৷৷ অসমীয়াৰ স্বপ্ন দিল্লীৰ বাবে দু:স্বপ্ন : দিল্লীৰ স্বপ্ন অসমীয়াৰ বাবে দু:স্বপ্ন ৷৷

অঞ্জন শৰ্মা

(জুলাই , ১৯৮০ সংখ্যাৰ ‘মহাবাহু’ৰ পৃষ্ঠাৰ পৰা, ৩৮ বছৰ পিছত এজন বন্ধুৰ প্ৰৱল হেঁচাত পাঠকসমাজলৈ পুনৰ একেধৰণেই আগবঢ়ালো)

ৰক্তলোভী দানৱ হিটলাৰৰ আমোলত ইহুদীসকল অমানৱীয় বীভৎস নিৰ্যাতনৰ সন্মুখীন হৈছিল। ইহুদীসকলৰ তেজ-মঙহৰ শৰীৰত ভক্ভকাই উতলি থকা গৰম পানী ঢালি দিয়া হৈছিল। সহজ-সৰল নিষ্পাপ ইহুদী ৰমণীসকলৰ সতীত্ব নষ্ট কৰি, ধৰ্ষণ কৰি কৰি মৃত্যুমুখলৈ ঠেলি দিয়া হৈছিল। বলপূৰ্বকভাবে গেছ চেম্বাৰত সুমুৱাই দি হাজাৰে হাজাৰে ইহুদীক তিল্-তিলকৈ হত্যা কৰা হৈছিল। ইহুদীসকলৰ শৰীৰৰ মাজেৰে ৰাউন্ডৰ পিছত ৰাউন্ড ৰাইফলৰ গুলী চলোৱা হৈছিল। হাতৰ আঙুলিবোৰত দুটা দুটাকৈ গজাল মাৰি কটাৰীৰে ৰেপি ৰেপি ইহুদীৰ আঙূলিবোৰ চকলিয়াই চকলিয়াই কাটি পেলোৱা হৈছিল আৰু ইহুদীৰ নগ্ন শৰীৰত ছটিয়াই দিয়া হৈছিল অতি যন্ত্ৰণাদায়ক এচিডৰ সহস্ৰ টোপাল। ইতিহাসেই এইবোৰৰ সোণখাঁটি সাক্ষী।
১৯৪৮ চনত জন্মগ্ৰহণ কৰি মাত্ৰ আঠ বছৰ বয়সতে ভগনীয়া হৈ দেশে দেশে ঢপলিওৱা আৰু বৰ্তমান Palestine Liberation Organization অথবা সংক্ষেপে PLO ৰ লন্ডনস্থ প্ৰতিনিধি হৈ থকা Sa’id Hammami য়ে “From Co-Existence to Reconciliation” নামৰ গুৰুত্বপূৰ্ণ প্ৰৱন্ধ এটাৰ প্ৰথম ভাগতে অতিশয় বেজাৰেৰে লিখিছে–” There can be no question about the rights of the Palestinians in Palestine. The simplicity of the Palestinian cause it at the heart of its difficulty. Any Palestinian can disharm his opponent by putting forward his case in simple terms. We were living peacefully in our country. Foreigners came, and with the support of the Big powers, they claimed our country as their own. There was a war. When it ended, we had become stateless refugees”(পেলেষ্টাইনত পেলেষ্টাইনীসকলৰ অধিকাৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰশ্নৰ উদ্ভৱ হ’ব নোৱাৰে। পেলেষ্টাইনীসকলৰ সৰলতাৰ সুযোগ লৈয়েই তেওঁলোকক বিপৰ্যয়ৰ পথলৈ ঠেলি দিয়া হৈছে। যিকোনো পেলেষ্টাইনীয়ে তেওঁৰ প্ৰতিপক্ষক তেওঁৰ বিপৰ্যয়ৰ কাৰণসমূহ খুব সহজ-সৰল ভাষাৰে ফঁহিয়াই বুজাই দিব পাৰে। আমি আমাৰ দেশত শান্তিৰে বাস কৰিছিলো। বিদেশীসকল আমাৰ দেশলৈ আহিল আৰু বৃহৎ শক্তিৰ সহযোগিতাত তেওঁলোকে আমাৰ দেশখন তেওঁলোকৰ বুলি দাবী কৰিলে। তেতিয়া এখন যুদ্ধ হ’ল আৰু যুদ্ধৰ শেষত আমি হৈ পৰিলো গৃহহাৰা ভগনীয়া।-‘War or Peace in the Middle East’–page 86)!
