ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায় – (১)

দিগন্ত দৈমাৰী

সেইদিনা আছিল মঙ্গল বাৰ। ২০০৫ চনৰ জুলাই মাহৰ কথা। ঠিক দিনৰ ৪-৩০ মান বজাৰ ঘটনা, ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ এটা দল মানুহ ঘৰৰ বাৰীত প্ৰৱেশ কৰিছে; লগে লগে ঘৰখন ঘেৰি ধৰিছে। সেই দলটো মাজৰ এজনে উচ্চ স্বৰে ক’লে,
— “ঘৰকা চভী আদমি বাহৰ নিকাল”।
সেইদৰে কৈ ঘৰখনৰ পৰা বাহিৰলৈ মানুহ উলাই অহাৰ পূৰ্বেই ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ দলটোৰ দুজনমান ভিতৰলৈ প্ৰৱেশ কৰিলে। তাৰে মাজৰ এজনে খিৰিকীৰে সোমাই বাল্টি এটাৰ ভিতৰত কিবাকিবি ৰাখি মানুহ ঘৰৰ আলনাৰ তলত ৰাখিলে। সকলোবোৰ দৃশ্য ঘৰখনৰ নিবাসী কনক ৰাজকোঁৱৰ নামৰ সেই সৰু ল’ৰাটোৱে প্ৰত্যক্ষ কৰি আছে। কনকৰ তেতিয়া বয়স ১৩ বছৰ। সিদিনা যি ঘটিছিল সকলো কনকৰ চকুৰ সন্মুখত ঘটিছিল। কনক সেই দিনটোৰ সম্পূৰ্ণ সাক্ষী।
ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰা বাকী সকলে ঘৰখনৰ ভিতৰত তালাচী চলাইছে। তালাচীত একো নাপালে; খিৰিকীৰে সোমাই আলনাৰ তলত ৰখা বাল্টিটো উলিয়াই আনিলে আৰু ক’লে ,
—“তোমহাৰে ঘৰমে ব’ম বনানেকা চামান মিলাহে, তুমকৌ হামাৰে চাথ চলনা পৰেগা।”
এইদৰে কৈ সেই সৰু ল’ৰাটোৰ পিতৃ প্ৰভাত ৰাজকোঁৱৰক ধৰি নিলে আৰু ঠিক একেদিনাই চৰাইদেউ জিলাৰ গড়কোষ গ্ৰেজিং হাবি নামৰ গাঁওখনৰ আৰু দুজন ব্যক্তিক একেদৰেই আটক কৰি নিলে। মানুহ দুজন ক্ৰমে লাচিত গগৈ আৰু তৰুণ ভড়লুৱা।
গাঁওখনৰ তিনিজনকৈ ব্যক্তিক ধৰি নিয়াত গাঁওখনৰ মহিলা সকল ক্ষুদ্ৰ হৈ দলে বলে উলাই চৰাইপুং থানা ঘেৰাও কৰিলে। আৰক্ষীক প্ৰভাত ৰাজকোঁৱৰ, লাচিত গগৈ আৰু তৰুণ ভড়লুৱাৰ কথা সোধাত, পুলিচে থানালৈ অনা নাই বুলি ক’লে। পুলিচে কোনো সহায় নকৰি দায়িত্ব সামৰিলে। পুলিচে নাই অনা বুলি কোৱাত মহিলাৰ জাকটো ঘৰমুৱা হ’ল। কোনো সন্ধান নোপোৱাকৈয়ে প্ৰথম দিনটো পাৰ হ’ল। পিছদিনা তিনিওজন গাঁৱলৈ আহি পালে। সিদিনা গোটেই ৰাতি তিনিও জনকে ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ কেম্পত অকথ্য নিৰ্যাতন চলায় ৰাতিপুৱা আৰক্ষী থানাত গটাই দি আৰক্ষীক গোচৰ পঞ্জীয়ন কৰিবলৈ কোৱাৰ লগতে পুলিচে গোচৰ পঞ্জীয়ন কৰি প্ৰভাত ৰাজকোঁৱৰ, লাচিত গগৈ আৰু তৰুণ ভড়লুৱাক নিজ নিজ ঘৰলৈ যাবলৈ দিয়াৰ কথা গাওঁলৈ আহি নিজ মুখে প্ৰভাত ৰাজকোঁৱৰ, লাচিত গগৈ আৰু তৰুণ ভড়লুৱাই গাওঁৰ মানুহক কথাবোৰ জনালে।
