হিন্দুৰাষ্ট্ৰৰ এজেন্ডা

দিলীপ দৈমাৰী

এশ ত্ৰিশ কোটি মানুহৰ বাসস্থান ভাৰত উপমহাদেশ (উপনিৱেশ সহ) লাহে লাহে ‘হিন্দুৰাষ্ট্ৰ’ হ’বলৈ আগবঢ়া নাই নে? এনে এক সম্ভাৱনা লৈ কিছুবছৰ ধৰি সমগ্ৰ ভাৰতৰ ভিতৰত জল্পনা-কল্পনা চলি আছে। যিমানেই দিন গৈছে, সিমানেই এনে জল্পনা-কল্পনা শক্তিশালী হৈ পৰিছে। কাৰণ ক্ষমতাত অধিস্হিত হোৱাৰ পিছত বিজেপি দলটোৱে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাতেই ষ্পষ্ট যে ভাৰতক হিন্দুৰাষ্ট্ৰত পৰিণত কৰাটো বিজেপিৰ প্ৰধান ৰাজনৈতিক লক্ষ্য।
ভাৰতৰ ৰাজনীতি লক্ষ্য কৰি থকাসকলৰ মতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৰ্ভৰপৰা জন্মগ্ৰহণ কৰা ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আৰু বিচাৰধাৰাৰ প্ৰধান তত্ত্ব হ’ল ‘হিন্দুত্ব’ আৰু’ৰাষ্ট্ৰবাদ’। সেয়ে বিজেপিয়ে তেনে আদৰ্শ আৰু বিচাৰধাৰাক পাথেয় কৰি লক্ষ্য পূৰণৰ উদ্দেশ্যে এটাৰ পিছত এটাকৈ ৰাজনৈতিক এজেন্ডা গ্ৰহণ কৰি আহিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতত ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ আৰু ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ — এই সকলোবোৰ বিজেপিৰ হিন্দুৰাষ্ট্ৰ গঠনৰ এজেন্ডা বুলিয়েই আমাৰ ধাৰণা।
কিছুকাল পিচুৱালেই বিষয়টো অধিক স্পষ্ট হয়। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ দুখন আসন লাভ কৰিছিল। সমগ্ৰ ভাৰতত ‘ধৰ্মনিৰপেক্ষ’ ৰাজনৈতিক দলবোৰৰ দপদপনি, তেতিয়া বিজেপি একেবাৰেই শিশু। কিন্তু তাৰপিছৰে পৰাই লাহে লাহে ৰাজনীতিৰ মাত্ৰাসলনি হ’বলৈ ধৰিলে। বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ ‘পোষ্টাৰবয়’ লাল কৃষ্ণ আদৱানীৰ নেতৃত্বত ‘মন্দিৰৰ ৰাজনীতি’ ভৱিষ্যতৰ পথ হিচাপে বিজেপিয়ে ‘পালামপুৰ প্ৰস্তাৱ’ৰ জৰিয়তে নিৰ্ধাৰণ কৰিলে। উগ্ৰ হিন্দুত্ববাদী ৰাজনীতিৰ ফল পাবলৈ বিজেপিয়ে সৰহদিন অপেক্ষা কৰিবলগীয়া নহ’ল। ৫ বছৰ পিছতেই ১৯৮৯ চনত লোকসভাৰ বিজেপিৰ সাংসদ সদস্যৰ স‍ংখ্যা ২ ৰ পৰা বৃদ্ধি হৈ ৮৫ জন হৈ
পৰিল।
