ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায় – (৫)

দিগন্ত দৈমাৰী

আজিৰ পৰা ঠিক ৪০ বছৰ পূৰ্বে আজন্ম অধিকাৰৰ পৰা বঞ্চিত, শোষিত, অৱহেলিত এটা প্ৰান্তীয় জাতিৰ ভৱিষ্যতৰ সতে জড়িত অমীমাংসিত অজস্ৰ ৰাজনৈতিক প্ৰশ্নৰ উত্থাপন হৈছিল। প্ৰশ্নবোৰ আছিল “সংযুক্ত মুক্তি বাহিনী, অসম” তথা আলফাৰ। প্ৰশ্নবোৰৰ সতে জড়িত আছিল অসমীয়াৰ ভেম, জাতিৰ ভৱিষ্যত। শোষণ আৰু বৈষম্যৰ পৰা মুক্ত হোৱাই আছিল “সংযুক্ত মুক্তি বাহিনী, অসম”ৰ মূল লক্ষ্য। তথ্য সমৃদ্ধ ইতিহাসৰ ওপৰত ভিত্তি কৰিয়েই অসমীয়া জাতিৰ বাবে সুকীয়াকৈ এটা পৰিচয়, এটুকুৰা মাটি, ভাষা, এখন আকাশ বিচাৰিছিল। অৰ্থাৎ আজন্ম অধিকাৰৰ পৰা বঞ্চিত দেশ এখন জাতীয় মুক্তি সংগ্ৰামত নামি পৰিছিল। কিন্তু অসমীয়া জাতিৰ ভৱিষ্যতৰ সতে জড়িত দাবী সমূহ শান্তিপূৰ্ণ ভাৱে আলোচনাৰ জড়িয়তে সমাধান কৰাৰ পৰিৱৰ্তে প্ৰতিপক্ষ অৰ্থাৎ ভাৰত ৰাষ্ট্ৰই ৯০ দশকৰ পৰা বন্দুক বেয়নেট বা শৰীৰিক অত্যাচাৰ চলায় সংগ্ৰামখনক নি:শেষ কৰাৰ লগতে ভাৰত ৰাষ্ট্ৰই সেনাক বিশেষ ক্ষমতা প্ৰদান কৰি অসমত প্ৰতিঘৰত সন্ত্ৰাসবাদ দমনৰ নামত সশস্ত্ৰ বাহিনীৰ বৰ্বৰ অত্যাচাৰ, অকথ্য নিৰ্যাতন চলালে। সেই বৰ্বৰ অত্যাচাৰ বলি হ’ল কাকপথাৰৰ সোনজানৰ অজিত মহন্ত।
আলফাৰ গুপ্তধনৰ লালসাত ভাৰতীয় সেনাই নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰিছিল সোনজানৰ অজিত মহন্তক ৷ পিছে অজিত মহন্ত কোনো কালে আলফাৰ সাধাৰণ সদস্যও নাছিল। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পুহিছিল। হাজিৰা নাপালে চৌকাত চৰু নুঠিছিল। তেওঁৰ ঘৰৰ চালেৰে আকাশৰ তৰা গণিব পৰা অৱস্থা। তেনে এজন মানুহৰ পৰা গুপ্তধন বিছাৰি সেইসময়ত মাকুমত থকা গোখা ৰেজিমেন্টে নিশা ঘৰৰপৰা পত্নী আৰু সন্তান দুটিৰ সন্মুখৰপৰা উঠাই নি কেইবাদিনো নিৰ্মম নিৰ্যাতন চলাই নৃশংসভাৱে হত্যা কৰিছিল। তাকে লৈ অগ্নিগৰ্ভা হৈ উঠিছিল সমগ্ৰ কাকপথাৰ ৷ উচিত তদন্ত বিচাৰি কাকপথাৰত সুদীৰ্ঘ এঘাৰ দিনৰ পিছত গণ বিস্ফোৰণ উদগিৰণ হৈছিল। সেনাৰ নৃশংসতাৰ বিৰুদ্ধেই স্থানীয় জনতাৰ এই প্ৰতিবাদ, উদগিৰণ। কাকপথাৰৰ সোনজানৰ স্থানীয় প্ৰতিবাদী জনতাই অজিত মহন্তৰ মৃতদেহ সন্মুখত লৈ এসপ্তাহ ধৰি দিনে নিশাই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখিছে। প্ৰতিবাদী জনতাই মাজে মাজে চিঞৰি উঠিছে,
— “আমাক ন্যায় লাগিবই!”
— “অজিত মহন্তৰ হত্যাৰ বিচাৰ হ’ব লাগিবই।”
— “We want justice”
ইত্যাদি ইত্যাদি শ্লগানেৰে।
অজিত মহন্তৰ পৰিয়ালে কোনো ন্যায় নোপোৱাৰ বাবে এসপ্তাহ ধৰি দিনে নিশাই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰা এটা বৃহৎ প্ৰতিবাদী মিছিলে ১০ ফেব্ৰুৱাৰী (২০০৬ চনৰ) তাৰিখে কাকপথাৰ থানা ঘেৰাও কৰাৰ কথা। সেই খবৰ আৰক্ষীৰ কাণটো পৰিছিল সেয়ে সিদিনা তাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভেদ্য দুৰ্গ। থানামুখী হ’লেই যেন প্ৰতিবাদী মিছিলক বাধা দিব। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভেদ্য দুৰ্গ দেখি প্ৰতিবাদী মিছিলেও হিংসাত্মক ৰূপ ধাৰণ কৰিলে৷ উন্মত্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে আৰক্ষীৰ বাহন৷ প্ৰতিবাদকাৰীক নিয়নন্ত্ৰনৰ বাবে আৰক্ষীয়েও কন্দুৱা গেছ এৰাৰ লগতে শূন্যলৈ গুলিচালনা কৰিছে। জুই, ধোৱা, গুলীৰ শব্দত জনতাৰ চিৎকাৰ, কান্দোনৰ ৰোল। তাৰ পাছতো পৰিস্থিতি বিষম দেখি আৰক্ষীয়ে প্ৰতিবাদকাৰীক লক্ষ্য কৰি কেৱল গুলিয়াইছে আৰু গুলিয়াছে৷ কোনোবা ঘৰৰ ভিতৰতে গুলিবিদ্ধ হৈছে, কোনোব গুলিবিদ্ধ হৈছে লাও হেদালিৰ তলত৷ মুহুৰ্তৰ ভিতৰত পুৰুষ, মহিলা, যুৱক-যুৱতীসহ ৯ গৰাকী লোকৰ নিধন যজ্ঞ৷ ৯ গৰাকী লোকৰ মৃত্যুৰে কাকপথাৰে তেজেৰে লিখিলে এক জীয়া ইতিহাস। অসমৰ ইতিহাসত যি ইতিহাস খুদিত হ’ল মাথোঁ ৰাষ্ট্ৰ সন্ত্ৰাস স্বৰূপে।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close