ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায়-(৩)

দিগন্ত দৈমাৰী

ফেব্ৰুৱাৰী মাহ, বাহিৰত কিছু ঠাণ্ডা হোৱাত নিশাটো ক্ৰমাৎ গভীৰ হৈ আহিছে। ৰাস্তাত মানুহ অথবা গাড়ী মটৰৰ চলাচল নাই।  সকলোফালে নিমাত, নিস্তব্ধ। মাজে মাজে ফেৰুৱাৰ ‘ফেউ’ ‘ফেউ’, কুকুৰৰ ‘ভৌ’ ‘ভৌ’, হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে নিশাটোক অধিক ভয়াল কৰি তুলিছে।
তেতিয়া নিশা প্ৰায় ২.৩০ মান বাজিছে। হঠাৎ ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ দল এটা আহি গাৰ পৰা মাহ-হালধিৰ গোন্ধ যাবলৈ নৌপাওঁতেই ‘আছাম ফ্ৰন্টিয়াৰ টী লিমিটেড’ৰ মহাপ্ৰবন্ধক ৰামেশ্বৰ সিঙৰ হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিয়েই শোৱাপাটীৰ পৰা উঠাই নিছিল তিনিচুকীয়াৰ ডাঙৰীৰ প্ৰদীপ দত্তক। প্ৰদীপ দত্তক শোৱাপাটীৰ পৰা নিবলৈ আহি শোৱাকোঠাত থকা তেওঁৰ বিয়াৰ উপহাৰৰ টোপোলাবোৰ দেখি বাৰে বাৰে সেনাই সুধিছিল, —‘কিয়া হ্যে ৱহ চব’ বুলি।
—‘সেয়া মোৰ বিয়াৰ উপহাৰ’ বুলি প্ৰদীপ দত্তই বাৰম্বাৰ কোৱাৰ পাছতো দত্তৰ কথাক কোনো গুৰুত্ব দিয়া নাছিল সেনাৰ দলটোৱে। সকলোবোৰ তালাচী কৰি লণ্ড-ভণ্ড কৰি থৈ গৈছিল। নকইনা আৰু মাক-দেউতাকৰ হেজাৰ কাকূতি-মিনতিয়েও টলাব পৰা নাছিল সেনাৰ দলটোক। সেনাৰ নিৰ্মম অত্যাচাৰৰ বলি হৈছিল তিনিচুকীয়াৰ ডাঙৰীৰ প্ৰদীপ দত্ত নামৰ যুৱকজন। বিবাহ পাশত আবদ্ধ হোৱাৰ ৩০ দিন পাৰ হোৱাৰ দিনাই তেওঁক শোৱাপাটীৰ পৰা উঠাই নিছিল সেনাৰ ১৮নং পঞ্জাৱ ৰেজিমেন্টৰ এদল বিষয়া জোৱানে। সেই একে নিশাই অৰ্থাৎ ১৯৯৪ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ ১৮নং পঞ্জাৱ ৰেজিমেন্টে তিনিচুকীয়াৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডাঙৰ গাঁৱৰ প্ৰবীন সোণোৱাল, আছুৰ সক্ৰিয় সদস্য তালাপৰ প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, লাইনা তামুলী গাঁৱৰ ভবেন মৰাণ, ধলাৰ ন বৰমূড়া গাঁৱৰ অখিল সোণোৱাল, ৰূপাই বিষ্ণুনগৰৰ গুনীন হাজৰিকা আৰু প্ৰকাশ শৰ্মা তালাপ আহুবাৰীৰ মনোৰঞ্জন দাস আৰু তামুলী ধূলিজানৰ ১নং বাদলপথাৰ গাঁৱৰ মতেশ্বৰ মৰাণ নামৰ ৯ জনকৈ নিৰীহ যুৱকক আলফা সন্দেহত শোৱাপাটীৰ পৰা উঠাই নিছিল। ইয়াৰে গুণীন হাজৰিকা, প্ৰকাশ শৰ্মা, মনোৰঞ্জন দাস আৰু মতেশ্বৰ মৰাণক সেনাই পাছদিনা মুকলি কৰি দিছিল যদিও বাকী পাঁচজন ক্ৰমে প্ৰবীণ সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ আৰু অখিল সোণোৱালক চাৰিদিনকৈ সেনা ছাউনীত বন্দী কৰি অকথ্য নিৰ্যাতন চলাই ২২ ফেব্ৰুৱাৰীৰ দিনা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নি শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ১৮নং পঞ্জাৱ ৰেজিমেন্ট দলটোৱে। ডিব্ৰু-ছৈখোৱাত শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি ভুৱা সংঘৰ্ষৰ নাটক ৰচনা কৰা সেনাৰ দলটোৰ অকথ্য নিৰ্যাতনৰ স্বৰূপ ফৰেনছিক বিজ্ঞানগাৰৰ প্ৰতিবেদনত যুৱককেইজনৰ মৃতদেহত জিভা কটা, চকু উলিয়াই দিয়াৰ দৰে নিৰ্মম অত্যাচাৰৰ নিদাৰুণ কাহিনীৰ প্ৰকাশ পাইছিল।
