হিমালয় ট্ৰেকিং ডায়েৰী:(৩)

ৰুবী বৰা

নদীৰ শব্দতে টোপনি যোৱা মানুহজনী সেই একে শব্দতে সাৰ পালোঁ। সময় ৫টা। চকু মেলি নদীৰ সুৰৰ লগতে পাহাৰীয়া গাৱত জুন মাহত লেপ লৈ শোৱাৰ আমেজকন উপভোগ কৰিব চেষ্টা কৰিলোঁ। কালি গাইডে কোৱামতে আমি ৭ টাত ইয়াৰ পৰা ট্ৰেকিং আৰম্ভ কৰিব লাগিব। গতিকে সোনকালে উঠি গাওঁখনত এপাক মাৰি অহাই ভাল হ’ব। চুৱেটাৰতো গাত লগাই বাহিৰলৈ ওলাই গ’লোঁ। হামি এটা মাৰি বাহিৰলৈ ওলাই গৈছিলোঁ আৰু চকুৰে যি দেখিলো মুখ জপাবই  পাহৰিলোঁ। আমি থকা ঘৰটোৰ সোফালে পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা, যিটোৱেদি আমি যাম। আগফালেও এফালে পাহাৰ মাজতে তললৈ নামি যাব লাগে আৰু অলপ দূৰৰ ফালে চালে পাহাৰ আৰু পাহাৰ। বাওঁফালে কাষতে নদীখন  আৰু তাৰ কাষৰ পৰাই ওখ ওখ পাইন গছেৰে আৱৰা পাহাৰ। গাওঁখনৰ এঘৰৰ পৰা আন ঘৰলৈ যাবলৈকে আধাঘন্টামানকে লাগিব।সমান নহয় যে। বাৰীয়ে বাৰীয়ে আপেলৰ বাগিছা। আপেলবোৰ সেউজীয়া হৈ আছে। এনেতে আমি থকা ঘৰৰ গৰাকী মাহীয়ে মোক চাহ আৰু গৰম পানী দি গ’ল। গা মুৰ ধুইয়ে তলৰ আপেলৰ বাৰীলৈ মাহীৰপৰা অনুমতি লৈ ঢাপলি মেলিলোঁ। প্ৰথমে নদীখনৰ কাষলৈ গ’লোঁ। চেচা পানী। মাহীয়ে দেখি তাৰপৰা ঘুৰি আহিবলৈ চিঞৰি ক’লে। মন নাছিল যদিও মানুহগৰাকীৰ কেয়াৰক আওকান নকৰি আপেলৰ বাৰী পালোহি। সৰু সুৰা দম এটাই দিলে মোক। সৰু ছোৱালী অকলে কিয় গৈছিলা? মই একো নকৈ হাহি দিলোঁ (মাহীয়েনো কেনেকে জানো দেখাত সৰু যেন লাগিলেও কেতিয়াবাই কুৰিতে বুঢ়ী হ’লোঁ)। মাহীও হাহি দিলে। আপেলৰ গছবোৰত উধাই মুধাই চেলফি উঠিলোঁ। মানুহবোৰ উঠাই নাই। মাহীৰ লগত পাচলি কুটিব ধৰিলোঁ কথাৰ মহলা মাৰি মাৰি। ৰাইজ লাহে লাহে উঠিল। দৌৰাদৌৰিকে সকলো সাজু হ’ল। ভাত খাই যাত্ৰা আৰম্ভ কৰিলোঁ।  দীঘলীয়াকৈ শাৰী পাতি গৈ আছোঁ। প্ৰথম অৱস্থাত পাই অহা নদীখনৰ কাষে কাষে যথেষ্ট ঠেক ৰাস্তা এটাৰে আগবাঢ়িলো।পানীৰ কি সোঁত। ওপৰলৈ গৈ আছো আৰু গৈ আছো।পথটোত ভগা ছিগা শিলৰ টুকুৰা। মাজে মাজে শিলৰেই খটখটিৰ নিচিনা কিন্তু সাৱধান নহ’লে ওলতি যোৱাৰ চান্স আছে। দুঘন্টামান গৈ পালোগৈ বাৰাতিনলা। এইখন এজন বাবাৰ আশ্ৰম। আমি কৰি থকা ট্ৰেকিংটোৰ লক্ষ্যস্থান হ’ল শ্ৰীখণ্ড মহাদেৱ  যিটো হিমাচল প্ৰদেশৰ এক উল্লেখযোগ্য ধৰ্মীয় পদযাত্ৰা হিচাপে গণ্য কৰা হয়।