ৰাজধানী ডায়েৰীঃ শিশুৰ খেল-পথাৰ – লীনা শৰ্মা

মাজতে ৰাজধানী চহৰ দিল্লীত এটা অতি আমোদজনক ঘটনা ঘটিল। এজাক শিশুৱে মালৱ্য নগৰৰ এৰিয়া কাউন্সিলৰ ওচৰলৈ গৈ আৱেদন কৰিলে যে ডাঙৰ বোৰে ‍‘কাঢ়ি নিয়া’ সিহঁতৰ খেলপথাৰবোৰ অতি সোনকালেই সিহঁতক ঘূৰাই দিব লাগে। এই শিশুসকলৰ ভিতৰত পাঁচবছৰ বয়সৰ তলৰ পৰা ওঠৰবছৰীয়া ল’ৰা-ছোৱালীলৈকে এটা বৃহৎ দলৰ অন্তৰ্ভুক্তিৰে এক সংঘবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা পৰিলক্ষিত হৈছিল। দিল্লীৰ সকলো এলেকাতে বৃহৎ বৃহৎ সেউজ পাৰ্ক; পুৰুষ-মহিলা-কুকুৰ সকলো ব্যস্ত খোজকঢ়াত। মোৰ সহকৰ্মী বহুতে নেহেৰু পাৰ্ক, লোডী গাৰ্ডেন আদিত পুৱা-গধূলি-দুপৰীয়া খোজকাঢ়ি দেহৰ মেদ কমাইছে। তেনে এক পাৰ্ক বা বাগিছাৰ কোনোবা এটা চুকত দুটা বা তিনিটা চেমনীয়াই বল দলিওৱাৰ বা ক্ৰিকেটৰ বেটত বল লগোৱাৰ এক দুৰ্বল প্ৰচেষ্টা চলায়। তেনে শিশুৰ চকুত এক সন্ত্ৰস্ত দৃষ্টি। কি আচৰিত বৈসাদৃশ্য ! ৪০-৫০-৬০ বছৰৰ পুৰুষ-মহিলাৰ জীৱন-যৌৱন ৰক্ষা কৰাৰ কি এক আপ্ৰাণ প্ৰচেষ্টা ! কিন্তু উঠি অহা শিশুৰ বাবে মুকলিকৈ লৰা-ধপৰা কৰাৰ, চিঞৰ-বাখৰ কৰি বল দলিওৱাৰ, ক্ৰিকেট বেট উঠাই বাউণ্ডেৰি বা অভাৰ বাউণ্ডেৰি মৰাৰ ক’তো অৱকাশেই নাই।

মোৰ কাৰ্যালয়ৰ এগৰাকী শকত-আৱত মহিলাৰ বৰ খং। তেওঁ খোজকাঢ়ি থাকোতে হেনো ৯-১০ বছৰীয়া ল’ৰা এটাই মাৰি পঠিওৱা ৰবৰৰ বল এটা তেওঁৰ ভৰিত লাগিল। ‍‘চাওঁকচোন, ইমানবোৰ ধন মাহিলি পাৰ্কখন সুচাৰুৰূপে চলোৱাৰ কাৰণে দিওঁ। অথচ খোজকাঢ়িবলৈ ওলাই এনেদৰে বলৰদ্বাৰা আঘাতপ্ৰাপ্ত হোৱাৰ ভয়।’ মই তেখেতক বহিবলৈ দিলো আৰু কথাই কথাই ক’ত ডাঙৰ-দীঘল হৈছিল, কেনেকৈ ডাঙৰ দীঘল হৈছিল আদিৰ ওপৰত কথা পাতিবলৈ ধৰিলো। পাতোতে পাতোতে এটা সময়ত ওলাল যে পঞ্জাৱৰ যিখন গাঁৱত তেওঁ ডাঙৰ দীঘল হৈছিল তাত সৰুতে তেওঁ পুখুৰীত সাঁতুৰিছিল, হালৰ বলদৰ পাচে পাচে দৌৰিছিল, হাবিয়ে বননিয়ে ঘূৰি থাকোতে আমৰলি পৰুৱাই কামুৰি ছাল বখলা বখল কৰিছিল। মই ক’লো— চাওক, আপোনাৰ আৱাসিক প্ৰকল্পৰ শিশুবোৰৰ মনস্তত্বৰ পৰিবৰ্তন ঘটা নাই। সিহঁতৰ দেহতো অফুৰন্ত শক্তি আৰু দৌৰা-মেলা বল দলিওৱা, লুকাচুৰি খেলা আদি কৰিবলৈ সিহঁতৰ অদম্য ইচ্ছা। গতিকে সিহঁতৰ খেলা-ধূলাৰ বাবে ঠাই অকণ উলিয়াই দিয়াটো অত্যন্ত জৰুৰী হয়নে নহয় কওকচোন। তেনে এক সুবিধা দিওঁতে আপোনাৰ বা মোৰ যদি অলপ কষ্টও হয়, হওক। হয়নে নহয়? আমি হয়তো অস্তমিত হ’বলৈ যোৱা একো একোটা সূৰ্য আৰু সিহঁত হৈছে একো একোটা উদিত সূৰ্য। সিহঁতৰ আগত পৰি আছে সম্পূৰ্ণ জীৱন।’ মানুহগৰাকীয়ে কিমান বুজিলে নেজানিলো, কিন্তু মূৰ দুপিয়াই মানি লোৱাৰ ভংগীত শলাগি থলে।