নিৰ্যাতিত, অত‍্যাচাৰত জৰ্জৰিত ইহুদীসকলক আৰু গৃহহাৰা ভগনীয়া পেলেষ্টাইনীসকলক লৈয়েই বহুদিন ধৰি মধ‍্য-প্ৰাচ‍্য অশান্ত হৈ আছে। আজি ইহুদীসকলৰ ৰঙীণ স্বপ্ন পেলেষ্টাইনীসকলৰ বাবে হৈ পৰিছে ভয়াবহ দু:স্বপ্ন আৰু পেলেষ্টাইনীসকলৰ ৰঙীণ স্বপ্ন ইহুদীসকলৰ বাবে হৈ পৰিছে ‘প্ৰতিক্ৰিয়াশীল স্বপ্ন’ !! ইহুদীসকলৰ মুখেৰে এতিয়া এনেদৰে নিৰ্গত হৈছে–“No independent Palestinian State in Palestine and no negotiation with the PLO” (PLO ৰ সৈতে কোনোধৰণৰ আলোচনা কৰা নহ’ব আৰু পেলেষ্টাইনত পেলেষ্টাইনীসকলৰ স্বাধীন ৰাষ্ট্ৰ কোনোপধ্যেই নহ’ব)! আনহাতে PLO ৰ নেতা আৰাফটে তেওঁৰ নিজৰ দেশৰ মানুহবোৰক সম্বোধন কৰি কৈছে – ” মই যে দেশখনৰ ৰাষ্ট্ৰপতি হবলৈ ওলোৱা নাই, সেইবিষয়ে আপোনালোকক মই আশ্বাস দিব পাৰো। মোৰ ভূমিকা সেইদিনাই নাইকিয়া হ’ব, যিদিনা মই মোৰ দেশৰ জনগণক তেওঁলোকৰ স্বাধীন দেশৰ পিনে আগুৱাই লৈ যাব পাৰিম আৰু সেই দেশখনৰ ৰাজধানী হ’ব জেৰুজালেম। তেতিয়া জনসাধাৰণে যি সিদ্ধান্ত ল’ব, সেয়া তেওঁলোকৰ কথা। বিপ্লৱৰ নেতা হিচাপে মোৰ ভূমিকা সেইদিনাই নাইকিয়া হ’ব, যিদিনা এইখন এখন ৰাষ্ট্ৰ হ’ব। তেতিয়া দেশৰ কামবোৰ মোতকৈ বহু ভালদৰেই কৰিবলৈ বহুতো পেলেষ্টাইনী ওলাব।”
ঘটনা প্ৰকৃততে কি? কিয় ইহুদীসকলৰ ৰঙীণ স্বপ্ন পেলেষ্টাইনীসকলৰ বাবে দু:স্বপ্ন হে পৰিছে? পেলেষ্টাইনীসকলৰ স্বপ্নই বা কিয় ইহুদীসকলৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে? কিয় পেলেষ্টাইনীসকলে ‘হা দেশ–হে স্বদেশ’ বুলি দুখৰ হুমুনিয়াহ কাঢ়ি মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে? ভগনীয়াই বা তেওঁলোক হৈছে কিয়?….
