ৰিজাৰ্ভ বেংকৰ  গৱৰ্ণৰ, আদা বেপাৰী আৰু মেংগ’ পিপলছৰ ক্ৰেজীনেছ্…… 

চম্পক শইকীয়া 

কেইদশকমানৰ আগলৈকে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ কোন হয় বা গৱৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে, তেখেতসকলৰ যোগ্যতাৰ মাপকাঠী কিমান, তাকলৈ আমাৰ দৰে মানুহবোৰৰ কোনো craziness নাছিল বা ই গঢ় লৈ উঠাৰ পৰিৱেশ সৃষ্টি হোৱাও হয়তো নাছিল। কিন্তু ১৯৯১ চনৰ পাছৰ পৰা ভাৰতবৰ্ষত সেই পৰিৱেশৰ সলনি হ’ল। মনমোহন সিঙৰ উদ্যোগত সেই সময়ৰ শাসনাধিষ্ঠিত চৰকাৰে নব্য উদাৰবাদী অৰ্থনৈতিক নীতি গ্ৰহণৰ ফলস্বৰূপে আহি পৰা পৰিৱৰ্তনসমূহে দেশৰ  অৰ্থনীতিৰ লগত জড়িত বা অৰ্থনৈতিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ প্ৰতি সাধাৰণ মানুহৰ মাজতো ক্ৰমাৎ কম পৰিমাণে হ’লেও সচেতনতাৰ জন্ম দিছিল বুলি ক’লে বঢ়াই কোৱা নহ’ব। তেনে সচেতনতাৰ ফলস্বৰূপেই বৰ্তমান ভিন্ন স্তৰৰ শিক্ষিত বা অৰ্দ্ধ-শিক্ষিত বহুজনে দেশ-বিদেশৰ শ্বেয়াৰ মাৰ্কেট, অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা আৰম্ভ কৰি বিমুদ্ৰাকৰণৰ দৰে বিষয়সমূহে দেশক কেনেকৈ প্ৰভাৱিত কৰিছে তাৰ কম-বেছি খবৰ ৰাখিছে। এনে ধাৰাতে পৰিৱৰ্তনৰ শ্লোগান লৈ একক সংখ্যাগৰিষ্ঠ দল হিচাপে শাসনলৈ অহা বিজেপি দলৰ চৰকাৰৰ কাৰ্য্যকলাপবোৰৰ বিশ্লেষণো দেশৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত হৈছে। প্ৰথমৰে পৰা শাসনাধিষ্ঠিত চৰকাৰখনৰ বিভিন্ন সিদ্ধান্তই সৰ্ব স্তৰৰ মানুহৰ মাজত বিতৰ্কৰ সৃষ্টি কৰি আহিছে, তেনে বিৰ্তকসমূহৰ ভিতৰত শেহতীয়া বিৰ্তক এক হ’ল ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক মুৰব্বী বা গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া শক্তিকান্ত দাসৰ যোগ্যতা। বহুতৰ দৰে আমিও ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে ঘটিৰাম-বাটিৰাম একো নজনা মানুহ এজনক ৰিজাৰ্ভ বেংকৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া নাই (?) বা দিয়াতো সম্ভৱো নহয়। তাৰপাছতো আমি ক’ম যে আজিৰ সময়ত তেনেধৰণৰ উচ্চ স্তৰীয় বা প্ৰধান পদৱীত অৰ্থনৈতিক নীতিৰ সুক্ষ্ম তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান লব্ধ মানুহক স্থলাভিক্ত কৰিব লাগিছিল। এইখিনিতে উল্লেখযোগ্য যে S Venkataraman, নামৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ১৮ সংখ্যক গৱৰ্ণৰ গৰাকীৰ (কাৰ্য্যকাল ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে ) বিদ্যায়তনিক যোগ্যতাৰ মাপকাঠীৰে (অৰ্থাৎ অৰ্থনীতিৰ ছাত্ৰ নাছিল) নৱনিযুক্ত গৱৰ্ণৰ গৰাকীৰ সৈতে জুখিব পাৰি যদিও সেই সময়ৰ অৰ্থনৈতিক পৰিস্থিতি আৰু আজিৰ অৰ্থনৈতিক পৰিস্থিতিৰ মাজত স্পষ্ট পাৰ্থক্য আছে। আনহাতে ভাৰতীয় অৰ্থনীতি বিষয়ক তিনিখন গ্ৰন্থৰ প্ৰণেতা হিচাপেও তেখেতে দক্ষতাৰ দিছিল।