সৰহ সংখ্যক Resident Welfare Associationত সাধাৰণতে দুটা ভাগ থাকে—বয়স্কলোক আৰু কমবয়সীয়া লোক। বয়স্কলোকসকল অধিক প্ৰভাৱশালী আৰু সমৃদ্ধিশালী, সন্তানবোৰ সাধাৰণতে আমেৰিকা-ইংলেণ্ডৰ নিগাজী বাসিন্দা। তেওঁলোক নিজৰ স্বাস্থ্য আৰু স্বার্থক লৈ বৰ সচেতন। সুন্দৰ সেউজ ঘাঁহনি আৰু ফুলৰ মাজে মাজে বনাই লোৱা পদপথত তেওঁলোকে খোজ কাঢ়ে, বেঞ্চত প্ৰকৃতিৰ শোভা চাই বহে। তেনে এক মনোৰম পাৰ্কৰ মাজত শিশু বা চেমনীয়া দৌৰি-ধাপৰি, বল খেলি তেওঁলোকৰ শান্তি ভংগ কৰিলে সহ্য কৰিব কি যুক্তিত? কম বয়সীয়া লোকসকলৰ নিজৰ শিশু বা চেমনীয়াক লৈ মহা সমস্যাৰ সৃষ্টি হয়। অনবৰতে খেলিবলৈ উদ্যত হৈ থকা অফুৰন্ত শক্তিৰ ভাণ্ডাৰ তেওঁলোকৰ কোমল বয়সীয়া ল’ৰা-ছোৱালীবোৰক লৈ কৰিব কি? বহুতো বয়স্ক মানুহে হেনো হাতত চেফটি পিন লৈ ফুৰিবলৈ যায় আৰু বল পালেই চেফটি পিনেৰে ফুটাই পেলায়। RWAৰ মিটিঙত বয়সীয়া খিনিয়ে চিঞৰ-বাখৰেৰে কোমল বয়সীয়া ল’ৰা-ছোৱালীৰ পিতৃ-মাতৃক ধৰাশায়ী কৰি তোলে। সেইবাবেই দিনটো অফিচ আদিত ব্যস্ত থকা বাপেক-মাকবোৰে গধূলি পৰত ভাগৰ-জুগৰৰ মাজতো ল’ৰা-ছোৱালীক সাঁতোৰ আদিৰ কাৰণে কোনোবা ষ্টেডিয়াম আদিলৈ লৈ যায়। কোনো কোনোৱে জিম আদিলৈ নি ব্যায়াম কৰোৱায়। এবাৰ এগৰাকী কম বয়সীয়া সহকৰ্মীয়ে কৈছিল—‍‘জিমলৈ লৈ যাওঁতে মনটো দুখেই লাগে। বন্ধ ঘৰ এটাৰ ভিতৰত কুচ-কাৱাজ। ১২ বছৰীয়া হৃষ্ট-পুষ্ট ল’ৰাটোৱে যদি বাহিৰত খেলিবলৈকে নেপায়, তেনেহ’লে মুকলি প্ৰকৃতিৰ প্ৰতি ভালপোৱা জাগিব কেনেকৈ?

