ৱাং-ছুৰ পাৰে পাৰে

ভৱেশ শৰ্মা

‘কামাখ্যা – পুৰী এক্সপ্ৰেছ’ সাপ্তাহিক ৰেলগাড়ী খন নিৰ্দিষ্ট সময়তে অৰ্থাৎ পুৱতি নিশা চাৰে চাৰি বজাত আলিপুৰদুৱাৰ স্টেশ্যন পালেহি । সময়টো অলপ অসময় হল যদিও তাকে লৈ মই অকণো মূৰ ঘমোৱা নাছিলো । কিয়নো ৰেল বিভাগত কাম কৰা মোৰ বন্ধু এজনৰ অনুৰোধ ক্ৰমে আলিপুৰদুৱাৰ স্টেশ্যনৰ স্টেশ্যন অধীক্ষক বিকাশ গাংগুলী চাহাবে স্টেশ্যনৰ ওপৰ মহলাৰ দুই নম্বৰ ৰিটায়াৰিং ৰুমটো আমাৰ কাৰণেই সংৰক্ষণ  কৰি ৰাখিছিল ।
অনুসন্ধান কক্ষৰ পৰা ৰুমৰ চাবি লৈ আহি আমি বস্তু বাহানি সহ ৰুমত প্ৰবেশ কৰিলো । ভালেই লাগিল ৰুমটো । বেচ আহল বহল । বিচনা পাতিও পৰিস্কাৰ।
পুৱতি নিশা সাৰ নাপাম বুলি যোৱানিশা মোৰ চকুৰ টিপ এটাও মাৰা নহল । এতিয়া চকু টানি ধৰিছে। গাটো ধুই উঠি আৰামকৈ এঘূমটি মাৰিবৰ বৰ মন গৈছিল যদিও বহু ভাবি চিন্তি মই সেই বাসনা পৰিত্যাগ কৰিলো । চেপ্তেম্বৰ মাহৰ পৰা ভূটানত পৰ্য্যটকৰ ভীৰ আৰম্ভ হয়। ফুন্টশ্ব’লিঙৰ সৰু ইমিগ্ৰেশ্যন অফিচটোত দীঘল লাইন লাগি যায় । এই লাইনত থিয় হৈ বোন্দাপৰ দি থকাটোৱেই মোৰ বাবে বৰ অসহ্যকৰ কাম । ৰাতিপুৱা সোনকালে গৈ ন বজাত ইমিগ্ৰেশ্যন অফিচ খোলাৰ লগে লগে কাম ফেৰা সমাধা কৰি লব পাৰিলে আৰু কোনো চিন্তা নাই ।  লগে লগেই টেক্সি এখনেৰে থিম্পুলৈ ৰাওনা হৈ তাতেই হোটেলত আৰাম কৰিব পাৰিম ।
কথা মতেই কাম । গা ধুই উঠি প্লেটফৰ্মৰ ‘টী স্টল’ত চাহ একোকাপ খাই আমি সাত বজাত যাত্রা আৰম্ভ কৰিলো ফুন্টশ্ব’লিঙ অভিমুখে । ৰাতিপুৱাৰ আলিপুৰদুৱাৰৰ নিৰ্জন ৰাস্তাৰে আমাৰ গাড়ী বেচ দ্ৰুত গতিত আগবাঢ়িল ।
আলিপুৰদুৱাৰৰ জনবসতি পূৰ্ণ অঞ্চল অতিক্ৰমি এইবাৰ আমাৰ গাড়ী চলিব ধৰিলে দুৱাৰ্চ অঞ্চলৰ মনোমোহা গহীন সেউজ অৰণ্যৰ মাজেদি ।
-” এই ঠাই খন বৰ চিনাকি চিনাকি লাগিছে নহয়নে”– শ্ৰীমতীয়ে কৈ উঠিল।
–“চিনাকিয়েই হয়।”– সমৰ্থন কৰি কলো মই-” আমি এতিয়া গৈ আছো বাক্সা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে। ইয়াৰে ভূটান সীমান্তৰ জয়ন্তী নদীৰ পাৰত যোৱা বছৰ আমি থাকি যোৱা নাই জানো !”
