হিমালয় ট্ৰেকিং_ডায়েৰী (৪)

ৰুবী বৰা

মাউথ অৰ্গেনৰ সুৰ এটা ভাঁহি আহিছিল কাষৰ কোনোবা এটা কেম্পৰ পৰা। ৰাতিটো আৰু বেছি ৰোমাঞ্চকৰ হৈ উঠিছিল।  টোপনি কেতিয়া  গ’লোঁ গমতো নাপালোৱে সাৰো পালোঁ সোনকালে। উঠিয়ে মাহীৰ আদৰ সাদৰ। সকলো সোনকালে উঠিল। প্ৰাতঃকৰ্ম ভাগ সম্পন্ন কৰোঁ বুলি অদিতি আৰু মই হাতত টিচু পেপাৰ আৰু পানীৰ বটল লৈ উপযুক্ত ঠাইৰ সন্ধানত গ’লোঁ। তললৈ নামি গৈ আওঁহতীয়া ঠাই এডুখৰতে কামফেৰা কৰি কেম্পলৈ আহিলোঁ। ব্ৰেকফাষ্ট কৰি ওলালোঁ সকলো সামৰি। প্ৰায় এঘন্টামান যোৱাৰ পিছত ওখ গছৰ পাহাৰবোৰ কমি আহিল । আৰম্ভ হ’ল ঘাহনিৰ(medows)পাহাৰবোৰ। পাৰ কৰি অহা পাহাৰ বোৰৰফালে চালে বুকুখন ফুলি যায়। ৰাস্তাবোৰ সৰু এঢলীয়া আৰু বেছি থিয় হৈ আহিল। কোনোবা সময়ত আগলৈ তললৈ নামি যোৱা ৰাস্তা দেখিলে মনটো নাচি উঠে কিন্তু পিছমুহুৰ্ততে আকৌ যেনেকেহে উঠিব  লাগে ফাপৰ চুটি যায়। তথাপি ভাল লাগে কিবা এটা! দুৰত থকা ওখ পাহাৰবোৰলৈকে বগাই যাব মন যায়।  দুঘন্টামানৰ পিছত পালোঁ কালিটপ। টপ মানে একেবাৰে top। তাৰ পৰা কাষে বাৰে থকা সকলো পাহাৰ তলত। কেনেকুৱা যে অনুভৱ হৈছিল সেই ঠাইত ৰৈ সঁচাকৈয়ে ভাষাৰ অভাৱ অনুভৱ কৰিছোঁ। যিমান থিয় পথেৰে উঠি গৈ কালিটপ পালোঁ এতিয়া সিমান থিয় পথেৰে তললৈ নামিব লাগিব, তাকো গোটেই পথছোৱা সৰু ডাঙৰ শিল কেৱল শিল। এটা এটা খোজ অতি সাৱধানে দিব লগা হৈছিল। কোনোবা সময়ত এটা খোজ দিবলৈ ২/৩  মিনিটলৈ  ভাৱিব লগা হয়। তিনিঘন্টামানৰ মুৰত শিলৰ পথ এৰি পুনৰ ঘাঁহনিৰ পথ পালোঁ। শিলৰ পথছোৱাৰ মাজতে লগ পালোঁ আমাৰ গাইডৰ চিনাকী এজন যুৱক মাধৱ সৰশ্বত। অকলে আহিছে। তাৰ বেগটো দেখি মই অতি আচৰিত হৈছিলোঁ। ২৫ কিলো ওজনৰ বেগটোত টেন্টৰপৰা আদি কৰি পাকঘৰৰ সকলো মজুত আছিল। মোৰ বাবে মাধৱ এটা ৰহস্য হৈ থাকিল। তাৰ চাল চলন, কথা বতৰাবোৰে বৰকৈ আকৰ্ষন কৰিলে। সিও আমাৰ দলৰে এজনৰ নিচিনা হ’ল। এইটো পথত যথেষ্ট সংখ্যক ৱাটাৰফল পালোঁ। ৱাটাৰফলত মুখ লগাই হিমালয়ৰ বিশুদ্ধ পানী খোৱাৰ মজা জানো বেলেগত পাম! কিছু কঠিন পথ। মাজে মাজে পথ বুলি একোৱে নাথাকে। শিলত খান্দি কৰা ভৰিতো থোৱাৰ জুখাৰে সেইকনক পথ বুলি ক’ব নোৱাৰি। এফালে পাহাৰ আনফালে দ, কিবাকে শ্লিপ হ’লে কোন পুৰি পামগে নাজানো।