২০১১ চনত দিল্লী উচ্চ ন্যায়ালয়ে এটা অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল যে কোনো লোকেই ল’ৰা-ছোৱালীক পাৰ্কত খেলিবলৈ লোৱাত বাধা প্ৰদান কৰিব নোৱাৰিব। এই ৰায়ৰ পাছত কোনো কোনো ঠাইত পাৰ্কবোৰত ডাঙৰৰ খোজকঢ়া ঠাইৰপৰা সৰুৰ খেলপথাৰ পৃথক কৰা হ’ল। এবাৰ গ্ৰেটাৰ কৈলাশ এলেকালৈ ফুৰিবলৈ যাওঁতে দেখিলো যে তাত এখন পাৰ্ক তিনিটা ভাগত বিভক্তঃ ডাঙৰৰ বাবে খোজকঢ়াৰ ঠাই, চেমনীয়াৰ বাবে বাস্কেটবল আৰু টেনিছ ক’ৰ্ট আৰু একেবাৰে সৰুবোৰৰ বাবে ঝুলনা আৰু শ্লাইড আদি।

Delhi Development Authority চমুকৈ যাক DDA বুলি কোৱা হয়, তেওঁলোকে ২৬ খনকৈ বৃহৎ খেলপথাৰ গঢ়ি তুলিছে। হৌজ খাছ, কালকাজী, ৰোহিণী আৰু বিকাশপুৰীৰৰ খেলপথাৰ দেখি চমকিত হৈছিলো—টেনিছ ক’ৰ্ট, বাস্কেট ক’ৰ্ট, চুইমিং পুল, ক্ৰিকেটৰ পথাৰ, এক বিশাল কাৰবাৰ। কিন্তু দিল্লী মহানগৰীৰ নিচিনা এনে এক বৃহদাকাৰ চহৰৰ কাৰণে ২৬ খন খেলপথাৰ এপাচি শাকত এটা জালুকৰ লেখীয়া ব্যৱস্থা। আমাৰ এজন বন্ধু-পুত্ৰ উত্তমনগৰৰপৰা প্ৰতি দেওবাৰে বিকাশপুৰীলৈ খেলিবলৈ যায়। দেওবাৰে চাৰি-পাঁচ ঘণ্টা সি দৌৰাৰ পৰা আৰম্ভ কৰি ফুটবল, বাস্কেটবল, ভলীবললৈকে সকলোবোৰ খেল খেলি ঘৰলৈ উভতে। চাৰি কিলোমিটাৰ দূৰত্বৰ খেল পথাৰলৈ সি স্কুল খোলা থকা দিনত যাবলৈ সক্ষম নহয়। মোৰ বন্ধুৱে দুখ প্ৰকাশ কৰি কয় যে যদি উত্তম নগৰতেই এখন খেলপথাৰ হ’লহেঁতেন, সি প্ৰতিদিনেই তালৈ গ’লহেঁতেন। এতিয়া পৰিয়ালটোৱে পুত্ৰৰ এই খেলৰ স্বার্থতেই দেওবাৰৰ দিনা অন্য কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হাতত ল’ব নোৱাৰে।

দিল্লী পুলিচে অলপতে বস্তি এলেকাৰ ওচৰত ২৪খন খালি ঠাই খেলপথাৰ হিচাপে বাচনি কৰি উলিয়াইছে। দিল্লী পুলিচৰ মতে বস্তি এলেকাত হোৱা বহুতো অপৰাধ সংঘটিত কৰে কিশোৰ-কিশোৰীয়ে আৰু সেয়ে তেনে অপৰাধ ৰোধ কৰাৰ বাবে কিশোৰ-কিশোৰীৰ শক্তি খেলা-ধূলাত ব্যয় কৰাৰ সুবিধা কৰি দিয়াটো অত্যন্ত প্ৰয়োজনীয়। এই ২৪ খনৰ ভিতৰত ১৬খনৰ তদাৰকীৰ দায়িত্বও দিল্লী পুলিচে গ্ৰহণ কৰিছে।

