ৰৈ নোযোৱা ৰিমা..

মনোজ কুমাৰ ডেকা

৪২ মাহ
১২৬০ দিন
৩০,২,৪০ ঘণ্টা
১৮, ১৪, ৪০০ মিনিট
১০, ৮৮,৬৪,০০০ চেকেণ্ড…
..এগৰাকী নাৰীয়ে অতি প্ৰাণক পৃথিৱীৰ পোহৰ দেখুৱাই ন মাহত । কিন্তু সপোন !? ১০ লাখ ৮৮ লাখ, ৬৪ হেজাৰ চেকেণ্ড বা ৪২ মাহ  এগৰাকী মহিলাই বুকুত কঢ়িয়াই লৈ ফুৰাৰ যন্ত্ৰণা আমি বুজিছিলোঁনে ? শুনিছিলোঁনে ? নাই…

কাৰণ আমি গাড়ীৰ ৰঙ বাছি আছিলোঁ । কাপোৰ কিনি আছিলো । কাৰ জীয়েকে কাৰ লগত ঘূৰে বা কাৰ ঘৈণীয়েক কেনে কাপোৰ পিন্ধে সেয়া চাই আছিলো । সপোনৰ মাক হোৱা ছোৱালীজনীক দেখা নাছিলোঁ ।
……
…….
………

এজন ভাল বন্ধুৰ নাম কমল ।
কমলে কৈছিল, সফলতা সুখৰ । কিন্তু সফল হবলৈ ৰক্ষা কৰা গোপানীয়তা আৰু মধুৰ । মজাৰ । সুখৰ ।

ৰিমাৰ কথা ওলালেই মোৰ কমললৈ মনত পৰে । সচাঁ কৈছিল সি । ৰিমাই গোপন কৰাৰ ক্ষমতা ৰাখিছিল । সুখী হৈছিল ।

ছয় গাঁৱৰ ছোৱালী ৰিমাই সৰুতে সপোন দেখিছিল অভিনেত্ৰী হোৱাৰ । অভিনয় কৰিছিল। ঘৰ ভৰাইছিল পুৰস্কাৰ বা বঁটাবাহনেৰে । আৰু এদিন  সপোনৰ পাখিত জুই দি ৰিমা উৰা মাৰিলে মুম্বাইলৈ । লক্ষ্য, অভিনেত্ৰী হোৱাৰ । সংগ্ৰাম আৰম্ভ হ’ল । অ’ডিচন, ইণ্টাৰভিউ । ইপিনে হিন্দী বেয়া । ৰিমাৰ নিজৰ ভাষাত, “মই মোক হেৰুৱাই পেলাইছিলোঁ । পাহৰি গৈছিলো নিজক ।…”

এটা সময়ত সম্বিত ঘূৰাই পোৱা ৰিমা উভতিল সেউজীয়াৰ মাজলৈ । গাওখনলৈ । য’ত ৰিমাই দেখিছিল জীৱন ।

ক্ৰমশঃ ৰিমাই আকৌ বিচাৰি পালে জীৱনক । ৰিমাই কৈছিল, মই মোৰ গাঁৱৰ মানুহৰ জীৱন দেখিছোঁ । দেখিছোঁ দুখ…সুখ । মই তেওঁলোকৰ খেতি দেখিছোঁ, বানে ধুই নিয়াও দেখিছোঁ । কন্দা দেখিছোঁ । কিন্তু আচৰিত কথা, কিছুদিন পিছত তেওঁলোকে আকৌ হাঁহে । জীৱনক আঁকোৱালি লয় । তেওঁলোকৰ জীৱনবোধ মোৰ প্ৰিয় !

