৎ অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ১৯.৯১ শতাংশ! ১৯৯১ চনৰ লোকপিয়ল অনুসৰি অসমত বাংলাভাষীৰ সংখ্যা ৪৩,৫৩,০০০ জন আৰু ই হ’ল অসমৰ সৰ্বমুঠ জনসংখ্যাৰ ২১.৬৭ শতাংশ! ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত বাংলাভাষীৰ সংখ্যা হৈছিল ৯০, ২৪, ৩২৪ জন; অৰ্থাৎ ২০০১ চনৰ ২৭.৫৪ শতাংশৰপৰা ২০১১ চনত ২৮.৯১ শতাংশলৈ বৃদ্ধি পালে বাংলাভাষীৰ সংখ্যা !

চাহ বাগিচাত কাম কৰিবলৈ অনা ‘কুলি’ বা চাহ-শ্ৰমিক, খেতিপথাৰবোৰ দখল কৰা বাংলাভাষী মুছলমান, চাকৰিক্ষেত্ৰ দখল কৰা বাংলাভাষী হিন্দু আদিৰ লগতে অসমলৈ চকুত পৰাকৈ নেপালীৰো প্ৰব্ৰজন হ’বলৈ ধৰে। ১৯৩১ চনৰ লোকপিয়ল অনুসৰি অসমলৈ অহা নেপালী লোকৰ সংখ্যা হ’ল ৩০,০০,০০০ৰো অধিক। তদুপৰি মাৰোৱাৰী, বিহাৰী ইত্যাদি আছেই।

ইংৰাজৰ ঔপনিৱেশিক শাসনৰ কালছোৱাতেই অসমৰ চাৰিসীমা প্ৰব্ৰজনৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু অসমক সকলোৱে নেলু চেপিবলৈ আৰম্ভ কৰিছিল। ১৮৭৩-৭৪ চনৰ কালছোৱাত ব্ৰিটিছ-ভাৰতত হোৱা দুৰ্ভিক্ষত আক্ৰান্ত লোকৰ বাবে, সেই সময়ৰ ব্ৰিটিছ বৰলাট লৰ্ড নৰ্থব্ৰুকে ব্ৰহ্মদেশ আৰু অসমলৈ প্ৰব্ৰজন কৰাবলৈ ৫০০০০ পাউণ্ডৰ এখন আঁচনি যুগুত কৰিছিল (Lord Northbrook’s Indian Administration by Edward C. Moulton, 1872-76, p-93)। তদুপৰি হৰিশংকৰ শ্ৰীবাস্তৱৰ “The History of the Indian Famine” নামৰ গ্ৰন্থত পোৱা যায় যে ১৮৭৩-১৮৭৪ চনৰ দুৰ্ভিক্ষৰ সময়ছোৱাত “The Government of India encouraged emigration from famine areas to British Burma and to the Assam Tea Gardens.” সেই সময়ছোৱাত অত্যধিক প্ৰব্ৰজনৰ পৃষ্ঠপোষকতা চাহ বাগিচাৰ মালিকসকলে কৰা নাছিল যদিও ১৮৯৬-৯৮ চনত হোৱা দুৰ্ভিক্ষত অসমলৈ মধ্যভাৰতৰপৰা বহু লোকে প্ৰব্ৰজন কৰিছিল। ১৮৯৯-১৯০০ চনৰ দুৰ্ভিক্ষৰ সময়ছোৱাতো সমুদ্ৰপথেৰে অসমলৈ প্ৰব্ৰজন কৰোৱা হৈছিল। শ্ৰীবাস্তৱৰ লেখাত আছে—“Emigration to Burma from Vizagapatam and Ganjam increased from 7000 to 20000 and 10000 to 20000 respectively. Large numbers of people also migrated from the central Prorinces to the Assam tea gardens.”

“The Planters Raj to Swaraj” গ্ৰন্থত অমলেন্দু গুহই কৈছে যে ১৮৭২ চনত অসমৰ মুঠ জনসংখ্যা আছিল ১৫ লাখ, তাৰে ১ লাখৰো কম আছিল বহিৰাগত বা প্ৰব্ৰজনকাৰী; কিন্তু ১৯০১ চনত অসমৰ সৰ্বমুঠ জনসংখ্যা ২২ লাখ হ’ল যদিও ৫ লাখৰপৰা ৬ লাখ হ’ল বহিৰাগত। অৰ্থাৎ অসমৰ সৰ্বমুঠ জনসংখ্যাৰ চাৰিভাগৰ এভাগ হৈ পৰিছিল বহিৰাগত! অসমৰ বুকুলৈ এনেদৰেই ইংৰাজে বহিৰাগতৰ সোঁত বোৱাইছিল।

১৯২১ চনৰ লোকপিয়ল (Census of India, 1921, Vol.I, India, Part-I, Report. P. 86)-ৰ প্ৰতিৱেদনত লিপিবদ্ধ আছে—‘‘The Assam valley hardly began to attract colonists from outside Assam till the decade 1901 to 1911, and the enumerations presions to that of 1911 show little immigration from across the Bengal border.

“Before 1911, however, a change came. The men of Mymensingh began to advance to Assam, driven apparently by pressure on the soil at home…About 85 percent are Muhammadans and 15 percent Hindus…We find that Mymensingh, Rangpur and jalpaiguri Provided 51000 immigrants to Goalpara and 3000 to the other Brahmaputra valley districts…”

ব্ৰিটিছৰ উপনিৱেশ ভাৰতৰপৰা নিজৰ প্ৰয়োজনত প্ৰব্ৰজন ঘটোৱাৰ উপৰি প্ৰব্ৰজনকাৰীক সাৰ-পানী যোগান ধৰিছিল। ১৯২১ চনৰ লোকপিয়লত দেখুওৱা হৈছে অসম তথা অসমৰ চাহ বাগিচালৈ হোৱা প্ৰব্ৰজনকাৰীৰ সংখ্যা (হাজাৰৰ হিচাপত) :

১৯১১ ১৯২১
জন্মস্থান অসমলৈ চাহ বাগিচালৈ অসমলৈ চাহ বাগিচালৈ
বিহাৰ, উৰিষ্যা ৩৯৯ ২৫১ ৫৭১ ৩৮৮
বংগদেশ ১৯৪ ৩৫ ৩৭৬ ২৮
মধ্যপ্ৰদেশ, বেৰাৰ ৭৭ ৫৫ ৯১ ৬০
যুক্ত প্ৰদেশ ৯৮ ৫৩ ৭৭ ৪০
মাদ্ৰাজ ৩৫ ৩১ ৫৪ ৪৬
চেণ্ট্ৰেল ইণ্ডিয়ান এজেন্সী ১৮ ১২
ৰাজপুতনা ১২ ১৬
ভাৰতৰ অইন স্থান ১৪
ভাৰতৰ বাহিৰৰপৰা ৫১ ৭৩
মুঠ ৮৮২ ৪৪১ ১২৯০ ৫৮৩

আমি ইতিপূৰ্বে উল্লেখ কৰি অহা লোকপিয়ল অধীক্ষক চি.এছ.মোলান চাহাবে তেওঁৰ প্ৰতিৱেদনত লিখিছিল যে অসমলৈ পূব-বংগৰপৰা হোৱা মুছলমানৰ প্ৰব্ৰজন কেনে ভয়ংকৰ হৈ পৰিছিল—“…has almost completed the conquest of Nowgong. The Barpeta sub division of Kamrup has fallen to their attack and Darrang is being invaded. Sibsagar has so far escaped conpletedy, but the few thousand Mymensinghias in North Lakhimpur are an outpost which may during the next decade, prove to be a valuable basis of major operations. Wheresoever the carcass, there the vultures be gathere together. Where there is waste land, there flock the Mymensinghias.” (Census of India, 1931, Vol. III, Assam, Part-I, page-51).

কেৱল ইংৰাজৰ প্ৰৰোচনাতেই মাথোঁ নহয়, ইংৰাজৰ শুভ্ৰ চৰণত চেলেকি ধন্য হোৱা অসমৰ বহু ক’লা চাহাবেও প্ৰব্ৰজনকাৰীক সা-সুবিধা-মাটি দি অসমৰ সৰ্বনাশ সাধন কৰিছিল। মৈমনচিঙীয়া প্ৰব্ৰজনকাৰীক টকা সুতলৈ দি সহায় কৰিছিল মাৰোৱাৰী বণিক আৰু বৰপেটীয়া মহাজনে। এই সম্পৰ্কে অমলেন্দু গুহৰ গ্ৰন্থখনত এনেদৰে উল্লেখ আছে—“Marwari traders and even Assamese mahajans of Barpeta provided a substantial part of the necessary finance to enable the immigrant peasants to bring virgin soil under the plough.” (Plantus Raj to Swaraj)। অমলেন্দু গুহই লিখিছে—“Many Assamese farmers had turned into land speculators. They sold off their lands to immigrants at a good price; then they cleared new plots (pam) on wastelands and sold them again. The immigrants were financed by their own headmen (Matabar) as well as by Marwari and Assamese (Barpetia) moneylanders.”

