হিমালয় ট্ৰেকিং ডায়েৰী (২)

ৰুবী বৰা

হঠাৎ চেচা বতাহ এজাক খিৰীকীয়েদি সোমাই অহাত মই সাৰ পাই গ’লোঁ। মোবাইলটো চালোঁ ২ বাজিছে। দিল্লীত দিনটো ঘুৰি পকি থকা আৰু আগদিনা বাছত গুৱাহাটীলৈ যাওঁতে টোপনি খতি হোৱাৰ বাবেই নেকি বাছখন চলোৱাৰ লগে লগে টোপনি গ’লোঁ। অৱশ্যে বাছত টোপনিওৱাতো মোৰ অভ্যাসেই । সাৰ পাইয়ে খিৰীকীৰে বাহিৰলৈ চালোঁ। হয় আমাৰ বাছখনইতিমধ্যে দেৱভূমি, হিমাচলত প্ৰৱেশ কৰিলে। ঠাণ্ডা বতাহ আৰু ৰাতিৰ আন্ধাৰত চকামকাকে দেখা পাহাৰবোৰৰৰ পৰাই অনুমান কৰিলোঁ। তেনেতে জিঅ’ইও হিমাচল ৰিজনলৈ স্বাগতম জনালে।বাছ আগুৱাই গৈ থাকিল। মইও চিটটো উঠাই আৰু টোপনি নাযাও ভাবি এক প্ৰকাৰ খিৰীকীৰ ফালে মুৰ কৰি ল’লোঁ। কাষৰ যুৱকজন টোপনিত থকা দেখি বেছি খচমচাই নাথাকি খিৰীকীৰে জোনৰ পোহৰতে দেখা পাহাৰবোৰ চাই গ’লোঁ। লাহে লাহে গোটেইবোৰ পোহৰ হ’ল। মই ঠাইবোৰত থকা চাইনবোৰ্ডবোৰ চাব লাগিলো ‘চিমলা’ দেখো নেকি বুলি। কাষৰ চিটৰ মানুহজন ৫টামানত নামিল।
৬ টা বজাত বাছৰ মানুহে চিঞৰিলে ‘চিমলা।ISBT আ গয়া। য়হা চে বাছ আগে নেহি যায়গা।’
চিটৰ পৰা উঠি বেগটো পিঠিত লৈ নামি গ’লোঁ। চিমলাৰ মাটিত ভৰি থৈয়ে মনটো পুলকিত হৈ পৰিল।পাহাৰৰ ৰাণী খ্যাত চিমলাখন ISBT ৰ পৰা তলে ওপৰে সকলো ফালে চালোঁ।
আমাৰ ট্ৰেকিং চিডল অনুসৰি সকলো সেইদিনা পুৱা ১০ টাৰ ভিতৰত চিমলা ISBT পাব লাগিব।অলপ পিছতে তাত পালেহি আমাৰ সহ অভিযাত্ৰী দিল্লীৰ অদিতি আৰু মুম্বাইৰ অভিষেক। তিনিওটা লগ হোৱাত ভাল লাগিল। আমি তাতে অলপ ফ্ৰেচ হৈ গৰম গৰম মেগী খালোঁ ভাল লাগিল। গাইডে ফোন কৰি অলপ দেৰী হ’ব বুলি কোৱাত আমি ওচৰতে হোটেল এখন ঠিক কৰি অলপ আৰাম কৰিলোঁ। ৯ টা মান বজাত গাইড আশীষ চৌহান আৰু ক’গাইডজন পালেহি। লগতে আহিল পাঞ্জাৱৰ আশীষ কুমাৰ আৰু চিমলাৰ ৰাজনীশ। গোটেই গ্ৰুপটো লগ হ’লোঁ। সকলো নতুন মোৰ বাবে। মানুহ, ঠাই সকলোঁ। গাইড আশীষৰ লগত মই ফোনতহে কথা পাতিছোঁ বাকী সকলক আজি প্ৰথম লগ পাইছোঁ।
চিমলাৰপৰা আমাৰ বেচকেম্প নিৰ্মাণ্ডলৈ ১৭০ কিমি । এখন ট্ৰেভেলাৰ আমাৰ বাবে সাজু আছিল। সকলো উঠিলো, মই খিৰীকীৰ কাষৰ চিট এটাত বহিলো। পাহাৰিয়া চহৰ বোৰত এটাই ৰাস্তা হোৱা বাবে বহুত বেছি ট্ৰেফিক জাম হয়।