সৰ্বকালৰ অভিলেখ : কুৱেইটৰ তাপমাত্ৰাই স্পৰ্শ কৰিলে ৬৩ ডিগ্ৰী

মহাবাহু

কুৱেইট : সমগ্ৰ দেশখনেই এতিয়া কাৰ্যতঃ ‍‘ব্লাষ্ট ফাৰ্নেছ’! আৰু সেই জ্বলন্ত চৌকাৰ মাজত দহি-পুৰি আছে অগণন মানুহ। পশ্চিম এছিয়াৰ সকলো ফালেই তাপমাত্ৰাই যেন কোনো বন্ধন মানিব বিচৰা নাই। সকলোতে অৰ্ধশতকৰ ওপৰত গতি কৰিছে তাপমাত্ৰাই। অৱস্থা এনে চৰমসীমাত উপনীত হৈছে যে ৭৬ বছৰ ধৰি চলি অহা তাপমাত্ৰাৰ সৰ্বোচ্চ ৰেকৰ্ড সম্প্ৰতি ভংগ হৈছে কুৱেইটত। ‍‘Gulf News’-এ জনাইছে যে এই সময়ত বিশ্বৰ উষ্ণতম স্থান হ’ল কুৱেইট। কুৱেইটত দিনৰ তাপমাত্ৰা ৬৩ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে—যি তাপমাত্ৰা বিশ্বৰ যি কোনো দেশৰ সৰ্বকালীন সৰ্বোচ্চ তাপমাত্ৰা। যোৱা ৮ জুন, ২০১৯ তাৰিখে তাপমাত্ৰাৰ পাৰাস্তম্ভই এনে মৰ্মান্তিক অৱস্থা লাভ কৰিছিল।

বতৰবিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি এই বছৰৰ ৮ জুন তাৰিখটো আছিল বিশ্বৰ সৰ্বকালীন উষ্ণতম দিন। অৱশ্যে কুৱেইটতকৈ বৰ বেছি পিছ পৰি থকা নাই আৰব আৰু পাকিস্তান। সকলোতে যেন তাপদাহৰ প্ৰতিযোগিতা চলিছে। সমগ্ৰ পৃথিৱীৰ পৰিৱেশ পৰ্যৱেক্ষণ যিসকলে কৰে, সেই ‍‘এল ডোৰাডো’ ৱেবছাইটে জনাইছে যে কুৱেইট যদি ৮ জুনত বিশ্বৰ উষ্ণতম স্থান হয়, তেনেহ’লে প্ৰথম ১৫টা উষ্ণ স্থানৰ মাজৰ ৮টা অঞ্চল হ’ল ভাৰতৰ। ভাৰতত শীৰ্ষত আছে ৰাজস্থানৰ মৰু অঞ্চলৰ চুৰু। জুন মাহৰ তৃতীয় সপ্তাহত চুৰুৰ তাপমাত্ৰা আছিল ৪৮.৯ ডিগ্ৰী চেলছিয়াছ (১২০ ফাৰেনহাইট)।

ক’ত পাৰাস্তম্ভ কেনে চোৱা যাওক। ২০১৯ চনত সমগ্ৰ বিশ্বতেই স্বাভাৱিকৰ তুলনাত অতিৰিক্ত গৰম পৰিছে। কিন্তু শীৰ্ষত আছে পশ্চিম এছিয়াৰ দেশসমূহ। কুৱেইটৰ ‍‘আল কাবাচ্’ সংবাদপত্ৰই দাবী কৰিছে যে জুনৰ তৃতীয় সপ্তাহৰ শনিবাৰেও কুৱেইটৰ তাপমাত্ৰা আছিল ৬৩ ডিগ্ৰী চেলছিয়াছ—দুপৰীয়াৰ সময়ত। সন্ধিয়াৰ পিছত তাপমাত্ৰা হৈছিল ৫৫.২ ডিগ্ৰী চেলছিয়াছ। ইৰাকৰ দক্ষিণ অংশৰ মায়ছানত তাপৰপৰাই গতি কৰিছিল ৫৫.৬ ডিগ্ৰী চেলছিয়াছলৈ। অসহনীয় তাপত কুৱেইটবাসীয়ে ত্ৰাহি মধুসূদন দেখিবলৈ ধৰিছিল। শীত-তাপ নিয়ন্ত্ৰক মেছিনবোৰ অকামিলা হোৱাৰ দৰে হৈ পৰিছিল। বৰষুণ কেতিয়া হ’ব কোনেও ক’ব নোৱাৰে।

পৰিসংখ্যাই কৈছে যে ২০১৬ চনৰ ২১ জুন তাৰিখে কুৱেইটৰ মিত্ৰিবাহত তাপমাত্ৰা আছিল ৫৩.৯ ডিগ্ৰী চেলছিয়াছ। আনহাতে ২০১৭ চনৰ ২৮ মে’ তাৰিখে পাকিস্তানৰ তুৰবাতত তাপমাত্ৰাৰ পাৰাই গতি কৰিছিল ৫৩.৭ ডিগ্ৰী চেলছিয়াছলৈ। স্মৰণকালৰ ভিতৰত বিশ্বৰ যিবোৰ স্থানত তাপমাত্ৰা সাংঘাতিকভাৱে বৃদ্ধি পাইছিল তাৰে ভিতৰত শ্ৰেষ্ঠতম আছিল কেলিফ’ৰ্নিয়াৰ ‍‘ডেথ ভেলি’ (মৃত্যু উপত্যকা)। ২০১৩ চনৰ ৩০ জুন তাৰিখে ‍‘ডেথ ভেলি’ৰ তাপমাত্ৰা হৈছিল ৫৪ ডিগ্ৰী চেলছিয়াছ। সেই একেই স্থানত ১৯১৩ চনত তাপমাত্ৰা হৈছিল ৫৬.৭ ডিগ্ৰী চেলছিয়াছ। ১৯৩১ চনৰ ৭ জুনত টিউনিছিয়াৰ কেবিলিত তাপমাত্ৰা হৈছিল ৫৫ ডিগ্ৰী চেলছিয়াছ। ইমানদিন পৰ্যন্ত ‍‘ডেথ ভেলি’ৰ ৰেকর্ড হৈ আছিল শীৰ্ষস্থানত, দ্বিতীয় আছিল ১৯৩১ চনৰ টিউনিছিয়াৰ কেবিলি, তৃতীয় তথা এছিয়াৰ প্ৰথম আছিল ২০১৬ চনৰ কুৱেইটৰ মিত্ৰিবাহৰ তাপমাত্ৰা। কিন্তু বিগত বছৰবোৰৰ সকলো ৰেকর্ড ২০১৯ চনৰ কুৱেইটে ভংগ কৰি পাৰাস্তম্ভ ঠেলি ঊর্ধ্বমুখী কৰিছে ৬৩ ডিগ্ৰী চেলছিয়াছলৈ! কিন্তু পাকিস্তান আৰু ভাৰতো পিছুৱাই থকা নাই। মুঠতে, সমগ্ৰ বিশ্ব এতিয়া এক ভয়ানক বিপদৰ সন্মুখত—যি বিপদ পৰিৱেশকেন্দ্ৰিক।

Related Articles

Close