এই ধৰণৰ প্ৰব্ৰজনৰ বিৰুদ্ধে সৰব হৈ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘অসম সংৰক্ষিণী সভা’ গঠন কৰিছিল আৰু ১৯২৭ চনৰ জুলাই মাহত অসম বিধান পৰিষদত মহাদেৱ শৰ্মাই বহিৰাগতক মাটি পট্টন দিয়াৰ বিৰোধী কৰি প্ৰস্তাৱ উত্থাপন কৰিছিল তথা সেই বিতৰ্কত অংশগ্ৰহণ কৰি বসন্ত কুমাৰ দাসে খিলঞ্জীয়া লোকৰ স্বাৰ্থ সংৰক্ষণৰ হেতু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সজোৰে দাবী কৰিছিল। কিন্তু নবীন চন্দ্ৰ বৰদলৈয়ে মহম্মদ ছাদুল্লাৰ সৈতে হাত মিলাইছিল আৰু প্ৰব্ৰজনকাৰীক গতিৰুদ্ধ কৰাৰ পক্ষে নাছিল। মৈমনচিঙীয়াৰ পুনৰ্বাসনৰ বাবে মহম্মদ ছাদুল্লা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে হাতে-কামে লাগি গৈছিল। এই সম্পৰ্কে আমি পাওঁ—“The colonisation policy, though initiated by British officials, derived its legitimacy thus from the deliberations of an all-party conference and had initially the approval of both Saadulla and N.C. Bardoloi. The first colonisation scheme, thereafter started in Nowgong in 1928 was successfully followed by one each in Barpeta and Mangaldoi subdivisions.” (Planters Raj to Swaraj)

১৯৩০ চনৰপৰাই অসমক বহিৰাগতৰ চৰণীয়া পথাৰ কৰা কাৰ্য সু-সম্পন্ন কৰিবলৈ পূৰ্ণশক্তিৰে মুছলিম লীগ জঁপিয়াই পৰে। মুছলিম লীগ গঠন হৈছিল ১৯০৬ চনত আৰু গঠন হোৱাৰ দিনৰেপৰাই অসমৰ সাৰুৱা মাটিত মুছলিম লীগৰ চকু পৰিছিল। মুছলিম লীগৰ নেতাসকলে বাঙালী মুছলমানসকলক বা মৈমনচিঙীয়াসকলক অসমৰ ভূমি দখল কৰি বসবাস কৰিবলৈ মুকলিকৈ উচটনি-উৎসাহ দিছিল। মুছলিম লীগৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য নবাব ছেলিম উল্লা খানে ঢাকাৰ ৰাজহুৱা সভাত উদাত্তকণ্ঠে ভাষণ দি অসমৰ সাৰুৱা মাটি পূব-বংগৰ মুছলমানে দখল কৰিব লাগে বুলি কৈছিল। ১৯৩০ চনৰপৰা মুছলিম লীগে সম্প্ৰসাৰণবাদ সাফল্যমণ্ডিত কৰিবলৈ কঁকালত লুঙি টানকৈ বান্ধি লয় আৰু অসম দখল কৰিবলৈ জঁপিয়াই পৰে। ১৯৩০ চনৰপৰাই অসমৰ ৰাজনীতিত সাম্প্ৰদায়িক শক্তিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰে। ১৯৩৯-১৯৪১ চনৰ সময়ছোৱাত ছাদুল্লা চৰকাৰে পূব-বংগৰপৰা অহা প্ৰব্ৰজনকাৰীক অসমত ১০০০০০ বিঘা মাটি আবণ্টন দিয়ে (‘Political History of Assam’ Vol III, Publication Board, p. 262)। সাম্ৰাজ্যবাদী ব্ৰিটিছৰ প্ৰতিনিধি, ভাইচৰয় লৰ্ড ৱাভেল-এ ‘Viceroy’s Journal’ (London Publication, December 22, 1943)-ত লিখিছিল—“…The Chief political problem is the desire of Muslim Ministers of Assam to increase the immigrations into uncultivated Government lands in Assam under the slogan of ‘Grow more food’ but what really is to ‘Grow more Muslims.’’

পৰিস্থিতি ইমান ভয়ংকৰ হৈ পৰিছিল যে ১৯৪৬ চনৰ এপ্ৰিল মাহত অসমৰ মুছলিম লীগৰ বিধায়কসকলে নতুন দিল্লীত হোৱা অধিৱেশনত অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত নামি পানী ঘোলা কৰিবলৈ আৰম্ভ কৰিছিল আব্দুল হামিদ খান ওৰফে মৌলানা ভাছানীয়ে। কেৱল মুছলিম লীগেই নহয়, ‘বংগবন্ধু’ নামেৰে বিখ্যাত তথা বাংলাদেশৰ জনকস্বৰূপ শ্বেইখ মুজিবুৰ ৰহমানেও বাংলাদেশ সৃষ্টিৰো আগতেই তেখেতৰ গ্ৰন্থ ‘Eastern Pakistan: Its Population and Economics’-অত এনেদৰে লিখিছিল—“…because East Pakistan must have sufficient land for its expansion, it must include Assam to be financially and economically strong.” অৰ্থাৎ, মুজিবুৰ ৰহমানেও পূৰ্বৰেপৰাই পৰিকল্পনা কৰিছিল অসমৰ সাৰুৱাভূমি দখল কৰি পূব-পাকিস্তানক সমৃদ্ধিশালী কৰি তোলাৰ লগতে পূব-পাকিস্তানৰ আয়তন বৃদ্ধি কৰিবলৈ। ছাদুল্লা, ভাছানী, মুজিবুৰ, বগা চাহাব, ক’লা চাহাব, মাৰোৱাৰী মহাজন, বৰপেটীয়া মহাজন ইত্যাদিয়ে অসমৰ সৰ্বনাশ সাধনযজ্ঞত আহুতি দি থাকোতেই পাকিস্তানৰ পিতৃপুৰুষ হৈ পৰা জিন্নাৰ ব্যক্তিগত সচিব তথা মুছলিম লীগৰ যুৱ সংগঠনৰ নেতা মইনুল হক চৌধুৰীয়ে জিন্নাক যেতিয়া প্ৰশ্ন কৰিছিল যে চৌধুৰীয়ে সদলবলে কংগ্ৰেছত যোগ দি ভাৰতত থাকিব নে পাকিস্তানত থকা ভাল হ’ব—তেতিয়া জিন্নাই মইনুল হক চৌধুৰীক কৈছিল—‘’১০ বছৰ অপেক্ষা কৰা, মই ৰূপৰ কাঁহীত অসমক তুলি তোমাক অৰ্পণ কৰিম’’ (Wait for ten years, I shall present Assam on a silver plate to you”, Politics of Alienation in Assam by Bhawani Singh, 1984  page 72)!!! ১৯৪৮ চনত জিন্নাৰ মৃত্যু হ’ল। জিন্নাই ৰূপৰ কাঁহীত অসমক তুলি মইনুল হক চৌধুৰীক আগবঢ়াই দিব নোৱাৰিলেও জিন্না আৰু অইন মুছলমান নেতাৰ পৰামৰ্শক্ৰমে অসমতেই থাকি যোৱা মইনুল হক চৌধুৰীক গোপীনাথ বৰদলৈয়ে নিজৰ মন্ত্ৰীসভাত ল’লে আৰু মইনুল হক চৌধুৰীয়ে নিজৰ আঁচনি, জিন্নাৰ আঁচনি ৰূপায়ণ কৰি থাকিল! ‘গ্ৰুপিং’ পৰ্ব ইয়াত উল্লেখ নকৰো, যিহেতু অতি পৰিকল্পিতভাৱে ইংৰাজ-নেহৰু-জিন্না-পেটেল আদিয়ে সেই বিষয়টো অসমক জাপি দি অসম যে এখন স্বাধীন দেশ আছিল—সেই বিষয়টো পাহৰাই ৰাখিছিল, কিজানি বা ব্ৰহ্মদেশৰ দৰে অসমেও স্বাধীন হৈ যায়! গতিকে অসমক উপনিৱেশ হিচাপে সাঙুৰি ৰখা হ’ল জৱাহৰলালহঁতৰ নতুন সাম্ৰাজ্যৰ সৈতে আৰু প্ৰব্ৰজনকাৰীৰ প্ৰচণ্ড বোজা এটা পৰিকল্পিতভাৱে অত্যধিক গধুৰ কৰি ৰখা হ’ল—যাতে অসমে কঁকাল পোন কৰিব নোৱাৰে। ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ’ৰ পৃষ্ঠা ৭৭-অত মহাদেৱ শৰ্মাই লিখিছে—‘‘অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে অসমত ২.২৫ লাখ পাকিস্তানী ভগনীয়াক পুনৰ্বাসন দিছিল!’’

১৯৫০ চনৰ এপ্ৰিল মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী নবাবজাদা লিয়াকৎ আলি খানৰ মাজত ‘নেহৰু-লিয়াকৎ’ চুক্তি স্বাক্ষৰিত হ’ল অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীক সহায় কৰিবলৈ, কংগ্ৰেছৰ ভোট বেংক টনকিয়াল কৰিবলৈ। [The Nehru-Liaquat Pact (April 1950) with “special prosisions for restoration of rights of immigrants over their properties if they would choose to return not later than the 31st December 1950” rather facilitated the Pakistan Government to accelerate infiltration to Assam. The Pact, which validated the entry of immigrants upto 31.12.1950, was against the spirit of Immigrants (Expulsion from Assam) Act 1950 enacted by Parliament on 13.2.1950.] জৱাহৰলাল নেহৰুৱে, কংগ্ৰেছে অসমৰ সৰ্বনাশ কৰিয়েই ক্ষান্ত থকা নাছিল, প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰা কংগ্ৰেছৰেই মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাকো নেহৰুই ৰঙা চকু দেখুৱাই প্ৰব্ৰজনকাৰীক উচ্ছেদ কৰা কাৰ্য স্থগিত কৰাইছিল। প্ৰথমাৱস্থাত মুখ্যমন্ত্ৰী চলিহা সৈমান হোৱা নাছিল আৰু ‘Prevention of Infiltration from Pakistan (PIP) Act 1964’-ৰ সহায়ত আগবাঢ়িছিল যদিও ২০ জন মুছলমান বিধায়কে চৰকাৰ ভাঙি দিয়া হ’ব বুলি ভাবুকি দিয়াত চলিহা থমকি ৰৈছিল।

১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে প্ৰকাশিত ‘দৈনিক অসমীয়া’ কাকতত হৰেন্দ্ৰ নাথ বৰুৱাৰ ‘অসমৰ ভৱিষ্যৎ’ নামেৰে এটি প্ৰবন্ধ প্ৰকাশ পাইছিল। তথাকথিত ‘স্বাধীনতা’ লাভৰ দিনটোত ‘অসমৰ কাৰণে এই স্বাধীনতাৰ কিবা বিশেষ সাৰ্থকতা আছে নে’ বুলি প্ৰবন্ধটোৰ আৰম্ভণিতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি হৰেন্দ্ৰ নাথ বৰুৱাই লিখিছিল—‘‘দুবছৰমানৰ আগতে ‘অসমীয়া’ৰ যোগে প্ৰকাশ কৰা আমাৰ প্ৰবন্ধাৱলীত আমি দেখুৱাইছিলো যে চৰকাৰী হিচাপ মতেই ২০ লাখ বিঘাৰো কম খেতিৰ উপযোগী মাটিহে তেতিয়া অসম উপত্যকাত বাকী আছে। অথচ খাচ অসমীয়াৰ মাজতে একেবাৰে মাটি নোহোৱা লাখ লাখ মানুহ কলমলাই আছে। অসমীয়া মানুহৰ গড়ে প্ৰতি পৰিয়ালত ৫ বিঘা মাটিও নাই। তদুপৰি অসমীয়াৰ ভৱিষ্যত পৰিবৰ্ধন আৰু পৰিপোষণৰ কাৰণে যথেষ্ট পৰিমাণে মাটি আছুতীয়াকৈ ৰখাৰ দায়িত্বলৈ আমাৰ কাণষাৰেই হোৱা নাই। ১৯৪১ চনত ছাদুল্লা গৱৰ্ণমেণ্টে অতিৰিক্ত কৰি দিয়া হিচাপ মতেই অসম উপত্যকাত, অৰ্থাৎ খাচ অসমত খেতিৰ উপযোগী মুঠ মাটিৰ পৰিমাণ হৈছে ২২৫ লাখ বিঘা। তেওঁলোকৰ কথামতেই ইয়াৰ ভিতৰত ২০৫ লাখ বিঘাৰ কিছু বেছি মাটি তেতিয়ালৈকে বন্দবস্তি দিয়া হৈ গৈছে। ১৯৪১ চনৰপৰা ১৯৪৪ চনৰ শেহলৈকে পৰিষদত সুবিধা লৈ ছাদুল্লা চাহাবে যে আগতকৈও মুক্তভাৱে হাজাৰ হাজাৰ বংগদেশীয় পমুৱাক মাটি বন্দৱস্তি দি অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস পাইছিল, সেই কথা সকলোৱে জানে। এই কেইবছৰৰ ভিতৰত তেওঁলোকে বিদেশী পমুৱাক কিমান মাটি বন্দৱস্তি দিলে, তাৰ বিতং বিৱৰণ এতিয়াও প্ৰকাশ পোৱা নাই। কিন্তু ১৯৪৪ চনৰ নৱেম্বৰ মাহত অসম পৰিষদৰ অধিৱেশনত ছাদুল্লা মন্ত্ৰীসভাৰ ৰাজহ মন্ত্ৰী মৌঃ মনোৱাৰ আলি চাহাবে দিয়া এটা প্ৰশ্নোত্তৰৰপৰাই এই কেইবছৰত তেওঁলোকে কেনে বিপুল পৰিমাণে অসমৰ মাটি বিদেশীক বিলাই দিলে, তাৰ আভাস পাব পাৰি। তেওঁ কৈছিল যে ১৯৪৩-৪৪ চনৰ বছৰটোত প্ৰায় ২ লাখ একৰ মাটি (অৰ্থাৎ ৬ লাখ বিঘাতকৈও সৰহ) বাহিৰৰ পমুৱাক বন্দৱস্তি দিয়া হৈছিল। এই হিচাপে ধৰি নিঃসংকোচে ক’ব পৰা যায় যে ১৯৪১ চনৰপৰা ১৯৪৪ চনৰ শেহলৈকে অন্ততঃ ১৫ লাখ বিঘা মাটি বিদেশী পমুৱাক বন্দৱস্তি দিয়া হয়। ১৯৪০-৪১ চনলৈকে অসম উপত্যকাত অসম গৱৰ্ণমেণ্টে মৈমনচিঙীয়া পমুৱাক প্ৰায় ২৩ লাখ বিঘা মাটি বন্দৱস্তি দিছে বুলি ১৯৪০-৪১ চনৰ ‘‘আসাম লেণ্ড ৰেভিনিউ এডমিনিট্ৰেছন ৰিপোৰ্ট’’ত কোৱা হৈছে। ইয়াৰ ভিতৰত অসমীয়া মানুহে অধিক দামৰ লোভত কিম্বা উপায়ান্তৰ হৈ মৈমনচিঙীয়াক বিক্ৰী কৰা হাজাৰ হাজাৰ বিঘা মাটিৰ হিচাপ ধৰা হোৱা নাই। গতিকে আমি নিঃসংকোচে ক’ব পাৰো যে ১৯৪৫ চন পৰ্যন্ত, অৰ্থাৎ অসম গৱৰ্ণমেণ্টে বংগদেশৰ পমুৱাক অসম উপত্যকাৰ অন্ততঃ ৪০ লাখ বিঘা মাটি অৰ্পণ কৰে। তদুপৰি প্ৰায় ২০ লাখ বিঘা মাটি বিদেশী চাহ খেতিয়ক আৰু অন্যান্য বিদেশীয়ে দখল পাইছে। গতিকে দেখা যায় যে গোটেই প্ৰদেশখনৰ মুঠ ২২৫ লাখ বিঘা খেতিৰ উপযোগী মাটিৰ ভিতৰত ৬০ লাখ বিঘা মাটি অনা-অসমীয়াৰ হাতত পৰিছে। অৰ্থাৎ অসমৰ চাৰিভাগৰ এভাগতকৈও কিছু অধিক মাটি আজি অনা-অসমীয়াৰ হাতত। ইফালে খেতিৰ উপযোগী বন্দৱস্তি নিদিয়া বাকী মাটি আছে মাত্ৰ প্ৰায় ১৫ লাখ বিঘা। ই যে কি ডাঙৰ সমস্যা তাক বহলাই ক’বৰ আৱশ্যক নাই। সেই কাৰণেই আমি কওঁ যে অনা-অসমীয়াক মাটি দিয়াটো অবিলম্বে আইনৰদ্বাৰা বন্ধ কৰিব লাগে। অসম গৱৰ্ণমেণ্টে এই বিষয়ে আৰু অলপো পলম কৰা উচিত নহয়। ই অসমীয়াৰ পক্ষে অকল অৰ্থনৈতিক সমস্যাই নহয়—ইয়াৰ লগত অসমীয়া জাতিৰ বৈশিষ্ট্যমূলক অস্তিত্বও নিৰ্ভৰ কৰিছে। এতিয়াৰ দৰে হাজাৰে হাজাৰে, লাখে লাখে অনা-অসমীয়াই অসমত মাটি-ভেটি লৈ বসতি কৰি নিজৰ সংখ্যা বৃদ্ধি কৰি অসমীয়াৰ ওপৰত টিঘিল-ঘিলাবলৈ সুবিধা পাই থাকিলে অসমত অসমীয়াতকৈ বাহিৰৰ মানুহৰ সংখ্যা যে সময়ত বেছি হ’বগৈ আৰু অসমীয়াৰ অস্তিত্ব লৈ টনাটনি হ’ব সেই কথা কোৱা বাহুল্য মাথোন।’’

