হিমালয় ট্ৰেকিং ডায়েৰী (১)

ৰুবী বৰা

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই পুৱা ১০ বজাত(লখিমপুৰৰ পৰা বাছৰে গৈ পুৱা ৬ টাত খানাপাৰা আৰু তাৰপৰা ৭টাত বিমান বন্দৰ পালোঁ) গুৱাহাটী বিমান বন্দৰত Jet Airways ৰ বিমানৰ খিৰীকীৰ কাষৰ চিট এটাত নিজকে এৰি দিলোঁ। কি এক স্বস্তিৰ নিশ্বাস।কাষৰ চিটত কনমানী এজনী মাকৰ সৈতে। অলপ সময়ৰ পিছতে বিমানে উৰা মাৰিলে দিল্লী অভিমুখে। সোঁ ফালৰ খিৰীকীৰ চিটটো বাচি লোৱাৰ আঁৰত আছিল হিমালয়ৰ গোটেই ভিউটো যাতে উপভোগ কৰি যাব পাৰোঁ। অলপ সময় ডাৱৰৰ মাজে মাজে যোৱাৰ পিছত দৃষ্টি ৰৈ গৈছিল যেতিয়া বৰফেৰে আবৃত হিমালয়ৰ অলপ আতৰেদি বিমানখন গৈ আছিল। আস্ পাৰিলে যেন নামিয়ে দিম। শৃংগবোৰ কোনটো কি অনুমান কৰিব চেষ্টা কৰিছিলোঁ। লাহে লাহে আমি দিল্লীৰ আকাশত প্ৰৱেশ কৰিলোঁ। আমাক জনোৱা হ’ল যে দিল্লীৰ তাপমান ৪০° চেলচিয়াছ। জিও উৰি গ’ল। লাহে লাহে ৰাজধানী চহৰ দিল্লীৰ গগণচুম্বী অট্টালিকাবোৰৰ উপৰেদি বিমান খনে বন্দৰৰ দিশে নামি গ’ল।দিল্লীৰ ৰাজপথত লানি নিছিগা গাড়ীবোৰ পৰুৱাৰ লানিৰ দৰে লাগে । যথাসময়ত বিমানৰ পৰা নামি বেগটো সংগ্ৰহ কৰি পিঠিত লৈ ল’লোঁ। বেগটোৰ ওজন আছিল ১২ কেজি। তাৰ পৰা যেতিয়া দৰ্জাখন খুলি ওলাইছিলোঁ জুই একোৰা মোৰ গাত লগাই দিয়া যেন অনুভৱ হৈছিল। তেতিয়া সময় ১২:৪৫ । মোৰ চিমলালৈ বাছ আছে ৰাতি ৯ টাত। দিল্লী পৰিবহন নিগমৰ অধীনৰ বাছ এখনতে কাশ্মীৰি গেটলৈ বুলি বহি ল’লোঁ। এচি বাছ গতিকে গৰমটোৰ পৰা অলপ ৰেহাই পালোঁ। ডেৰটা বজাৰ কাশ্মীৰী গেট পালোঁগৈ। ISBT তে গাটো ধুই অলপ ফ্ৰেছ হৈ ৰাজমাহ ভাত খালোঁ। তেনেতে আগতেই কথাপাতি থোৱা অনুসৰি বন্ধু অভিষেক আহিল। গৰমত মোৰ ওলাই যোৱাৰ অলপো ইচ্ছা নাছিল। সেয়ে তাতে বহি কথা পাতিব লাগিলোঁ।মোৰ হোৱাটছএপ ষ্টেটাচত দিল্লীৰ ফটো দেখি হাৰিয়ানাৰ বন্ধু চানীয়ে ফোন কৰি ক’ত আছো কি কথা সুধিলে। তেওঁ আচলতে মোক ভনিয়েকৰ দৰে মৰম কৰে। সকলো কথা গম পাই এক ঘন্টাৰ ভিতৰত আহি পাই গ’লহি। ভাল লাগিল।তিনিওটা তেওৰ গাড়ীত বহি দিল্লী ঘুৰিবলৈ বুলি ওলালোঁ। কিন্তু যাম ক’ত। ফেচবুকত ভ্ৰমন সম্বন্ধিয় গ্ৰুপ ‘বেকপেকাৰচ এণ্ড ট্ৰেভেলালৰ ইণ্ডিয়া’ৰ এডমিন সুনিল শৰ্মাক লগ কৰিব যোৱাতোকে ঠিক কৰিলো।যিহেতু চানী আৰু মই সক্ৰিয় সদস্য গ্ৰুপটোৰ মোৰো সুনীলৰ লগত ভাল বন্ধুত্ব আছিল ভাৰ্চুৱেলি। সেইমতে গৈ সুনীলক লগ পালোঁ লগতে গ্ৰুপৰ আন এজন সদস্য প্ৰনিত ৰাও কো লগ পালোঁ। খুৱ ভাল লাগিল। প্ৰনিতৰ ঘৰত আমি পুৰা আড্ডাত বহিলোঁ। মোক ধেৰ কিবা কিবি খুৱালে। প্ৰনিত পেছাত এজন ডাক্তৰ। মোৰ তেতিয়া বৰ বেয়াকৈ কাহ হৈ আছিল। তাতে দিল্লীৰ প্ৰদূষণ। প্ৰনীতে মোক কেইবাটাও দৰৱ দিলে। সন্ধিয়া ৭ বজাত সুনীল আৰু প্ৰনীতৰ পৰা বিদায় লৈ আমি কাশ্মীৰি গেট গ’লোঁ। তাতে অভিষেকেও বিদায় ল’লে। চানী কিন্তু মোৰ লগতে বহি থাকিল মই বাছত উঠালৈকে।৯ বজাত মই বাছত বহাৰ পিছত চানী গ’লগৈ। ইফালে মোৰ মন থৌকি বাথৌ HRTC ৰ হিমচুটাৰ ভলভ’ বাছত বহি পৰৱৰ্তী দিনটোৰ কথা ভাৱিব লাগিলোঁ। মোৰ কাষৰ চিটত এজন যুৱক। বহি ল’লো ভালকৈ। বাছৰ মানুহবোৰে চুৱেটাৰ উলিয়াই লগত ৰখা দেখি মইও পাতল চল এখন উলিয়াই হাতত লোৱা বেগটোত ভৰাই থ’লোঁ। বাছ ষ্টাৰ্ট দিলে। আৰু মই উৰা মাৰিলোঁ মোৰ সপোনৰ দেশলৈ………
(আগলৈ)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close