হাথৰসৰ ঘটনাক লৈ মই নীৰৱ কিয়?

ডা° সুকৃতি চৌধুৰী

সৰ্বপ্ৰথমে হাথৰসত হৈ যোৱা ঘটনাটো নিন্দা কৰিছো আৰু দোষীৰ কঠোৰতম শাস্তি দাবী কৰিছো৷
উত্তৰ প্ৰদেশৰ হাথৰসৰ ঘটনাটোক লৈ নাৰী হৈয়ো মই কিয় মনে মনে আছো এই কথা মোক কেইবাজনেও সুধিছে৷ কাৰণ যোৱা এটাযুগৰ পৰা মইতো উত্তৰ প্ৰদেশতেই থাকো আৰু হাথৰস বোলা ঠাইখন মই থকা ঠাইৰ পৰা ৬৫০ কিলোমিটাৰ মানহে দুৰ৷ ৰাষ্ট্ৰীয় পথ-২৭ ৰে লক্ষ্ণৌ আৰু আগ্ৰা হৈ ন-দহঘণ্টামানৰ ড্ৰাইভ কৰিলেই মই হাথৰস গৈ পাম৷
তাৰ পিছতো মোৰ এই নীৰৱতা কিয়?
আপোনাক প্ৰথমে কৈ লওঁ, আগ্ৰা আৰু হাথৰসৰ দুৰত্ব কিমান জানে? মাত্ৰ ৫০ কিলোমিটাৰ।
এতিয়া আপোনাক যদি সোধো কওকচোন আগ্ৰা কিহৰ বাবে বিখ্যাত ? আপুনি একে আষাৰেই ক’ব “তাজমহলৰ” বাবে;  আৰু সেইটোনো কোনে নাজানে৷ কিন্তু মই যদি কওঁ আপোনাৰ উত্তৰটো ভুল৷ আগ্ৰা গোটেই পৃথিৱীতে এনে এটা কথাৰ বাবে কুখ্যাত যাৰ কথা শুনিলে আপোনাৰ গাৰ নোম ডাল ডাল হ’ব৷ আচৰিত হ’ল, নহয় নে?
ভাৰতত প্ৰত্যেক বছৰেই হাজাৰ হাজাৰ ছোৱালী/কিশোৰী অপহৰণ হয় ৷ চুবুৰীয়া নেপাল, বাংলাদেশ আদিৰ পৰাও অপহৰণ কৰি আনে৷ এই ছোৱালী বিলাকক অৱশেষত ক’লৈ নিয়ে জানেনে ? আগ্ৰাৰ ছোৱালী নিলাম কৰা বজাৰলৈ ৷ আগ্ৰাৰ ছোৱালী নিলাম কৰা বজাৰখন পৃথিৱীৰ ভিতৰতে ডাঙৰ ৷ আপুনি ISIS সন্ত্ৰাসবাদীয়ে কিদৰে ৰাকাৰ নাৰী বজাৰত নাৰীক উলংগ কৰি গৰু-ছাগলীৰ দৰে খুটাত বান্ধি থৈ নিলাম কৰে সেইবোৰৰ “তৰকা মাৰা” বৰ্ণনা খবৰ কাগজত পঢ়িছে৷ কিন্তু আগ্ৰাৰ ছোৱালীৰ বজাৰখন সম্পৰ্কে সকলোৱেই নিমাত কিয়? আপুনি জানেনে যে এই ছোৱালী বিলাকক মাত্ৰ এনিশাৰ বাবে ধনী ধনী শেঠবোৰে কিনে ! সিহতক প্ৰত্যেক নিশাই একোজনী ‘ভাৰ্জিন’ ছোৱালী অংকশায়িনী হিচাপে দৰকাৰ ৷ ইমানেই সিহতৰ বিলাসিতা !! এই বিষয়টোক সেই বজাৰত কয় ” নথ উতাৰনা /নাব তোড়না”, আদি ৷ শেঠবোৰৰ লগত এনিশা কটোৱাৰ পিছত ছোৱালীজনীক আকৌ নিলাম কৰে৷ এইবাৰ তাইৰ দাম আগতকৈ কমি যায় ….এইদৰে তাই এদিন বেশ্যালয়লৈ আহে ৷ এতিয়া তাই কমেও দিনে ২০ বাৰ অংকশায়িনী হয়। বিছ বাৰ ‘চেক্স’ কৰিব লাগিব বিভিন্ন গ্ৰাহকৰ লগত ৷ দৈনিক ২০ বাৰ কেনেকুৱা অত্যাচাৰ হয় তাইৰ ওপৰত, কল্পনাও কৰিব পাৰিনে?? অহ্ , ক’ব পাহৰিছিলো ৷ যিবোৰ অপহৰণ কৰা ছোৱালী বেছি সৰু , মানে তোলনিয়েই হোৱা নাই , সিহতৰো কাষ্টমাৰ বেলেগ ৷ সাধাৰণতে এই তোলনি নোহোৱা সৰুবোৰক গোৱালৈ চাপ্লাই দিয়ে ৷ আনহাতে একাংশৰ ওপৰত কেইবিধমান ইঞ্জেকচন আৰু ঔষধ প্ৰয়োগ কৰে যাৰ নাম মই ইচ্ছা কৰিয়েই ইয়াত নিলিখো ৷ আনহাতে তোলনি হোৱা বোৰক মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত জোৰকৈ দালাল বোৰৰ লগত চেক্স কৰিবলৈ দি ভিডিওগ্ৰাফী কৰে ৷ সেই ভিডিওটো পৰ্ণগ্ৰাফীৰ ৱেবচাইটত আপলোড কৰি দি তাইৰ ঋতুস্ৰাৱৰ ৰক্তক ভাৰ্জিন ছোৱালীৰ তেজ বুলি প্ৰচাৰ কৰি টকা ঘটে ৷ ছোৱালীবোৰক মম বা লা গলাই গাত ঢালি দিয়া, চাল চিঙি নিমখ আৰু জলকীয়া গুড়ি ঘঁহি দিয়া, খাবলৈ নিদিয়া, চাবুকেৰে কোবোৱা, যৌনাংগ ক্ষতবিক্ষত কৰি কৰা অত্যাচাৰ আদিবোৰ প্ৰধান ৷
মই এইবোৰ কেনেকৈ জানিলো?