(Indian Economy: Reviews And Commentaries – Vol I, Indian Economy: Reviews And Commentaries – Vol II, and Indian Economy: Reviews And Commentaries – Vol III. উৎস- Wikipedia) যি নহওক ২০-২৫ বছৰৰ আগৰ পৰিৱেশ-পৰিস্থিতি আজিৰ দৰে জটিল আৰু প্ৰত্যাহ্বানময় নাছিল বুলিব পাৰি।
         অন্যহাতে ৰিজাৰ্ভ বেংকৰ দৰে বৃহৎ আৰু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান এটাৰ নৱনিযুক্ত মুৰব্বী দাস ডাঙৰীয়াই তেখেতৰ অৰ্থনৈতিক জ্ঞান আৰু বুদ্ধিৰ প্ৰমাণ (পক্ষপাতমূলক আচৰণ) বিমুদ্ৰাকৰণৰ প্ৰসংগত ইতিমধ্যে দিয়েই গৈছে বুলি ভাৱোঁ। দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোৱেই নহয়, সাধাৰণ জনতা বা মধ্যবিত্তীয় লোকসকলৰ বাবে ক্ষতিকাৰক (জন আৰু ধন উভয়ৰে প্ৰসংগত ক’ব পাৰি) হিচাপে স্বীকৃত বিমুদ্ৰাকৰণৰ (সকলোৰে ব্যক্তিগত মত অৱশ্যে পৃথক হ’ব, তৎসত্বেও সামগ্ৰিকভাৱে কৈছোঁ) দৰে হঠকাৰী চৰকাৰী সিদ্ধান্তৰ তেখেত অন্যতম মুখ্য সমৰ্থনকাৰী। যুক্তিসহকাৰে বিমুদ্ৰাকৰণ প্ৰক্ৰিয়াৰ দোষ-গুণ বিশ্লেষণ কৰাতকৈ চৰকাৰৰ সিদ্ধান্তক প্ৰশংসাৰে উপচাই পেলোৱাৰ তথ্য Social media-ত উপলব্ধ। বিৰ্তকিত সেই সময়ছোৱাত দেশৰ বিত্ত মন্ত্ৰীৰ লগত বিমুদ্ৰাকৰণৰ সপক্ষে চৰকাৰী সংবাদমেলটো তেখেতৰ অংশগ্ৰহণ দেখা পোৱা গৈছিল। তেনে এজন ব্যক্তিয়ে অৰ্থনৈতিক নীতি নিৰ্দ্ধাৰণত কিমানদূৰ অন্যৰ পক্ষ নোলোৱাকৈ কাম কৰিব পাৰিব সি সন্দেহজনক !! এই সময়তে তেওঁৰ পূৰ্বৱতী শেষৰ কেইগৰাকী গৱৰ্ণৰৰ শিক্ষাৰ বিষয় আৰু ডিগ্ৰীসমূহৰ কথাও তুলনালৈ নিশ্চিত ৰূপত আহিব। অৰ্থনীতিৰ দৰে প্ৰণালীবদ্ধ তথা জটিল Academic Discourse এটাৰ পৰা আহৰণ কৰা তাত্ত্বিক জ্ঞান আৰু ব্যৱহাৰিক দিশৰ পৰা অভিজ্ঞতালব্ধ পূৰ্বৰ মুৰব্বী কেইজনৰ লগত নৱনিযুক্ত দাস ডাঙৰীয়াৰ অৰ্থনীতি সৰ্ম্পকীয় অভিজ্ঞতাক (যি তথ্য ইণ্টাৰনেটত উপলব্ধ) তুলনা কৰি স্বাভাৱিকতেই দেশৰ বহুসংখ্যক লোক সন্দিহান হৈছে। এই সন্দেহ কেৱল এইকাৰণেই নহয় যে তেওঁ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহি একো কাম কৰিব নোৱাৰিব, কিন্তু এইসময়ত ভাৰতীয় অৰ্থনীতিৰ সন্দেহজনক গতিপথ তথা অৱস্থাৰ কথা চৰকাৰৰ লগত জড়িত অৰ্থনীতিবিদৰ (বিৰুদ্ধাচৰণ কৰা সকলৰ কথা