সদৌ অসম ছাত্ৰ সন্থাই পাঁচজনকৈ নীৰিহ যুৱকক হত্যা কৰাৰ প্ৰতিবাদত সমগ্ৰ অসম কঁপাই তোলাৰ লগতে সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জগদীশ ভূঞাই ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ত বন্দী প্ৰত্যক্ষীকৰণ আৱেদন জনোৱাত আদালতে সেনাৰ জিম্মাত থকা পাঁচজন যুৱকক আদালতত হাজিৰ কৰাবলৈ সেনাক নিৰ্দেশ দিছিল যদিও সেনাই অজুহাত দেখুৱাই যুৱক কেইজনক আদালতত হাজিৰ কৰোৱা নাছিল। সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যকেইজনক আদালতত হাজিৰ কৰোৱাৰ পৰিৱৰ্তে সেনাই হত্যা কৰে বুলি ২৩ ফেব্ৰুৱাৰীত জগদীশ ভূঞাই পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰে। ২০০০ চনত ন্যায়ালয়ে সেইমৰ্মে গোচৰটো তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰে। ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চি বি আই এ আৰ চি -৪/চি/২০০০ নম্বৰত গোচৰ ৰুজু কৰি তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়ালয় আৰু সেনাপ্ৰধানক দাখিল কৰে। সুদীৰ্ঘ বছৰ সেনাই চি বি আইৰ প্ৰতিবেদনখন গাপ দি ৰাখিছিল যদিও ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত চি বি আইৰ প্ৰতিবেদনখনৰ ভিত্তিত দিনজানস্থিত ডাউ ডিভিজনৰ সেনাৰ আদালতত ১৮নং পঞ্জাৱ ৰেজিমেন্টৰ দোষী বিষয়া-জোৱানৰ বিৰুদ্ধে সেনাপ্ৰধানে ক’ৰ্ট মাৰ্শ্বালৰ ব্যৱস্থা কৰে। এই আদালতে চূড়ান্ত ৰায়দান ঘোষণা কৰি ১৮নং পঞ্জাৱ ৰেজিমেন্টৰ ৭জন বিষয়াক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগে লগে সমগ্ৰ অসম কঁপোৱা এটা হত্যাকাণ্ডৰ অভিযুক্তই শাস্তি লাভ কৰিলে। সেনা আদালতৰ ৰায়ে পলমকৈ হ’লেও পঞ্চ শ্বহীদৰ পৰিয়ালক কিঞ্চিত হ’লেও ন্যায় দিবলৈ সক্ষম হ’ল যদিও ৰাষ্ট্ৰৰ দ্বাৰা ১৯৯০ চনৰ  ২৭ নবেম্বৰত অসমক অশান্ত ৰাজ্য হিচাপে ঘোষণা কৰি  সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন অৰ্থাৎ AFSPA  ৰূপায়ণ কৰাৰ বাবেই সেনাই সন্দেহৰ ভিত্তিতেই আটক কৰি তেনে হত্যাকাণ্ড সংঘটিত কৰিবলৈ সাহস পোৱাত পাঁচটাকৈ পৰিয়াললৈ নামি আহিল গভীৰ অন্ধকাৰ। ৰাষ্ট্ৰৰ দ্বাৰা সৃষ্ট এনে সন্ত্ৰাসৰ এই অসম মূলুকত অৱসান ঘটিবনে ? নে বিদ্ৰোহী দমনৰ নামৰ চলিয়েই থাকিব ৰাষ্ট্ৰৰ এনে সন্ত্ৰাস ?

Related Articles

Close