সৰ্প বিষয়ক – নিশান্ত বৰদলৈ

মালিনীয়ে নাপাহৰে ফুলৰ শোক
সাপে নাপাহৰে কঁকালৰ কোবঃ

(মই নিশ্চিত এইখিনি কথা জনাৰ পাছত অাপোনাৰ মনলৈ কাহানিও সৰ্প ভয় নাহে বা সাপে দংশন কৰিলেও ভয় খাব লগা পৰিস্থিতিৰ সৃষ্টি নহয়)

সাপ। বাৰেৰহনীয়া প্ৰকৃতিৰ অন্য এক অাকৰ্ষণ। আমি বেছি ভাগ মানুহেই সাপ বুলি ক’লেই বিষাক্ত বুলি ভাবোঁ। কিছুমানে অাকৌ সমগ্ৰ সাপৰ প্ৰজাতিটোকে মানৱ জাতিৰ শত্ৰু বুলি গণ্য কৰে। কিন্তু এই ধাৰণা সম্পূৰ্ণৰূপে ভুল। পৃথিৱীত থকা সাপৰ প্ৰজাতিবিলাকৰ ভিতৰত সৰহসংখ্যক প্ৰজাতিৰ সাপেই বিষহীন। অাহকচোন, অলপ সময়ৰ কাৰণে সাপৰ বিচিত্ৰ পৃথিৱীখনত বিচৰণ কৰি চাওঁ…

জলকীয়া, বেঙেনা, লাউ-জীকা চিঙিবলৈ যাওঁতে সতকাই অাপোনাৰ গাৰ কাষতে ওলোৱা সাপবিধ হ’ল কাৰ্শলা। আমাৰ অসমত ইয়াৰ তিনিটা প্ৰজাতি পোৱা যায়। গাটো লাহি হোৱাৰ বাবে ইহঁতে গছত সহজে বগাব পাৰে। কাৰ্শলা সাপ উৰি যায় বুলি বহুতে কয়। ই সম্পূৰ্ণ মিছা আৰু তথ্যহীন। ইহঁত বহুত শান্ত অাৰু নিমাখিত প্ৰজাতিৰ সাপ। বিষহীন কাৰ্শলা সাপক বহুতে বিষাক্ত বুলি ভাবে।

খোজকাঢ়ি গৈ থাকোঁতে, চাইকেলৰ সন্মুখত, গৰু চৰাবলৈ যাওঁতে, পানী তুলিবলৈ যাওঁতে মুখৰ অাগত ওলোৱা দেখিবলৈ ভয়ংকৰ অথচ বিষহীন সাপ এবিধ মচোৱাগোম। মচোৱাগোম এবিধ ভয়াতুৰ সাপ। ইয়াৰ ভয়ংকৰ চেহেৰাটো দেখিয়েই মানুহে ইয়াক বিষাক্ত বুলি ধৰি লয়। কিছুমানে ক’ব খোজে মচোৱাগোম সাপৰ নেজত বিষ থাকে। কেতিয়াবা ই অাতুৰত পৰি নেজডাল মাৰি অাপোনাৰ কলাফুলত দাগ লগাই গ’লেও ভয় নাখাব। চেকনিৰ অাৰু মচোৱাৰ কোবৰ মাজত কোনো পাৰ্থক্য নাই।

ভঁৰালৰ পৰা বা ডুলিৰ পৰা ধান উলিয়াওতে ডিঙিটো ফুলাই ৰূদ্ৰ মূৰ্তি ধাৰণ কৰা ধুন্দুলি গোম সাপটো দেখিলে অাপুনি কোন সতেৰে ভাবিব- সি বিষহীন বুলি? কেইবাটাও ভাঁজ দি সি ডিঙিৰ অংশটো ফুলাই শত্ৰুৰ ফালে খেদা মাৰি অাহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱ জাতিৰ বাবে উপকাৰী।

খেৰৰ মেজিত, ঘৰৰ চালিত, বেৰৰ পোলাৰ মাজত কুচিমুচি শুই থকা সাপটো হ’ল চিকামড়লী। ইহঁত সাধাৰণতে ৰাতিহে ওলায়। দেখিবলৈ ধুনীয়া শান্ত প্ৰজাতিৰ এই সাপ বিধক বহুতেই বিষাক্ত বুলি ভাবে।

মাটি খান্দোতে কেঁচুসাপ লগ নোপোৱা মানুহ হয়তো নোলাব। বিষাক্ত বুলি ভাবি ওলোৱাৰ লগে লগে মানুহে ইয়াক মাৰি পেলায়। বহুতে অাকৌ তাৰ নেজৰ ফালে থকা কাঁইটৰ দৰে অংশটোত বিষ থাকে বুলি ভাবে। প্ৰকৃতাৰ্থত কেঁচুসাপ এবিধ বিষহীন সাপ।