নক’লোৱেই বা) মন্তব্যৰ পৰাই স্পষ্ট। তেনে স্থলত কেৱল অভিজ্ঞতাৰ দোহাই দি আৰু চৰকাৰ সমৰ্থক হোৱাৰ সুবাদতে  প্ৰাক্তন IAS বিষয়া গৰাকীক ৰিজাৰ্ভ বেংকৰ দৰে প্ৰতিষ্ঠান এটাৰ সৰ্ব্বোচ্চ মুৰব্বী হিচাপে নিযুক্তি দিয়াটো কিমানদূৰ সমিচীন হৈছে ? তেখেতৰ কৰ্মজীৱন সূচীত (বিভিন্ন উৎসত উপলব্ধ) চকু ফুৰাই অৰ্থনৈতিক ক্ষেত্ৰৰ অভিজ্ঞতা আৰু বিচক্ষণতা সম্পৰ্কে মানুহৰ মনত প্ৰশ্ন উঠাতো আচৰিত নহয় বুলিয়েই ভাবোঁ। এইখিনিতে গুৰুত্বপূৰ্ণ আন এটা প্ৰসংগও চৰ্চালৈ আহিব বা আহিছে। বিশেষ লুক-ঢাক নকৰাকৈ ৰিজাৰ্ভ বেংকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ অবাধ হস্তক্ষেপ চলিছে। মনমোহন সিং নেতৃত্বাধীন ইউপিএ শাসিত চৰকাৰখনৰ পাছত মোডী ডাঙৰীয়া (!)-ৰ চৰকাৰখনে বহুতো নকৰিবলগীয়া কাম বা নিদিবলগীয়া কথাত হস্তক্ষেপ কৰাতো সকলোৰে দৃষ্টিগোচৰ হৈছে। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে, এনেকৈ চলি থাকিলে আৰু ১০-১৫ বছৰৰ পাছত সৌসিদিনালৈকে উচ্চাভিমুখী বুলি দাবী কৰা ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ গতি নিম্নাভিমুখী হোৱাতো ধূৰূপ। নিম্ন মধ্যবিত্ত শ্ৰেণী আৰু সাধাৰণ জনতাৰ বিলাই বিপত্তি নোহোৱাৰ দৰে অভাৱনীয় অৰ্থনৈতিক পৰিস্থিতি ইতিমধ্যেই চৰকাৰৰ শেষৰ কেইটা বছৰত উদ্ভৱ হৈছে বুলি চৰকাৰী পক্ষৰে লোকসকলৰ কোনো কোনোৱেও ক’বলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বতেও ড° মনমোহন সিঙৰ পৃষ্ঠপোষকতাত ১৯৯১ চনত আৰম্ভ কৰা ভাৰতীয় অৰ্থনীতিৰ নব্য উদাৰবাদী নীতিৰ ভাল আৰু বেয়া ফল ইতিমধ্যে আমি পাইছোৱেই। এই নীতি আৰোপণৰ ফলত উচ্চ মধ্যবিত্ত, বণিয়া আৰু ধনীক শ্ৰেণীক বাদ দি দেশৰ খাটিখোৱা সাধাৰণ জনতা বহু ক্ষেত্ৰত বহুসময়ত ক্ষতিগ্ৰস্ত হোৱাতো সৰ্বজনবিদিত। তাৰ পাছতো আমাৰ দৰে মানুহে সকলো গ্ৰহণ কৰি লৈছে। এতিয়া আকৌ যদি ব্যক্তিগত আৰু দলীয় স্বাৰ্থৰ হেতু বা ৰাজনৈতিক মুনাফাৰ বাবে দেশৰ সৰ্ববৃহৎ স্বতন্ত্ৰ অৰ্থনৈতিক প্ৰতিষ্ঠান স্বৰূপ ৰিজাৰ্ভ বেংকক নিজৰ তলতীয়া কৰি ৰাখিবৰ বাবে নিজস্ব শিবিৰৰ মানুহৰ (অৰ্থনৈতিক দিশত যাৰ অভিজ্ঞতা আৰু দক্ষতা সন্দেহজনক) হাতত গতাই দিয়ে, তেতিয়া স্বাভাৱিকতেই সেই নিযুক্তিৰ সম্পৰ্কে প্ৰশ্ন উঠিবই। এইখিনিতে দেশৰ প্ৰধান বিৰোধী দলৰ নেতা Rahul Gandhi-য়ে কোৱা এষাৰ কথাও প্ৰণিধানযোগ্য— this government is appointing mediocre people on important posts. Shaktikant Das will only carry out government orders and it will be dangerous for economy, RBI and country.
