১৩.৫ শ কোটি বছৰীয়া নক্ষত্ৰ এটাৰ অতিক্ষুদ্ৰ ভগ্নাংশেষ

ড০ ৰাস্না ৰাজখোৱা,

কেইজনমান জ্যোৰ্তিবিদে অলপতে এটা বিৰল নক্ষত্ৰ চিনাক্ত কৰিছিল৷ জ্যোৰ্তিবিদকেইজনে ভাবিছিল যে, তেওঁলোকে প্ৰায় ১৩.৫শ কোটি (বিলিয়ন) বছৰীয়া পুৰণি নক্ষত্ৰ এটা চিনাক্ত কৰিছে, যিটো মহানাদ বিস্ফোৰণৰ ঠিক পিছতে জন্ম হৈছিল আৰু আশ্চাৰ্যজনক কথাটো হ’ল ই আমাৰ একেবাৰে কাষতে আছে।

     এই নতুন আৱিষ্কাৰৰ পৰা অনুমান কৰা হয় যে, আমাৰ তাৰকাৰাজ্যৰ বয়স আগতে ভবাতকৈ বেছি হ’ব পাৰে আৰু বিজ্ঞানীসকলে আশা কৰে যে 2MASSJ18082002-5104378B তৰাটো অধ্যয়ন কৰিলে বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক দিনৰ বহুত কথা আমি জানিব পাৰিম৷

     জন হ’পকিন্স বিশ্ববিদ্যালয়ৰ জ্যোর্তি পদার্থবিদ কেলভিন চক্ল’ফমেনে কয় যে, এই তৰাটো ১০ নিযুত নক্ষত্ৰৰ মাজৰ এটা নক্ষত্ৰ হ’ব পাৰে, ই আমাক প্ৰথম প্ৰজন্মৰ নক্ষত্ৰৰ বিষয়ে অত্যন্ত গুৰুত্বপূর্ণ কিছু তথ্য দিব৷

      কক্ষপথৰ ক্ষেত্ৰত ই এটা ব্যতিক্ৰমী নক্ষত্ৰ৷ ই হাতীপটি তাৰকাৰাজ্যৰ পাতল থালখনৰ এটা নিৰাপদ অৱস্থানত আৰু তাৰকা ৰাজ্যৰ সমতলৰ ভিতৰত আমাৰ সূর্যৰ দৰে অৱস্থিত৷ সাধাৰণতে কমকৈ ধাতু থকা নক্ষত্ৰ জ্যোর্তিবিদসকলে বেছিকৈ বিচাৰে, কাৰণ সেইবোৰ গঠন হয় বহুতো নক্ষত্ৰৰ চুপাৰন’ভা বিস্ফোৰণ আৰু গধুৰ মৌল মহাকাশত সিচঁৰিত কৰাৰ আগতে, বিগ বেংৰ ঠিক পিছতেই৷ বিজ্ঞানীসকলে আৰু কেইটামান এনেকুৱা মুষ্টিমেয় বিস্ময়কৰ পুৰণি তৰা চিনাক্ত কৰিছে যদিও নতুনকৈ চিনাক্ত কৰা নক্ষত্ৰটো খুব সৰু, কেৱল সূর্যৰ ভৰৰ ১৪% ৷ তেওঁলোকে আশা কৰে যে এই নতুন আৱিষ্কাৰেই বহুত বেছি বিস্ময়কৰ পুৰণি তৰাৰ পর্যবেক্ষণৰ প্ৰথম ঘটনা হ’ব ৷

   ক্লফমেনে কয়, “যদি আমাৰ যুক্তিৰে লোৱা সিদ্ধান্তসমূহ শুদ্ধ হয়, তেন্তে কম ভৰযুক্ত নক্ষত্ৰটো যিবোৰ পদার্থৰে গঠন হৈছিল, সেইবোৰ বিগ বেংৰ সময়ত আছুতীয়াকৈ ওলাই আহিছিল৷” তেওঁ আৰু কয়, “যদিও আমি এতিয়ালৈকে এনেকুৱা বস্তু আমাৰ তাৰকা ৰাজ্যত আৱিষ্কাৰ কৰিব পৰা নাই, তথাপি কিন্তু থাকিব পাৰে৷

