ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায় -(৪)

দিগন্ত দৈমাৰী

১৯৯০ চনৰ ২৮ নৱেম্বৰৰ মাজনিশাৰ পৰা অসমৰ সমাজ-জীৱনলৈ অমানিশা নামি আহিছিল! দিল্লীৰ শাসকৰ প্ৰত্যক্ষ নিৰ্দেশত অসমত সেনা-বাহিনী মেলি দিয়া হৈছিল। কেৱল শাসকৰ স্বাৰ্থত জাপি দিয়া হৈছিল সংবিধানৰ দ্বাৰা অনুমোদিত অতি জঘন্য, অতি অমানৱীয় “সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন”। এই আইনৰ বলতে আলফা দমনৰ নামত আৰম্ভ কৰিছিল নৃশংস সেনা -অভিযান । প্ৰথমটো অভিযানৰ নাম আছিল “অপাৰেছন বজৰংগ”!
প্ৰথম অভিযানটোত “সংযুক্ত মুক্তি বাহিনী অসম” চমুকৈ ‘আলফা’ৰ সদস্য সকল নিঃশেষ কৰিব নোৱাৰি লগে লগে আৰম্ভ কৰিছিল দ্বিতীয়টো অভিযান। দিল্লী – দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত “সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন”ৰ দৰে নৃশংস ক’লা আইনৰ অধীনতে ১৯৯১ চনত আৰম্ভ কৰা হ’ল “অপাৰেছন ৰাইনো”!
অসম মুৃলুকত সংঘটিত হোৱা এই দুই অমানৱীয় সেনা-অভিযানত “সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন”ৰ বলতে সেনা-বাহিনীয়ে অসমৰ নিৰীহ-নিৰপৰাধী ৰাইজৰ ওপৰত নিৰ্মম নিৰ্যাতন চলাইছিল। কোনো বাচি যাব পৰা নাছিল! কি ডেকা, কি বুঢ়া, কি জীয়ৰী-বোৱাৰী, কি শিশু। কোনোৱে যদি পঙ্গুত্বক আদৰি লৈছে, কোনো কোনোৱে আকৌ মৃত্যুক। ভোগৰ সামগ্ৰীৰ দৰে আই-বাই-ভনীক নিয়মীয়াকৈ ধৰ্ষণ কৰিছিল।
১৯৯১ চনৰ ১৬ অক্টোবৰৰ কথা। লখিমপুৰ জিলাৰ নাওবৈচাৰ কোৱাদঙা গাওঁত আলফা বিচাৰি সেনাবাহীনিৰ দল এটা প্ৰৱেশ কৰিছিল। সুধ পুচ নকৰাকৈয়ে গাঁওখনৰ প্ৰতিঘৰত আলফা সদস্য বিচৰণ কৰি প্ৰৱেশ কৰি গৈ আছিল। নিজৰ যি ইচ্ছা সেয়াই কৰিছে। এঘৰত প্ৰৱেশ কৰি তালাচী চলাই আলফা পৰিৱৰ্তে ভিতৰৰ এটা কোঠাত নৰিয়া গাৰে বিচনাত পৰি থকা এগৰাকী ৰোগীৰ মাত ভাহি অহা শুনা পালে। সেইগৰাকী আছিল ভনীমাই দত্ত। যাৰ বয়স আছিল চৈধ্য বছৰ৷ তাইৰ জ্বৰ হৈ থকাৰ বাবেই বিচনাত আছিল৷ সেইদিনা বিচনাত শুই থকা ১৪ বছৰীয়া কিশোৰী গৰাকীক ভোগৰ সামগ্ৰীৰ দৰে সেনা জোৱানে পৈশাচিক উল্লাসত মত্ত হৈ দলৱদ্ধ ধৰ্ষণ কৰাৰ পিচত নৃশংস ভাবে হত্যা কৰিছিল! নৰিয়া দেহাৰে চিঞৰি উঠিছিল যদিও তাইৰ চিঞৰ শুনি তাইক উদ্ধাৰ কৰিবলৈ সেই সময়ত কাৰোৰে সাহস হোৱা নাছিল। পিছত যেতিয়া ভাৰতীয় দখলদাৰী বাহিনীৰ দলটো গৈছিলগৈ, ঘৰৰ মানুহে নৰিয়াত থকা ভনীমাইৰ ৰক্তাক্ত নিস্প্ৰাণ শৰীৰ পাইছিল বিচনাত।
দিল্লীৰ শাসকৰ প্ৰত্যক্ষ নিৰ্দেশত আৰু সংবিধানৰ দ্বাৰা অনুমোদিত অতি জঘন্য, অতি অমানৱীয় “সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন”ৰ বলতে আলফা দমনৰ নামত ভাৰতীয় দখলদাৰী বাহিনীয়ে চৈধ্য বছৰীয়া ভনীমাই দত্তক ভোগৰ সামগ্ৰীৰ দৰে পৈশাচিক উল্লাসত মত্ত হৈ দলৱদ্ধ ধৰ্ষণ কৰাৰ পিচত নৃশংস ভাবে কৰা হত্যাৰ এয়া সম্পূৰ্ণ সঁচা ঘটনা। ৰাষ্ট্ৰ সন্ত্ৰাসৰ উদাহৰণ। যি সন্ত্ৰাসৰ বিচাৰ আজিও নহ’ল। অসম মুলুকত ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা সংঘটিত এনে অলেখ ঘটনাৰে ভৰি আছে, আজিও ঘটি আছে যিবোৰ মাথোঁ লিপিবদ্ধ হৈ ৰ’ব ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা নিৰীহ মানুহৰ বুকুত। অথবা ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোক ঘৃণা কৰা কাৰোবাৰ ডায়েৰীৰ পাতত।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close