ৰাজোপজীৱি !

অঞ্জন শৰ্মা

আত্মপ্ৰশংসাৰে বক্ষ প্ৰসাৰিত কৰা
অবিবেকী আত্মম্ভৰি
কস্তুৰীমৃগৰ দৰে আপোন সুগন্ধৰে
আত্মহাৰা
                              ৰাজোপজীৱি
মেকুৰীৰ দৰে নীতিহীন পৰজীৱি
উস্
কি নিৰ্লজ্জভাৱে কৰা
বাৰাঙ্গনাৰ দৰে অঙ্গী-ভঙ্গী
ক্ষমতাধাৰীৰ ভৰিৰ ধূলিৰে ধূসৰ
তপিনা
যেন একোখন ভ্ৰাম্যমান পাপোছ
(অথবা দলিছা)
অপমান তিৰস্কাৰ বিদ্ৰুপ ধিক্কাৰৰ
কলহৰ কাণে ঢলা বৰষুণ
কিম্বা
সমালোচনা নিন্দাৰ ধুমুহাকো
পৰোৱা নকৰা
বিশিষ্ট
                   স্বনামধন্য ৰাজোপজীৱি
আজিও নুবুজিলো বাৰম্বাৰ
কিয়নো উদযাপিত কৰা লাচিত দিৱস
চিলাৰায় দিৱস
সৰ্বানন্দ সিংহ দিৱস
                               নুবুজিলো আমি
ৰাজোপজীৱিৰ বাবেই
এশ-বিৰান্নব্বৈ বছৰে
বিস্মৃতিৰ গৰ্ভত
ইয়ান্ডাবু
এসত্তৰ বছৰীয়া
‘দ্বিতীয় ইয়ান্ডাবু’
                        আমাৰ ইতিহাস
                         আমাৰ ভূগোল
প্ৰাত:স্মৰণীয় ৰাজোপজীৱি
তোমাৰ জয়যাত্ৰাৰঅনুপম কলাক
শতকোটি প্ৰণাম
হে মাতৃভূমি,
ৰাজোপজীৱিৰ জীৱন হওক মধুময়!!
Show More

Related Articles

Back to top button
error: Content is copy right protected !!