হাজেলা

মহাবাহু

প্ৰতীক হাজেলাৰ বদলিক লৈ চৰ্চা
মহাবাহু, ১৯ অক্টোবৰ : ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ৰ সৈতে সমানেই উচ্ছাৰিত নাম প্ৰতীক হাজেলাক ‘ৰাজ্যিক সমন্বয়ক’ পদৰ পৰা যোৱাকালি ১৮ অক্টোবৰ তাৰিখে অব্যাহতি দি সম্ভৱপৰ সৰ্বাধিক সময়ৰ বাবে তেওঁৰ গৃহৰাজ্য মধ্য প্ৰদেশলৈ ‘ডেপুটেচন’ত পঠিয়াবলৈ উচ্চতম ন্যায়ালয়ে জাৰী কৰা নিৰ্দেশ এক নজীৰবিহীন ঘটনা হিচাপে চৰ্চিত হৈছে।তিনিটা দফাৰ এক ৰায়যোগে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ-এ ববডে আৰু ন্যায়াধীশ ৰহিন্টন নৰিমনে হাজেলাক বদলি কৰা নিৰ্দেশটোত কোনো কাৰণ উল্লেখ কৰা নাই, মাথো এনেদৰে কৈছে যে -‘ প্ৰতীক হাজেলা, এটৰ্ণী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলৰ শুনানী লৈ গোচৰটো সামগ্ৰিক ভাৱে বিচাৰ কৰি সংশ্লিষ্ট বিধি-নিয়মৰ অধীনত অনুমতি পাব পৰা সৰ্বাধিক সময়ৰ বাবে হাজেলাক ডেপুটেচনত মধ্যপ্ৰদেশলৈ বদলি কৰিবলৈ আমি নিৰ্দেশ দিছো। আজিৰ পৰা ৭ দিনৰ ভিতৰত এই নিৰ্দেশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ উপযুক্ত প্ৰাধিকাৰীয়ে অধিসূচনা জাৰি কৰিব।’
এইখিনিতে প্ৰণিধানযোগ্য যে ২৬ নৱেম্বৰৰ পৰৱৰ্তী শুনানিৰ আগতেই ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰিব। তেখেতে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। গতিকে যোৱাকালিৰ ৰায়যোগে হাজেলাক বদলি কৰা ঘটনাটো এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে গণ্য হৈছে। এই নিৰ্দেশ জাৰি কৰা সময়ত আদালতত উপস্হিত থকা এটৰ্ণী জেনেৰেল কে-কে বেণুগোপালে বিচাৰপীঠখনক হাজেলাৰ বদলিৰ কিবা কাৰণ আছে নেকি বুলি প্ৰশ্ন কৰাত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে ‘কাৰণ নোহোৱাকৈ কোনো ৰায় দিয়া নহয়।’ ১৮ অক্টোবৰত হাজেলাই আদালতত এক প্ৰতিবেদন দিয়াৰ পিছত আদালতৰ ৰায়ক লৈ নানান জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল আৰু তাৰে ভিতৰত হাজেলাৰ ক্ষেত্ৰত নিৰাপত্তাৰ ভাবুকি সবাতোকৈ সম্ভৱপৰ কাৰণ হিচাপে গণ্য হৈছে।
উল্লেখযোগ্য যে প্ৰতীক হাজেলাৰ বদলিক লৈ সদৌ অসম ছাত্ৰ সন্থা সুখী হৈ পৰাৰ বিপৰীতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্হা দুখী হৈ পৰিছে, আৰু বিভিন্ন মহলে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰ, হাজেলাৰ বদলি, ভৱিষ্যতে কাহানিবা ‘শুদ্ধ নাগৰিকপঞ্জী’ৰ প্ৰকাশ হ’ব বুলি বহুতেই দেখি থকা দিবাস্বপ্নৰ বিপৰীতে বিজেপিৰ গৰ্ভত সযত্নে লালিত হৈ থকা ‘কেব’, অসম চুক্তিৰ ৩৪ বছৰ অতিক্ৰম, অসম চুক্তিৰ আধাৰত লক্ষ লক্ষ বিদেশীক ভাৰতীয়কৰণ, অসম চুক্তিৰ দফাক লৈ মুকলি হোৱা এক নতুন অধ্যায়, অগপ দলৰ লজ্জাজনক ভূমিকা, …..এনে এক পটভূমিত এজনো উপযুক্ত নেতা নথকা অসমৰ ভৱিষ্যত কি হয়, ভাবীকালৰ পুৰুষে হে গম পাব– এইদৰেও চৰ্চা আৰম্ভ হৈছে।
যি কি নহওক, ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ লোৱাৰ পিছত আৰু প্ৰতীক হাজছলাৰ বদলি হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ ভূমিকা কেনে হয় বা ভাৰত তথা অসম চৰকাৰে প্ৰতীক হাজেলাৰ স্থানত কাক নিযুক্ত কৰে আৰু কাম কিদৰে আগবাঢ়ে – সেয়াও এক চৰ্চাৰ বিষয় হৈ পৰিছে।

Related Articles

error: Content is copy right protected !!
Close