   এই নতুন গৱেষণাটোৰ বিষয়ে বিৱৰি এখন গৱেষণা পত্ৰ ২০১৮ ৰ ৫ নৱেম্বৰত ‘The Astrophysics Journal’ ত প্ৰকাশ কৰা হয়৷

ভাইৰাছজনিত নেমুনিয়াতকৈ বেক্তেৰীয়াজনিত নেমুনিয়া হৃদপিণ্ডৰ কাৰণে বেছি মাৰাত্মক

    কেইজনমান গৱেষকে পর্যবেক্ষণ কৰি গম পাইছে যে, ভাইৰাছ সংক্ৰমণৰ কাৰণে হোৱা নেমুনিয়াতকৈ বেক্টেৰীয়া সংক্ৰমণৰ কাৰণে হোৱা নেমুনিয়া হার্টৰ কাৰণে যথেষ্ঠ বিপদজনক৷ অধ্যয়নটোত দেখা গৈছে যে, যিসকল ৰোগীৰ নেমুনিয়া বেক্তেৰীয়া সংক্ৰমণৰ বাবে হৈছে বুলি পৰীক্ষাত ধৰা পৰিছে তেওঁলোকৰ হার্ট ষ্ট’ক, মৃত্যুৰ সম্ভাৱনা বেছি৷

    ২০১৮ চনৰ ১১ নৱেম্বৰত আমেৰিকান হার্ট এছ’চিয়েছনৰ চাইনটিফিক ছেচনছ এনুৱেল মিটিংত (Heart Association’s Scientific Sessions annual meeting) এই ফলাফল সমূহৰ প্ৰতিবেদন দাখিল কৰে৷ বেক্টেৰীয়া আৰু ভাইৰাছ দুয়োটাই নেমুনিয়া বেমাৰৰ সৃষ্টি কৰিব পাৰে৷ এই সংক্ৰমণ বায়ুত থকা বেক্তেৰীয়াই হাওঁফাওঁত অক্ৰমণ কৰাৰ ফলত হ’ব পাৰে৷

  প্ৰতিবেদনখনত কোৱা হৈছে যে, গৱেষকসকলে ২০০৭ চনৰ পৰা ২০১৪ চনলৈকে উটাহ হস্পিতালৰ প্ৰায় ৪৮০০ নিমুনিয়া ৰোগীৰ তথ্য বিশ্লেষণ কৰিছিল৷ প্ৰায় ৮০% ৰোগীৰ নিমোনিয়া বেক্টেৰীয়াৰ পৰা হোৱা বুলি ধৰা পৰিছিল৷ গৱেষকসকলে এওঁলোকৰ ৯০ দিনৰ পৰীক্ষা-নিৰীক্ষাৰ তথ্য বিচাৰে আৰু কোন ৰোগীৰ হার্টৰ এর্টেক, ষ্টোক, হার্ট বিকল বা মৃত্যু হয় টুকি লয়৷ (গৱেষকসকলে ৰোগীৰ ৯০ দিনৰ তথ্যহে অনুকৰণ কৰে, কাৰণ বিগত গৱেষণাই দেখুৱাইছে যে নিমুনিয়া চিনাক্ত হোৱাৰ পৰা ৭০  দিন পর্যন্ত এই জটিলতাসমূহ থাকে৷)

   গৱেষকসকলে পর্যবেক্ষণ কৰে যে,  ভাইৰাছৰ কাৰণে হোৱা নিমুনিয়াৰ 26% ৰ তুলনাত বেক্তেৰীয়াৰ কাৰণে নিমুনিয়া হোৱা ৰোগীৰ ৩৪% ৰ বিপদজনক হার্টৰ জটিলতা ৭০ দিনৰ ভিতৰত হয়৷

