‘হাৰ্ড ইমুইনিটি’ৰ তত্ত্ব অবৈজ্ঞানিকঃ বিশ্ব স্বাস্থ্য সংস্থা

অৰবিন্দ ৰাভা

ভৰষা কৰিব পৰাকৈ কৰ’নাৰ ভেকচিন এতিয়াও ওলোৱা নাই আৰু কেতিয়া বজাৰলৈ আহে তাৰো কোনো তথ্য নাই। ইতিমধ্যে সংক্ৰমণ ব্যাপক হাৰত প্ৰসাৰিত কৰি ‘হাৰ্ড ইমিউনিটি’ বা গোষ্ঠীৰ মাজত ৰোগ-প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ তত্ত্বটো দেশে দেশে বাৰুকৈয়ে জনপ্ৰিয় হৈ উঠিছে। বিশেষকৈ আমেৰিকা, ভাৰত, ব্ৰাজিল আদিয়ে তেনে পথেৰেই অগ্ৰসৰ হৈছে।

কিন্তু এই বিষয়টো যে অত্যন্ত অবৈজ্ঞানিক আৰু নীতিগতভাৱেও সঠিক নহয়, সেয়া বলিষ্ঠভাৱে জনাই দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ‘হু'(World Health Organisation)ৰ সঞ্চালক প্ৰধানে সদৰি কৰিছে যে “ৰোগৰ প্ৰসাৰিত কৰি ‘হাৰ্ড ইমুইনিটি’ তৈয়াৰ কৰাৰ পথেৰে আমি কাহানিও আগবঢ়া নাই। প্ৰতিষেধক প্ৰয়োগৰ ক্ষেত্ৰত এই শব্দ দুটা আমি ব্যৱহাৰ কৰো আৰু কোনো কোনো জনগোষ্ঠীৰ মাজত প্ৰতিষেধক প্ৰয়োগৰ দ্বাৰাই তেওঁলোকৰ মাজত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ চেষ্টাও মাজে সময়ে কৰা হয়।  কিন্তু ৰোগ সম্প্ৰসাৰণ কৰি কেতিয়াও নহয় !” তেওঁ পুনৰ কয় যে “কোভিড-১৯ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কে আমি এতিয়াও বিশেষ একোৱেই নাজানো। হয়তো আক্ৰান্তৰ দেহত প্ৰাথমিক ভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ় লৈ উঠে। কিন্তু তাৰ স্থায়িত্ব বা কিমানদিন, সেয়াও অজ্ঞাত। বহুতেই দ্বিতীয় বাৰৰ বাবেও আক্ৰান্ত হৈছে।”

‘হু’-ৰ তৰফৰ পৰা দাবী কৰা হৈছে যে আমাৰ সকলোৰে ওপৰত কোভিড-১৯-অৰ প্ৰভাৱ কেনে হ’বলৈ গৈ আছে, সেইসম্পৰ্কে এতিয়াও আমি একো নাজানো। গতিকে ৰোগ প্ৰসাৰিত কৰি ‘হাৰ্ড ইমুইনিটি’ তৈয়াৰ কৰাৰ ভাবনাটোৱেই অনৈতিক।

১৩ অক্টোবৰ তাৰিখৰ ‘দ্যা লেনচেট’ নামৰ বিখ্যাত নিৰ্ভৰযোগ্য পত্ৰিকাত প্ৰকাশিত এক প্ৰতিবেদনত ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কে প্ৰায় একে ধৰণৰ তথ্য পোৱা গৈছে। সেই প্ৰতিবেদনত কোৱা হৈছে যে দ্বিতীয়বাৰ কোভিডৰ দ্বাৰা আক্ৰান্ত হোৱা সকলৰ শৰীৰত অধিক জটিল উপসৰ্গই দেখা দিয়ে বুলি জানিব পৰা গৈছে। দুয়ো ক্ষেত্ৰতে ভাইৰাছটো  দুই ধৰণৰ সুকীয়া সুকীয়া হৈ পৰে। কিন্তু গোত্ৰ চাৰ্ছ-কোভ-২ হৈয়েই থাকে। প্ৰথমবাৰৰ উপসৰ্গ সিমান দেখা নগলেও দ্বিতীয়বাৰৰ আক্ৰান্তৰ অৱস্থাৰ যথেষ্ট অৱনতি ঘটে।

