‘হেলমেট’ নিপিন্ধাৰ বাবে ২০১৮ চনত ৪৩০০০ বাইক আৰোহীৰ মৃত্যু

মহাবাহু

নতুন দিল্লী পথ দুৰ্ঘটনাৰ সংখ্যা কমাবলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰসমূহে। কিন্তু তৎসত্ত্বেও মৃত্যুৰ লেকাম টানি সফলতা অৰ্জন কৰা সম্ভৱ নহ’ল। বৰং যোৱা ২০১৭ চনৰ তুলনাত ২০১৮ চনত পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২১বৃদ্ধি পাইছে। যিক্ষেত্ৰত ২০১৭ চনত ‍‘হেলমেট’ নিপিন্ধাকৈ ‍‘বাইক’ চলোৱা বাবে ৩৫৯৭৫ জনৰ মৃত্যু হৈছিল, সেই সংখ্যা ২০১৮ চনত বৃদ্ধি পাই ৪৩৬০০ জন হৈ পৰিছে। গুজৰাট আৰু ঝাৰখণ্ডৰ অৱস্থা অধিক শোচনীয়। কাৰণ সেই দুয়োখন ৰাজ্যত বাইক চলোৱাৰ সময়ত হেলমেট পৰিধান কৰা বাধ্যতামূলক নহয়।

সেয়েহে কেৱল গুজৰাটতেই ৯৫৮ জন বাইক আৰোহীৰ মৃত্যু হৈছে। পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে উত্তৰ প্ৰদেশ। যোৱা বছৰ উত্তৰপ্ৰদেশত ৬০২০ জনৰ মৃত্যু হৈছে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে মহাৰাষ্ট্ৰ আৰু তামিলনাডু। কেৱল মহাৰাষ্ট্ৰত ৫৫০০ জনৰ আৰু তামিলনাডুত ৫০৪৮ জনৰ মৃত্যু হৈছে।

কেৱল হেলমেট নিপিন্ধা বাবেই যে মৃত্যুৰ সংখ্যা বাঢ়িছে সেয়া নহয়, গাড়ীত চিটবেল্ট নাবান্ধা হেতুকেও দুৰ্ঘটনাৰ সংখ্যা প্ৰতি বছৰে ঊর্ধ্বমুখী হৈছে। ২০১৭ চনত ২৪০০০-অৰ অধিক মানুহৰ মৃত্যু হৈছে চিটবেল্ট নাবান্ধা হেতুকে।

Related Articles

error: Content is copy right protected !!
Close