  গতিকে বেক্টৰীয়েল সংস্কৰণ হার্টৰ কাৰণে বেছি বিপদজনক৷  গৱেষক, লেখক আৰু উটাহৰ ইন্টাৰ মাউনটেইন হার্ট ইন্সিটিউটৰ হার্টৰ এজন জ্যেষ্ঠ বিশেষজ্ঞ ড০ জোচেফ ব্ৰেনট মুহেলষ্টেইন কয়, এই পার্থক্য বহুত বেছি হোৱাৰ কাৰণ হ’ল, ভাইৰেল নিউমুনিয়াতকৈ বেক্টেৰীয়েল নিমুনিয়াই ধমনীত বেছিকৈ আক্ৰমণ কৰে, যিটো হার্টৰ বেমাৰৰ কাৰণে এটা বিপদজনক কাৰক৷ তেওঁ আৰু কয় যে, বেক্টেৰীয়া আৰু ভাইৰাছে শৰীৰত পৃথক ধৰণে সংক্ৰমণ কৰে; ভাইৰাছে নিজে জীয়াই থাকিবলৈ আৰু কোষ ধ্বংস কৰিবলৈ কোষত অৱস্থান কৰে, আনহাতে বেক্টেৰীয়াই কোষৰ বাহিৰত থাকে আৰু তেজলৈ বিষাক্ত (Toxin) বস্তু নির্গত কৰে৷ পিছৰ কৌশলটোৱে তেজত বেছি প্ৰভাৱ বিস্তাৰ কৰে, যিটোৱে ধমনীৰ বেৰৰ ভিতৰৰ ফালে নষ্ট কৰে৷

   তাৰোপৰি বেক্টেৰীয়েল নেমুনিয়াত প্ৰায়ে বেছি জ্বৰ হয়৷ ড০ জোচেফ ব্ৰেনট মুহেলষ্টেইনে কয়, বেছিকৈ তেজত ক্ৰিয়া কৰিলে শ্বেত লোহিত কণিকা বাঢ়ি যায়৷ (শ্বেত লোহিত কণিকা বাঢ়ি যোৱা মানে শৰীৰটোৱে সংক্ৰমণৰ কাৰণে যুদ্ধ কৰি আছে)৷ উল্লেখযোগ্য যে, ভাইৰেল আৰু বেক্তেৰীয়েল নিউমুনিয়াৰ লক্ষণসমূহৰ বিশেষ পার্থক্য নাই৷ বেছিভাগ সময়তে ডাক্তৰে সংক্ৰমণ বেক্টেৰীয়াৰ পৰাই হৈছে বুলি ধাৰণা কৰে আৰু এণ্টিবায়টিকৰে চিকিত্সা আৰম্ভ কৰে৷

     তথাপি মুহেলষ্টেইনে উল্লেখ কৰে যে এই ফলাফলসমূহে তেওঁক আচৰিত কৰিছে৷ বিগত পর্যবেক্ষণৰ পৰা গম পোৱা গৈছে যে চর্দি নোহোৱাকৈ নেমুনিয়া হোৱা মানুহতকৈ, যিবোৰ মানুহৰ চর্দিৰ সৈতে নেমুনিয়া বেমাৰ হয়, সিহঁতৰ হার্টৰ এটেক হোৱাৰ সম্ভৱনা কম আছিল (সেইকেইটা বছৰত)৷ “গতিকে মোৰ ধাৰণা হৈছিল, চর্দিৰ সৈতে নেমুনিয়া কেৱল ভাইৰেল সংক্ৰমণৰ কাৰণে হ’ব পাৰে, কিন্তু প্ৰকৃততে সেইটো নহয়৷”

    তেওঁ আৰু কয়, “যিকোনো ৰোগত, যদি বিপদত পৰো আমি ডক্তৰৰ কাষলৈ যোৱা ভাল৷ সঁচাকৈয়ে পর্যবেক্ষণটোৱে আৱিষ্কাৰ কৰিলে যে যিবোৰ মানুহৰ ভাইৰেল নিউমুনিয়া হয় তাৰো হার্টৰ জটিলতা হ’ব পাৰে, কিন্তু সিমান নহ্য়, যিমান বেক্টেৰীয়েল নেমুনিয়াত হয়৷”

  মুহেলষ্টেইনে কয়, “যিবোৰ বয়সীয়াল মানুহ আৰু শৰীৰৰ সমস্যা গুৰুতৰ, তেওঁলোকক ভাইৰেল সংক্ৰমণতো এণ্টিবাই’টিক পেচক্ৰাইব কৰিব পাৰে৷ কাৰণ ই পাচন তন্ত্ৰ দুর্বল কৰিব পাৰে আৰু সহজে বেক্টেৰীয়েল সংক্ৰমণৰ বাবে বাট মুকলি কৰি দিব, যিটোৱে নিউমুনিয়া ৰোগৰ সৃষ্টি কৰিব৷”