২০১৩ চনত তেতিয়াৰ ক্ৰীড়ামন্ত্ৰী অজয় মাকেনে তেতিয়াৰ নগৰ উন্নয়নমন্ত্ৰী কমল নাথলৈ দিল্লীৰ বেচৰকাৰী স্কুলৰ খেলপথাৰসমূহ স্কুলৰ ৩ কিলোমিটাৰ ব্যাসার্দ্ধৰ ভিতৰত থকা এলেকাৰ ল’ৰা-ছোৱালীৰ বাবে ক্লাছ চলি নথকা সময়ত খুলি দিয়াৰ এক প্ৰস্তাৱ পঠিয়াই দিছিল। দিল্লীৰ প্ৰায় দুহেজাৰখন বেচৰকাৰী স্কুলক চৰকাৰী মাটি পানীৰ দৰত লীজত দিয়াৰ বাবে তেনে মাটিৰ ওপৰত ৰাজহুৱা অধিকাৰ থকাৰ কথা সদৰি কৰিয়েই তেওঁ তেনে এটা প্ৰস্তাৱ আগবঢ়াইছিল আৰু নগৰ উন্নয়ন মন্ত্ৰীয়ে লগে লগেই তেনে অনুৰোধ মানি লৈ নিৰ্দেশ জাৰী কৰিছিল। কিন্তু স্কুলসমূহে তেনে এক নিৰ্দেশ বিনা প্ৰতিবাদে মানিনো লয় কেনেকৈ? এখন নামী-দামী স্কুলৰ অধ্যক্ষই এবাৰ টিভি চেনেলৰ আগত সাক্ষ্য প্ৰদান কৰি উত্তেজিত স্বৰত কৈ উঠিছিল— ‍‘খেলপথাৰ আবেলি বা গধূলি বা বন্ধৰ দিনত যদি আমি অন্য ল’ৰা-ছোৱালীৰ কাৰণে খুলি দিওঁ, শৃংখলা আমি ৰাখিম কেনেকৈ? স্কুলৰ দুৱাৰ-খিৰিকী যদি নষ্ট হয়, ফুলনিৰ ফুল যদি মোহাৰি পেলোৱা হয়, তেনেহ’লে আমি কাৰ ওচৰত অভিযোগ কৰিম আৰু কাৰ বিৰুদ্ধে অভিযোগ তুলিম? আমাৰ স্কুলত খেল-ধেমালিৰ প্ৰতিযোগিতা হ’লে বা খেল-উৎসৱ আদি হ’লেও বাহিৰৰ ল’ৰা-ছোৱালীক আমি সোমাবলৈ দিব নোৱাৰিম। তাৰোপৰি আছে আইন-শৃংখলাৰ কথা। কোনোবা ল’ৰা-ছোৱালী যদি খেলা-ধূলাৰ পাছত ভিতৰতেই ৰৈ যায় আৰু তেনে ল’ৰা-ছোৱালীয়ে যদি কোনো আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰে? আমি আমাৰ শিক্ষানুষ্ঠানত এক ভাল পৰিৱেশ দিবলৈ বিচাৰো আৰু সেয়ে অলপ আচুতীয়াকৈ নিজকে ৰাখিবলৈ বিচাৰো। এনে ধৰণৰ নিৰ্দেশৰদ্বাৰা তেনে পৰিৱেশেই এতিয়া ধ্বংস হ’বলৈ ওলাইছে…।’ শুনিবলৈ পোৱা মতে এনে ধৰণৰ নিৰ্দেশ স্কুলসমূহে বিভিন্ন কৌশল খটুৱাই কাৰ্যকৰী হ’বলৈ দিয়া নাই।

আচলতে খেলপথাৰ নোহোৱাৰ সমস্যা অকল ৰাজধানী চহৰ দিল্লীৰেই নহয়, ভাৰতৰ সকলো নগৰ-চহৰৰ সমস্যা হৈ পৰিছে। গতিকে বন্ধ দুৱাৰৰ ভিতৰত ইণ্টাৰনেট, টিভি চাই মেদবহুল হৈ পৰা এচাম ল’ৰা-ছোৱালীৰ শাৰীৰিক-মানসিক অৱস্থাক লৈ উদ্বিগ্ন হোৱাৰ সময় আহি পৰাৰ পাছতো কতো তাক লৈ বহুল আলোচনা হোৱা নাই। এই ক্ষেত্ৰত ৰাজধানী চহৰখন যেন অলপ ব্যতিক্ৰম। কোনোবাই এই বিষয়ক লৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে, ন্যায়ালয়ে এই সম্পৰ্কে গুৰুত্বপূৰ্ণ ইতিবাচক ৰায় প্ৰদান কৰিছে আৰু বিভিন্ন গোটে কম হাৰত হ’লেও কিছুমান কার্যপন্থা গ্ৰহণ কৰিছে।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!