হিমালয় ট্ৰেকিং ডায়েৰী (৫)

ৰুবী বৰা

পথছোৱা যথেষ্ট কষ্টকৰ হোৱা বাবে পিছদিনা অলপ লাহে লাহে যোৱা হ’ব বুলি গাইডে ৰাতি শুৱাৰ আগতে জনাইছিল। তথাপিও মই সোনকালেই সাৰ পালোঁ নিজৰ অভ্যাসৰ বাবে। বাকীবোৰ কেম্পৰ মানুহবোৰো সিমান উঠা নাছিল। অলপ ওলাই ইফালে সিফালে গ’লোঁ এনেয়ে। ডিঙি বেকা কৰি কৰি ওখ পাহাৰবোৰ চালোঁ,পাৰোমানে ফটো উঠিলোঁ।  বতাহ আছিল খুৱ। সকলো উঠাৰ পিছত আৰাম বিৰাম কৰি আমি ১০ বজাত পৰৱৰ্তী কেম্পলৈ বুলি আগবাঢ়িলোঁ। সেইটো আছিল আমাৰ চামিট কেম্প। প্ৰায় চাৰিঘন্টামানৰ মুৰত পালোগৈ পাৰ্বতী বাঘ কেম্প। পাহাৰ এটা সম্পূৰ্ণ পাৰ হৈয়ে কেম্পচাইট।যাওঁতে ডাঙৰ ৱাটাৰ ফল এটা পাৰ হৈ গৈছিলোঁ। কেম্পচাইট সৰু। উচ্চতা প্ৰায় ১৪০০০ ফুট। কেম্প চাৰি পাঁচটামান আছে। তাৰে দুটাত আমিখিনি আৰু বেলেগত আন ট্ৰেকাৰ।বতৰটো ডাৱৰীয়া আছিল। আমি কেম্প পাইছোহে মাত্ৰ হঠাৎ ডাৱৰ এসোপাই আহি আৱৰি ধৰিলহি। কেনিও একো নেদেখা হ’লোঁ। কেনেকুৱা যে লাগিছিল সেই সময়ত! অলপ দেৰী পিছত আকৌ  ডাৱৰবোৰ নোহোৱা হ’ল। তেতিয়াহে দেখিলোঁ কেম্পৰ চাৰিওফাল। আগৰ কেম্পৰ পৰা দেখা ওখ ঠাইডুখৰেই এয়া। ইয়াতে ঘাঁহনি শেষ হৈ শিল আৰু বৰফ আৰম্ভ হৈছে। কেম্প থকা ঠাইকন টিলা এটাৰ দৰে। কাষতে ওখ ওখ টকলা বৰফৰ পাহাৰবোৰ আৰু তললৈ আমি পাৰ কৰি অহা গোটেই পাহাৰবোৰ এটাৰ পিছত এটাকৈ দেখা পাই। ডাৱৰবোৰ গুছি যোৱাৰ পিছতে আৰম্ভ হ’ল চিপচিপিয়া বৰষুণ। আটাইবোৰ আহি আমাৰ কেম্পতে থুপ খালেহি। বাটত লগ পোৱা মাধৱে আগৰ কেম্পতে নিজৰ টেন্ট এৰি আমাৰ দলত যোগদান কৰিলে। আমি আঠটা হ’লোঁ। বাহিৰত চিপচিপ বৰষুণ আমি ভিতৰত পপকৰ্ন খাই খাই পূৰা কথাৰ মহলা মাৰিলোঁ। তিনিটামান বাজিল। বৰষুণ এৰিলে। কেম্পৰ পৰা ওলাই অলপ আতৰত ঘাঁহনিতে আকৌ থূপ খালোগে। ঘুৰণীয়াকে ঘাহনিতে যাৰ যেনেকে মন যাই তেনেকেই বহিলে। অলপ আতৰতে ডাৱৰবোৰে অহা যোৱা কৰি আছে। সকলো নিজৰ ভাৱত বিভোৰ। দুটামানে গ’ প্ৰ’ ৰে ডাৱৰৰ চালচলন ধৰি ৰাখিব চেষ্টা কৰিছে। মাধৱে নিজৰ মিউজিক প্লেয়াৰত লগালে ৰোমান্টিক হিন্দী গান। আস্…। সঁচাকে কৈছো প্ৰায় এঘন্টামান কাৰো মুখত কথা নাই। কাষেৰে যোৱা ৱাটাৰফলৰ শব্দ,লাকী আলি, চনু নিগম , উদিত নাৰায়নৰ ৰোমান্টিক হিন্দী গানৰ সুৰৰ মাজত ডুব গৈ  ডাৱৰৰ আলেখ লেখ চাই থাকোতে পাহৰি পেলাইছিলোঁ ক’ত আছোঁ, ক’ৰ পৰা আহিছো, আপোন-পৰ সকলোঁ। মুঠতে আগফালৰ সেউজীয়া ঘাঁহনি আৰু অলপ সিফালৰ পাহাৰটোত খুণ্ডা খাই সিচৰিত হৈ যোৱা ডাৱৰবোৰ, সোফালে চালেই ওখ বগা হৈ থকা হিমালয়ৰ শিৰ আৰু সেই মুহুৰ্তত বাজি থকা গানখিনিত নিজক সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিলিঁ। আকৌ দপ দপকে বৰষুন অহাত পুনৰ কেম্পলৈ ঢাপলি মেলিলোঁ। মানুহ কেইটা থূপ খালে কিমান কি যে কথা ওলাই। কত পাহাৰৰ যে কাহিনী। মাধৱ আৰু আমাৰ গাইড অভিজ্ঞ পৰ্বতাৰোহী। গতিকে তেওঁলোকৰ মুখত পাহাৰৰ কাহিনীবোৰে পৰিৱেশটোৱেই জীপাল কৰি তুলে। এনেকে কথা পাতি পাতিয়েই আবেলি গৈ ৰাতি হ’ল। বৰষুন দিয়েই থাকিল। পিছদিনা আমাৰ চামিটডে’ । গাইডে সকলোকে বুজাই দিলে যে আমি ৰাতি দুটাত যাত্ৰা আৰম্ভ কৰিম।গতিকে দিনটোৰ পথছোৱাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি সৰু বেগ এটাত লৈ ল’লেই হ’ব। সকলোৱে সেইমতে সকলো সাজু কৰি শুই গ’লোঁ। মই,অদিতি, গাইড আৰু ক’ গাইড এটা কেম্পত আৰু বাকী মাধৱ,আশীষ, ৰাজনীশ আৰু অভিষেক আন এটা কেম্পত। আৰু এটা কেম্পতহে মানুহ আছিল।সেয়ে পৰিৱেশটো ঠাণ্ডা  হৈ  আছিল। বতাহ আৰু বৰষুন চলি আছিল। তাৰ শব্দতেই সৰু টেন্টৰ কেম্পটোত শুই গ’লোঁ দিনটোৰ কথা ভাৱি ভাৱি।

Related Articles

Close