হাচিমাৰা পালো । ইয়াৰ পৰাই আমাৰ গাড়ীয়ে হাইৱে এৰি সোফালে ধাবমান হল ফুন্টশ্ব’লিং অভিমুখে ।
ভাৰত ভূটান সীমান্তৰ ঠিক সিটো পাৰতেই অবস্থিত ফুন্টশ্ব’লিং চহৰ । ভূটানৰ প্ৰবেশ দ্বাৰ। সীমান্তৰ আমাৰ  ফালৰ ঠাই খনৰ নাম জয়গাওঁ । ভূটানৰ গেট খনৰ কাষত থিয় হৈ সীমান্তৰ দুয়োফালে চালে দুই খন ঠাইৰ বৈসাদৃশ্য অতি সহজেই চকুত পৰে । জয়গাওঁ খন অতি হুলস্হূলীয়া আৰু  অপৰিচ্ছন্ন । ৰাস্তা ঘাটৰ অবস্থা অতীব শোচনীয় । ৰাস্তাৰ মাজে মাজে ঠায়ে ঠায়ে প্ৰকান্ড প্ৰকান্ড পুখুৰী সদৃশ গাত ।
সীমান্তৰ সিপাৰৰ ফুন্টশ্বলিঙ খন খুবেই পৰিস্কাৰ । যান বাহন আদিৰ চলাচল আৰু নিয়ন্ত্ৰণ  সম্পূৰ্ণ শৃংখলাবদ্ধ।  ৰাস্তাত ফটা কাগজৰ টুকুৰা এটাও দেখিবলৈ নাই । ৰাস্তা ঘাট বোৰো অতি সুন্দৰ ।
আশা কৰা মতেই আমি ঠিক অফিচ খোলাৰ সময়তেই আহি পালো । ইমিগ্ৰেশ্যনৰ কাম খিনি সমাধা কৰিবলৈ সেয়ে আমাৰ বেছি সময় নালাগিল। পলম নকৰি টেক্সি এখনেৰে এই বাৰ আমি ৰাওনা হলো ভূটানৰ ৰাজধানী থিম্পু চহৰ অভিমুখে ।
ফুন্টশ্ব’লিঙৰ পৰা থিম্পু পাবলৈ আমাৰ পাচ ঘন্টা সময় লাগিল । ৰাস্তাত গাড়ী মটৰৰ ভীৰ তেনেকৈ নাপালো বুলিয়েই কব পাৰি । ৰাস্তাৰ দুই কাষৰ প্ৰকৃতিৰ নৈসৰ্গিক শোভা উপভোগ কৰি গৈ থাকোতে পাচটা ঘন্টা কেনেকৈ পাৰ হৈ গল গমেই নাপালো ।
থিম্পু চহৰলৈ মই প্ৰথম আহিছিলো – প্ৰায় দহ বছৰ আগতে । এই দহটা বছৰত বৰ বিশেষ পৰিবৰ্তন হোৱা যেন মোৰ চকুত নপৰিল । ঘৰ বাৰী আৰু  ৰাস্তাৰ যান বাহনৰ সংখ্যা অলপ বাঢ়িল অবশ্যে । হলেও একেই আছে ট্ৰেফিক লাইট বিহীন থিম্পুৰ ৰাস্তা ঘাটৰ  শৃংখলাবদ্ধ যান বাহনৰ চলাচল। একেই আছে হৰ্ণ নবজোৱাকৈ  গাড়ী মটৰ চলাই থকা সংস্কৃতি। আৰু  একেই আছে পদচাৰী সকলৰ প্ৰতি সহানুভূতিশীল থিম্পুৰ সদা সচেতন গাড়ী চালক বোৰ । সৰু চহৰ হলেও ইয়াত ‘জেব্ৰা ক্ৰচিঙ’ৰ  ওপৰেৰেহে ৰাস্তা পাৰ হোৱাৰ নিয়ম । কোনো লোকে ৰাস্তা পাৰ হব খোজা দেখিলেই দুয়ো ফালৰ পৰা আহি থকা গাড়ী বোৰ চালক সকলে তাৎক্ষণিক ভাবে ৰখাই দিয়ে।  লোক জনে সুকলমে ৰাস্তা পাৰ হোৱাৰ পাচতহে গাড়ী বোৰ চলিব ধৰে । এনেকৈয়ে চলি আছে থিম্পু চহৰৰ যান বাহন । ইয়াৰ বাবে কোনো ট্ৰেফিক লাইট বা ট্ৰেফিক পুলিচৰ দৰকাৰেই নহয় । এৰা, মানুহ নিজেই সচেতন আৰু আনৰ প্ৰতি সহানুভূতিশীল হলে ট্ৰেফিক লাইট আৰু ট্ৰেফিক পুলিচৰ প্ৰয়োজনেই বা কি ! ঘৰৰ কাষৰ চুবুৰীয়া দেশ ভূটানৰ পৰা এই বোৰ আমি শিকিবলগীয়া কথা ।
