হেৰাই যোৱাজনৰ নেহেৰোৱা ছাঁ…

কাবেৰী গোস্বামী

এই যে এটা বছৰৰ পাছত আন এটা বছৰ আহে, কেলেণ্ডাৰখন সলনি হোৱাৰ দৰে জীৱনৰ পৰৱৰ্তী পৃষ্ঠাটো লুটিয়াও… পৰিৱৰ্তিত ঋতুবোৰৰ দৰে কিন্তু পৌনঃপুনিক নহয় জীৱনৰ সময়খিনি৷ ছৌব্বিশ ঘণ্টাৰ দিনটোৰ প্ৰতিটো মুহূৰ্তই পৰৱৰ্তী মুহূৰ্তৰ বাবে অতীত, সকলো পিছলৈ এৰি আগুৱাই গৈ থকা এটা যাত্ৰা৷
বুজা হোৱাৰ পৰা প্ৰতিবাৰেই এই সময়খিনিত বছৰটোৰ বিগত কিছু সময় আৰু কিছুমান ঘটনাক মনত পেলাওঁ৷ এৰি অহা বাটটো মণিব পৰালৈ এবাৰ ঘূৰি চাওঁ, যদিও জীৱন উভটি যোৱাৰ যাত্ৰা নহয়, কিন্তু চাই উঠা চিনেমা এখনৰ ভাল লগা দৃশ্যবোৰ rewind কৰাৰ দৰে, পঢ়ি হোৱা কিতাপ এখনৰ দুই এটা পৃষ্ঠা আকৌ এবাৰ লুটিয়াই চোৱাৰ দৰে কেতিয়াবা চাব পাৰি শেষ হ’বলৈ ওলোৱা বছৰ এটাৰ কটাই অহা সময়খিনি৷ বিখ্যাত অভিনেতা টম হেংকছ অভিনীত অস্কাৰ জয়ী ছবি “Forrest Gump” ৰ এষাৰ সংলাপ মনত পৰে “You got to put the past behind you before you can move on…” এৰা! অতীতক পিছত এৰিয়েইতো আগুৱাই যোৱা হয়৷ এৰি অহা হয় অহেতুক কিছুমান ভাৰ৷ আৰু যদি সেয়া কঢ়িয়াই অনা/ফুৰা হয়, তেনে জীৱনটোৱেই ব’ব নোৱাৰা বোজা হৈ পৰে৷
 ক’ৰবাত পাইছিলো, মানুহে অভিশাপৰ কথা নাভাবি আশীৰ্বাদক মনত ৰাখি জীয়াই থাকিব লাগে৷ সকলোকে সন্তুষ্ট কৰাটো যি দৰে সম্ভৱ নহয়, একেদৰে সম্ভৱ নহয় আনৰ ইচ্ছাত জীৱন যাপন কৰাটো৷ বৰং জীৱনক গৈ থাকিবলৈ, বৈ থাকিবলৈ দিব লাগে আপোন পথৰে৷ আনৰ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰাকৈ জীয়াই থকাতোৱেই কিজানি সাধাৰণ ক্ষেত্ৰত এক গ্ৰহণযোগ্য জীৱন৷ প্ৰতি মিনিটত জন্ম হোৱাৰ বিপৰীতে মৃত্যুও ঘটি আছে, আৰু জন্ম- মৃত্যুৰ এই প্ৰক্ৰিয়াই সৃষ্টিৰ সমতুলতা ৰক্ষা কৰি আহিছে৷
মাটিৰ গাঁত এটা সময়ত স্বাভাৱিক ভাৱে পোত খাই যোৱাৰ দৰেই মানুহৰ মৃত্যুয়ে সৃষ্টি কৰা শূন্যতাও সময়েই ভৰাই তোলে; কিন্তু কেতিয়াবা এনে শূণ্যতা অপুৰণীয় হৈয়ে ৰৈ যায়..! জন্মৰ দৰে মৃত্যুও এক স্বাভাৱিক প্রক্রিয়া হ’লেও কোনো মৃত্যুয়েই কিজানি সাধাৰণ নহয়! দেউতাৰ মৃত্যুৰ এঘাৰ বছৰৰ পাছত আজি দুটা সপ্তাহ পূৰ্বে বৰদেউতাৰ মৃত্যু হ’ল৷ এই দুয়োটা ঘটনা আনৰ বাবে তেনেই সাধাৰণ হ’লেও আমাৰ বাবে নিশ্চয়েই নহয়৷ এটা দিন আগলৈ পৰিয়াল এটাৰ অবিচ্ছেদ্য অংগস্বৰূপ সদস্য এজনৰ মৃত্যুৰ পাছত শাৰীৰিক অস্তিত্ব নোহোৱাৰ পাছতো কেতিয়াবা আনসকলৰ মৃতকৰ প্ৰতি আত্মিক ভাৱে টান আগতকৈ অধিক হোৱা দেখা যায়৷ যাৰবাবে তেওঁৰ ছবি অথবা আন আন কথা বা সামগ্ৰীৰ মাজত তেওঁৰ স্মৃতি ধৰি ৰখাৰ প্ৰয়াস কৰা হয়৷ বাৰে বাৰে মনত পৰে তেওঁৰ লগত জড়িত মুহূৰ্ত কিছুমান৷ বৰদেউতা শিক্ষক আছিল (১৯৯৫ চনত অৱসৰপ্ৰাপ্ত)৷ অঞ্চলটোৰ পৰিচিত এজন