পিছৰ বছৰটোৰ ছেপ্তেম্বৰত গুজৰাটৰ সোমনাথ মন্দিৰৰ পৰা আৰম্ভ হ’ল আদৱানীৰ ‘ৰামৰথযাত্ৰা’! মন্দিৰ নিৰ্মাণক কেন্দ্ৰ কৰি মেৰুকৰণৰ ৰাজনীতিয়ে সমগ্ৰ উপমহাদেশখন তোলপাৰ লগাই দিলে। আদৱানীৰ ৰথ যিমানেই আগবাঢ়িছিল, পিছে পিছে ভীৰ সিমানেই আগবাঢ়িছিল। ১৯৯০ চনৰ ২৩ অক্টোবৰ, বিহাৰৰ সমষ্টিপুৰত সেই ৰথ স্তব্ধ হ’ল যদিও আদৱানীৰ নেতৃত্বত বিজেপিৰ উত্থান স্তব্ধ নহ’ল। বৰং আগবাঢ়ি থাকিল পূৰ্ণ গতিৰে। সমষ্টিপুৰৰ ঘটনাৰ পিছত ভাৰতজুৰি দুটা নাম মানুহৰ মুখে মুখে বাগৰিল — আদৱানী আৰু লালুপ্ৰসাদ। প্ৰথমজনে ৰথযাত্ৰাৰ মাধ্যমেৰে হিন্দু ভোটবেংক একত্ৰিত কৰি বিজেপিৰ উত্থান তীব্ৰতৰ কৰিলে আৰু অইনজনে আদৱানীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দি ‘ধৰ্মনিৰপেক্ষ’ মতবাদক লৈ ৰাজনীতি কৰা সকলৰ মাজত একেদিনাই ‘হিৰো’ হৈ পৰে। দুয়োজনৰ এনে মনোভাৱৰ বাবে ভাৰতত জন্ম হ’ল ‘মন্ডল-মন্দিৰ’ ৰাজনীতিৰ — যাৰ প্ৰভাৱ হ’ল সুদূৰপ্ৰসাৰী। এতিয়াৰ নৰেন্দ্ৰ মোদীজনো আদৱানীৰ ‘ৰামৰথযাত্ৰা’ৰ যাত্ৰী আছিল। তাৰপিছত অজস্ৰ ঘটনাৱলী। গঙ্গাৰে বৈ গ’ল বহু পানী। মন্দিৰ-মছজিদৰ ৰাজনীতিয়ে বিজেপিক ক্ৰমশঃ শক্তিশালী কৰি তুলিলে। এতিয়াৰে পৰা প্ৰায় ৩০ বছৰ আগতে আদৱানীয়ে যি ‘মন্দিৰ ৰাজনীতি’ আৰম্ভ কৰিছিল, যোৱা ৯ নৱেম্বৰ ২০১৯ তাৰিখে সেয়া অৱসান হোৱা যেন অনুভৱ হৈছে বুলি ৰাজনৈতিক বিশ্লেষক সকলে ক’ব বিচাৰিছে। কাৰণ, উচ্চতম ন্যায়ালয়ে ৰামৰ সপক্ষে ৰায় দিয়াৰ লগে লগে বিজেপিৰ সন্মুখত এতিয়া আৰু তেনে কোনো শক্তিশালী ‘ইছু’ নাথাকিল – যাৰদ্বাৰা সমগ্ৰ ভাৰত আলোড়িত হ’ব পাৰে।
কিন্তু এনে এক পৰিস্থিতি হ’ব পাৰে বুলি বিজেপিৰ নীতি-নিৰ্দ্ধাৰকসকলে ভাবিছিল বাবেই ‘মন্দিৰ ৰাজনীতি’ৰ বোৱতী পানীত ভাহি আছিল ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ আৰু ‘নাগৰিকত্ব সংশোধনী বিল’ৰ দৰে ‘ইছঙ’! কাৰণ ‘মন্দিৰ ৰাজনীতি’ক যে বহুদিনলৈ টানি ৰাখিব নোৱাৰিব সেইসম্পৰ্কে তেওঁলোক জ্ঞাত আছিল। গতিকে দলৰ আদৰ্শ আৰু বিচাৰধাৰাৰ মাজত সামঞ্জস্য ৰাখি নতুন ‘ইছু’ৰ সন্ধান কৰি আছিল বিজেপিয়ে। সেই নতুন ‘ইছু’ হ’ল কাশ্মীৰ, সেই নতুন ‘ইছু’ হ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, সেই নতুন ‘ইছু’ হ’ল নাগৰিকত্ব সংশোধনী বিল।