শাওন মাহত চৰকাৰীভাৱে যাত্ৰীসকলৰ বাবে সকলোধৰণৰ সুবিধা আগবঢ়াই। তালৈ যোৱা সকলো যাত্ৰীয়ে এই আশ্ৰমত জিৰনি লয়। আশ্ৰমৰ ফালৰ পৰা চাহ আৰু  পৰঠা খোৱাৰ ব্যৱস্থা কৰে। বহুতেই চিলিমও টানে। আমি তাত আৰু বহুত ট্ৰেকাৰ লগ পালোঁ। বাবাৰ মুখত শ্ৰীখণ্ড মহাদেৱৰ কাহিনী শুনিলোঁ(কাহিনীতো পৰৱৰ্তী খণ্ডত)। তাত নিজৰ নাম, ঠিকনা আৰু ফোন নং লিখি থৈ যাব লাগে। একঘন্টামান বহাৰ পিছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ক্ৰমান্বয়ে পথবোৰে পাৰপেনদিকুলাৰ  টাইপ হৈ গৈ আছে। গছবোৰৰ মাজে মাজে ঠেক পথবোৰ এটা খোজ দিয়াৰ পিছত আনটো খোজ আঠুৰ সমান উচ্চতাত ডাইৰেক্ট। মানে  আগত গৈ থকাজনক পাঁচখোজৰ পাৰ্থক্যত আপুনি মুৰৰ সমান উচ্চতাতকৈ ওপৰত দেখিব আৰু আকাশলৈ চোৱাৰ দৰে তেওঁলৈ চাব লাগিব, ইমানেই থিয় । মোৰতো মাজে মাজে লাগে হিমালয় নবগায় মই আকাশলৈহে জখলা বগাই আছো নেকি। কোনবাপাকত উঠি গৈ থাকোতে পিঠিৰ বেগটোৱে পিছফালেহে টানি আনিব খোজে। আধাঘন্টামানৰ মুৰে মুৰে অকমান সমান ঠাই পালে বহোঁ আমিবোৰ। বেগত থকা চকলেট, ড্ৰাই ফ্ৰুটছ ইত্যাদি খাওঁ। ফটো উঠো,কাৰণ গৈ থাকোতে ফটো উঠোৱাৰ সাধ্য নাই। আকৌ যাওঁ। ঠাইয়ে ঠাইয়ে কেম্প থাকে লগত দোকান এখন দুখন থাকে। কিন্তু আৰু বস্তুবোৰৰ দাম চাৰিগুণ পাচগুণ।মেগি খাওঁ। বহি দিলেই ঠাণ্ডা লাগে। এনেকৈয়েদিনটো গৈ থাকি গধুলি ৭টাত পালোগৈ আমাৰ কেম্প থাচৰু। গছবোৰৰ মাজতে অকমান মুকলি ঠাই তাতে এঢলিয়াকে পানীকাপোৰৰ কেম্পবোৰ। কেম্পছাইট পাই বেগবোৰ থ’লোঁ। খোৱাৰ বাবে থকা কেম্পটো কাষতে আছিল। ৰান্ধনী দুজন আছিল পতি পত্নী। আগত কৈছোৱেই হিমাচলী পাহাৰী মানুহৰ অতিথি পৰায়নতা। তাত বাবা খুৱ চলে। তাৰ জোৰতেই যেন মানুহবোৰে ই মান কঠিন পথবোৰতো উৰি উৰি যোৱাদি যায়।মইহে ভাৱো দেই। সকলোৱে কিবা কিবি কৰি আছে। মই কথকি মানুহ গতিকে মাহীজনীৰ আৰু চাচাৰ লগতে আড্ডাত বহিলোঁ। বহুত সময় পাতিলো কথা। অসম-হিমাচল, আমাৰ গাওঁ- তেওঁলোকৰ গাওঁ মুঠতে একো বাদ নপৰিল। মাহীৰ লগত এই বন্ধুত্বৰ বাবেই খোৱাৰ সময়ত অলপ বেছি কেয়াৰ পাইছিলো। আনকি মোক তেওঁৰ লগত শুব লগ লৈছিল। বিৰাত মৰম কৰিছিল। পাৰিলে তেওঁৰ গাৱলৈকে লৈ গ’লহেঁতেন।কিন্তু মোৰ যে ‘tight schedule’। অলপ ইফালে সিফালে গ’লোঁ। কেওফালে থকা পাহাৰবোৰৰ পৰা অনুমান কৰিলোঁ আমি বহুখিনি বগালো।তললৈ আমি পাৰ কৰি অহা পাহাৰবোৰ দেখি মনটো বিৰাত ভাল লাগিছিল। ৯ মান বজাত খাই বৈ শুই গ’লোঁ। কেম্পটো যথেষ্ট ডাঙৰ ।আমি সকলোবোৰ একেটাতে শুলোঁ। পানীকাপোৰৰ তম্বু বোৰৰ একেবাৰে তলত থাৰ্মকল তাৰওপৰত কম্বল পাৰি দিয়া আছিল। এবাৰ বন্ধ কৰি দিয়াৰ বতাহ সুমোৱাৰ কোনো সুৰুঙাই নাথাকে। গাত তিনিখনকৈ ডাঠ কম্বল। শুলোঁ ভালকৈয়ে কিন্তু কিয়জানো বেছিকৈ আনন্দত থকাৰ বাবেই নেকি টোপনিতো কম হৈছিল। গাইডে পুৱা  উঠি সকলোকে সোনকালে সাজু হ’বলৈ কৈ সকলোকে সকিয়াই দিলে কাইলৈ যাবলগা পথছোৱা অধিক কঠিন আৰু সময়ও বেছি লাগিব। মই মোৰ ভাৱৰ দুনিয়াত বিভোৰ। হিমালয়ৰ মাজত, অস্থায়ী কেম্প, নতুন মানুহ, নেটৱৰ্ক নোহোৱা মোবাইল……মই এইবোৰেই বিচাৰি নুফুৰো জানো?
(ক্ৰমশঃ)

Related Articles

Close