এই জীৱনবোধৰ ৰঙে ৰিমাৰ সেই সপোন নগৰিত শুকোৱা মনত সেউজীয়া ঘঁহিলে । আকৌ শৈশৱৰ হাঁহি ধেমালি, সপোন বিচাৰি পালে এজাক শিশুৰ মাজত । ৰিমাই কাহিনী পালে । আৰম্ভ হ’ল সিহঁতৰ সপোন ধৰি ৰখাৰ আখৰা ।

তিনি বছৰ ছয় মাহ…ৰ’দ বৰষুণ বা বানপানী, সকলো সময়তে ৰিমা ঘূৰি ফুৰিল । কোনেও নাজানে । কি কৰিব গৈছে তাই । বা, কি কৰিব খুজিছে ! তেনে সময়ত সৰু সৰু ল’ৰা ছোৱালী কেইটা আছিল ৰিমাৰ সৈতে । সিহঁতক ৰিমাই দিছিল বিশ্বাস । এদিন,  মিছা বাদ্য যন্ত্ৰ লৈ গানত মচগুল শৈশৱ দেখি ৰিমাই সিহঁতক কৈছিল হাঁহি হাঁহি কৈছিল, মই তহঁতক লৈ চিনেমা বনাম । বচ, সেয়াই আৰম্ভণি ।

ৰিমাই চিত্ৰনাট্য লিখিলে । কেতিয়াও কেমেৰা নুচুৱা ৰিমাই কেমেৰা চলালে । শব্দ ধৰি ৰাখিলে । পৰিচালনা কৰিলে । গাঁঠিৰ ধান ভাঙিলে । কাৰণ ৰিমাই জানিছিল, তেখেতে কি বিচাৰিছে ।

এবাৰ এজনে সুধিছিল, আপুনি কি কৰিব বাকী ৰ’ল চিনেমাখনত ? সকলো নিজেই কৰিলে দেখোন ! ৰিমাই হাঁহি কৈছিল, কোনোটোৱেই মোৰ বাবে সহজ নাছিল । কিন্তু মই চেষ্টা কৰিছিলো ।

গাঁওখনৰ কণ কণ ল’ৰা ছোৱালী কেইটাই প্ৰাণ ঢালি কাম কৰিছিল । এগৰাকী চলাচিত্ৰপ্ৰেমীয়ে ৰিমাক সুধিছিল, কেনেকৈ সৰু সৰু ল’ৰা ছোৱালী কেইটাৰ পৰা ইমান সহজ অভিনয় উলিয়াব পাৰিলে ।

ৰিমাই কৈছিল, কাৰণ তেওঁলোকে অভিনয় কৰিব নাজানে । কেতিয়াবা তেওঁলোকে আৰু বেছি বা বেলেগ ধৰণৰ কৰি পেলায় । মই মোৰ কাহিনীয়ে বিচৰাখিনি ধৰি থওঁ । কাৰণ মই কাহিনী এৰিব নোৱাৰো ।

চেষ্টাৰে নিজক তুলি ধৰা ৰিমা এতিয়া দেশৰ দহ জনৰ বাবে এক আকর্ষণীয়া চৰিত্ৰ । অগণন চলচিত্ৰ প্ৰেমীৰ মন কঁপাই তুলিব পৰা এখন ছবিৰ পৰিচালিকা । ৰাষ্ট্ৰৰ শ্ৰেষ্ঠ ছবি খনৰ প্ৰযোজক, পৰিচালক, চিনেমাটোগ্ৰাফাৰ, চিত্ৰনাট্যকাৰ…সকলো ।

ভৱিষ্যতে আন ভাষা বা হিন্দীত ছবি নিৰ্মাণৰ সপোন সাঁচি ৰখা ৰিমাই ইতিমধ্যে আৰম্ভ কৰিছে পৰৱৰ্তী ছবিৰ শুটিং । বিষয়, চেমনীয়া ল’ৰা ছোৱালীৰ প্ৰেম বা ভালপোৱা ।

নিজৰ কৰ্মেৰে নিজৰ বাট কাটি উলিওৱা ৰিমা আমাৰ বাবে এতিয়া গৌৰৱ । সম্পদ ।

Related Articles

Check Also

Close
Close