জলবায়ুৰ পৰিৱর্তনৰ কাৰণে বছৰি ২৫০,০০০ তকৈও অধিক মানুহৰ মৃত্যু হ’ব পাৰে

 শেহতীয়া অধ্যয়ন এটাৰ মতে, আগুন্তুক দশককেইটাত জলবায়ুৰ পৰিৱর্তনৰ ফলত বছৰি ২৫০,০০০ তকৈও অধিক মানুহৰ মৃত্যু হ’ব পাৰে৷ ২০১৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই (World Health Organization –WHO) ধার্য কৰে যে জলবায়ু পৰিৱর্তনৰ কাৰণে সৃষ্টি হোৱা তাপ প্ৰতিচাপ, পুষ্টিহীনতা, মেলেৰিয়া ইত্যাদি কাৰকবোৰৰ কাৰণে ২০৩০ চনৰ পৰা ২০৫০  চনৰ ভিতৰত বছৰি প্ৰায় ২৫০০০০ অতিৰিক্ত মানুহৰ মৃত্যু ঘটিব৷

    কিন্তু ‘দ্য নিউ ইংলেণ্ড জার্নেল অৱ মেডিচিন’ (The New Journal of Medicine)ত ২০১৯ চনৰ ১৭ জানুৱাৰীত প্ৰকাশ হোৱা এখন গৱেষণা পত্ৰত উল্লেখ কৰিছে, যে এইটো এটা ‘নূন্যতম হিচাপ’৷ অধ্যয়নটোৰ সহ লেখক, মহামাৰীবিদ আৰু লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিন (London School of Hygiene & Tropical Medicine) ৰ প্ৰাক্তন সঞ্চালক ড০ এন্দ্ৰিউ হেইনিচে কয়, ‘নূন্যতম হিচাপ’ বুলি কোৱাৰ কাৰণ হ’ল– ই জলবায়ু সর্ম্পকিত অন্যবোৰ কাৰক, যিবোৰে মৃত্যুৰ হাৰক প্ৰভাৱিত কৰে, সেইবোৰ হিচাপ কৰিবলৈ অপাৰগ৷ সেই কাৰকবোৰ হ’ল — বসতিৰ স্থানান্তৰণ আৰু তাপ বৃদ্ধিৰ কাৰণে কৃষকৰ উর্বৰতা শ্ৰম কমি যোৱা ইত্যাদি৷ তাৰোপৰি, বিশ্ব স্বাস্থ্য সংস্থাই সমীক্ষাটোত চৰম বতৰৰ (যেনে- ঘূর্ণী বতাহ, বানপানী, বনজুই ইত্যাদি) জলবায়ু ঘটনাই স্বাস্থ্যৰ ক্ৰিয়া-কলাপত জটিলতা সৃষ্টি কৰাৰ কাৰণে হোৱা বেমাৰ আৰু মৃত্যুক গণনাৰ ভিতৰত ধৰা নাই৷

  শেহতীয়াকৈ ২০১৬ চনত কৰা নতুন অধ্যয়নটোৰ মতে, জলবায়ু পৰিৱর্তন সম্বন্ধীয় মৃত্যুৰ শেহতীয়া তথ্য সম্বলিত সংস্কৰণ দিয়া নাই, কিন্তু উল্ল্যখ কৰিছে যে কেৱল খাদ্য সামগ্ৰী উত্পাদন কমি যোৱা কাৰকটোৱেই ২০৫০ চনৰ ভিতৰত ৫২৯,০০ পর্যন্ত প্ৰাপ্ত বয়ষ্ক মানুহৰ মৃত্যু বৃদ্ধি কৰিব৷

    বিশ্ব বেংকৰ সমীক্ষামতে, জলবায়ুৰ পৰিবর্তনে ২০৩০ চনৰ ভিতৰত ১০০ নিযুততকৈ অধিক মানুহক চৰম দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিব, যিটোৱে তেওঁলোকক স্বাস্থ্যৰ ক্ষেত্ৰত কমযোৰী আৰু স্বাস্থ্যত পৰিব পৰা প্ৰভাৱবোৰৰ প্ৰতি অসুৰক্ষিত কৰিব৷

