সৰ্বানন্দ ককাইলৈ চিঠি

নিভা গগৈ

গৃহস্থই পীৰা পাৰি নথ’লে আলহী আহি ক’ত বহিব ককাই
দুৱাৰখন জপাই থ
পশ্চিমৰ বতাহে বাৰুকৈ কঁপাইছে আখলৰ জুই
চিৰিলা- চিৰিল কৰিছে
কলৰ পাত ৷
মাটি ,মাটি হৈয়ে থাকক দে
কুমাৰণীয়ে বাহকে সাজিব
গুবৰুৱাই খুচৰি এখন মেপ আঁকিব
নৈৰ পানীবোৰ ৰবৰেৰে মচি
 অতীতে তেজৰ বুৰঞ্জী লিখিব ৷
গংগাৰ পানীৰে গা ধুব নেলাগে ককাই
জয়মতীৰ কোলাতে মূৰ থৈ চা
চকুৰ লোতকেৰে তিয়াব তোৰ মহঙা হৃদয়
মাইহাঙৰ বাতিত
এখামোচ হাবুঙৰ লোণ
অহল্যাই কঁহুৱা যেন চুলিখিনি মেলি ইকৰাণিৰ পৰা দি থৈ যাব,
আকাশত মলিন পতাকাৰ আঁৰত কোনে জানো জুমি চাই আছে
নিমাতী কইনাই অহল্যাক তাকে সাধু কৈ শুনাইছে ৷
নৰিয়ানো কাৰ নহয় ককাই
কঁকাল পোন কৰি টোপনি গ’লে লাচিতে হাঁহিব
হেংদান ল’বলৈ হাতবোৰে খেপিয়াই থাকিব
এন্ধাৰত ক’লা কাপোৰৰ কিহৰ প্ৰয়োজন
জোনাকী পৰুৱাই বাট দেখাব
শানত তপত হৈ তৰোৱালে যেতিয়া তেজ বিছাৰিব
বুকুৰ ৰণুৱা ঘোঁৰাই
তোক শুৱ নিদিব ৷
দূৰত আস্ফালন
কাৰোবাৰ বুকুভঙা আৰ্তনাদ
গান আৰু কবিতাই যদি জাগ্ৰত কৰে
উৎপীড়নে জানো মৃতকৰ শ্ৰাদ্ধ নকৰিব ককাই !!
আহিবি এদিন নৈৰ ঘাটলৈ
শুনিবি ক্ষণিকৰ বাবে
চিতা ভষ্মই,
বুৰঞ্জীয়ে
 ইতিহাসে
কুমাৰণীয়ে
গুবৰুৱাই
মাটিৰ মানুহে গাই আছে একেইটাই গীত
“অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণি দেশ
এনেখন শুৱলা
এনেখন সুফলা
এনেখন মৰমৰ দেশ,”  ৷৷
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close