মই এইবোৰ কোনো কিতাপ আলোচনী বা বাতৰিকাকত পঢ়ি কোৱা নাই৷
চাকৰিৰ বাহিৰেও মই এনে এটা স্বেচ্ছাসেৱী সংগঠন (NGO)ৰ হৈ যোৱা ৫ বছৰ কাম কৰি আহিছো, যি এই চৰম দুৰ্কপলীয়া ছোৱালীবোৰক উদ্ধাৰ কৰি সামান্য জীৱন দিবলৈ যত্ন কৰি আহিছে ৷ সকলো হেৰুৱাই এতিয়া আনকি ঘৰখনেও বদনামৰ ভয়ত ঘুৰাই ল’বলৈ অস্বীকাৰ কৰা উদ্ধাৰ কৰা ছোৱালীবোৰক মানসিক শক্তি ঘুৰাই অনাৰ কামৰ দায়িত্বটো মোৰ ওপৰত পৰে৷
এই স্বেচ্ছাসেৱী সংগঠনটোৰ লগত মই দুসপ্তাহ নাগপুৰৰ বেশ্যালয় বোৰ উকটি ফুৰিছিলো ৷ মই তন্ন-তন্নকৈ বেশ্যালয়ৰ সকলো কথাই ‘practically’ চাক্ষুষ অভিজ্ঞতা হিচাপে জানো৷
মই জনাত হোমেন বৰগোহাঞিদেৱে  আৰু মামণি ৰয়ছম গোস্বামী বাইদেৱে বেশ্যালয়লৈ গৈ ইয়াৰ চাক্ষুষ অভিজ্ঞতাৰে লিখিছিল ৷ এই কথা তেখেতসকলৰ লেখাতেই পঢ়িছো৷
কিন্ত বেশ্যাৰ বিষয়ে গল্প কবিতা উপন্যাস লিখা ৯৯% মানুহে নিজে ‘ৰেড লাইট এৰিয়া’ বা বেশ্যালয়ৰ চাক্ষুষ অভিজ্ঞতাৰে লিখে নে ? জানে নে আগ্ৰাৰ ছোৱালী বজাৰখনৰ কথা? নে এনেই আইডিয়া কৰি লিখে ? তেওঁলোকে কেতিয়াবা দেখি পাইছে নে ‘ৰেড লাইট এৰিয়া’ বা বেশ্যালয় কেনে হয়?
আগ্ৰাৰ  ইমান কুখ্যাতি শুনিলেই যেতিয়া, তেনেহ’লে বুজিব পাৰিছেই যে আগ্ৰাৰ গাত লাগি থকা হাথৰসৰ পৰিবেশটো কেনে হ’ব৷ এইবোৰ ঠাই নাৰীৰ ওপৰত হোৱা অ’তি অমানৱীয় অত্যাচাৰৰ হটস্পট ৷ ছোৱালী অপহৰণ কৰি বিক্ৰী কৰাটো ইয়াৰ গৰম বেপাৰ৷
এতিয়া আপুনিয়েই বিচাৰ কৰক মই যে যোৱা ৫ বছৰে স্বেচ্ছাসেৱী হৈ চাকৰিৰ বাহিৰেও নাৰীৰ ওপৰত হোৱা এই অমানৱীয়তা ৰোধ কৰাৰ বাবে নীৰৱে যুদ্ধ কৰি আহিছো ! ‌ এতিয়া মই সেই কাম আগৰ দৰেই কৰি যাম নে ফেচবুকত হাথৰসৰ ঘটনা লৈ গৰম গৰম ‘স্টেটাছ’ দিম? নে ৰাস্তাত থিয় হৈ জিন্দাবাদ মুৰ্দাবাদ চিঞৰিবলৈ যাম?
•••••••••••••মহাবাহু•••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!