২০ নৱেম্বৰ ২০১৯ তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত কৈছে যে সমগ্ৰ ভাৰতত এন-আৰ-চি প্ৰক্ৰিয়া আৰম্ভ হ’ব, অসমতো হ’ব! এয়াও এক এজেন্ডা – হিন্দুৰাষ্ট্ৰ গঠনৰ। ৰাষ্ট্ৰবাদক ঢাল হিচাপে লৈ মেৰুকৰণৰ ৰাজনীতি। নতুনকৈ জল্পনা আৰম্ভ হৈ গৈছে। অসমতো নতুনকৈ এন-আৰ-চি প্ৰকাশ হোৱাৰ পিছত সেইখনক লৈ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অন্ত নৌ-পৰোতেই পুনৰ নতুন জল্পনা আৰম্ভ হ’ল, আৰু তাৰে লগে লগে অসম চুক্তিৰ ৬নং দফাৰ আধাৰত অসমীয়াৰ সুৰক্ষাৰ জল্পনা‌আৰু নাগৰিকত্ব সংশোধনী বিলৰ নামতো নতুন জল্পনা; ইয়াৰে লগে লগে এক আন্দোলনৰ মাজেৰে গঠন হোৱা অগপৰ নৌটংকী, বিভিন্ন দলত থকা অসম আন্দোলনৰ প্ৰাক্তন নেতাসকলৰ প্ৰকৃত চৰিত্ৰৰ ৰং-ৰূপৰ অবতৰীয়া হোলী আৰু ব্যক্তিগত লাভৰ বাবে কৰা অনিষ্টকৰ অনৰ্থকাৰী বাগাড়ম্বৰ! বিজেপি -আৰ এছ এছে এতিয়া বিচাৰিছে যে এইবোৰক লৈ বিতৰ্ক আৰু জল্পনা হৈ থাকক, আৰু মানুহে পাহৰি পেলাওক ভয়ংকৰ অৰ্থনৈতিক সংকটৰ কথা, বিমুদ্ৰাকৰণৰ চুড়ান্ত ব্যৰ্থতাৰ কথা, জি-এছ-টিৰ ব্যৰ্থতাৰ কথা, সৰ্বাত্মক ব্যৰ্থতাৰ কথা — মাথো উৎসৱ হওক, পুষ্কৰ হওক, আদানী – আম্বানীৰ জয়জয় ময়ময় হওক, নতুন মন্দিৰত ৰামে বহি লৈ সীতাকো পাতালৰ পৰা লৈ আহক(জল্পনা), পেটেলতকৈও ওখ মোডীৰ মূৰ্তি এটা অষ্টলক্ষ্মীৰ অঞ্চলত হওক — এইবোৰেই ‘এজেন্ডা’! সেয়াই চিন্তাৰ কাৰণ, কাৰণ – অসমৰ ইতিহাস একেবাৰেই সুকীয়া আছিল, আৰু ইতিহাস অধ্যয়নৰ প্ৰয়োজন সেইবাবেই। নতুন প্ৰজন্মই জনা উচিৎ যে আমাৰ এই ভূখণ্ড ঘটোৎকচ, বৰ্বৰিক, নৰকাসুৰ, ভাস্কৰবৰ্মা, পৃথুৰ হে ভূখণ্ড; কিহৰ ৰামৰাজ্য? কিহৰ হিন্দুৰাষ্ট্ৰ? অইনৰ কথা বেলেগ, কংগ্ৰেছৰ এজেন্ডা অনুসৰি অসম ‘ইছলামিক ৰাষ্ট্ৰ’ বাংলাদেশৰ অংশ হোৱাৰ পথ মুকলি হৈছিল আৰু সেই শংকাৰ বাবেই হৈছিল অসম আন্দোলনৰ। লজ্জাজনক কথা এয়াই যে  তেনে এক আন্দোলনৰ মাজেৰে অহা নেতাসকলে এতিয়া বাংলাদেশীৰেই পক্ষ অৱলম্বন কৰি আছে ! ছিঃ ছিঃ ছিঃ…!
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close