চমুকৈয়ে কোৱা যাওক। নিজাকৈ কোনো গৃহভূমি (Homeland) নথকা ইহুদীসকলে পৃথিৱীৰ সমস্ত ইহুদীসকলৰ বাবে এখন Homeland বিচাৰি জন্ম দিয়া জিয়নিষ্ট আন্দোলন (Zionist movement) বা জিয়নিজম (Zionism) হ’ল প্ৰকৃততে উগ্ৰ ইহুদী জাতীয়তাবাদীসকলৰ ধৰ্মভিত্তিক, সামাজিক, ৰাজনৈতিক আন্দোলন। জেৰুজালেমত থকা মাউন্টজিয়ন নামৰ পাহাৰখন, য’ত বাইবেলৰ মতে জুদাহৰ শাসনকৰ্তা ৰজা ডেভিদৰ ৰাজকাৰেং আছিল, তাৰে নাম অনুসৰিয়েই তেওঁলোকে জিয়নিষ্ট নাম লৈছিল।
আনহাতে পেলেষ্টাইন প্ৰকৃততে আছিল এখন আৰৱ ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰত খৃষ্টান, মুছলমান আদিকে ধৰি সামান্যসংখ্যক ইহুদীও বাস কৰিছিল। ১৫৯৭ খৃষ্টাব্দৰ পৰা প্ৰথম বিশ্বযুদ্ধৰ সময়লৈ অট্টোমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত পেলেষ্টাইনখন প্ৰথম বিশ্বযুদ্ধৰ পিছত, জিয়নিষ্টসকলে বৃটিছক কৰা সহায়-সহযোগৰ পৰিপ্ৰেক্ষিতত বৃটিছৰ উপনিৱেশত পৰিণত হ’ল। এই যুদ্ধত ইহুদীসকলে বৃটিছক কৰা সহায়ৰ বিনিময়ত ১৯১৭ চনৰ ২ নৱেম্বৰ তাৰিখে ইহুদীসকলৰ ওচৰত বৃটিছসকল যে প্ৰতিশ্ৰুত –সেয়া উমান পোৱা গৈছিল। সেই প্ৰতিশ্ৰুতি আছিল পেলেষ্টাইনত ইহুদীসকলক নিগাজী বাসভূমি কৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতি।
‘বিদেশী প্ৰব্ৰজনৰ হেঁচাত নিজৰ দেশতে ভগনীয়া হোৱা পেলেষ্টাইনবাসীৰ কাহিনী’ নামৰ এটা প্ৰৱন্ধত দুলাল বৰাই লিখিছিল –“পেলেষ্টাইনত ইহুদীসকলৰ বাসভূমিৰ ব‍্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ আৰঁত বৃটিছসকলৰ ঔপনিবেশিক ষড়যন্ত্ৰ আছিল। আৰব আৰু ইহুদীৰ সংঘৰ্ষ চিৰকাললৈ জীয়াই ৰাখি, ‘ডিভাইদ এন্ড ৰুল’ৰ কৌশলকেই বৃটিছসকলে লৈছিল। কিন্তু পেলেষ্টাইনত ইহুদীৰ ৰাজ্য এখন সৃষ্টি কৰা যায় কেনেকৈ? কিয়নো প্ৰথম বিশ্বযুদ্ধৰ পিছত পেলেষ্টাইনৰ মুঠ জনসংখ্যাৰ ৮% ভাগহে ইহুদী আছিল। আৰু মুঠ মাটিকালিৰ ২.৫% ভাগহে ইহুদীসকলৰ হাতত আছিল। ইহুদীসকলক বেলেগ ৰাজ্য দিবলৈ হ’লে, তেওঁলোক সংখ‍্যালঘু হৈ নাথাকি সংখ‍্যাগৰিষ্ঠ হ’ব লাগিব। গতিকেই বৃটিছে পেলেষ্টাইনলৈ পৰিকল্পিতভাৱে ইহুদীৰ ব‍্যাপক প্ৰব্ৰজন আৰম্ভ কৰালে।” (২০ ফেব্ৰুৱাৰী, সাপ্তাহিক নীলাচল)
