ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায় -(৬)

দিগন্ত দৈমাৰী

(অসমৰ প্ৰতিজন অসমীয়াক এটা তেজে ধোঁৱা দিনৰ উপহাৰ ভাৰতীয় সেনাৰ)
৯০ দশকৰ কথা ! অসমত তেতিয়া প্ৰতিঘৰত আলফা দমনৰ নামত সশস্ত্ৰ বাহিনীৰ বৰ্বৰ অত্যাচাৰ । অসমীয়াৰ বাবে সেই দিনবোৰ আছিল দুৰ্বিসহ । সেই দুৰ্বিসহ দিনকেইটাত অসমীয়াই বহুত কিবা কিবি হেৰুৱাইছিল । সশস্ত্ৰ বাহিনীৰ বৰ্বৰ অত্যাচাৰে সৃষ্টি কৰিছিল তেজেধোৱা ইতিহাসৰ পৃষ্ঠাও । সেই তেজেধোৱা ইতিহাসৰ পৃষ্ঠাতে যোগ হৈছিল আন এক শিহৰণকাৰী ঘটনাৰ । সেইদিনা আছিল ২৪ জুন ১৯৯৪ চন । আলফা দমনৰ নামত সেনা বাহিনীয়ে সেইদিনটোত নগাঁৱত সংঘটিত কৰিছিল এক দানৱীয় ঘটনা । পাশৱিক অত্যাচাৰ চলাই পাঁচজনকৈ সুন্দৰ-সুঠাম যুৱকক চৰম বৰ্বতাৰে হত্যা কৰাৰ উপৰি মৃতদেহকেইটা ওপৰা-উপৰিকৈ জাপি টায়াৰ আৰু কেৰাচিন ঢালি জ্বলাই দিছিল । ঘটনাৰ খবৰ বিয়পি পৰিছিল সমগ্ৰ অসমত । সমগ্ৰ অসমৰ প্ৰতিজন অসমীয়াক সেনাই উপহাৰ দিছিল এটা তেজে ধোঁৱা দিন ৷ যি অসমৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ’ল ৰাষ্ট্ৰ সন্ত্ৰাস স্বৰূপে ।
১৯৯৪ চনৰ ২৪ জুন দিনটোতে অৰ্থাৎ নগাঁওৰ ঘটনা সংঘটিত হোৱা দিনাই ৭ জনীয়া যুৱকৰ দল এটা আলফাৰ প্ৰশিক্ষণৰ বাবে গৈছিল । ৭ জনীয়া যুৱকৰ দলটোত আছিল চকলাঘাটৰ হিৰণ্য বৰুৱা, ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা, হাতীচোঙৰ হেমেন্দ্ৰ নাথ, দলংঘাটৰ ৰাজীৱ বসুমতাৰী, ৰহাৰ পুতুল মেধী, কাছমাৰীৰ সুৱৰ্ণ কোঁৱৰ আৰু শেতালীৰ প্ৰদীপ বৰুৱা । পৰিস্থিতি উত্তপ্ত হৈ থকাৰ বাবে বাবে আলফাৰ প্ৰশিক্ষণৰ বাবে যোৱা ৭ জনীয়া যুৱকৰ দলে কাৰ্বি আংলং জিলাৰ দক্ষিণ-পশ্চিমত অৱস্থিত চিতলমাৰে নামৰ এখন অতি ভিতৰুৱা গাঁওৰ নিৱাসী ৰাম বাহাদুৰ নামৰ ব্যক্তিজনৰ ঘৰত নিশাটোৰ কাৰণে আশ্ৰয় বিচাৰিল । ৰাম বাহাদুৰে যুৱক কেইজনক আশ্ৰয় দিলে । আশ্ৰয় দিয়া বিষয়টো গোপন সূত্ৰেই জানিব পাৰি আলফাৰ আত্মসমৰ্পণকাৰী গোট এটাৰ সৈতে যোৱা সেনাবাহিনীৰ এটা দলে আটাইকেইজন যুৱককে নিদ্ৰাৰত অৱস্থাত আটক কৰে ৷ পিছত গৃহস্থ বাহাদুৰৰ চোতালতে আলফাৰ আত্মসমৰ্পণকাৰী আৰু সেনাৰ জোৱানে যুৱককেইজনক পেলাই লৈ বুট জোটাৰে গচকি বন্দুকৰ কুণ্ডা, কাঠৰ কুণ্ডা, লাঠী আদিৰে কোবাই কোবাই আধামৰা কৰে ৷ ইফালে, সেনাই সেইদিনাই ঘৰৰ চোতালতে মৰিয়াই মৰিয়াই নিদাৰুণভাৱে হত্যা কৰিছিল আশ্ৰয়দাতা নিৰপৰাধী ব্যক্তি ৰাম বাহাদুৰক ৷ পাশৱিক অত্যাচাৰ চলোৱাৰ পিছত সেনাই যুৱককেইজনক মুমূৰ্ষ অৱস্থাত চোতালৰ পৰা চোঁচৰাই আনি গাড়ীত উঠাই বাহাদুৰৰ ঘৰৰ পৰা কিছু নিলগৰ নিৰ্জন ঠাইলৈ নি ভুৱা সংঘৰ্ষৰ ৰহন সানি নিৰ্মমভাৱে হত্যা কৰে ৷ যুৱকৰ দলটোৰ চকলাঘাটৰ হিৰণ্য বৰুৱা, ৰাইদঙীয়াৰ বিশ্বজিৎ বৰা, হাতীচোঙৰ হেমেন্দ্ৰ নাথ, দলংঘাটৰ ৰাজীৱ বসুমতাৰী আৰু ৰহাৰ পুতুল মেধীক হত্যা কৰাৰ বিপৰীতে কাছমাৰীৰ সুৱৰ্ণ কোঁৱৰ আৰু শেতালীৰ প্ৰদীপ বৰুৱা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাৰ পিছত আজিৰ তাৰিখলৈকে সন্ধান নোলাল ৷ উক্ত যুৱকদ্বয়ৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বহুবাৰ সেনাবাহিনীৰে যোগাযোগ কৰে যদিও সেনাই আশ্চৰ্যজনকভাৱে অজ্ঞতাহে প্ৰকাশ কৰে ৷ যিহেতু সেনাই সাতোজন যুৱককে আটক কৰি আনিছিল সেয়ে সাতোজনকে শীতল মস্তিষ্কৰে হত্যা কৰি পিছত ভুৱা সংঘৰ্ষৰ ৰূপটো বিশ্বাসযোগ্য কৰিবৰ বাবে তথা অধিক জনৰোষত পৰাৰ আশংকাতে সু-পৰিকল্পিতভাৱে যুৱকদ্বয়ক সেনাই কৌশলেৰে সন্ধানহীন হোৱা বুলি প্ৰচাৰ চলায় ৷
জনগণৰ নিৰাপত্তাৰ বাবেই নিয়োগ কৰা ভাৰতীয় সেনাই অসমৰ প্ৰতিজন অসমীয়াক এটা তেজে ধোঁৱা দিনৰ উপহাৰ দিলে ভাৰত ৰাষ্ট্রই প্ৰদান কৰা বিশেষ ক্ষমতাৰ বাবে । আনকি এটা সময়ত একেই লক্ষ্য, উদ্দেশ্য স্বাধীনতা বিচাৰি যোৱা সকলৰ হাতেৰেই অসমীয়াৰ নিধন যজ্ঞ পাতিলে । কি বিড়ম্বনা ! কি কৌশল ভাৰত ৰাষ্ট্রৰ !

Related Articles

Close