আজিৰেপৰা ৭১ বছৰৰো অধিক কাল পূৰ্বে, ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখৰ ‘দৈনিক অসমীয়া’ কাকতত দাঙি ধৰা ভয়ংকৰ ছবিখন সম্প্ৰতি কেনে হৈছে—বহলাই ক’বৰ প্ৰয়োজন নাই। বিদেশী পমুৱাক মাটি-বাৰী সুবিধা দিয়েই চৰকাৰ বাহাদুৰ সন্তুষ্ট হৈ থকা নাছিল, অসমত বিহাৰৰ ছাপ্ৰা জিলাৰপৰা বিহাৰী আনি বহুৱাবলৈও ৰাজেন্দ্ৰ প্ৰসাদহঁতে চিন্তা কৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদৰ ‘Autobiography’-ৰ ২৫৯-২৬০ পৃষ্ঠাত আছে—“Chapra is one of the most densely populated district of Bihar and its people generally have to go out of the province in search of work every year. Thousands of them go to Assam and work as labourers and after earning some money return to their homes. They never thought of settling down in Assam. I saw Biharis and men from Chapra almost everywhere in Assam. I thought that if instead of just going to Assam to earn something and returning to Chapra they permanently settled down on the land there, not only would their future be assured but also the pressure on land would be reduced in Chapra.”

মূলতঃ ইংৰাজৰ দিনৰেপৰাই অসম হৈ পৰিল বহিৰাগতৰ বাবে এক উন্মুক্ত সাৰুৱা ক্ষেত্ৰ। পৰৱৰ্তী কালত মুছলিম লীগ, কংগ্ৰেছ আদিয়ে সেই প্ৰব্ৰজনক অধিক ভয়াৱহ কৰি পেলালে। অসম হৈ থাকিল উপনিৱেশ, আৰু উপনিৱেশখনৰ নিৰ্ণায়কস্বৰূপ হৈ পৰিল এহাতে নতুন দিল্লী আৰু আনহাতে প্ৰব্ৰজনকাৰী। অসমৰ ভূমি, অসমৰ ভাষা, অসমৰ সংস্কৃতি, অসমৰ জনগাঁথনি, অসমৰ অৰ্থনীতি, অসমৰ সকলো ক্ষেত্ৰ আক্ৰান্ত হ’ল। জিন্নাৰ আদৰ্শ শিৰত তুলি সন্মান কৰা তথা গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ মন্ত্ৰী মইনুল হক চৌধুৰী ইন্দিৰা গান্ধীৰ কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ল। তেওঁৰ সৈতে পাটীগণিতৰ অংক আৰম্ভ কৰিলে ইন্দিৰাভক্ত ফখৰুদ্দিন আলি আহমদ ডাঙৰীয়াই, আৰু ১৯৪৭ চনত অসমৰ ১৯ লাখ মুছলমান ১৯৭২ চনত হৈ পৰিল ৩৬ লাখ! অৰ্থাৎ, ১৯৭১ চনৰ ‘বাংলাদেশ’ সৃষ্টিৰ ফলত অসমৰ পুনৰ কেনে সৰ্বনাশ হ’ল—সেয়া বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজনেই নাই। ইন্দিৰা গান্ধীয়ে মুজিবুৰ ৰহমানক পাৰ্যমানে সহায় কৰিলে, অসমলৈ লাখে লাখে পূব-পাকিস্তানী ওৰফে বাংলাদেশী সোমাই আহিল। সেইসকলক অসমৰ বৰপীৰা পাৰি বহুৱালে কংগ্ৰেছ চৰকাৰে, সবল হৈ পৰিল কংগ্ৰেছৰ ভোটবেংক; চুক্তি স্বাক্ষৰিত হ’ল ইন্দিৰা গান্ধী আৰু শ্বেইখ মুজিবুৰ ৰহমানৰ মাজত—‘ইন্দিৰা-মুজিব চুক্তি’ ! পৰাধীন অসমৰ ভাগ্যনিয়ন্তা হৈ পৰিল কংগ্ৰেছ, বহিৰাগত ! জনৈক লেখকে খেদ কৰি লিখিছে—“In 1971, Bangladesh emerged as a sovereign nation after liberation war against Pakistan with the help of Indian Army. Instead of being grateful, the new nation maintained the same policy of Pakistan on Muslim infiltration in Assam. People of India in general and Assam in particular failed to understand that when the changed geo-political reality of Indian sub-continent in 1947 sealed their political destiny with the respective country of India and Pakistan, how come the infiltration continue? The argument of Sheikh Mujibur Rahman, the first President of Bangladesh that, “Without the inclusion of Assam the East Bengal economy could not be balanced” is ridiculous as a sovereign nation connot throw its burden on another countries. If he was enable to bear the responsibility of his own people, should not have gone for liberation of Bangladesh. Such an attitude of Sheikh Mujib proved that he also carried forward the AIML (All India Muslim League) legacy of Muslim expansionism in Assam. He was an equal partner in implementation of the geo-political design of Pakistan to stablise Assam and balkanize it on the basis of religion. Z.A. Bhutto had spelt out this design as far back as in 1968. “The late Prime Minister of Pakistan, Z.A. Bhutto, wrote about the geo-political aims of Pakistan in 1968 in his book, ‘The Myth of Independence’ where he elaborated that it would be wrong to think that Kashmir is the only dispute that divides India and Pakistan, though it is undoubtedly the most significant one, at least in nearly as important as the Kashmir dispute is that of ASSAM and some districts adjacent to East Pakistan.” (Insurgency in North-East India-The role of Bangladesh, Edited by Dipankar Sengupta and Sudhir Kumar Singh, page 73-74)!

পূব-বংগ বা পূব-পাকিস্তান বা বাংলাদেশৰ ইতিহাস হ’ল সেই অঞ্চলৰপৰা হোৱা প্ৰব্ৰজনৰ ইতিহাস। শতাব্দীৰ পিছত শতাব্দী ধৰি সেই অঞ্চলৰপৰা অস্বাভাৱিক হাৰত অইন দেশলৈ প্ৰব্ৰজন হৈ আহিছে। প্ৰত্যেক বছৰেই (সাম্প্ৰতিক কালৰ হিচাপ মতে) প্ৰায় ৫০০০০০ৰো অধিক বাংলাদেশীয়ে কৰ্মৰ সন্ধানত বিভিন্ন দেশলৈ যাত্ৰা কৰিছে। বাংলাদেশৰ অৰ্থনীতিও সেইসকলৰদ্বাৰা প্ৰেৰিত ধনৰদ্বাৰা বিপুলভাৱে প্ৰভাৱান্বিত। ২০১৪ চনত বাংলাদেশৰপৰা দহখন প্ৰধান দেশলৈ হোৱা প্ৰব্ৰজন এনে ধৰণৰ—

ক্ৰম দেশ প্ৰব্ৰজনকাৰীৰ সংখ্যা (বাংলাদেশী)
১। অ’মান ১,০৫,৭৪৮
২। কাটাৰ ৮৭,৫৭৫
৩। ছিংগাপুৰ ৫৪,৭৫০
৪। আৰব (UAE) ২৪,২৩২
৫। বাহৰেইন ২৩,৩৭৮
৬। জৰ্দান ২০,৩৩৮
৭। লেবানন ১৬,৬৪০
৮। ইৰাক ১৩,৬২৭
৯। চৌদি-আৰব ১০,৬৫৭
১০। মৰিচাছ ৫,৯৩৮
সৰ্বমুঠ ৩,৬২,৮৮৩

[উৎস : BMET database, Overseas Employment of Bangladeshi Workers from 1976 to 2015 (upto July); http://www.bmet.gov.bd/BMET/viewStatReport.action?reportnumber=20]

আমোদজনক কথা এয়েই যে ওপৰৰ তালিকাখনত বাংলাদেশৰপৰা ভাৰতলৈ অহা বা অসমলৈ প্ৰব্ৰজন কৰা বাংলাদেশীৰ বিষয়ে একো উল্লেখ নাই! সম্ভৱতঃ অসমলৈ আহিবলৈ হ’লে বাংলাদেশীক যিহেতু পাৰপত্ৰ বা ভিছাৰ প্ৰয়োজন নহয়, সেইবাবেই সেই সম্পৰ্কে কোনো তথ্য নাই! তদুপৰি, বাংলাদেশ চৰকাৰে সময়ে সময়ে দৃঢ়কণ্ঠে কৈ আহিছে যে অসমত ‘বাংলাদেশী’ নাই!