   মুঠৰ ওপৰত জলবায়ু পৰিৱর্তনৰ কাৰণে হ’ব পৰা সকলো ঘটনা-পৰিঘটনাক লক্ষ্য কৰি, গ্ৰীণ হাউচ নির্গমন কমাবৰ কাৰণে প্ৰয়োজনীয় ব্যয় আৰু আঁচনি যুগুত কৰাৰ প্ৰয়োজন৷ তাৰোপৰি জলবায়ু পৰিৱর্তনৰ কাৰণে স্বাস্থ্যৰ ওপৰত পৰা ক্ষতিকাৰক প্ৰভাৱ আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি প্ৰচাৰ কৰাৰ প্ৰয়োজন৷

   প্ৰতিবেদনত কোৱা হৈছে যে, “জলবায়ুৰ পৰিৱর্তনে বহুত মানুহক আহত কৰে, বেমাৰী কৰে আৰু মৃত্যু পর্যন্ত ঘটাই৷ গতিকে, সাংঘাতিক আঘাত বৃদ্ধিৰ অনুমানৰে সৈতে, অতিৰিক্ত জলবায়ু পৰিৱর্তনৰ সৈতে বহু নিযুত মানুহৰ স্বাস্থ্যৰ বাবে ভয়ংকৰ ঘটনা সর্ম্পকিত৷ বর্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে জলবায়ু পৰিৱর্তনে দাৱী কৰা মতে চৰকাৰ আৰু স্বাস্থ্যবৃত্তিৰ লগত জড়িত লোকসকলে চিন্তাভাৱনা কৰি কর্মপন্থা হাতত লোৱা উচিত৷”

মাইকী পঁইতাচোৰাৰ আত্মৰক্ষাঃ

অকল মানুহৰ ক্ষেত্ৰতে ‘মি টু’ নহয়, অন্য জীৱ জগততো ‘মি টু’ দুর্ঘটনা সংঘটিতহৈ থাকে৷ অর্থাৎ কেৱল মানৱজাতিৰ ক্ষেত্ৰতে যে প্ৰায়ভাগ মহিলাই কিছুমান পুৰুষৰ অতিশর্যৰ লগত য’তে ত’তে মোকাবিলা কৰিব ল’গা হয়, এনে নহয়৷ নতুন গৱেষণা এটাৰ মতে, মাইকী পঁইতাচোৰাই একেলগে থূপখাই অতিশর্যকাৰী মতা পঁইতাচোৰাইক ফেপেৰী পাতি ধৰে৷

   ইংলেণ্ডৰ চেষ্টাৰ বিশ্ববিদ্যালয়ৰ প্ৰাণী আচৰণ বিজ্ঞানৰ এগৰাকী প্ৰৱক্তা ক্ৰিষ্টিয়ান ষ্টেনলি আৰু তেওঁৰ সহকর্মীয়ে, প্ৰশান্ত মহাসাগৰীয় কেইটামান মতা-মাইকী গুৱৰুৱা পঁইতাচোৰা এটা বিশেষ আধাৰত ৰাখি সিহঁতৰ সামাজিক আচৰণ পর্যবেক্ষণ কৰে৷ তেওঁলোকৰ পর্যবেক্ষণত ধৰা পৰে যে, মাইকী পইতাচোৰাবোৰে প্ৰাৰম্ভিকভাৱে গোটখাই মহিলা দল গঠন কৰে আৰু মতাবোৰক খুচি-বিন্ধি বাহিৰ কৰি দিয়ে৷ এই অধ্যয়নটোৰ নেতৃত্ব বহন কৰা প্ৰাণীবিদ ষ্টেনলিয়ে কয়, “মাইকী পইতাচোৰাবোৰে মতাবোৰক খেদি উত্কৃষ্ট সামাজিক পৰিৱেশৰ সৃষ্টি কৰে৷” পর্যবেক্ষণটো কৰোতে, প্ৰথমতে মহিলাৰ সংখ্যা মতাৰ সংখ্যাতকৈ বহুত বেছিকৈ লৈছিল, সিহঁতৰ প্ৰভাৱ বেছি আছিল৷ গতিকে সিহঁতে মতাবোৰক পথৰ পৰা আঁতৰাই পঠাবলৈ সমর্থ হৈছিল৷ এই অধ্যয়নৰ ফলাফলসমূহ ২০১৮ চনৰ জুলাইত ‘ইথ’লজি’ (Ethology) জার্নেলত প্ৰকাশ হয়৷