অকথ্য নিৰ্যাতনৰ বলি হৈ দিন হাজিৰা কৰি খোৱা তিনিওজনে পাছলৈ কষ্ট কৰিব নোৱাৰা হ’ল । লাচিত গগৈয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। বাকী দুজনৰ জীৱনলৈও নামি আহিল গভীৰ অন্ধকাৰ। তৰুণ ভড়লুৱাই ঘৰতে জিৰণি ল’লে। প্ৰভাত ৰাজকোঁৱৰ অসুস্থ হৈ পৰিল। অসুস্থ দেহাৰে কাম কৰিব নোৱাৰা হ’ল। ৰাজকোঁৱৰৰ সেই ১৪ বছৰীয়া কনক ৰাজকোঁৱৰ নামৰ ল’ৰাজন নামি পৰিল জীৱন সংগ্ৰামত। যি সময়ত তেওঁৰ সমনীয়াবোৰ পঢ়িবলৈ স্কুললৈ যায় সেই সময়ত তেওঁ যায় জীৱিকাৰ সন্ধানত। অসমত কোনো জীৱিকাৰ সন্ধান নোপোৱাত চেন্নাই অভিমুখী হ’ল জীৱিকাৰ সন্ধানত, ১৮ বছৰৰ তলৰ শ্ৰমিক হোৱাৰ বাবে প্ৰথম অৱস্থাত কনকে কাম বিচাৰি পোৱা নাছিল যদিও পিছলৈ চেন্নাইৰ কাৰ্টুনৰ বাকচ নিৰ্মান কৰা কোম্পানী এটাৰ গৰাকীৰ গাড়ী ধুইছিল। গাড়ী ধুই পোৱা দৰমহাৰ পইচাৰেই তেওঁ ঘৰলৈ পঠায়। দায়িত্বশীল পুত্ৰৰ দৰে দায়িত্ব পালন কৰে। পাছলৈ তেওঁ কোম্পানী এটাৰ কাম পালে। এইদৰে গতানুগতিক ভাৱে দিনবোৰ চলি আছিল, এদিন চেন্নাইত তেওঁৰো হঠাৎ দুৰ্ঘটনা সংঘটিত হ’ল, হাতৰ আঙুলি এটা মেচিনে কাটিলে। তাৰ পিছটো তেওঁ ভাগৰি পৰা নাছিল জীৱন সংগ্ৰামত। জীয়াই থকাৰ যুঁজত অক্লান্ত সৈনিকৰ দৰে যুঁজি আছিল। কিন্তু ২০১৭ চনৰ ডিচেম্বৰ মাহৰ দিন এটাত হঠাৎ দেউতাক প্ৰভাত ৰাজকোঁৱৰৰ ফোনটোৱে কনকক মানসিক ভাৱে কষ্ট দিলে। ফোনটোত দেউতাকে তাক জনাইছিল।
“ঘৰলৈ দুজন পুলিচে আহি কাগজ এখন দি ক’লে,
— ‘আপুনি কৰ্টলৈ যাব লাগিব, আপোনাৰ কেছ চলি আছে।’
লগে লগে মই প্ৰশ্ন কৰিলো, ‘কিহৰ কেছ ?’
পুলিচ এজনে উত্তৰ দিলে, ‘আপোনাক বোমা নিৰ্মাণৰ গোচৰত আটক কৰা হৈছিল। সেই কেছটো আকৌ চলিছে। আপোনালোকৰ একে গাঁৱৰ নিবাসী তৰুণ ভড়লুৱালৈও কাগজ আহিছে”
ফ’নটোত দেউতাকৰ কথা কেইটা শুনি কনক ভাগি পৰিল। সিপাৰৰ পৰা কনকে ফ’নটো কাটি দিলে। এতিয়া সি কি কৰিব ভাবিয়েই পোৱা নাই। অসুখীয়া দেউতাকৰ জীৱনলৈ আকৌ বিপদ নামি আহিল। দেউতাকৰ বিপদৰ পৰত সি দেউতাকৰ কাষত সাহস হৈ থিয় দিব নোৱাৰি নিজকে অপৰাধী যেন অনুভৱ কৰিলে। তাৰ চিন্তা কৰ্ম স্থান এৰি গ’লে অসমত নতুনকৈ কাম এটা পোৱাটো কঠিন। আজি কালি অসমৰ প্ৰায়বোৰ ল’ৰাই জীৱিকাৰ সন্ধানত বহি:ৰাজ্যলৈ যোৱাৰ কথা শুনিবলৈ পাইছে। কনকে তাৰ পৰাই অনুমান কৰিছে অসমত কামৰ অভাৱৰ কথা। কনকে পৰিস্থিতিৰ সতে মুকাবিলা কৰাৰ সিদ্ধান্ত ল’লে। তেনে এটা পৰিস্থিতিক কনকে প্ৰত্যাহ্বান জনাই দুৰৈৰ পৰাই দেউতাকক সাহস দি দায়িত্বশীল পুত্ৰৰ দৰে দায়িত্ব পালন কৰি হেলাৰঙে অতিক্ৰম কৰিছে সকলো দুখ কষ্ট। সংগীত সূৰ্য ড° ভূপেন হাজৰিকাই কোৱাৰ দৰেই, “জীয়াই থকাৰ যুঁজত নামিছে মৃত্যুৰ শপত খাই।”
ইমান কম বয়সত কনকে যিটো পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে ভাবিলেই আচৰিত লাগে! পিছে এই সকলোবোৰেই কনক ৰাজকোঁৱৰৰ জীৱনৰ সঁচা কাহিনী। ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হোৱা অসমীয়া মানুহৰ কৰুণ অধ্যায়। ৰাষ্ট্ৰ সন্ত্ৰাসৰ অসমাপ্ত অধ্যায়।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close