হাত

কাবেৰী গোস্বামী

হাতখনে বাট বুলে৷ ক’ৰ পৰা ক’লৈ? এজনৰ পৰা আনজনলৈ৷ ক্ষন্তেক পুৰণা বস্তুতো হাতৰ পৰশ লাগি থাকে, কাগজখন, কলমটো, চিটীবাছখন, দোকানৰ সজাই থোৱা ধুনীয়া বস্তুবোৰ… কত যে হাত বাগৰা, হাত কঢ়িওৱা বাট../ মাৰ আঁচলত কেৱল মোৰ হাত, মোৰ মূৰত কেৱল মাৰ হাত/ বাট বুলা হাতখনে বাট সলায়, ক’ৰবাৰ পৰা ক’ৰবালৈ, এজনৰ পৰা আনজনলৈ হাতৰ অবাধ গতি/ সৰুতে হেনো দেউতাই অসুখত ককাৰ হাতখন ধৰিছিল, শেষ সময়ত ককাই আকৌ দেউতাক বিছাৰিছিল/ দেউতাৰ হাতৰ আঙুলিত মোৰ খোজৰ খোপনি, মাৰ হাতৰ আঙুলিত মোৰ আদৰুৱা টোপনি লাগি আছিল/ আৰু আইতা… মৰমৰ চেচঁনি হাতখনৰ নামটোৱেইতো তেওঁ (যাৰ আশীষৰ হাত সদায় শিৰত)…
এহ কি নো ক’ম, কিমাননো ক’ম, নিজৰ কথা, বহুদিন হ’ল তোক পাহৰি যোৱা, হাতৰ মুঠি খুলি স্মৃতি জুমি নোচোৱা…/
পুৰণি হয় মানে হাতবোৰৰ দাম বাঢ়ে৷ অহ পাহৰিছিলো, পুৰণি টকাবোৰত হাতৰ ঠিকনা বেছিকৈ থাকে/ অনেকে সেই ঠিকনা বিছাৰিয়ে হাত এৰি যায়৷ বৰ পলম হ’ল বুজোতে বাট এৰা হাতৰ ঠিকনা যে ভুল…/ (হাতবোৰে কেতিয়াবা সাপ হৈ খোটে, উভটি আক’ বেজ হৈও জাৰে…)
বিজ্ঞাপন: শেহতীয়াকৈ হাত হেনো ধাৰলৈও ল’ব পাৰি! ব্ৰেন্ডেদ হাতৰ হেনো দাম বেছি…

Show More

Related Articles

Check Also

Close
Back to top button
error: Content is copy right protected !!
Close
Close