প্ৰব্ৰজন আৰম্ভ হ’ল। ৰক্তলোভী হিটলাৰে পিছলৈ ইহুদী নিধন যজ্ঞ পাতি এই প্ৰব্ৰজনক অধিক উৎসাহ প্ৰদান কৰিলে। প্ৰব্ৰজন তীব্ৰৰ পৰা তীব্ৰতম হবলৈ ধৰিলে আৰু ১৯৩৩ চনৰ পৰা ১৯৩৬ চনলৈ পেলেষ্টাইনত ইহুদীৰ সংখ্যা ৫০% ভাগতকৈও বেছিকৈ বাঢ়িল আৰু ১৯৪৮ চনত ইহুদীসকলৰ সংখ্যা ৬ লাখতকৈও বেছি হোৱাত পেলেষ্টাইনত মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশ হৈ পৰিল ইহুদী। অৰ্থাৎ, ইহুদীসকল হৈ পৰিল সংখ‍্যাগৰিষ্ঠ। লাহে লাহে বৃহত্তৰ ইজৰাইল গঢ়াৰ পৰিকল্পনা লৈ এসময়ৰ নিৰ্যাতিত ইহুদীসকলে অস্ত্ৰহীন পেলেষ্টাইনীসকলৰ ওপৰত আক্ৰমণৰ পিছত আক্ৰমণ আৰম্ভ কৰিলে আৰু যিখন পেলেষ্টাইনত মুঠ মাটিকালিৰ ২.৫% ইহুদীসকলৰ হাতত আছিল, সেইখন পেলেষ্টাইনৰ মুঠ মাটিকালিৰ ৭৭% ইহুদীসকলে দখল কৰি পেলালে। ১৯৪৮ চনৰ ১৫ মে’ তাৰিখে ইহুদীসকলে Homeland খনৰ নাম ‘ইজৰাইল’ বুলি ঘোষণা কৰিলে। …
দ্বিতীয় বিশ্বযুদ্ধত দুৰ্বল হৈ পৰা বৃটিছ সাম্ৰাজ‍্যবাদে মধ‍্যপ্ৰাচ‍্যত ক্ৰমবৰ্ধমান আমেৰিকান প্ৰভাৱলৈ লক্ষ্য ৰাখি এই আশংকা কৰিব ধৰিলে যে পেলেষ্টাইনলৈ বিৰাট সংখ‍্যক ইহুদীৰ নিৰৱচ্ছিন্ন প্ৰব্ৰজনে সমস্যা জটিলহে কৰিব পাৰে আৰু তাৰেই সুযোগত আমেৰিকাই মধ‍্যপ্ৰাচ‍্যত হস্তক্ষেপ কৰিবও পাৰে।সেইবাবে ১৯৩৯ চনত এখন আইন কৰি পেলেষ্টাইনলৈ ইহুদী প্ৰব্ৰজন বন্ধ কৰি দিলে। কিন্তু ইপিনে আমেৰিকাই ইহুদী সকলৰ বাবে পেলেষ্টাইনত এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ ওকালতি কৰি ইহুদীসকলক নিজৰ ফলীয়া কৰি পেলাইছিল। তাৰেই সাহসত, প্ৰেছিডেন্ট ৰুজভেল্টে ইহুদী প্ৰব্ৰজন বন্ধ কৰা বৃটিছ নীতিক সমালোচনা কৰিছিল আৰু ১৯৪৫ চনৰ আগষ্ট মাহত, বৃটেইনত বাকী ৰৈ যোৱা ১ লাখ ইহুদীক অনতিপলমে পেলেষ্টাইনলৈ পঠিয়াই দিবলৈ হুকুম দিছিল। উপায়ন্তৰ হৈ বৃটিছে বিষয়টো ৰাষ্ট্ৰসংঘত দাঙি ধৰিলে। কিন্তু ১৯৪৭ চনৰ ২৯ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনে, ২/৩ অংশ ভোটৰ ব‍্যৱধানত পেলেষ্টাইনত থকা বৃটিছ আধিপত্যৰ অৱসান ঘটালে । দুখন স্বাধীন দেশ হিচাপে পেলেষ্টাইনক ভাগ কৰি দিলে। এখন ইহুদীসকলৰ, আনখন আৰববাসীৰ।
আৰবসকলক পেলেষ্টাইনৰ ৪২% অঞ্চল দিয়া হৈছিল আৰু ইহুদীসকলক দিয়া হৈছিল ৫৬% অঞ্চল। বাকী ২% অঞ্চল (বেথেলহেম আৰু জেৰুজালেমক সামৰি) ৰখা হৈছিল আন্তৰ্জাতিক তত্বাৱধানত।
পেলেষ্টাইনীসকলৰ ওপৰত আক্ৰমণ চলায়েই ক্ষান্ত নাথাকি এসময়ৰ অত‍্যাচাৰ-জৰ্জৰিত ইহুদীসকলে আন্তৰ্জাতিক তত্বাৱধানত থকা অঞ্চলো দখল কৰি পেলালে। লাহে লাহে ৰাজনৈতিক কতৃ’ত্ব হেৰুৱাই লক্ষ লক্ষ আৰববাসীয়ে ভগনীয়া হৈ দেশত‍্যাগ কৰিবলৈ ধৰিলে। সেইবাবেই Sa’id Hammami য়ে বেজাৰেৰে লিখিব লগীয়া হ’ল (ইতিপূৰ্বে উল্লেখ কৰিছো)। আৰাফটে তেওঁৰ দেশৰ মানুহবোৰলৈ উদ্দেশ্যে কিছুমান কথা ক’বলৈ বাধ্য হ’ল। আৰু এইবোৰৰ সুযোগ তথা বৃটিছে ৰুই থোৱা Divide & Rule গছদালৰ সুবিধা লৈয়েই বিশ্বৰ দুই বৃহৎ শক্তি আমেৰিকা আৰু ৰাছিয়াই প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সুবিধা পালে।
পেলেষ্টাইনীসকলৰ দৰে দশা অসমীয়াৰ হ’ব নোৱাৰে, হ’ব দিব নোৱাৰি। ইহুদীসকলক বৃটিছে যিদৰে পেলেষ্টাইনলৈ প্ৰব্ৰজন কৰিবলৈ উৎসাহিত কৰিছিল, বাট কাটি দিছিল, অভয়দান কৰিছিল; একেদৰেই অসমলৈও বিদেশী তথা তথাকথিত ‘ভাৰতীয় দেশী’ৰ প্ৰব্ৰজন পৰিকল্পিতভাৱে ঘটাই উৎসাহ দি থকা হৈছে, বাট কাটি দিয়া হৈছে, অভয়দান কৰা হৈছে। ইহুদীসকলে যিদৰে বৃহত্তৰ ইজৰাইলৰ স্বপ্নত বিভোৰ হে আছে, একেদৰে অসমৰ আৰু বাহিৰৰ বহুতেই বৃহত্তৰ বঙ্গৰ স্বপ্নত বিভোৰ হৈ আছে। আজি ইহুদী আৰু পেলেষ্টাইনীসকলৰ কাহিনী আমাৰ ক্ষেত্ৰতো প্ৰযোজ্য। আজি অসমীয়াৰ স্বপ্ন, দিল্লীৰ বাবে দু:স্বপ্ন; আৰু দিল্লী তথা অসমৰ সুবিধাবাদী ৰাজনৈতিক নেতাসকলৰ ৰঙীণ স্বপ্ন, অসমীয়াৰ বাবে ভয়ানক দু:স্বপ্ন !
