‘হাৰ্ড ইমিউনিটি’ৰ পথত মুম্বাই !!

অৰবিন্দ ৰাভা

ভাৰতত কৰ’না-পৰ্বৰ ক্ষেত্ৰত এতিয়ালৈকে সংক্ৰমণৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। দৈনিক সংক্ৰমণৰ নিৰিখত এই সময়ত মহাৰাষ্ট্ৰৰ পিছতেই আছে পশ্চিমবঙ্গ। মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই এতিয়া ‘হাৰ্ড ইমুইনিটি’ৰ পথলৈ আগবাঢ়িছে নেকি? ভাৰতৰ বিজ্ঞানীসকলে তেনে সম্ভাৱনাই দেখিবলৈ ধৰিছে।
জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম ভাৰতত মুম্বাইৰ দৰে অতি ঘন জনবসতিপূৰ্ণ মহানগৰীত যিদৰে বৃহৎ সংখ্যক মানুহ কৰ’নাক্ৰান্ত হৈছে, আৰু শৰীৰৰ ভাইৰাছ প্ৰতিৰোধী এন্টিবডি জন্ম দি সুস্থ হৈ উঠিছে – তাৰে পটভূমিত মুম্বাইত ‘হাৰ্ড ইমিউনিটি’ আৰম্ভ হোৱা বুলি সংক্ৰমণবিদ সকলে ধাৰণা কৰিছে।
যোৱা জুলাই মাহৰ পৰা মুম্বাইত সমীক্ষা আৰম্ভ কৰিছে ‘টাটা ইন্সটিটিউট অব ফান্ডামেন্টেল ৰিচাৰ্ছ’-এ। এই সমীক্ষাৰ নাম হ’ল ‘শ্বেৰো চাৰ্ভে’ ; এই সমীক্ষাৰ দ্বাৰা তেজত এন্টিবডিৰ উপস্থিতি আৰু তাৰ পৰিমাণ নিৰ্ণয় কৰা হয়। এই সমীক্ষা কৰিলে বুজি পোৱা যায় যে কিমানজনৰ শৰীৰত বিষাণু প্ৰতিৰোধী এন্টিবডি সৃষ্টি হৈছে। সেই তথ্যৰ পৰা ষ্পষ্ট হয় যে কোনো নিৰ্দিষ্ট অঞ্চলৰ সঠিকভাৱে কিমানজন কৰ’নাক্ৰান্ত হৈছিল আৰু সুস্থ হৈ উঠিছিল। মুম্বাইৰ বস্তি অঞ্চলৰ বাহিৰে প্ৰায় ৫৫% মানুহৰ তেজত এন্টিবডিৰ উপস্থিতি পোৱা গৈছে।
কেৱল মুম্বাই মহানগৰীতেই কৰ’না সংক্ৰমিতৰ সংখ্যা লাখৰ ওপৰলৈ গৈছে। বিশেষজ্ঞ সকলে কৈছে যে কেইদিনমানৰ পিছতেই ‘দেৱালী উৎসৱ’। যদি ভীৰৰ ক্ষেত্ৰত লেকাম লগোৱা নহয়, তেনেহ’লে বাধাহীনভাৱে বাঢ়িব পাৰে সংক্ৰমণ। চিকিৎসালয়ত হু হু কৈ বাঢ়িব ৰোগীৰ সংখ্যা। কিন্তু ইতিবাচক দিশ হ’ল, যদি বেছি সংখ্যক মানুহে সংক্ৰমণক পৰ্যুদস্ত কৰি সুস্থ হৈ উঠিব পাৰে, তেনেহ’লে তেওঁলোকৰ বৃহৎ সংখ্যক মানুহৰ মাজত ৰোগ প্ৰতিৰোধ ক্ষমতা তৈয়াৰ হ’ব। তেতিয়া সংক্ৰমণ অধিক মানুহলৈ বিস্তাৰিত নহ’ব। সৃষ্টি হ’ব ‘হাৰ্ড ইমিউনিটি’। সেই সূত্ৰেই সংক্ৰমণত স্বয়ংক্ৰিয় ভাৱেই লেকাম লাগিব বুলি বিশেষজ্ঞ সকলে ধাৰণা কৰিছে, আৰু কৈছে অহা বছৰৰ আৰম্ভণিৰে পৰাই মুম্বাই মহানগৰীত ‘হাৰ্ড ইমিউনিটি’ৰ লক্ষণ দেখা যাব পাৰে।
