হিমালয় ট্ৰেকিং ডায়েৰী(৬)

ৰুবী বৰা

এলাৰ্মতকৈ আগতেই দপদপকৈ অহা বৰষুণ আৰু বতাহৰ শব্দত সাৰ পালোঁ ১২ টা বজাতে। মই সাৰ পাইয়ে মোবাইলটো চাওঁতে গম পালোঁ সকলো সাৰ পাই আছে। গাইডে ক’লে এনেকুৱা বতাহ বৰষুণততো চামিত এটেম্প কৰিব যোৱাতো সম্ভৱ নহ’ব। মই মনে মনে ভাৱিলোঁ এতিয়া ১২ টা বাজিছেহে, এৰিব বৰষুণ। ইটো সিটো কথা পাতি আটাইকেইটা সাৰে থাকিলোঁ। ২ টা বাজিল, ৩ টা বাজিল, ৰাতিপুৱা ৭ বাজিল নাই বৰষুণ কমাৰ কোনো লক্ষণেই নাই। বাঢ়িলহে বৰষুণ। তেতিয়ালৈকে দলৰ বাকীকেইটাও আমাৰ কেম্পত সোমালহি। কি কৰা যায়? এতিয়া আৰু চামিট এটেম্প কৰাৰ সময় উকলি গ’ল। কাৰণ বৰফত যথেষ্ট কঠিন পথেৰে ৫/৬ ঘন্টা গৈ আকৌ এই কেম্পলৈ উভতি আহিব লাগিব। দেৰীকে গ’লে আধাতে ৰৈ যাব লাগিব।
বৰষুণ দিয়েই আছিল। লগতে বতাহো বলিছিল বহুত জোৰে। কেম্পবোৰ বতাহত কোনোমতে ৰৈ আছিল। ওপৰলৈ চাইছিলো আমি যাবলগা পথছোৱাত বৰফৰ ডাঠ আচ্ছাদন পৰিছে আৰু বহুত জোৰে তুষাৰপাত হৈ আছে। কেইজনমান বেলেগ দলৰ ট্ৰেকাৰ গৈছিলহি বৰষুণতে। কিন্তু অলপ পিছত দেখিছিলো সকলোবোৰ ঘূৰি আহিছিল। আচলতে পৰ্বতত থকা সময়ছোৱাত প্ৰকৃতিৰ ৰুষ্টতাক সন্মান কৰিব লাগে। কেইজনমান ট্ৰেকাৰ পৰি মেলি অৱস্থা কাঢ়িল হৈ উভতি আহিছিল। ৰাতিপুৱা মোৰ মনটো বহুত বেয়া লাগিছিল যাব নোৱাৰা বাবে। ইমান কল্পনা জল্পনা কৰি অত দুৰৰ পৰা আহিলোঁ চামিটটো সম্পূৰ্ণ কৰিবই যদি নোৱাৰো! কিন্তু সময়বোৰ গৈ থকাত মনটো ভাল লাগিল। গাইডে ক’লে আমাৰ হাতত এটা দিন এক্সট্ৰা আছে গতিকে কাইলে যাম আমি বতৰ ঠিক হ’লে। বতাহ , বৰষুন ৰ মাজত হিমালয়ৰ বুকুত এটা দিন কেম্পৰ ভিতৰতে আড্ডাৰ মাজেৰে পাৰ কৰিবও কপাল লাগিব। মাজে মাজে পপকৰ্ণ , মেগি, পৰঠা, আৰু অভিজ্ঞ পৰ্বতাৰোহীৰ অনন্য অভিজ্ঞতাৰ ৰসাল কাহিনী। মাজত গানৰ অনুষ্ঠানবোৰ থাকিলেই।
মাজতে মাধৱে আহি অসমৰ বহুত কথা পাতিলেহি। যাদৱ পায়েং দেৱক তেওঁ বহুত ভাল পায়। লগতে মাজুলি। মোৰ লগত  এইবোৰৰ বহুত কথা পাতিলে। তেওঁৰ অসমপ্ৰেম দেখি ভাল লাগিল। আবেলিলৈ বৰষুন অলপ এৰিছিল। ঠাণ্ডা বাঢ়িছিল। ডাৱৰ বোৰে গাতে খুণ্ডিয়াই থৈ যায় কোনোবা পাকত। দিনতো কেম্পতে বহি থকা বাবে আবেলি অলপ ৱৰ্ক আউত কৰিলোঁ। মই লগত লৈ যোৱা শিৱৰ ত্ৰয়োবৃত্তৰ ‘ইম্মৰটেলছ অৱ মেলুহা’ খন অলপ পঢ়িলোঁ। আগতে পঢ়িছো যদিও হিমালয়ৰ বুকুত বহি এইখন পঢ়াৰ হেপাহটো পুৰাবৰ বাবেই লগত কঢ়িয়াই লৈ গৈছিলোঁ। সঁচাই বহুত ভাল লাগিল সম্পূৰ্ণ এটা দিন হিমালয়ৰ বুকুত নিজৰ মতেই অতিবাহিত কৰিব পাৰি। একান্তই নিজৰ আছিল সময়বোৰ। জীৱন বৰ অনুপম সচাকৈয়ে। সোনকালেই শুলোঁ সেইদিনা। পিছদিনা যাতে বতৰ মুকলি হয় আৰু আমি যাব পাৰোঁ সেই আশাৰে চকু মুদিলোঁ। সচাকৈয়ে কেতিয়াবা বিফল হৈও ভাল লাগে বহুত। সফলতা বিফলতা নো কি আৰু! জীৱনটোতো এখন খেল মাথো খেলি যাব লাগে উপভোগ কৰিব লাগে……

Related Articles

Check Also

Close
Close