কেৱল মাত্ৰ অসমীয়াৰ ক্ষেত্ৰতেই এই কথা প্ৰযোজ্য নহয়। পৃথিৱীৰ সমস্ত নিষ্পেষিত জাতিৰ স্বপ্নবোৰ, সেই জাতিক অত‍্যাচাৰ কৰাসকলৰ বাবে, শাসকগোষ্ঠী-শোষকগোষ্ঠীৰ বাবে ভয়ানক দু:স্বপ্ন। দ্বন্দ্বাত্মক দৃষ্টিৰে বিচাৰ কৰিলে ইয়াত আচৰিত হ’বলগীয়া একো নাই। সেইবাবেই ১৯০৫ চনত নৰৱেই যেতিয়া চুইডেনৰ স্বৈৰাচ্ছাৰৰ যুঁৱলী দলিয়াই দিছিল, চুইডেনৰ পৰা নৰৱে যেতিয়া পৃথক হৈ গৈছিল, তেতিয়া নৰৱেৰ জনগণক চুইডেনৰ জনগণে বিচ্ছিন্নতাবাদী বুলি গালি-গালাজ নকৰি তেওঁলোকৰ সপক্ষেহে থিয় দিছিল। ইয়াৰ ফলত দুয়োখন দেশৰ জনগণৰ মাজত ঐক্য সুদৃঢ় হৈছিল, বন্ধুত্বৰ এনাজৰী কটকটীয়া হৈ পৰিছিল।
বহু যুগ ধৰি বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰে গঠিত অসমীয়া নাছিল ক্ষুদ্ৰ অথচ সম্পদশালী তথা সমৃদ্ধ আৰু উদাৰ জাতিটোৱে অন্ধকাৰত নিমজ্জিত হৈ আছে। বহুযুগ ধৰি অন্ধকাৰত নিমজ্জিত হৈ থকা এই সংখ‍্যালঘু জাতিটোক প্ৰতাৰণা কৰি থকা হৈছে, দাসত্বৰ শিকলি পিন্ধাই চমতাৰে কোবাই অত‍্যাচাৰ কৰি থকা হৈছে, কৰি থকা হৈছে কদৰ্য লুন্ঠন। এইদৰেই তিলে তিলে তিক্ততাৰ সোৱাদ দি দি অসমীয়া নামৰ জাতিটোক বিশ্বৰ বক্ষৰ পৰা নি:শ্চিহ্ন কৰি দিবলৈ চক্ৰান্ত চলোৱা হৈছে। তথাপিও অসমীয়া বাচি আছে, হাতৰ মুঠিত দুখৰ ফল লৈ মৰি মৰি বাচি আছে নিজৰ দেশত। মৰিও নমৰি বাচি আছে মণিপুৰী, নগা, মিজৈ, ত্ৰিপুৰী আদি জাতি।
মৰি মৰি বাচি থকা অসমীয়া জাতিক নি:শেষ কৰিবলৈ আৰু অসমৰ বুকুলৈ লাখে লাখে প্ৰব্ৰজন কৰোৱাই অসমীয়াৰ অৱস্থা পেলেষ্টাইনীসকলৰ দৰে কৰিবলৈ তথা বৃহত্তৰ বঙ্গৰ স্বপ্ন বাস্তৱ কৰিবলৈ  জোৰদাৰ ষড়যন্ত্ৰ চলি আছে। অসমীয়াক অসমতূ ভাষিক, সাংস্কৃতিক, ৰাজনৈতিকভাৱে সংখ‍্যালঘু কৰিবলৈ ষড়যন্ত্ৰ চলি আছে। তাৰেই পটভূমিত অসমত বহুমাহ ধৰি চলি থকা গণ-আন্দোলনটো যে ৰাজনৈতিক দিগ্-বলয়ত এক পৰম বিস্ময়, তাত কাৰো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে। আচৰিত হৈ লাভ নাই। কাৰণ অসমতে অসমীয়াই নিজকে পেলেষ্টাইনীসকলৰ দৰে কৰি তুলিবলৈ জন্ম লোৱা নাই। নিষ্পেষিত জাতিসমূহক দমন কৰি শোষণ-অত‍্যাচাৰ চলাবলৈ বৃটিছে গঠন কৰা ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ সিংহাসনত বহি থকা, তেওঁলোকৰ অসমস্থ স্তাৱক হৈ জীৱন সাৰ্থক কৰা, অসমৰ স্বপ্নক ভাৰতৰ দু:স্বপ্ন বুলি গণ্য কৰাসকলেও আজি গম পাইছে যে আজিৰ অসমীয়াই ‘অসম মৰিলে–আমিও মৰিম’ বুলি শ্লোগান দিয়াৰ সলনি ‘অসম নমৰে–আমিও নমৰো’ বুলিহে শ্লোগান দিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে আৰু গম পাইছে যে এনে শ্লোগান তেওঁলোকেহে দিয়ে, যিসকলে আনৰ দয়াৰ পাত্ৰ হৈ জীয়াই থাকিব নিবিচাৰে।■
[মহাবাহু,১৯৮০]

Related Articles

Check Also

Close
Close