    নতুন চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছৰ পৰা দেশৰ অৰ্থনীতি কোন দিশে গতি কৰিছে তাক লৈ শিক্ষিত শ্ৰেণীয়েই নহয় সাধাৰণ শ্ৰেণীৰ জনতাও সন্দিহান। পাৰ হৈ যোৱা দশক কেইটাত বিশ্বৰ বহু কেইখন শক্তিশালী তথা উন্নত দেশৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰা কথাটো শিক্ষিত শ্ৰেণীৰ বাবে অজ্ঞাত নহয়। ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠাৰ সময়ৰ পৰা এই বেংকে ভাৰতীয় অৰ্থনীতিক নিয়ন্ত্ৰণ তথা সুস্থিৰ কৰি ৰাখিবলৈ প্ৰয়াস কৰি আহিছে বুলি কোৱা হয়। ভাৰতীয়সকলে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা ১৯৯১ চনৰ কথাই কোৱা হওঁক বা ২০০৭-২০০৮ চনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ কথাই কোৱা হওঁক, প্ৰকৃতপক্ষে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শক্তিশালী অৱস্থানেহে দেশৰ অৰ্থনীতিক বিশেষ ক্ষতিগ্ৰস্থ হোৱাৰ পৰা ৰক্ষা কৰিছিল বুলি বিভিন্ন সূত্ৰই কয়। এনে এটা উচ্চস্তৰৰ প্ৰতিষ্ঠানত তথা প্ৰত্যাহ্বানময় আজিৰ অৱস্থাত সুক্ষ্ম অৰ্থনৈতিক বিচক্ষণতা আৰু ব্যৱহাৰিক জ্ঞান লব্ধ ব্যক্তিৰ নিয়োগ অপৰিহাৰ্য্য বুলি ভাবিবলৈ বাধ্য হৈছোঁ। তদপুৰি দুজনকৈ উচ্চ শিক্ষিত আৰু যোগ্য বুলি ভৱা মানুহে দুবছৰৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ মুৰব্বী পদৰ পৰা হঠাতে আঁতৰি যোৱা ঘটনাই পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে। গতিকে শক্তিকান্ত দাসৰ নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে আমাৰ মনত প্ৰশ্ন উঠাটোত কোনো অস্বাভাৱিকতা নাই।
       শেষত আমি ভাৱোঁ যে, দেশৰ সংবিধানৰ সমান্তৰালভাৱে দেশ পৰিচালনাৰ লাইখুঁটা স্বৰূপ ৰিজাৰ্ভ বেংক (অৰ্থনৈতিক দিশ) চিবিআই (নিৰাপত্তাৰ দিশ) উচ্চতম ন্যায়ালয় (বিচাৰ বা আইনগত দিশ)-ৰ দৰে স্বতন্ত্ৰৰীয়া অনুষ্ঠান বা  সংস্থাসমূহক চৰকাৰৰ অযথা হস্তক্ষেপৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে। (গণতান্ত্ৰিক দেশৰ চতুৰ্থ স্তম্ভ স্বৰূপ ‘গণ মাধ্যম’সমূহৰ কথা নক’লোৱেই বা !!!) ভাৰতৰ দৰে বৃহৎ গণতান্ত্ৰিক দেশৰ সৰ্ব স্তৰৰ জনতাৰ বিশ্বাস এনেবোৰ প্ৰতিষ্ঠান বা সংস্থাৰ ওপৰতেহে যেন-তেন বৰ্তি আছে। গতিকে মুখ্য শাসন ব্যৱস্থাটোৱে তাৰ ৰক্ষণাবেক্ষণ আৰু স্বতন্ত্ৰতা ৰক্ষাৰ দায়িত্ব পালন কৰাতো সকলোৰে কাম্য বৰং তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে সেই দিশত গুৰুত্ব নিদি নিজস্ব ৰাজনৈতিক সুবিধাৰ বাবে তাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাৰহে অভিযোগ উঠিছে। ফলত আমাৰ দৰে সাধাৰণ হাজাৰজন মেংগ’ পিপলছ্ আৰু আদা বেপাৰী (যিসকলক জাহাজৰ খবৰ দিবলৈ অস্বীকাৰ কৰা হয় (!) অথচ দেশত কি হৈছে নাজানিলে আদাৰ বেপাৰো কৰিব নোৱাৰা অৱস্থা আজি) বিভ্ৰান্ত হৈছে। যিটো অতি হতাশা জনক।।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close