        তাৰপিছত গৱেষকসকলে অন্য এটা পৰীক্ষা কৰি চায়৷ পৰীক্ষাটোত মাইকী পইতাঁচোৰাতকৈ মতা পঁইতাচোৰাৰ অনুপাত বৃদ্ধি কৰি পর্যবেক্ষণ কৰে৷ এই ক্ষেত্ৰত মাইকী পইতাচোৰাবোৰ, মতা পঁইতাচোৰাবোৰৰ বেছি কাষ চাপি আহে আৰু শুংৰে অনুসন্ধান কৰে মতা পঁইতাচোৰাৰ উদ্দেশ্য৷

      গতিকে মাইকী পঁইতাচোৰাবোৰে মতাবোৰক ওচৰ চপাত বা আঁতৰাই পথোৱাৰ ৰণকৌশল হিচাপে একেলগ হৈ জুম বান্ধে৷ উত্তৰ কাৰ’লিনা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপক, কিট বিজ্ঞানী ক’বি শ্বল (Coby Schal), যি এই গৱেষণাৰ অর্ন্তভুক্ত নহয়, তেওঁ বিশ্বাস নকৰে, যে মাইকী পঁইতাচোৰাই মতা পঁইতাচোৰাৰ আগ্ৰহক উপেক্ষা কৰিবলৈ বিচাৰিব বা কৰিব৷ তেওঁ কয়, দুইটা লিংগৰ পঁইতাচোৰাইবোৰৰ আকাৰৰ পার্থক্যৰ বাবেই অকল মতা পঁইতাচোৰাইবোৰক বাহিৰলৈ উলিয়াই দিয়ে৷

  ক্ৰিষ্টিয়ান ষ্টেনলিয়ে কয় যে, সুকীয়াকৈ যোৰ পাতিলে প্ৰশান্ত মহাসাগৰীয় মাইকী গুৱৰুৱা পইতাচোৰাই এবাৰ সংগমৰ কাৰণে বীর্য ধাৰণ কৰিব পাৰে৷ মতা পইতাচোৰাৰ সংখ্যা বৃদ্ধি কৰি পৰীক্ষাটো কৰোতে এই পৰীঘটনাটো বেছি স্পষ্ট হৈছে৷ গতিকে অন্যই পিছত যোৰা পাতিব বিচাৰিলে শক্তি নষ্ট কৰা হয় আৰু জোৰ-জৱৰদস্তি কৰিলে আঘাত প্ৰাপ্ত হোৱাৰ সম্ভৱনা থাকে৷ সংক্ষেপে ক’বলৈ গ’লে, এবাৰ সংগমৰ পিছত মতাটোৰ প্ৰয়োজন নোহোৱা হয়, গতিকে প্ৰাথমিক সংঘাতৰ কাৰণে খিড়ীকি এখন খোল খাই যাই, অন্যথা সামাজিকভাৱে মাইকী পঁইতাচোৰাবোৰ মতা পঁইতাচোৰাৰ কাৰণে সামান্য ব্যৱহাৰ হোৱা দেখা যায়৷

আমাৰ হাতিপটী তাৰকাৰাজ্যৰ চাৰিওফালে বিৰল ধৰণৰ কৃষ্ণগহ্বৰ ঘূৰি ফুৰিব পাৰে

অলপতে কেইজনমান জ্যোর্তিবিদে দাৱী কৰিছে যে তেওঁলোকে এটা বিৰল, বৃহস্পতি গ্ৰহৰ আকাৰৰ কৃষ্ণগহ্বৰ চিনাক্ত কৰিছে যিটোৱে আকস্মিকভাৱে হাতিপটী তাৰকাৰাজ্যৰ মাজেৰে ঘূৰি ফুৰে৷ অৱশ্যে, বিজ্ঞানীসকলে কোনো কৃষ্ণগহ্বৰ প্ৰত্যক্ষভাৱে দেখা নাই, কিন্তু নতুন গৱেষণাই আচৰিত আচৰণৰ মহাকাশীয় ডাৱৰ সংৰচনা চিনাক্ত কৰিছে, যিটো কেৱল তেনেকুৱা অদৃশ্য বস্তুৰ কাৰণেহে গঠন হ’ব পাৰে৷ এই তথ্যসমূহ দ্য এটকেমা লার্জ মিলিমিটাৰ/চাবমিলিমিটাৰে (The Atacama Large Millimeter/Submillimeter Array–ALMA ) চিলিৰ উত্তৰাঞ্চলত অৱস্থিত এটকেমা মৰুভূমিত বিক্ষিপ্তহৈ থকা ৬৬ টা দূৰবীক্ষণ যন্ত্ৰৰ সজ্জাৰ পৰা লোৱা তথ্য৷