যি কি নহওক, ১৮২৬ চনত ইংৰাজে অসমৰ শাসনভাৰ হাতত লোৱাৰ পিছৰেপৰাই বিগত ১৯৩ বছৰে বিভিন্ন স্থানৰপৰা বিভিন্ন পথেৰে অসমলৈ যি বিপুল পৰিমাণে বহিৰাগতৰ প্ৰব্ৰজন হ’ল আৰু তাৰদ্বাৰা অসমৰ যি বেদনাদায়ক অৱস্থা হ’ল, সেয়া কল্পনায়ো ঢুকি নাপায়। আজি সমগ্ৰ পৃথিৱীত জনসংখ্যা বৃদ্ধি, প্ৰব্ৰজন, প্ৰব্ৰজনকাৰীৰদ্বাৰা সৃষ্টি হোৱা বিভিন্ন জটিল সমস্যাক লৈ ৰাষ্ট্ৰসংঘ উদ্বিগ্ন হোৱাৰ লগতে আমেৰিকা, জাৰ্মানী, ফ্ৰান্স, ছুইডেন, স্পেইন, ইটালী, গ্ৰীচ, তুৰস্ক, ইংলেণ্ড আদিৰ দৰে দেশো যিদৰে চিন্তান্বিত হৈ পৰিছে—তাৰ তুলনাত প্ৰায় দুটা শতিকা জুৰি ব্যাপক মাত্ৰাত অসমৰ দৰে ক্ষুদ্ৰ দেশ/প্ৰদেশলৈ হৈ থকা ভয়ংকৰ প্ৰব্ৰজনে অসমৰ জনগাঁথনি, অৰ্থনীতি, ৰাজনীতি, সমাজ, সংস্কৃতি, পৰিৱেশ, প্ৰকৃতি ইত্যাদি সকলো ক্ষেত্ৰতে আঘাত কৰি কৰি শুকাব নোৱৰা ঘা সৃষ্টি কৰাৰ ফলত হোৱা তীব্ৰ জ্বালা-যন্ত্ৰণাৰ পটভূমিত অসমৰ খিলঞ্জীয়া জনসাধাৰণ উদ্বিগ্ন নহ’ব কিয়? ইংৰাজ, ভাছানী, ছাদুল্লা, মইনুল হক চৌধুৰী, ফখৰুদ্দিন আহমেদ, নবীন চন্দ্ৰ বৰদলৈ, দেৱকান্ত বৰুৱা, জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, অসমৰ কংগ্ৰেছী নেতা, আমোলা, মুজিবুৰ ৰহমান, লিয়াকৎ আলি, জিন্না, ভূট্টো আদি বহুতেই অসমক কেন্দ্ৰ কৰি যি জঘন্য পাশাখেল খেলিলে; আৰু আজিও এই মুহূৰ্ততো ভাৰতীয় জনতা পাৰ্টি, ইউ-ডি-এফ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল, তৃণমূল কংগ্ৰেছ, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা, হৰকত্-উল-জিহাদ-আল-ইছলামি (হুজি), আই-এছ-আই, জামাতুল মুজাহিদিন (বাংলাদেশ), মুছলিম ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অব্ আছাম (মালফা), মুছলিম ইউনাইটেড লিবাৰেশ্যন টাইগাৰছ অব্ আছাম (মালটা), ইত্যাদিয়ে যি কূট-কৌশল ৰচনা কৰি অসম আৰু অসমৰ খিলঞ্জীয়াক সকলো প্ৰকাৰে নিশ্চিহ্ন কৰি দিবলৈ অহৰহ প্ৰয়াস কৰি আছে, আৰু একমাত্ৰ ক্ষমতাৰ লোভত অসমৰ এনে অৱস্থা দেখিও যিসকলে হাত সাবটি বহি আছে—তাৰেই পটভূমিত আজিৰ অসমৰ নতুন প্ৰজন্মই যাতে সামান্য পৰিমাণে হ’লেও বুজিব পাৰে, যাতে কিঞ্চিৎ হ’লেও হৃদয়ংগম কৰিব পাৰে এই কথা যে সাম্প্ৰতিক কালত এক গুৰুত্বপূৰ্ণ গোলকীয় সমস্যা হৈ পৰা প্ৰব্ৰজনকাৰীৰ সমস্যাক কেন্দ্ৰ কৰি বিশ্বৰ দেশেদেশে উপমহাদেশে-মহাদেশে শাসকবৰ্গই তথা জনসাধাৰণে আজি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি প্ৰব্ৰজনকাৰীৰ সমস্যাৰপৰা নিস্তাৰ পাবলৈ যত্নপৰ হোৱাৰ যি ‘কাল’ বা ‘সময়’ —সেই ‘সময়’ বা ‘কাল’ৰ (ধৰি লোৱা যাওক ২০১৭-১৮ৰ সময়ছোৱা বা ‘কাল’) বহুবছৰ পূৰ্বেই, প্ৰায় চাৰিদশক পূৰ্বেই, প্ৰব্ৰজনকাৰীক লৈ উদ্বিগ্ন হৈ থকা জনসাধাৰণৰ, অসমৰ উদ্বিগ্ন খিলঞ্জীয়া জনসাধাৰণৰ নাড়ীস্পন্দন বুজি পাই নেতৃত্বৰ লেকাম নিজৰ হাতত লৈ সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছিল এক ঐতিহাসিক গণ-আন্দোলন—যি ধৰণৰ আন্দোলন বিশ্বৰ কোনো দেশত আজিকোপতি সম্ভৱপৰ হৈ উঠা নাই (নতুন প্ৰজন্মই যাতে এয়াও হৃদয়ংগম কৰিব পাৰে যে সেইছোৱা সময়ত, অৰ্থাৎ ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত অসমৰ কংগ্ৰেছ চৰকাৰ, ৰাজনৈতিক নেতা, তথাকথিত বামপন্থী/সোঁপন্থী লেখক-বুদ্ধিজীৱি-চিন্তানায়ক বামপন্থী ছাত্ৰ-সমাজ অসমৰ নতুন ৰায়চাহাব-ৰায়বাহাদুৰ সকল আছিল নিৰৱ-নিৰ্লিপ্ত, অথচ বিৰোধিতাৰ বাবে অতিকে সৰব আছিল)—সেয়া যাতে অলপ হ’লেও বুজি পায়—সেই উদ্দেশ্য সন্মুখত ৰাখিয়েই যুগুত কৰা হৈছে ‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস’। হয়, নতুন প্ৰজন্মৰ হাতত এক তথ্যবহুল তথা আজিও প্ৰাসংগিক হৈ থকা এক পুৰণি দস্তাবেজ তুলি দিবলৈ মৰসাহ কৰিছো—যিহেতু অতি আন্তৰিকতাৰে আশা কৰো নতুন প্ৰজন্মই এই বিষয়ে জ্ঞাত হওক যে বিশ্বৰ ক’তো সম্ভৱপৰ নোহোৱা এক বিৰাট গণ-আন্দোলন সম্ভৱপৰ হৈছিল আমাৰ অসমতেই আৰু যি আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছিল অসমৰ ছাত্ৰ-সমাজে, হয়, সদৌ অসম ছাত্ৰ সন্থাই। এক বিৰাট অসম আন্দোলনৰ সূচনা হৈছিল অসমত, ১৯৭৯ চনত।