তেনেকুৱা অৱস্থাত ভৰিটো পথালিকে দি পাহাৰৰ থিয় বুকুত লেপেটা খাই শিলত খোপনি বিচাৰি বিচাৰি অতিক্ৰম কৰিব লগা হয়। গাইড আছিল যথেষ্ট অভিজ্ঞ। কঠিন পথবোৰ তেওঁৰ সহযোগীতাত পাৰ কৰিলোঁ সুকলমে। গৈ আছো গৈ আছো নাপাওঁহে নাপাওঁ। কিন্তু মনোমোহা দৃশ্যবোৰৰ বাবে ভাগৰ অনুভৱ হোৱা নাছিল। সেউজীয়া পাহাৰবোৰে সকলোবোৰ নোহোৱা কৰি দিছিল। মাজে মাজে মেগি, পৰঠা খাওঁ,  ভোকো লাগে নহয় তামাম।খাবলৈ বহোতে আন ট্ৰেকাৰবোৰৰ সৈতে বহা আড্ডাবোৰ বিৰাত ৰসাল হৈ পৰে।
 গৈ গৈ দেখিলোঁ এটা পাহাৰৰ সিফালে ৰঙা, নীলা হালধিয়া তম্বু আকৃতিৰ টেন্টবোৰে আমালৈ বাট চাই আছে। কেম্পচাইটৰ কাষতে কেইবাটাও ৱাটাৰফল। মাজৰ পাহাৰটো যে কেতিয়া উঠি নামি গৈ কেম্পচাইট পালোঁ গমেই নাপালোঁ। ভীম দিৱাৰি কেম্প।
ভষ্মাসুৰৰ তপস্যাত মুগ্ধ হৈ মহাদেৱে ভষ্মাসুৰক বৰ দিলে যে তেওঁ যাৰ মুৰতে হাত দিব সেইজনৰ মৃত্যু হ’ব।  ইফালে ভষ্মাসুৰ পাৰ্ৱতীৰ প্ৰেমত ইমানেই বেয়াকৈ পৰিল যে পাৰ্ৱতীক পাবলৈ শিৱৰ মুৰত হাত দি শিৱক হত্যা কৰিবলৈ খেদি গ’ল। শিৱও নিৰুপায় হৈ দৌৰি পলাই ফুৰিল। ইফালে শিৱ নথকাত পাৰ্ৱতীক বিয়া পাতিবলৈ ভষ্মাসুৰ উত্ৰাৱল হ’ল। পাৰ্ৱতীয়ে সকলো কথা বিষ্ণুক কোৱাত বিষ্ণুৱে পাৰ্ৱতীৰ ৰূপ লৈ ভষ্মাসুৰক নিজৰ মুৰত হাত দিবলৈ কোৱাত নিজৰ মুৰত হাত থৈ শিৱৰ পৰা বৰৰ কৃপাত ভষ্ম হৈ গ’ল।
ভষ্মাসুৰ ভষ্ম হোৱা ঠাইকণেই হ’ল ভীম দিৱাৰি। কেম্প পোৱাৰ আগে আগে এঠাইত এটা সৰু পুখুৰিত পানীবোৰ ৰঙা আৰু কাষৰ শিলবোৰো ৰঙা। ভষ্মাসুৰ সেইঠাইতেই  ভষ্ম হৈছিল বুলি সকলোৱে বিশ্বাস কৰে।