ইন্টাৰনেটৰ জৰিয়তে হোটেল সংৰক্ষণ কৰিলে হোটেল খন গৈ নোপোৱালৈকে মনত চিন্তা এটা সদায় লাগি থাকে –হোটেল খন আচলতে বা কেনেকুৱা ! পইচা পাতিতো আগে ভাগে দিয়া হৈয়েই গল । এতিয়া হোটেল খন অতি নিম্ন স্তৰৰ হলেওতো মোৰ কৰিব লগীয়া একো নাথাকিব ।
মোৰো মনত তেনেকুৱা চিন্তা এটাই পীড়া কৰি আছিল । কিন্তু ‘Namseling Boutique Hotel’ নামৰ হোটেল খনৰ অভ্যৰ্থনা কক্ষত প্ৰবেশ কৰিয়েই মোৰ মনৰ সকলো সংশয় নিমিষতে উৰি গল । বা: কি সুন্দৰ পৰিবেশ ! ভূটানৰ সংস্কৃতি আৰু স্থাপত্যৰ প্ৰভাব হোটেল খনৰ সৰ্বত্র বিৰাজমান । ৰুমৰ ভিতৰত প্ৰবেশ কৰি আৰু প্ৰফুল্লিত হৈ পৰিল মন । অতি পৰিচ্ছন্ন এটা আহল বহল ৰুম । বিচনা চাদৰ, লেপ, গাৰুৰ কভাৰ আদি ঢকঢকীয়া বগা ।
মোৰ অবসন্ন দেহটো এই বাৰ এৰি দিলো বগলী পাখি যেন বগা বিচনা খনৰ ওপৰত ।
দোচুলা গিৰিপথ (Dochula Pass) ।
থিম্পু চহৰৰ পৰা ভূটানৰ প্ৰাচীন ৰাজধানী পুনাখা চহৰলৈ যাবলৈ হলে এই গিৰিপথ পাৰ হৈ যাব লাগে । ১০২০০ ফুট উচ্চতাৰ এই গিৰিপথৰ পৰা ফৰকাল বতৰত চৌপাশৰ হিমালয়ৰ দৃশ্য অতি মনোমুগ্ধকৰ হৈ ধৰা দিয়ে যদিও তেনে ক্ষণ অতি দুৰ্লভ । কিয়নো প্ৰায় ভাগ সময়েই এই গিৰিপথ ডাঠ কুৱলীৰ আবৰণেৰে  আবৃত হৈ থাকে । অন্ধকাৰাচ্ছন্ন ৰাজপথেৰে দিন দুপৰতো লাইট জলাই গাড়ী বোৰ অতি সাবধানে অহা যোৱা কৰে। আজিও তাৰ ব্যতিক্ৰম নহল । কেউফালে বগা পৰ্দা এখন তৰি থোৱা যেনহে অনুভব হল। ঠান্ডাও পৰিছিল খুব । পলম নকৰি গৰম চাহ একোকাপ খাই আমি যাত্রা কৰিলো পুনাখা চহৰ অভিমুখে ।
ফো চু ( Pho Chhu) আৰু মো চু ( Mo Chhu) — এই দুই খন পাহাৰী নদীৰ সংগম স্থলৰ মনোমোহা শস্য শ্যামল উপত্যকাত অবস্থিত পুনাখা চহৰ । থিম্পুৰ তুলনাত এই খন চহৰৰ উচ্চতা ভালেখিনি কম — সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৪০০০ ফুট ওপৰত । সেয়েহে ইয়াত ঠান্ডাৰ প্ৰকোপো যথেষ্ট কম ।
পুনাখাৰ দৰ্শণীয় স্থান সমূহৰ ভিতৰত ওলমা সেতু  ( Suspension bridge) অন্যতম । অত্যন্ত খৰস্ৰোতা ফো চু নদীৰ ওপৰৰ এই ওলমা সেতু খনে দুই পাৰৰ গাৱৰ ৰাইজৰ যাতায়তৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
বহুত তলেৰে ভয়ংকৰ কোবাল সোতেৰে বৈ যোৱা ফো চু নদী খন এই পুৰণি ওলমা সেতুৰে পাৰ হৈ যাবলৈ বৰ ভয় লাগিছিল যদিও বহুত চেষ্টাৰে সাহস গোটাই আমিও পাৰ হলো — অতি সাবধানে, কাষৰ ৰেলিঙত ধৰি ধৰি ।