প্ৰায় চাৰিটা দশকৰ আগৰ কথা। বহু স্মৃতি ধূসৰ হৈ পৰিছে, বহু দৃশ্য চিৰদিনৰ বাবে বিলীন হৈ গৈছে, বহু চৰিত্ৰ—বহু বিষয় আমাৰ স্মৃতিৰ ভঁৰালত উৱলি গৈছে। চাৰি দশকৰ পূৰ্বৰ পৰিস্থিতিৰ সৈতে আজিৰ অসমৰ পৰিস্থিতি তুলনা কৰিলে আজিৰ পৰিৱেশ-পৰিস্থিতি অত্যধিক ভয়ংকৰ। ফোৰ-জি, ফাইভ-জি, স্মাৰ্টফোন, ইউ-টিউব, ফেচবুক, হোৱাটছ্-এপ, গেম, বলিউড-হলিউড, মোদী-শ্বাহ-গান্ধী, দৃশ্য-শ্ৰাব্য মাধ্যম, বিশ্বায়ন, ইতিহাসহীনতা, বিভেদ, সাম্প্ৰদায়িক মনোভাব, ঝুমলা, দাণ্ডিয়া, ব’ল-বোম, মহোৎসৱ, হেলিকপ্টাৰ, অগপৰ নৌটংকী, আজমলৰ উত্থান, হিন্দুৰ নাগৰিকত্ব, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অসম চুক্তি ৰূপায়ণৰ বাবে পুনৰ এক চুক্তি, ইত্যাদি গেৰুৱা-সেউজীয়া-ৰঙা-হালধীয়া ৰাজনৈতিক হোলীৰ মাজত উৱলি যাবলৈ ধৰিছে, চিনাক্ত কৰিব নোৱৰা হৈছে—ইংৰাজে দখল কৰাৰ পিছৰেপৰা আমাৰ এই অসমত প্ৰব্ৰজনকাৰীসকলে দশক দশক ধৰি সৃষ্টি কৰা সমস্যা আৰু সেই সমস্যা জীৱিত ৰাখি মূল সমস্যাৰ প্ৰতি যাতে দৃষ্টি নিক্ষেপ জনসাধাৰণে কৰিব নোৱাৰে, সেই উদ্দেশ্যেৰে নিজৰ নিজৰ লাভ-লোকচানত মত্ত হৈ থকা অসমৰ ৰাজনৈতিক নেতাসকলৰ ক্ষমতালুভীয়া সুবিধাবাদী চৰিত্ৰৰ বাবেই ঐতিহাসিকভাৱে সৃষ্টি হৈছিল অনন্য অসম আন্দোলন, আৰু সেই অনন্য অসম আন্দোলন আছিল অসমৰ খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ উমৈহতীয়া মন্থনৰ ফল! ১৯৭৯ চনত যিসকলৰ জন্ম হৈছিল, ১৯৮৫ চনত যিসকলৰ জন্ম হৈছিল—সেইসকলে ইতিমধ্যে ৩৫/৩০ বছৰৰ ডেওনা অতিক্ৰম কৰিছে, প্ৰায় ৪০ বছৰ বয়স বা ৩৩ বছৰ বয়স তেওঁলোকৰ। এইসকলে আৰু এওঁলোকৰ জন্মৰ পিছত জন্মগ্ৰহণ কৰাসকলে ‘অসম আন্দোলন’ সম্পৰ্কে বিশদভাৱে নাজানে; অৰ্থাৎ বুজনসংখ্যক নতুন প্ৰজন্মই নাজানে। গতিকে বিপুলসংখ্যক নতুন পুৰুষৰ বাবে ‘অসম আন্দোলন’ আজি বুঢ়ীআইৰ সাধু, শ্বহীদৰ সংখ্যা এক পৰিসংখ্যা, নিৰ্যাতিতৰ সংখ্যা এক অপ্ৰয়োজনীয় তথ্য, অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ ত্যাগ-কষ্ট-যন্ত্ৰণা দূৰ দিগন্তত বিলীন হৈ যোৱা এক অধ্যায়, দুলীয়াজানৰ সেই ৰক্তাক্ত সময়, নিৰ্বিচাৰ গুলীচালনা, আন্দোলনকাৰীক জীৱন্তে জুইত দলিয়াই দিয়া অকল্পনীয় ঘটনা, ভাৰতীয় সৈন্যই সংঘটিত কৰা নিৰ্লজ্জ ধৰ্ষণ, পুলিচ-চি.আৰ.পি-সামৰিক বাহিনীৰ অত্যাচাৰ, কংগ্ৰেছকে ধৰি সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ ভূমিকা, মৃত্যু-মৃতদেহ-চিতা-চিতাজুই-ত্যাগ-তেজ-যন্ত্ৰণা, ইত্যাদি ইত্যাদিবোৰ অদৰকাৰী তথ্য—যেন প্ৰাচীন পিৰামিডৰ ভিতৰত আত্মগোপন কৰি থকা ফাৰাওৰ মামী!! বিপুলসংখ্যক নতুন পুৰুষে আজি বুজিবলৈ বিচাৰিলেও বুজিবলৈ সক্ষম নহয়—অসমৰপৰা বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ছয়বছৰ ধৰি এক ঐতিহাসিক অসম আন্দোলন কৰিও শত শতজন শ্বহীদ হোৱাৰ পিছতো—কিয় একো নহ’ল? এটা শোধনাগাৰ, এখন আই-আই-টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শংকৰদেৱ কলাক্ষেত্ৰ, শ্বহীদ পৰিয়াললৈ আৰ্থিক সাহায্য, আঞ্চলিক দল গঠন, অগপ চৰকাৰ, ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীক গ্ৰহণ কৰা, ইত্যাদিৰ বাবে হৈছিল নেকি অসম আন্দোলন? অসম আন্দোলনৰ ‘হিতাধিকাৰী’ কোন? ১৯৭১ চনলৈ অসমলৈ অহা বাংলাদেশীয়ে আজি ৰাজপথলৈ ওলাই আহি ক’ব পৰা কিয় হ’ল—‘অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক’? ‘অসম চুক্তি’ৰ দৰে এখন চুক্তিৰ বাবে কৰা হৈছিল নেকি ঐতিহাসিক অসম আন্দোলন? অলেখ প্ৰশ্ন! তেনেবোৰ প্ৰশ্ন আৰু তেনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজিৰ নতুন প্ৰজন্মই নিশ্চিতভাৱে বিশ্লেষণ কৰি যথা সময়ত সঠিক সিদ্ধান্ত ল’ব বুলি আমি আশাবাদী হেতুকেই এতিয়া সেইবোৰ অধ্যায়লৈ নাযাওঁ; কাৰণ সেইবোৰ অইন এখন ‘মহাকাব্য’!

ব্যক্তিগত যৎকিঞ্চিৎ (অনুগ্ৰহ কৰি মাৰ্জনা কৰিব) : পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থাকোতে বাংলাদেশৰ জন্ম হৈছিল বাবে ৰিণিকি ৰিণিকি কিছুমান কথা মনত আছে। দেউতাই সেই সময়তে বঙাইগাঁৱৰ ‘ৰেডিঅ’ হাউছ’ৰপৰা তিনিবেণ্ডৰ এটা ফিলিপছ ৰেডিঅ’ কিনি আনিছিল আৰু সেই ৰেডিঅ’টোৰ জৰিয়তে তথা বাতৰি-কাকতৰ জৰিয়তে বাংলাদেশৰ জন্মৰ সাক্ষী হোৱাই মাথোন নহয়, ভূপেন হাজৰিকাৰ কণ্ঠেৰে নিগৰা গান ‘জয় জয় নৱজাত বাংলাদেশ/জয় জয় মুক্তিবাহিনী/ভাৰতীয় সৈন্যৰ স’তে ৰচিলা…’ শুনি আত্মহাৰা হৈ পৰিছিলো! কিন্তু সেই সময়ত মনলৈ এবাৰো এই ভাব অহা নাছিল যে আমাৰ জীৱনৰ ৭০% সময় (এতিয়ালৈকে) ‘বাংলাদেশী’ৰ সমস্যাৰ সৈতে অতিবাহিত হ’ব! ১৯৭১ চন পাৰ হ’ল। ১৯৭২ চনত নতুন অভিজ্ঞতা—জীৱনত সক্ৰিয়ভাৱে পোনপ্ৰথমবাৰৰ বাবে আন্দোলনত অংশগ্ৰহণ কৰিলো, ১৯৭২ চনৰ ভাষা আন্দোলন। পুনৰ শুনিলো ভূপেন হাজৰিকাৰ উদাত্ত কণ্ঠৰ গীত ‘এই গীত নুবুজিলে শতগীত লিখি যাম জগাই লুইতৰে পাৰ’ —এতিয়াও মনত পৰে…

‘‘শংকৰ মাধৱৰ মহা মহা সৃষ্টিৰে উজ্জ্বল লুইতৰে পাৰ

কতজনে শলাগিলে অসমীয়া লিখনি পদ্মগোহাঞি বৰুৱাৰ।

বড়ো, ৰাভা, মিচিঙৰ ৰূপে-ৰসে ভৰপূৰ জীয়া জীয়া আমাৰ ভাষাৰ,

লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি চোৱা নাই পামেগাম বিষ্ণুৰাভাৰ?

আনন্দ, চন্দ্ৰ, হেম, ৰজনীকান্ত আৰু অম্বিকাগিৰিৰ ভাষাৰ,

একে ফুলনিতে জানো ফুল ফুলা নাছিলে মফিজ হাজৰিকাৰ?

আজান ফকিৰ আৰু লক্ষ্মীনাথৰ একে ধ্যান-একেটি আশাৰ,

মোজাম্মিল অনিলো হ’ল একে শৰততে দুটি ফুল, একেটি ভাষাৰ…।’’