কেম্প পালোঁ। আন্ধাৰ হওঁ হওঁ। কাষেদি নদী খন। কেম্পৰ তিনিটা দিশ ওখ ওখ টকলা শিলৰ পাহাৰ আৰু গ্লেচিয়াৰবোৰ। আমি যিফালেদি গৈছো সেইটো দিশ কেৱল সেউজীয়া আৰু সেউজীয়া। নদীৰ সিটো দিশে কেইবাটাও ৱাটাৰফল। নদীখনেও সেইখিনিতেই ওপৰৰৰ পৰা আহি নদী আকাৰ লৈছে। কেম্পবোৰত ট্ৰেকাৰবোৰ সোমাইছেহি। মাধৱেও নিজৰ টেন্টটো ফিক্স কৰিল যদিও আমাৰ লগতে থাকিল। ঠাণ্ডাটো বাঢ়িছিল। কেম্পত জুইৰ  ওচৰতে বহি চবেই চাহ খালো আড্ডাত বহিলোঁ ভাত খোৱালৈকে। কেম্পবোৰৰ পৰা ভাহি আহিছিল কাৰোবাৰ গান, কাৰোবাৰ হাহিঁ, আৰু কোনোবাটোৰ পৰা আহিছিল মিউজিক প্লেয়াৰত বজোৱা হিমাচলী গীতৰ সুৰ।(ভিডিঅ দিয়া হৈছে অলপ আভাস এটাৰ বাবে) মই অলপ সময় আন্ধাৰত কেম্পৰ পৰা নদীৰ ফালে গৈ জোনটোলৈ চাই ৰৈ আছিলোঁ। পিছদিনা পূৰ্নিমা আছিল। জোনটো ওলাই আহিছিল,পোহৰত জিলিকি উঠিছিল কাষৰ পাহাৰৰ ভাজে ভাজে  থকা শুভ্ৰ গ্লেচিয়াৰবোৰ। লাহে লাহে কেম্পৰ পৰা অহা নানানটা  শব্দ অতিক্ৰমি  ৱাটাৰফলটো আৰু নদীখনৰ শব্দত নিজকে বিলীন কৰি দিছিলোঁ। হঠাতে পিছফালৰ পৰা মাধৱে মাত দিয়াত হে কেম্পৰ ওচৰকৈ আহিলোঁ। ‘সকলোৱে তোমাক বিচাৰি আছে যোৱা ক’ত অকলে ৰৈ আছাহি। ‘ হয় নেকি ‘ বুলি হাহি এটা মাৰি  মই নিজৰ কেম্প পালোগে।’আচৰিত ছোৱালী দেই’ বুলি কৈ মাধৱ নিজৰ কেম্পৰ ফালে গ’ল। কেম্প পোৱাত কোনোবা এটাই ক’লে ‘ ল’ আ গেয়া’ । মই যে নিজকে হেৰুৱাই থাকিব ভাল পাওঁ দলৰ বাকী সকলে ভালকৈয়ে বুজি উঠিছিল। সেয়ে মই যোৱাত তেনেকৈ কৈ হাহিলে আটায়ে। পাঞ্জাৱৰ আশীষে মোক ‘গুড্ডী’ আৰু মুম্বাইৰ অভিষেকে ‘চ’টি’ বুলি মতা কৰিছিল মোক। আমিতো এটা পৰিয়ালেই হৈ গ’লোঁ।  সকলো ঠিক ঠাক কৰি শোৱ ল’লোঁ। শুই  শুই গাইড আশীষ, অদিতি আৰু মই বহুত পৰ কথা পাতিলোঁ কিবা কিবি। শোওনো কেনেকৈ বাৰু। নিহপালি দিয়া কেম্পবোৰৰ পৰা ভাহি অহা নিৰৱতাক চেৰপেলাই হৰহৰাই বৈ থকা জান জুৰিবোৰৰ শব্দৰ লগত তাল মিলাই, পাহাৰৰ সেউজীয়াবোৰৰ কথা ভাৱি ভাৱি সপোন সপোন লগা পৰিৱেশতকৈ টোপনি ডাঙৰ হ’ব পাৰে জানো………বেচি উচ্চতালৈ গ’লে টোপনি কম হোৱাৰ কাৰণ চাগৈ এইবোৰেই………
(আগলৈ)

Related Articles

Close