প্ৰশ্ন হয়, এই ‘হাৰ্ড ইমিউনিটি’ কি? এই ‘হাৰ্ড’ৰ অৰ্থ কঠিন নহয়, HERD হ’ল ‘জনগোষ্ঠী’। আৰু ‘ইমিউনিটি’ হ’ল শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা। সহজ ভাষিৰে বুজাবলৈ হ’লে – যদি জনগোষ্ঠীৰ অধিকাংশৰ মাজত বিষাণুক প্ৰতিৰোধ কৰাৰ দৰে শক্তি তথা ‘ইমিউন পাৱাৰ’ তৈয়াৰ হয়, তেতিয়া অইনসকলেও সংক্ৰমণৰ পৰা নিস্তাৰ পায়। ইয়াকে ‘হাৰ্ড ইমিউনিটি’ বোলা হয়। ইয়াক ‘কমিউনিটি ইমিউনিটি’ অথবা ক্ষেত্ৰ বিশেষে ‘পপুলেশ্যন ইমিউনিটি’ বুলিও কোৱা হয়। গৱেষক সকলে কৈছে যে কোনো গোষ্ঠী বা ক্লাষ্টাৰৰ মাজত যদি বেছিভাগ মানুহেই ‘ইমিউনিড’ হৈ যায়, তেনেহলে স্বভাৱতেই ভাইৰাছ এটা শৰীৰৰ পৰা অইন এটা শৰীৰলৈ সংক্ৰমিত হ’ব নোৱাৰে। সহজ কথাত, ভাইৰেল ট্ৰেন্সমিশ্যন নহ’লে মানুহৰ মাজত ভাইৰাছ বিস্তাৰিত হোৱা শিকলিডাল ছিঙি যায়। তেতিয়া কোনো সময়ত দেখা যায় যে ভাইৰেল ষ্ট্ৰেইনে  নিজৰ জিনৰ গঠন সলনি কৰিবলৈ অক্ষম হৈ পৰিছে। কাৰণ বহুত মানুহৰ মাজত সি বিস্তাৰিত হোৱা পথটোৱেই ইতিমধ্যে বন্ধ হৈ পৰিছে। আৰু যি মুহুৰ্তৰ পৰাই ভাইৰেল ষ্ট্ৰেইনৰ জিনৰ গঠন বিন্যাস সলনি ( মিউটেশ্যন ) হোৱা বন্ধ হ’ব, সেই মুহুৰ্তৰ পৰাই ভাইৰেল ষ্ট্ৰেইন নিষ্ক্ৰিয় হ’বলৈ আৰম্ভ কৰিব। ১৯৭৭ চনত সৰু বসন্ত, ১৯৩০ চনৰ ‘হাম’-অৰ সময়তো এইদৰে ‘হাৰ্ড ইমিউনিটি’ তৈয়াৰ হৈছিল। এই ‘হাৰ্ড ইমিউনিটি’ আহিব পাৰে টিকাকৰণৰ মাধ্যমেৰে, অৰ্থাৎ পৰোক্ষভাৱে বিষাণু সংক্ৰমণৰ দ্বাৰা। বিশেষজ্ঞ সকলে কৈছে যে ভাৰতৰ দৰে দেশত হাৰ্ড ইমিউনিটি তৈয়াৰ কৰিবলৈ হ’লে অন্ততঃ ৭০% মানুহৰ মাজত কৰ’নাৰ সংক্ৰমণ সংঘটিত হ’ব লাগিব – যিটো কাৰ্যতঃ অসম্ভৱ। কাৰণ তেনে ক্ষেত্ৰত মৃত্যুৰ হাৰ অত্যাধিকভাৱে বাঢ়ি যাব। গতিকে টিকাই একমাত্ৰ ভৰষা।
 ‌‌         •••••••••••মহাবাহু••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!