১৯৭২ চনৰ ভাষা আন্দোলনত শ্বহীদ হ’ল মোজাম্মিল হক, শ্বহীদ হ’ল অনিল বৰা! ‘শ্বহীদ’ শব্দৰ সৈতে চিনাকি হ’লো সৌ তাহানিয়েই। পাটাছাৰকুছিৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচীতো অংশগ্ৰহণ কৰিলো, অংশ ল’লো শোভাযাত্ৰাত, সভাত। এইদৰেই আমাৰ এক অন্য যাত্ৰাৰ সূচনা হৈছিল। লাহে লাহে এদিন হাইস্কুলৰ ডেওনা পাৰ হৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰিলো, নিত্য নতুন অভিজ্ঞতা সঞ্চয় হ’বলৈ ধৰিলে, নিত্য নতুন ঘটনা প্ৰত্যক্ষ হ’বলৈ ধৰিলে, বহিৰাগতৰ সমস্যা তথা বহিৰাগতৰ দপ্‌দপনি প্ৰত্যেক ক্ষেত্ৰতে অনুভূত হ’বলৈ ধৰিলে, ইয়াৰে সমান্তৰালকৈ ইতিহাসৰ পৃষ্ঠা—ৰাজনীতিৰ পৃষ্ঠাও লুটিয়াবলৈ আৰম্ভ কৰিলো, আৰু লাহে লাহে চকুৰ সন্মুখৰ কুঁৱলী আঁতৰ হৈ পৰিবলৈ ধৰাত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’লো সুদীৰ্ঘ কালৰ লুণ্ঠন, সুদীৰ্ঘ কালৰ মহাপ্ৰতাৰণা, গোলামি, সমস্যা, মেৰুদণ্ডহীনতা, ৰাজনৈতিক নেতাৰ সুবিধাবাদ,…। মনৰ ক্ষোভ, ক্ৰোধ, অনুভৱ কলমৰদ্বাৰা কাগজত লিপিবদ্ধ কৰিবলৈ ধৰিলো, ১৭ বছৰ বয়সৰ পৰাই নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ ধৰিলো ‘সাপ্তাহিক নীলাচল’, ‘তিনিদিনীয়া অগ্ৰদূত’ আদি সেই সময়ৰ লব্ধপ্ৰতিষ্ঠ বাতৰি-কাকতত, ১৯৭৮ চনৰপৰাই থমকি ৰোৱা নাই…, আৰু কম বয়সতে সান্নিধ্য লাভ কৰিলো বহু প্ৰাতঃস্মৰণীয় ব্যক্তিৰ—যেনে ভূপেন হাজৰিকা, সুৰেন্দ্ৰনাথ মেধি ছাৰ ওৰফে সৌৰভ কুমাৰ চলিহা, নিবাৰণ বৰা, মুনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, নগেন শইকীয়া, লীলা গগৈ, মহেন্দ্ৰ বৰা, যতীন্দ্ৰ কুমাৰ বৰগোহাঁই, ইত্যাদি। সময় অতিবাহিত হৈ থাকিল। বাতৰি-কাকতত লিখা-মেলা কৰি থকাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতেও ঘনিষ্ঠ হৈ পৰিলো। উল্লেখযোগ্য যে সেই সময়ত পাঠশালাক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সমান্তৰালকৈ চি.পি.আই. (এম.এল.)ৰ ভাস্কৰ নন্দী গোটৰ ছত্ৰছায়াঁত অইন এক ‘সদৌ অসম ছাত্ৰ সন্থা’ গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিছিল আৰু চি.পি.আই. (এম.এল.)ৰ ছাত্ৰ সংগঠন ‘ইউনাইটেড ষ্টুডেণ্টচ্ ফেডাৰেশ্যন’ (USF)-এ এই কৰ্মত লিপ্ত হৈ পৰিছিল। একে সময়তে ‘ষ্টুডেণ্টচ্ ফেডাৰেশ্যন অব্ ইণ্ডিয়া’ (SFI) নামৰ চি.পি.এমৰ ছাত্ৰ সংগঠনটোৰো প্ৰতিপত্তি চকুত লগা বিধৰ আছিল। তেনে এক পটভূমিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ললিত চন্দ্ৰ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক নগেন শৰ্মাই জটিল প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছিল। সেইছোৱা সময়ত ‘বহিৰাগতৰ সমস্যা’তকৈ শ্ৰেণী সংগ্ৰাম, বলছেভিক বিপ্লৱ, লেনিন-ষ্টেলিনৰ জাতিসত্তা সম্পৰ্কীয় তত্ত্বক লৈ আলোচনা, মাও-চে-তুং (তেতিয়াও মাও-জে-দং হোৱা নাছিল)ৰ সাংস্কৃতিক বিপ্লৱ, ফিডেল কাষ্ট্ৰ’ৰ হাভানা চিগাৰ, চে-গুৱেভাৰাৰ টুপী, ডাচ্-কেপিটেল আদিক লৈ এক ৰহস্যময় ৰোমাঞ্চকৰ ‘প্ৰগতিশীল’ পৰিৱেশ গঢ় লৈ উঠিছিল। সেইহেন পৰিৱেশ এটাৰ মাজত ‘বহিৰাগতৰ সমস্যা’ বা ‘ইয়াণ্ডাবু সন্ধি’ৰ কথা কোৱামাত্ৰেই ‘প্ৰতিক্ৰিয়াশীল’, ‘বুৰ্জোৱা’, ‘চি.আই.এৰ এজেণ্ট’, আৰু কত কি!! হয়, আমি ‘প্ৰতিক্ৰিয়াশীল’ হৈ পৰিছিলো, আমি ‘বুৰ্জোৱা’—‘পেটিবুৰ্জোৱা’-‘চি. আই. এৰ এজেণ্ট’ হৈ পৰিছিলো, সেইহেন ‘প্ৰগতিশীল শিবিৰ’ৰ বিৰুদ্ধে আমিও কলমেৰে ময়দানত নামিছিলো, আৰু এটা সময়ত প্ৰত্যক্ষ হৈছিল—ক্ৰমাৎ স্তিমিত হৈ পৰিছিল ‘মস্কোত বৰষুণ দিলে গুৱাহাটীত ছাতি টানি লোৱা’ বিপ্লৱী ফেছন। বহুত বাধা অতিক্ৰম কৰি গঢ় লৈ উঠিছিল অসম আন্দোলন, প্ৰথমৰেপৰাই আমি প্ৰত্যক্ষ সাক্ষী। সুখৰ বিষয়, সেই সময়ত আমাক ‘প্ৰতিক্ৰিয়াশীল’ আখ্যা দিয়া বহু মূধাফুটা ‘বামপন্থী প্ৰগতিশীল’ ব্যক্তিয়ে বৰ্তমান বিদেশী নাগৰিকক লৈ সৃষ্টি হোৱা সমস্যাৰ পটভূমিত ‍‘প্ৰতিক্ৰিয়াশীল’ কৰ্ম-কাণ্ডত জড়িত হৈ পৰিছে! পৰিবলৈ বাধ্য হৈছে। অৰ্থাৎ, আমাৰ ছাত্ৰাৱস্থাৰ সেই ‘প্ৰতিক্ৰিয়াশীল’ কৰ্মৰ ঐতিহাসিক প্ৰয়োজনীয়তা আছিল। আমাৰ দৰেই অসমত বিভিন্ন ধৰণে বিভিন্নজনে ‘প্ৰতিক্ৰিয়াশীল’ কৰ্ম-কাণ্ডত লিপ্ত হোৱাৰ ফলতেই এদিন সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সূচনা হৈছিল ঐতিহাসিক অসম আন্দোলনৰ।