কোনো কাম বন নোহোৱাকৈও থিম্পু চহৰত অলস ভাবে কেইটামান দিন সুন্দৰকৈ কটাব পাৰি । আমনি মুঠেই নালাগে । প্ৰদূষণমুক্ত নিৰ্মল ইয়াৰ বাতাবৰণ । কোলাহল একেবাৰেই নাই । মানুহ বিলাকৰো কথা বতৰা, আচাৰ ব্যবহাৰ আদি বৰ শান্ত প্ৰকৃতিৰ। আন নালাগে, উচ্চ স্বৰত কথা কোৱা ব্যক্তি এজনো এই চহৰত মই দেখা নাপালো । দেহ আৰু মনৰ সম্পূৰ্ণ জিৰণি (complete relaxation) লবৰ বাবে এই খন এখন আদৰ্শ চহৰ বুলি মই ভাবো ।
‘পাৰো’ আৰু  ‘পুনাখা’ ভ্ৰমণ কৰাৰ বাহিৰে এই বাৰ আমাৰ কোনো নিৰ্দিষ্ট ভ্ৰমণ সূচী নাছিল । বন্ধু দীপক(ভৰালী)ৰ পৰা ‘বুমথাং’ নামৰ ঠাই খনৰ বিষয়ে অলপ পলমকৈহে গম পালো । বুমথাঙলৈ পিচত এবাৰ সুকীয়াকৈ আহিম বুলি থিৰ কৰি এই বাৰ কেইটামান দিন থিম্পু চহৰতে জিৰাই লোৱাৰ মানস কৰিলো ।
দহ বছৰ পাচত থিম্পুলৈ আকউ আহিছো । এই দহটা বছৰত থিম্পুত সাংঘাতিক কিবা পৰিবৰ্তন হোৱা যেন মোৰ নালাগিল । ঘৰ বাৰী আৰু ৰাস্তাৰ যান বাহনৰ সংখ্যা কিছু বাঢ়িল অবশ্যে । হলেও একেই আছে ট্ৰেফিক লাইট বিহীন থিম্পু চহৰৰ ৰাজপথৰ শৃংখলাবদ্ধ যান বাহনৰ চলাচল। একেই আছে  ট্ৰেফিক নীতি নিয়মৰ প্ৰতি সম্পূৰ্ণ সন্মান প্ৰদৰ্শণ কৰি স্বাচ্ছন্দ্যে গাড়ী মটৰ চলাই ফুৰা হৰ্ণ বৰ্জিত সংস্কৃতি ।( এই সংস্কৃতি মই সউ সিদিনা থাইলেন্ডতো দেখি আহিছো । ) আৰু একেই আছে পদচাৰী সকলৰ প্ৰতি সহানুভূতিশীল থিম্পু চহৰৰ সদা সচেতন গাড়ী চালক সকল । সৰু চহৰ হলেও ইয়াত ৰাস্তা ঘাট পাৰ হবলৈ হলে ‘জেব্ৰা ক্ৰচিঙ’ৰ ওপৰেৰে পাৰ হোৱাৰ নিয়ম । কোনো এজনে ৰাস্তা পাৰ হবলৈ প্ৰয়াস কৰা যেন দেখিলেই দুয়ো ফালৰ পৰা আহি থকা গাড়ী বোৰ চালক সকলে তাৎক্ষণিক ভাবে ৰখাই দিয়ে। লোক জনে সুকলমে ৰাস্তা পাৰ হোৱাৰ পাচতহে গাড়ী বোৰ চলিব ধৰে । থিম্পু চহৰত অনাই বনাই ঘূৰি ফুৰোতে শ্ৰীমতী আৰু মোৰ কেবা বাৰো এনে মধুৰ অভিজ্ঞতা হৈছিল ।
–” হেৰা, গাড়ী বোৰ দুয়োফালে ৰখাই দিছে। আমাক পাৰ হৈ যাবলৈ কৈছে, দেখা নাই !”–ব্যস্ত ৰাজপথ পাৰ হবলৈ মই ৰৈ থাকোতে শ্ৰীমতীয়ে এনেদৰে সকিয়াই দিয়াতহে মোৰ হুচ আহিছিল ।
এনেদৰেই চলি আছে থিম্পু চহৰৰ যান বাহন । ইয়াৰ বাবে কোনো ট্ৰেফিক লাইট বা ট্ৰেফিক পুলিচৰ দৰকাৰেই নহয় । থিম্পু চহৰত মই ট্ৰেফিক পুলিচ দেখিছিলো কেবল ব্যস্ত road junction বোৰত । এৰা, মানুহ সচেতন আৰু আনৰ প্ৰতি সহানুভূতিশীল হলে ট্ৰেফিক লাইট বা ট্ৰেফিক পুলিচৰ প্ৰয়োজনেই বা কি ! ঘৰৰ কাষৰ চুবুৰীয়া দেশ ভূটানৰ পৰা এই বোৰ আমি শিকিব লগীয়া  কথা নহয়নে ?
