|| হে মা, ৰক্ষা কৰা ||

অৰবিন্দ ৰাভা

অতিমাৰী কৰ’না উদ্ভূত সংকটময় পৰিস্থিতি, পূৰ্বৰ পয়াঁলগা অৰ্থনৈতিক পৰিস্থিতিক লক-ডাউনে বিধ্বস্ত কৰা অৱস্থাৰ মাজতেই আজি দুৰ্গতিনাশিনী, অসুৰ বিনাশিনী, মহাশক্তিদায়িনী মা ভগৱতী দূৰ্গাক মনত পৰা দিনৰে পৰাই নিষ্প্ৰভভাৱে , জাক-জমকতাহীনভাৱে আদৰণি জনাবলৈ সাজু হৈছে অসমবাসী। আজি আশাৰ বতৰা লৈ ধৰালৈ আহিব মা দূৰ্গা। দোলাত উঠি ধৰালৈ অহা মহিষমৰ্দিনীক আজি বেদীত প্ৰতিষ্ঠা কৰা হ’ব। কৰ’না পৰীক্ষাত সফল হোৱা পুৰোহিতৰ মন্ত্ৰধ্বনি, শংখ, ঘন্টা, ঢাক-ঢোলৰ শব্দৰ মাজেৰেই আজিৰ পৰা আৰম্ভ হ’ব শাৰদীয় দূৰ্গা পূজা। উৎসাহ – উদ্দীপনাহীন পৰিৱেশৰ মাজত মুখা পিন্ধি মা-ৰ দৰ্শনৰ বাবে যাব ভক্তগণ। আজি পুৱা ৯ বাজি ১২ মিনিট ৫২ ছেকেণ্ডৰ ভিতৰত দেৱী দুৰ্গাৰ কাত্যায়নী ৰূপত পূজা আৰম্ভ কৰা হ’ব। সন্ধিয়া হ’ব আমন্ত্ৰণ আৰু অধিৱাস। দেৱীৰ ঘট আৰু মূৰ্তি স্থাপন কৰা হ’ব। ভক্তসকলে প্ৰাৰ্থনা জনাব। এইবাৰ অবৰ্ণনীয় পৰিস্থিতিৰ বাবে নাই কোনো উছাহ উদ্দীপনা। বিভিন্ন চৰকাৰী নিয়ম পালন কৰি পূজা অনুষ্ঠিত হ’ব। পূজাৰ বজাৰ বুলিও দেখা নগ’ল কোনো উৎসাহ। মূলতঃ এইবাৰ কৰ’নাই হ’ল মহিষাসুৰ। সেই ভাইৰাছৰ পৰৰা মুক্ত হ’বৰ বাবে মা দূৰ্গাক আজি প্ৰাৰ্থনা জনাব ভক্তবৃন্দই – হে মা, ৰক্ষা কৰা মা, উদ্ধাৰ কৰা মা!
নীলাচল পাহাৰতো উচ্চাৰিত হ’বঃ
ৰৱিশশিযুতকৰ্ণা কুঙ্কুমাপীতবৰ্ণা
মণিকনকবিচিত্ৰা লোলজিহ্বা ত্ৰিনেত্ৰা।
অভয়বৰদহস্তা সাক্ষসূত্ৰ প্ৰশস্তা
প্ৰণতসুৰনৰেশা সিদ্ধকামেশ্বৰী সা।।
অৰুণ কমলসংস্থা ৰক্তপদ্মাসনস্থা
নৱতৰুণ শৰীৰা মুক্তকেশী সুহাৰা।
শৱহ্ৰিদি পৃথুতুঙ্গস্তনযুগ্মা মনোজ্ঞা
শিশু ৰবিসমবক্ট্ৰা সৰ্বকামেশ্বৰী সা।।
বিপুল বিভবদাত্ৰী স্মেৰবক্ট্ৰা সুকেশী
ললিত নখৰদন্তা সামিচন্দ্ৰাকাম্ৰা।
মনসিজ দৃষদিস্থা যোনিমুদ্ৰালসন্তি
পৱনগমনশক্তা সতশ্ৰুতস্থানভাগা।।
চিন্তা চৈৱং বিদ্যুগ্নিপ্ৰকাশা দ।
ধৰ্মাৰ্থাদ্যৈ: সাধকৈৰ্বাঞ্চিতাৰ্থৈ:।।
•••••••মহাবাহু•••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!