বৰ্তমান কালৰ নতুন পুৰুষক প্ৰতিনিধিত্ব কৰা বহুতেই, যিসকলৰ জন্ম অসম আন্দোলনৰ সময়ত বা পিছত বা আন্দোলনৰ সময়ত যিসকল চেমনীয়া আছিল অথবা যিসকলৰ বয়স এতিয়া ১৫/১৬/১৭/১৮…………..৩০/৩৫/৪০/৪৫ বছৰ, ‘ডিজিটেল যুগ’ৰ প্ৰতিনিধিস্বৰূপ তেনে বয়সৰ ডেকা ল’ৰাই বিভিন্ন সময়ত অসম আন্দোলন সম্পৰ্কে জানিবলৈ আগ্ৰহ কৰাৰ লগতে এখন গ্ৰন্থ প্ৰস্তুত কৰিবলৈও হেঁচা প্ৰয়োগ কৰাৰ পটভূমিত, আৰু বিশেষকৈ আগশাৰীৰ অসম আন্দোলনকাৰী সুহৃদ নেকিবুৰ জামান ডাঙৰীয়াই তথা ভাতৃ তনয় চক্ৰৱৰ্তীৰ প্ৰচণ্ড হেঁচাত, ডাঃ নয়নজিৎ ডেকা, সৌম্যদ্বীপ দত্ত, মণিকংকণ বৰুৱা আদিকে ধৰি বহুকেইজনৰ একান্ত তাগিদাত মৰসাহ কৰিবলৈ মনেৰে সিদ্ধান্ত লৈও দুখোজ পিছুৱাই আহি থমকি ৰৈ চিন্তা কৰিলো—এই মহৎ কৰ্মৰ বাবে মই নিশ্চিতভাৱে যোগ্য ব্যক্তি নহয় আৰু পাম্পেৰে বায়ু ভৰাই বুন্দিয়াক ৰসগোল্লা কৰিব পৰা নাযায়। অৰ্থাৎ, যিমানেই মৰসাহ নকৰো কিয়, অসম আন্দোলনৰ সকলো দিশ খৰচি মাৰি এখন সম্পূৰ্ণ গ্ৰন্থ লিখি উলিয়াবলৈ মোৰ সামৰ্থ্য নাই। তৎসত্ত্বেও প্ৰবল হেঁচাৰ সন্মুখত নতশিৰ হৈ তথা নতুন প্ৰজন্মৰ কথা ভাবি, আজি গোলকীয় সমস্যা হিচাপে পৰিগণিত হোৱা প্ৰব্ৰজনকাৰীৰ সমস্যাটোৰ পটভূমিত, আজিৰপৰা চাৰি দশক পূৰ্বে আমিও যে আমাৰ ১৭/১৮/১৯/২০/২১/২২/২৩/…বছৰ বয়সত এক অনন্য ঐতিহাসিক আন্দোলনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিলো আৰু সেইছোৱা সময়তো মুক্তভাৱে নিজৰ মত ব্যক্ত কৰিছিলো—আন্দোলনটোৰ বিভিন্ন পৰ্যায়ত আন্দোলনৰ নেতৃবৃন্দক কৰা সমালোচনা, কংগ্ৰেছ চৰকাৰক—বামপন্থী মহলক-পুলিচী নিৰ্যাতনক কৰা সমালোচনা, বিভিন্ন লেখা, ১৯৮০ চনৰপৰা মই সম্পাদনা কৰা ‘মহাবাহু’ আলোচনীৰ বিভিন্ন প্ৰবন্ধ-পাতি তথা আন্দোলনৰ আৰম্ভণিৰেপৰাই ১৯৮০ চনৰ ছেপ্টেম্বৰ মাহলৈ বিশদভাৱে লিখি থোৱা বিৱৰণী (তাৰ পিছৰেছোৱা বিভিন্ন টোকাবহীত আছিল যদিও মালিগাঁৱৰ শ্ৰীগুৰু প্ৰেছৰ ‘মণিকূট’ কাৰ্যালয়ৰপৰা আৰু মই বিভিন্ন স্থানত সযতনে থোৱাৰপৰা নিৰুদ্দেশ হ’ল কোন কাহানিবাই) আৰু সেই সময়ৰ সাপ্তাহিক নীলাচল, তিনিদিনীয়া অগ্ৰদূত, ইত্যাদি কাকতত প্ৰকাশ পোৱা অইন লেখকৰো গুৰুত্বপূৰ্ণ কিছু লেখনী অসম আন্দোলনৰ কাৰ্যসূচীৰ মাজে মাজে সন্নিৱিষ্ট কৰি এখন গ্ৰন্থ নতুন প্ৰজন্মৰ হাতত তুলি দিবলৈকেই মোৰ এই ক্ষুদ্ৰ প্ৰয়াস—যাতে মোৰ দৰে অৰ্হতাহীন এজনে খনন কৰা অসম আন্দোলনৰ ঐতিহাসিক পুখুৰীটোৰ পানীত নতুন প্ৰজন্মই অৱগাহন কৰিব পাৰে, সাঁতুৰিব পাৰে; আৰু আজিৰ ডিজিটেল যুগৰ প্ৰজন্ম হিচাপে আমাৰ দিনৰ ‘এক্স-ৰে’ (X-ray)-ক গুৰুত্ব নিদি অসম আন্দোলনৰ ‘MRI’ (Magnetic Resonance Imaging) কৰিব পাৰে, আৰু গোলকীয় সমস্যা হিচাপে পৰিগণিত হোৱা প্ৰব্ৰজনকাৰীৰ সমস্যাৰ সৈতে আজি যিবোৰ দেশ জড়িত হৈ পৰিছে—সেই দেশবোৰৰ সন্মুখতো যাতে আমাৰ অসমৰ শতিকাজোৰা প্ৰব্ৰজনকাৰীৰ সমস্যাটো বিভিন্ন ধৰণে দাঙি ধৰাৰ লগতে ভৱিষ্যতৰ অসমখনৰ বাবে সুচিন্তিত পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এইখিনিতেই উল্লেখ কৰি থ’ব বিচাৰিছো যে এই গ্ৰন্থখনত ১৯৮৫ চনৰ ১৫ আগষ্টৰ পিছৰ কোনো ঘটনা, যেনে অসম চুক্তি সম্পাদন হোৱাৰ পিছত অসম গণ পৰিষদ দল গঠন হোৱা, অগপ চৰকাৰ গঠন হোৱা, ১৯৭১ চনলৈ পিছুৱাই অহা, আই.এম.ডি.টি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ হোৱা হুলস্থূল, হিন্দু বাংলাদেশীৰ নাগৰিকত্ব, অসম চুক্তিৰ বিষয়ে আলোচনা, অসম আন্দোলনৰ ব্যৰ্থতা লাখ লাখ বাংলাদেশীক নাগৰিকত্ব দিয়া, অগপ চৰকাৰ আৰু অগপ দলৰ ব্যৰ্থতা, ইত্যাদি বিষয়বোৰ মূল গ্ৰন্থত সন্নিৱিষ্ট কৰা হোৱা নাই—সেইবোৰ ‘সতেজ’ ঘটনা—জ্ঞানী-গুণীসকলে গ্ৰন্থাকাৰে প্ৰকাশ কৰিব কাহানিবা। অৰ্থাৎ, এই গ্ৰন্থখনত ১৯৮৫ চনৰ ১৫ আগষ্টৰ পিছৰ কোনো লেখা সন্নিৱিষ্ট কৰা হোৱা নাই আৰু যিবোৰ লেখা সন্নিৱিষ্ট কৰা হৈছে, সেইসমূহ অসম আন্দোলনৰ সেইছোৱা কালৰ লেখা, আমাৰ ‘কলেজীয়া দিন’ৰ বা ‘আন্দোলনকালীন দিন’ৰ লেখা!

‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস’!!

‘অসম্পূৰ্ণ’ শব্দটো প্ৰয়োগ কৰা সম্পৰ্কে মোৰ তিলমানো সংশয় নাই আৰু সেই শব্দটোৰ জৰিয়তে ‘অসম্পূৰ্ণতা’ৰ বাবে পাঠক-সমাজক কৰযোৰে মাৰ্জনা বিচাৰিছো। এই প্ৰসংগতে ‘ইতিহাস’ শব্দটো সম্পৰ্কেও পাঠক-সমাজক অৱগত কৰাব বিচাৰিছো যে যি অৰ্থত তথা যি গভীৰভাৱে ‘ইতিহাস’ৰ নদ-নদী-মোহনা-সমুদ্ৰত বিচৰণ কৰা হয়, ‘ইতিহাস’ৰ যি ব্যাপ্তি, তেনে অৰ্থত অসম আন্দোলনৰ অসম্পূৰ্ণ ‘ইতিহাস’ক পাঠক-সমাজে হাতত তুলি নলয় যেন ! এই নিঃকিন লেখক কোনোপধ্যেই ইতিহাসবিদ অথবা বুৰঞ্জীবিদ নহয়। ইতিহাস ৰচনা কৰাৰ কলা-কৌশল-অভিজ্ঞতা-জ্ঞান-অধ্যয়নৰপৰাও মোৰ অৱস্থান সহস্ৰ যোজন নিলগত। তথাপি ‘ইতিহাস’ শব্দটো ব্যৱহাৰ কৰিছো একমাত্ৰ অভিধানৰ সাহসত। অভিধানত ‘ইতিহাস’ শব্দটো দাঙি ধৰা হৈছে এনেদৰে—

(১) ইতিহাস : পুৰণি কথা; অতীত ঘটনাৰ বিৱৰণ; বুৰঞ্জী (আধুনিক অসমীয়া অভিধান, অসম প্ৰকাশন পৰিষদ);

(২) ইতিহাস : পুৰণি কথা; আগেয়ে হৈ যোৱা ঘটনাৰ প্ৰকৃত বিৱৰণ (চন্দ্ৰকান্ত অভিধান);

(৩) ইতিহাস : পুৰণি কথা; সাধুকথা, বুৰঞ্জী (হেমকোষ অভিধান);

(৪) ইতিহাস : অতীত বৃত্তান্ত; বৰ্তমান সময়ৰ আগতে যিবোৰ ঘটনা ঘটিছে – সেইবোৰৰ বৃত্তান্ত (সংসদ বাংলা অভিধান);

(৫) History : The study of past events, particularly in human affairs. Synonyms: the part former times, historical events, days of old, the old days, time gone by…the branch of knowledge dealing with past events (Google).

হে সুহৃদ পাঠক, অভিধানৰ সাহসতে ‘ইতিহাস’ শব্দটো ব্যৱহাৰ কৰাৰ অৰ্থ এয়া নহয় যে এই গ্ৰন্থখন এখন প্ৰণালীবদ্ধ ইতিহাসগ্ৰন্থ! বৰং এই গ্ৰন্থখন হ’ল নতুন প্ৰজন্মৰ বাবে সৃষ্টি কৰা এখন ‘Collage’ (ক’ল্আজ; অৰ্থাৎ-বিচিত্ৰ চিত্ৰ; খণ্ড খণ্ড বস্তুৰে বনোৱা বস্তু)! গতিকে ভুল-ভ্ৰান্তিৰ বাবে মোক নিজগুণে মাৰ্জনা কৰিব বুলি আশা কৰিলো।

আহক, হে সুহৃদ পাঠক, এতিয়া প্ৰৱেশ কৰক তিনিটা দশকৰো আগৰ অসম আন্দোলনত।

(আগকথা সমাপ্ত)

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close