      জাপানৰ নেশ্বনেল এষ্ট্ৰনমিকেল অৱজাৰভেটৰীৰ পদার্থবিদ শ্বানিয়া টাকেকাৱায়ে কয় “প্ৰথমবাৰৰ বাবে যেতিয়া মই ALMA  তথ্য পর্যবেক্ষণ কৰিছিলো, মই সঁচাকৈয়ে উত্তেজিত হৈছিলো, কাৰণ পর্যবেক্ষণ কৰা গেছে কক্ষীয় গতি প্ৰদর্শন কৰিছে, যিটোৱে প্ৰৱলভাৱে কয়, এটা অদৃশ্য অতিভৰৰ বস্তু লুকাই আছে”৷

টাকেকাৱা আৰু তেওঁৰ সহকর্মীসকলৰ এটা দলে দুটা গেছৰ ডাৱৰ অধ্যয়ন কৰিবলৈ ALMA ব্যৱহাৰ কৰিছিল৷ ২০১৮ চনৰ মেত দুদিনৰ বাবে পর্যবেক্ষণ কৰিবলৈ সুবিধা পোৱা ডাৱৰৰ গেছখিনক সিহঁতৰ আকাৰৰ কাৰণে দলটোৱে নাম দিছিল Balloon and Stream ৷ সেই সময়ছোৱাত, তেওঁলোকে লক্ষ্য কৰিছিল, গেছখিনিয়ে আচৰিত ধৰণে গতি কৰিছে, কেন্দ্ৰৰ চাৰিওফালে ঘূর্ণন হোৱা দেখা গৈছিল৷

   সেই ঘূর্ণন গতিৰ পৰা দলটোৱে গণনা কৰি উলিয়াইছিল যে গঠনত, বৃহস্পতি গ্ৰহৰ আকাৰৰ সমান আৰু আমাৰ সূর্যতকৈ ৩০০০০ গুণ বেছি ভৰ ডাৱৰখিনিৰ গতিপথৰ কেন্দ্ৰত বস্তুটোত থুপ খাই আছে৷ এই বৈশিষ্ট্যবোৰ আৰু সেই স্থানৰ পৰা অহা পোহৰৰ অভাৱে কয় যে এই বস্তুটো এটা মধ্যমীয়া আকাৰৰ কৃষ্ণগহ্বৰ৷

      বিজ্ঞানীসকলে  কয় যে সৰু কৃষ্ণগহ্বৰ আৰু ডাঙৰ কৃষ্ণগহ্বৰ যথেষ্ট আছে, কিন্তু মধ্যমীয়া আকাৰৰ কৃষ্ণগহ্বৰ বিৰল৷ জ্যোর্তিবিদসকলে দাৱী কৰে তেওঁলোকে শেহতীয়া কৃষ্ণগহ্বৰটোৰ আকাৰৰ আৰু দুটা কৃষ্ণগহ্বৰ, হাতিপটী তাৰকাৰাজ্যৰ কেন্দ্ৰৰ কাষত চিনাক্ত কৰিছে৷ এই তিনিওটা কৃষ্ণগহ্বৰ আমাৰ হাতিপটী তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা বিশাল দানৱ আকাৰৰ কৃষ্ণগহ্বৰটোৰ পৰা আঁতৰি অহা নেকি, তাৰ সাক্ষ্য পোৱা যায় নেকি তাক বিচাৰি পর্যবেক্ষণ চলি থাকিব বুলি জ্যোর্তিবিদসকলে নিশ্চিত কৰিছে৷

Related Articles

Close