প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে থিম্পু চহৰৰ  ৱাং ছু নদীৰ পাৰত সাপ্তাহিক হাট বজাৰ বহে বুলি মই পঢ়িব পাইছিলো। সকলো ধৰণৰ প্ৰয়োজনীয় বস্তু বেচা কিনা কৰাৰ বাবে চহৰৰ উপৰিও দূৰ দূৰণিৰ গাওঁ ভূইৰ ৰাইজ আহি এই বজাৰত ভীৰ কৰেহি । এনে হাট বজাৰৰ প্ৰতি মই তীব্ৰ আকৰ্ষণ অনুভব কৰো। পাঠশালাত মোৰ শৈশব আৰু কৈশোৰৰ কাল ছোৱাত প্ৰতি সপ্তাহৰ মঙল আৰু শনি বাৰে এনে হাট বজাৰ বহিছিল । তেতিয়া আমাৰ ঘৰ খনৰ পানীত হাহ নচৰা অবস্থা । ঘৰ খনক অলপ সকাহ দিবলৈকে মই ঘৰৰ বাৰীৰ কল,তামোল পান, নাৰিকল, শাক পাচলি আদি ৰাতিপুৱাই এই হাট বজাৰলৈ আনি বেচিছিলো । সোনকালেই বস্তু বোৰ বেচি আজৰি হৈ দহ বজাত স্কুল ধৰিব লাগিছিল । সোনকালে বিক্ৰী হোৱাৰ তাগিদাত কেতিয়াবা কম মূল্যতো বস্তু বোৰ এৰি দিব লগা হৈছিল । ভূটান সীমান্তৰ সিপাৰৰ গাওঁৰ ৰাইজেও পাঠশালাৰ এই হাট বজাৰত ভাগ লৈছিলহি ।  আচহুৱা ধৰণৰ পোছাক পিন্ধা এই লোক সকলক প্ৰথমতে মই দূৰৰ পৰা আলেঙে আলেঙে নিৰীক্ষণ কৰিছিলো । বস্তু বেচা কিনা কৰাৰ সুবাদতে পিচলৈ এই লোক সকলৰ লগত মোৰ এক সদ্ভাব গঢ়ি উঠিছিল ।
জাৰৰ দিনত এই ভূটীয়া লোক সকলে পাচি ভৰাই বেচিবলৈ আনিছিল কমলা আৰু গৰম কাপোৰ । সস্তা দৰৰ ভূটীয়া ছুৱেটাৰ, শ্বল, কম্বল আদি কিনিবলৈ গাওঁৰ দুখীয়া ৰাইজ খনে উথপ থপ লগাইছিল । সোনকালেই উদং হৈ পৰিছিল ভূটীয়া ককাই হতৰ গৰম কাপোৰৰ ভান্ডাৰ ।
শনিবৰীয়া এক হাট বজাৰত মোৰ তামোল পানৰ পোহাৰৰ কাষতে কমলা টেঙাৰ পাহাৰ এখন বনাই লৈ বহা ভূটীয়া ককাই এজনে মৰম কৰি মোক কমলা এটা খাবলৈ দিছিল । বেচ ডাঙৰ আকৃতিৰ কমলাটোৰ বাকলি ডাঠ আছিল । ভিতৰৰ সাহটো আপেক্ষিক ভাবে সৰু আছিল যদিও খাবলৈ হলে বৰ মিঠা আছিল ।
ৱাং ছু নদীৰ পাৰৰ সাপ্তাহিক বজাৰ খনত ঘূৰি ফুৰোতে এই পুৰণি কথা বোৰ মনলৈ আহি মোক অলপ আবেগিক কৰি তুলিছিল হবলা। আচলতে বজাৰ খনৰ প্ৰবেশ দ্বাৰৰ কাষতে লাই শাক, কচু, ঢেকিয়া আদিৰ সৰু পোহাৰ এখন লৈ বহি থকা সৰু লৰা এটাই মোৰ দৃষ্টি কাঢ়ি নিছিল । দাৰিদ্ৰ্য পীড়িত এই সৰু লৰাটোৰ নিস্পাপ কৰুণ মুখ খনৰ মাজত মই মোৰ নিজৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছিলো । -“সিও বস্তু বোৰ বেচি উঠি স্কুল ধৰিব লাগিব নেকি ?”—মনে মনে মই ভাবিছিলো ।

Related Articles

error: Content is copy right protected !!
Close