১৯খনকৈ গ্ৰন্থ : “মহাবাহু” পৰিয়ালৰ উপহাৰ ….

কস্তুৰী চুতীয়া

অসম আন্দোলনৰ সময়ত “মহাবাহু”ৰ জন্ম | পোন্ধৰ দিনৰ মূৰে মূৰে মহাবাহু প্ৰকাশ হৈছিল আৰু আন্দোলনকাৰীৰ মন-মগজুত আলোড়নৰ সৃষ্টি কৰিছিল | তাৰ পাছত বহু বসন্তৰ নিৰৱতা | নতুন-পুৰণি লেখনি লৈ “মহাবাহু”ৰ ডিজিটেল সংস্কৰণ এতিয়া সহজলভ্য |
মহাবাহু পৰিয়ালৰ অনুষ্ঠানটিত শ্ৰোতা হিচাপে ২২ ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হৈছিলো | পাৰ্থপ্ৰতীম হাজৰিকা দেৱ ,  বেদব্ৰত মিশ্ৰ দেৱ, সত্যেন শৰ্মা দেৱ ,  প্ৰবীৰ কুমাৰ দাস দেৱ , ৰাজ ফুকন দেৱ  আদি অভিজ্ঞসকলৰ আৰু ক্ষীৰোদ দাদা, অংকুৰৰ দৰে নৱ প্ৰতিনিধিৰ উপস্থিতিত অঞ্জন শৰ্মা ডাঙৰীয়া মহাবাহুৰ সাঁকো গঢ়া সম্পৰ্কৰ সোণাৰী হৈ পৰিছিল | প্ৰতিজন ব্যক্তিৰ বক্তব্যত বিছাৰি পাইছিলো অভিজ্ঞতাৰ মুকুতা |
সেই মঞ্চত  বিশাল “মহাবাহু” পৰিয়ালে সামৰি লোৱা এগৰাকী কনিষ্ঠ সদস্যৰূপে এই অভাজনলৈ ১৯ খনকৈ গ্ৰন্থ আৰু অসমীয়া শিপিনীৰ হাতৰ গামোচাখন উপহাৰ দিয়াৰ বাবে চিৰ কৃতজ্ঞ |
সাঁকো তৈয়াৰ কৰি “মহাবাহু” মহাবাহুৰ দৰেই বৈ যাওক চিৰযুগমীয়া হৈ….
মহাবাহুৰ website .
( লিংকটো খুলিলে MV কামাথৰ এটা গুৰুত্বপূৰ্ণ লেখা পাব)
[কস্তুৰী চুতীয়া, সন্দিকৈ মহাবিদ্যালয়]
Show More

Related Articles

Back to top button
error: Content is copy right protected !!