চিমলাতো একেই গতি। জামৰ মাজেদি লাহে লাহে আগুৱাই গৈ  চহৰখনৰপৰা আতৰি গৈ থাকিলোঁ। যিমানে চহৰৰ পৰা আতৰি আহিছো হিমাচলৰ আনটো ৰূপে আহি আমাক উত্ৰাৱল কৰিছেহি। পাহাৰীয়া  গাওঁবোৰ, আপেলৰ গছবোৰ, এঢলীয়া খেতিবোৰ…পাহাৰবোৰৰ ৰূপ বৰ্ণনা বাৰু এইখিনিলৈ থওঁ পিছলৈ বহুত আছে। ৰাস্তাত এখন দোকানত আলু পৰঠা, চাহ খালোঁ। মই ভতুৱাই ভাত পাওঁ নেকি চেষ্টা এটা চলাইছিলোঁ যদিও কামত নাহিল। হিমাচলী মানুহবোৰৰ অতিথি শুশ্ৰুষা কৰাৰ কিবা বেলেগ এটা ষ্টাইল আছে। সম্পূৰ্ণ ঘৰোৱা। এনেকুৱা লাগিছিল আমি যেন তেওঁলোকৰ আলহিহে। পিছলৈ অৱশ্যে আৰু বেছি অভিজ্ঞতা হ’ল। লিখিম। ট্ৰেভেলাৰখন অকোৱা পকোৱা বাটেৰে ওপৰলৈ গৈ আছে আৰু আমিবোৰ প্ৰকৃতিৰ ৰূপত বিভোৰ হৈ গৈ আছোঁ। ঠাণ্ডা বাঢ়ি গৈ আছে। মাজে মাজে গাড়ী ৰখাই ফটো উঠো। বহো ৰাস্তাৰ কাষত পাহাৰবোৰলৈ চাই চাই, নতুবা তললৈ নামি নদীৰ কাষত। ৩ টামান বজাত আমি দেৱগধাম বুলি মন্দিৰত ৰৈ সেৱা কৰিলোঁ। আমাৰ ট্ৰেকিংৰ লক্ষ্যস্থান শ্ৰীখণ্ড মহাদেৱৰ এক আখ্যান আছে। জনশ্ৰুতি অনুসৰি ভষ্মাসুৰৰ হাতত মহাদেৱৰ লটিঘটি হোৱা গোটেই কাহিনীটো সেই শ্ৰীখণ্ড মহাদেৱতেই ঘটিছিল। আৰু এই দেৱধাম গুহাতেই মহাদেৱে মাখিৰ ৰূপ ধৰি আত্মগোপন কৰিছিল। ৫ টাত আমি জাও গাওঁ পালোগৈ। তাৰপৰা দুঘন্টা ট্ৰেকিং কৰি সৰু পাহাৰ এটা পাৰ হৈ গ’লে আমাৰ বেচ কেম্প নিৰ্মাণ্ড পাম। সকলোৱে বেগ পিঠিত লৈ জোতাৰ লেচ টান কৰি সাজো হ’লোঁ। প্ৰায় আঠটাত আমি কেম্প পালোগৈ। এখন পাহাৰী গাওঁ। ঘৰবোৰ সেৰেঙা। আন্ধাৰত ভালকে দেখা নাছিলোঁ যদিও অনুমান কৰিছিলোঁ কিমান ধুনীয়া হ’ব পাৰে।নিৰৱ, নিস্তাল। কেৱল তৰ্জন গৰ্জন কৰি বৈ যোৱা এখন নদীৰ হো হোৱনি। আমাৰ কেম্প মানে homestay এটা।  আকৌ সেই হিমাচলী মানুহৰ অতিথি হোৱাৰ সৌভাগ্য। ঘৰটোৰ কাষেৰেই নদী খন বৈ গৈছে।ঘৰটো  তিনিখলপিয়া। আমি একেবাৰে ওপৰৰ খলপত আছিলোঁ যিটো ৰাস্তাৰ সৈতে মিলি আছে।বাকীবোৰ তলত। ভাত খাবলৈ তললৈ গৈছিলোঁ।(ঘৰটোৰ ফটো মই দিছো)। সকলোৱে গৰম পানীৰে গা ধুলো। চাহ খালোঁ। অলপ আড্ডা হ’ল। গাইডে কাইলৈ দিনটোৰ বাবে ইনষ্ট্ৰাকচন খিনি দিলে। খুৱ পানী খাই থাকিব ক’লে তেতিয়াৰ পৰাই। ৯ টামানত  পাহাৰী স্পেচিয়েল দালি ভাত খাই, নদীখনৰ শব্দৰ সৈতে পাহাৰীয়া ঘৰটোৰ বিচনাখনত নিজকে এৰি দিলোঁ। নদীৰ শব্দত মনটো কেনেবা লাগিছিল, কাৰণ নদীখন মই শুৱা কোঠাঋোৰ তলেৰেই বৈ গৈছে।চকুলৈ  টোপনি নামি আহিছিল। ‘কাইলৈ উঠি গাওঁখন ফুৰিম আৰু নদীখনৰ ওচৰলৈ যাম’ বুলি মনতে ভাৱি দিনটোৰ কথাবোৰ পাগুলি পাগুলি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁ আৰু নদীখনে আৰু পাহাৰীয়া গাওঁখনে মোলৈ বাট চাই থাকিল……
(আগলৈ)
The First part of the article linked below.
https://www.mahabahoo.com/হিমালয়-ট্ৰেকিং-ডায়েৰী-১/

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close