কৰ’নাৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে ইউৰোপত। নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সমগ্ৰ ইউৰোপতে পুনৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। বুধবাৰে (১৪/১০/২০২০) ৰাছিয়াত নতুনকৈ ১৪৩২১ জন সংক্ৰমিত হৈছে। ২৩৯ জনৰ মৃত্যু হৈছে। এপ্ৰিল মাহৰ পিছত, বুধবাৰে জাৰ্মানীত প্ৰথমবাৰৰ বাবে ৫৩০০ জন নতুনকৈ সংক্ৰমিত হৈছে। ফ্ৰান্স আৰু স্পেইনতো সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। এই পৰিস্থিতিত যিবোৰ দেশত যোৱা কেইমাহমান সংক্ৰমণৰ ঘটনা ভালেখিনি নিয়ন্ত্ৰণলৈ আহিছিল, সেইবোৰ দেশতো পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফৰাছী সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৱে পেৰিছ আৰু অইন অইন চহৰত নতুনকৈ বিধি-নিষেধাজ্ঞা ঘোষণা কৰিবলৈ আগবাঢ়িছে। পেৰিছকে ধৰি বিভিন্ন চহৰত সান্ধ্য-আইন জাৰী কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে। ইতিমধ্যে বিভিন্ন চহৰত ৰেষ্টোৰা, বাৰ, পাব, জিম আদি বন্ধ কৰি দিয়া হৈছে।

মঙলবাৰে নিশা ‘চেক ৰিপাব্লিক’-অত নতুনকৈ ২১ দিনৰ আংশিক লক-ডাউন ঘোষণা কৰা হৈছে। বুধবাৰে (১৪/১০/২০২০) চেক ৰিপাব্লিকত নতুনকৈ ৮৩০০ জন আক্ৰান্ত হৈছে। সোমবাৰৰ পৰা ইংলেণ্ডত আৰু উত্তৰ আয়াৰলেণ্ডত দুসপ্তাহৰ বাবে বিদ্যালয় সমূহ বন্ধ কৰা হৈছে।  নতুনকৈ সংক্ৰমণ হোৱাৰ ফলত হলেন্ডত ৪ সপ্তাহৰ বাবে বাৰ, কাফে, ৰেষ্টোৰা বন্ধ কৰা হৈছে। এনেবোৰ ঘটনাৰ ফলত পুনৰ কৰ্মহীনতাৰ আশংকা বৃদ্ধি পাইছে। পোলেন্ডত বিগত ২৪ ঘন্টাত ১৬ জনৰ মৃত্যু হৈছে। নতুনকৈ ৬৫২৬ জনৰ সংক্ৰমণ ধৰা পৰিছে। বেলজিয়ামতো সংক্ৰমণ বৃদ্ধি পাইছে। বেলজিয়ামৰ সকলোবোৰ ‘আই-চি-ইউ’ নৱেম্বৰত ৰোগীৰে সম্পূৰ্ণ হৈ পৰিব বুলি বেলজিয়ামৰ স্বাস্থ্য বিভাগে অনুমান কৰিছে।

এনেস্থলত, ভাৰতত বিহাৰ, বঙ্গৰ আগন্তুক নিৰ্বাচন, অসম-বঙ্গত দূৰ্গাপূজা, ‘হাৰ্ড ইমুইনিটি’ নামৰ ফোপোলা তত্ত্ব, বজাৰত ভীৰ, নিয়ন্ত্ৰণহীনতা, আইন-শৃংখলাৰ অভাৱ, মানুহৰ অবিবেচকতা, ইত্যাদিৰ পটভূমিত অৱস্থা যে অধিক শোচনীয় হৈ পৰিব- বিশ্ব স্বাস্থ্য সংস্থাৰ সাৱধানবাণী তাৰেই প্ৰমাণ !!

•••••••••••মহাবাহু•••••••••

Show More

Related Articles

Back to top button
error: Content is copy right protected !!