শিক্ষক৷ যেতিয়াই বৰদেউতাৰ লগত ক’ৰবালৈ যাওঁ, তেখেতৰ কোনোবাজন ছাত্ৰ বা ছাত্ৰীৰ সশ্ৰদ্ধ ’ছাৰ’ বুলি পৰিচিত সম্বোধনটো শুনিবলৈ পাওঁ৷ আখৰ লিখিবলৈ বৰদেউতাৰ পৰা শিকিছিলো, শিকিছিলো  পঢ়িবলৈ পাঠ্যপুথিৰ বাহিৰেও আন আন কিতাপবোৰ৷ যৌথ পৰিয়ালৰ আমাৰ ঘৰখন গাঁৱত আনৰ বাবে আদৰ্শ আছিল৷ দেউতা আৰু বৰদেউতাৰ মাজৰ মিল আৰু মৰমৰ কথা সকলোৰে মুখে মুখে আছিল৷ মনত পৰে সপ্তাহৰ মূৰত ঘৰলৈ অহা দেউতাৰ লগত বৰদেউতাই তমাল তুলাই, জুই পুৱাই, বৰশী বাই অথবা পথাৰৰ কাম কৰোঁতে কৰা আলোচনাবোৰ৷ দেউতাৰ আকস্মিক মৃত্যুত বৰদেউতাই প্ৰথমবাৰৰ বাবে ভয় কৰিবলৈ লৈছিল মৃত্যুক৷ লাহে লাহে এই ভয় একধৰণৰ অসুখৰ দৰে হৈ পৰিল তেখেতৰ বাবে৷ কিজানি বৃদ্ধ অৱস্থাৰ সেই ধৰফৰণি খিনিকে  বিজ্ঞানৰ ভাষাত “Death Anxiety” বা “Thanatophobia” বুলি কয়৷ আমি পঢ়িবলৈ আৰু কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই আহিব লগা হোৱাত তেখেতে অকলশৰীয়া অনুভৱ কৰিবলৈ লয় আৰু  কোনো বিশেষ ৰোগ নথকা সত্বেও কেৱল এই এটা কাৰণতে তেখেত মানসিক ভাৱে দুৰ্বল হৈ পৰে আৰু শাৰিৰীকভাৱেও ক্ৰমে অসহায় হৈ পৰে৷
আনৰ অথবা অপোনজনৰ মৃত্যুৰ এই প্ৰাক্ আৰু পৰবৰ্তী অভিজ্ঞতাসমূহ প্ৰত্যক্ষ কৰিও আমি পাহৰি যাওঁ আমি সকলোৰে বাবেই এটা শেষ দিন আছে৷ কাৰোবাৰ আগ আৰু কাৰোবাৰ পাছ৷ চলি থকা আৰু ৰৈ যোৱা, উশাহ আৰু উশাহহীনতাৰ মাজত আমাৰ কোনো পূৰ্বধাৰণা নাথাকে (কোনো বিশেষ  ৰোগ অথবা দূৰ্ঘটনাজনিত কাৰণ নহ’লে)৷ জীৱনৰ এবাৰ বন্ধ হোৱা ঘড়ীটো দুনাই নচলে, no second chance…
অকলে পৃথিৱীলৈ অহা প্ৰথম দিনটো আৰু চাৰিজনৰ কান্ধত  উঠি শেষ যাত্ৰাৰ মাজৰ সময়খিনিয়ে জীৱন৷ বাৰীচুকৰ চেঁচুকীয়া চুকটো অথবা ইলেকট্ৰিক শ্মশানত ছাঁটোও হেৰাই যোৱা আমাৰ জীৱনটোত অহংকাৰ কৰিব পৰাকৈ কিয়েইবা থাকে!  অথচ তথাপিও আমি অনেকে সেয়াই কৰোঁ, আনক মাৰি নিজে দুদিন বেছিকৈ জীয়াই থকাৰ হেঁপাহ কৰা লোকো অনেক দেখিছো৷ দেখিছো অসুখত ভুগি একো খাব নোৱাৰা হৈ জীৱনৰ শেষ দিন গণি থকা কোনোজনৰ দুৰ্নীতি শেষ নোহোৱা৷
ক’ৰবাত পাইছিলো, এইটো আছৰিত যে মানুহ মাত্ৰেই  মৰণশীল বুলি জানিও প্ৰত্যেকেই নিজে অমৰ হোৱাৰ সপোন দেখে বা হেঁপাহ কৰে৷ কিন্তু আমি অনেকেই দীঘলীয়া জীৱনটোত ক্ষুদ্ৰস্বাৰ্থৰ পিছত দৌৰি জীৱনক মূল্যহীন কৰাৰ বিপৰীতে কিন্তু বহুজনে সংক্ষিপ্ত জীৱনকালতে মহত্ত্বপূৰ্ণ কৰ্মৰে জীৱনৰ সাৰ্থকতা প্ৰমাণ কৰি গৈছে, আৰু আৰু আগলৈয়ো কৰি যাব৷ প্ৰকৃততেই জীৱনৰ মাপকাঠি  বয়স নহয়, কৰি যোৱা কাম আৰু ৰাখি যোৱা আদৰ্শহে৷ সময়ৰ বালিত ৰৈ  যোৱা খোজবোৰেই মৰণশীল একোজন মানুহকো যুগে যুগে অমৰ কৰি আহিছে৷ সেয়েহে সাধাৰণ হৈও এনেজন অসাধাৰণ৷ গতানুগতিকতাৰ মাজতো ব্যতিক্ৰম৷

Related Articles

Close