ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায়-(২)

দিগন্ত দৈমাৰী

হঠাৎ এটা প্ৰচণ্ড শব্দ। শব্দটো শুনাৰ লগে লগে হুৱাদুৱা লাগিল দিপীলা চকত বজাৰ-সমাৰ কৰিবলৈ অহা, বিভিন্ন কৰ্মত ব্যস্ত থকা লোককে ধৰি বাটৰুৱাৰ মানুহৰ মাজত। শব্দটো আহিছিল দিপীলা চকৰ কিছু নিলগত থকা এখন কাঠৰ দলংৰ পৰা। শব্দটো আছিল এটা বিস্ফোৰণৰ। এটা প্ৰচণ্ড বিস্ফোৰণ ঘটিল কাঠৰ দলংখনত। সময় তেতিয়া আবেলি ৫:১৫ বাজিছিল। দলংখনত বোমাটো সংৰোপন কৰিছিল আলফাই (পাছলৈ সংগঠনটোৱে নিজেই দায়িত্ব স্বীকাৰ কৰিছিল)। দলংখনৰ নাটি দুৰৈত শিবিৰ পাতি থকা বি এছ এফক উদ্দেশ্যি আলফাই সংৰোপন কৰিছিল বোমাটো। পিছে উদ্দেশ্য সফল হোৱা নাছিল আলফাৰ। উক্ত বিস্ফোৰণত কোনোবা বি এছ এফৰ জোৱান হতাহত হোৱাৰ পৰিৱৰ্তে ভেৰাগাওঁ চাহ বাগিচাৰ অংশীদাৰৰ জীপচীখন হে সামান্য ক্ষতিগ্ৰস্ত হৈছিল।
বিস্ফোৰণ ঘটাৰ লগে লগে দলংখনৰ নাটি দুৰৈত থকা বি এছ এফৰ শিবিৰটোৰ পৰা বি এছ এফৰ জোৱানসকল উন্মাদ হৈ হাতে হাতে উদ্যত মাৰণাস্ত্ৰ লৈ ঘটনাস্থলীলৈ দৌৰি আহিল। ঘটনাৰ সবিশেষ নজনাকৈয়ে বলিয়া ৰাংকুকুৰৰ দৰে জপিয়াই পৰে বিভিন্ন কৰ্মত ব্যস্ত গাওঁবাসীৰ ওপৰত। গাওঁবাসীয়ে যেন বি এছ এফক উদ্দেশ্যি বোমাটো সংৰোপন কৰিছিল। দিপীলা চ’কত বজাৰ-সমাৰ কৰিবলৈ অহা, কমাৰগাওঁৰ বিভিন্ন স্থানত বিভিন্ন কৰ্মত ব্যস্ত থকা লোককে ধৰি বাটৰুৱাক ঘেৰি ধৰি-বান্ধি ঘটনাস্থলীলৈ লৈ আহে। পথৰ দাঁতিত শাৰী পাতি চলালে অবৰ্ণনীয় অত্যাচাৰ, অকথ্য নিৰ্যাতন। বোকা পানীৰে পূৰ্ণ এখন পথাৰৰ মাজেৰে দৌৰিবলৈ দি পিছফালৰ পৰা ধাৰাষাৰ গুলী চলালে। গুলীৰ তীব্ৰ আঘাতট গতি স্তব্ধ হৈ বোকাত বাগৰি পৰিল কৃষক কেশব ডেকা, প্ৰমোদ কলিতা, শ্ৰমিক চন্দ্ৰ বৰুৱা, কৰ্মচাৰী কৰুণা কলিতা। ইমানতো ক্ষান্ত হোৱা নাছিল জোৱানসকল। পুনৰ খেদি গৈ আৰ্তনাদ ছটফতাই থকা আটাইকেইজনকে বেয়নেটেৰে হানি-খুচি হত্যা কৰে। অকল এয়াই নহয়, দৌৰি দৌৰি অক্ষত অৱস্থাত ক্লান্ত হৈ বস্তিৰ এঘৰত আশ্ৰয় লোৱা অৱস্থাৰ পৰা শিক্ষক-কৰ্মচাৰী গণেশ ডেকাক মানুহৰ ঘৰৰপৰা চোচৰাই বান্ধি লৈ আহে আৰু এটা বৈদ্যুতিক টাৱাৰৰ তলত গুলিয়াই হত্যা কৰি অট্ৰহাস্যৰে বীৰত্ব দেখুৱাইছিল।
অসমত এয়া সম্ভৱ আছিল কেৱল ভাৰত ৰাষ্ট্ৰই সেনাক দিয়া বিশেষ ক্ষমতাৰ বাবে। ১৯৯০ চনৰ পৰা উগ্ৰপন্থী দমনৰ বাবে অসমত সেনা অভিযান চলি আছে। লগতে জাপি দিয়া আছে নৃশংস ক’লা আইন “সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন”! যি আইনৰ জড়িয়তে উগ্ৰপন্থী দমনৰ নামতে অসমত ৰাষ্ট্ৰ সন্ত্ৰাস চলায় সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীৰ লগতে বহু অসমীয়াক হত্যা কৰা হ’ল! ৰাষ্ট্ৰৰ এই সন্ত্ৰাস কাৰণ কেৱল আজন্ম অধিকাৰৰ পৰা বঞ্চিত, শোষিত, অৱহেলিত এটা প্ৰান্তীয় জাতিৰ একাংশ সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতীয়ে অধিকাৰৰ বাবে কৰা বিপ্লৱ। প্ৰতিপক্ষৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু অসমৰ প্ৰেক্ষাপটত গণতান্ত্ৰিক সংগ্ৰামৰ অন্ত:সাৰশূন্যতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সশস্ত্ৰ পথ নিৰ্বাচন কৰা। পথটোৰ প্ৰাসংগিকতা আৰু লক্ষ্যটোৰ ন্যায্যতা থকাৰ বাবেই অসমৰ জনগণেও সংগ্ৰামখনক সমৰ্থন কৰা।
ভাৰত ৰাষ্ট্ৰৰ অসমীয়াৰ প্ৰতি এয়াই ক্ষোভ, এই বাবেই অসমীয়া মানুহৰ ওপৰত ভাৰত ৰাষ্ট্ৰই সন্ত্ৰাস চলায়।  বহু আৰ্থ-সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক দিশ জড়িত হৈ থকাৰ বাবেই অসমীয়া জাতিৰ মুক্তি সংগ্ৰামখনক আলোচনাৰ পৰিৱৰ্তে বন্দুক বেয়নেট বা শৰীৰিক অত্যাচাৰ চলায় পুলিচ-মিলিটেৰী লগাই দমন কৰি যোৱাৰ চেষ্টা চলায়। ১৯৯১ চনৰ ২৭ জুলাইৰ অভিশপ্ত দিনটোও তাৰেই এক উদাহৰণ।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close