অামাৰ উত্তৰ-পূব ভাৰতত পোৱা বিষহীন জাতৰ সাপবোৰ হ’ল–
°°ক’লা মচোৱাগোম, কাৰ্শলা, ধুন্দুলিগোম বা ধুন্দুলি ফেটী, ঢোৰাসাপ, চিকামড়লী, অজগৰ, কেঁচুসাপ, পানীমড়লী, গেৰমেতীয়া, কালনাগিনী, শামুকখোৱা, কামৰূপৰ গোসাঁই লৰু সাপ, এচাৰি সাপ, অাঙঠি সাপ, খাচীয়া পাহাৰৰ মাটি সাপ…ইত্যাদি°°

ওপৰত উল্লেখিত কোনোটো সাপৰেই বিহ ঢালিব পৰা ডাঙৰ বিষ দাঁত নাথাকে। অৱশ্যে ইহঁতে হনুৰ শেষৰ ফালে থকা বিষ দাঁতেৰে সৰু প্ৰাণীক অচেতন কৰিব পাৰে। মানুহক অপকাৰ কৰিব পৰা ক্ষমতা ইহঁতৰ নাথাকে। অাপোনাক যদি কেতিয়াবা এনেধৰণৰ সাপে দংশন কৰে তেন্তে ভয় নাখাই অায়ডিনযুক্ত পানীৰে কামোৰা ঠাই টুকুৰা ধুই দিয়ক অাৰু নিশ্চিত থাকক অাপোনাৰ একো নহয়।

বিষাক্ত সাপ প্ৰায় ৫৫ বিধ। ইয়াৰে ভিতৰত–
°°তিনি প্ৰকাৰৰ ফেটী সাপ, ৰজা ফেটী, ক’ৰাল সাপৰ পাঁচোটা প্ৰজাতি, ক্ৰেইট সাতোটা প্ৰজাতি, কুৰিটা প্ৰজাতিৰ সাগৰীয় সাপ, ১৬ টা প্ৰজাতিৰ পিট ভাইপাৰ অাৰু তিনিটা প্ৰজাতিৰ ভাইপাৰ°°

এই বিষাক্ত সাপবোৰ যিকোনো জীৱিত প্ৰাণীৰ বাবে বিষাক্ত। ভাৰতৰ প্ৰধান বিষাক্ত সাপকেইবিধক অসমৰ হাবিত সততে দেখা পোৱা নাযায়। ৰাছেল ভাইপাৰ বা দুটা চকৰি থকা ফেটী অসমৰ হাবিত পোৱা নাযায় বুলি ক’লেও ভুল কোৱা নহ’ব। অৱশ্যে অসমৰ হাবিত হাবিত এটা চকৰি থকা ফেটী পোৱা যায়। ক’লা ফেটীও অসমৰ হাবিত পোৱা যায় বুলি বহুতে কয়। ফেটী সাপৰ যেতিয়া খঙ উঠে ইহঁতে ডিঙিটো চেপেটা কৰি এখন ফণাৰ সৃষ্টি কৰে।

অসমত হাবিত পোৱা আন এবিধ বিষাক্ত সাপ হ’ল পিট ভাইপাৰ। ক’ৰাল সাপৰ এটা প্ৰজাতি পাহাৰীয়া ঠাই বিলাকত পোৱা যায়। সাপ খাই জীয়াই থকা ৰজা ফেটী সাপ পৃথিৱীৰ ভিতৰতেই এবিধ বিষাক্ত সাপ।

যোৰ পতা সাপক নোজোকাবঃ

সাপে যোৰা পাতিলে প্ৰথম দেখা মানুহজনে মঙ্গলতীৰ ওচৰত মঙ্গল চাবলৈ যায়। স্বাভাৱিক এই প্ৰক্ৰিয়াটোত এনে পদক্ষেপ লোৱাত কোনো যুক্তিযুক্ততা নাই। তাতকৈ মাৰাত্মক কথাটো হ’ল যোৰ পতা সাপ দেখিলেই মানুহবোৰে হাই-উৰুমি কৰি পৰিৱেশটো উত্তাল কৰি পেলায়। কিছুমানে অাকৌ ঘৰৰ মঙ্গলৰ কাৰণে যোৰ পতা সাপৰ গাত গামোচা বা আন বস্ত্ৰ দলিয়ায়। এনে কাৰ্য ভয়ংকৰ ঘটনাৰ কাৰণ হ’ব পাৰে। মানুহৰ বাবেই যদি কামাতুৰ সাপ দুটাই কামনা চৰিতাৰ্থ কৰিবলৈ নাপায় তেন্তে ইহঁতে যি কোনো সময়তে কাষত ৰৈ থকা মানুহক অাক্ৰমণ কৰিব পাৰে। এনে কাৰ্যৰ পৰা নিজে অাঁতৰি থাকক অাৰু অানকো অাঁতৰাই ৰাখক।

সাপে কামোৰা মানুহক মানসিক শক্তি প্ৰদান কৰকঃ

অাপোনাৰ ঘৰৰ কাষতে যদি কাৰোবাক সাপে কামুৰিছে, তেন্তে তেওঁক মানসিক ভাবে সবল কৰি ৰাখিবলৈ চেষ্টা কৰক। মনত ৰাখিব মানসিক ভাবে ভাগি পৰিলে ঢোৰা সাপৰ কামুৰতো মানুহৰ মৃত্যু হ’ব পাৰে। মানসিক ভাবে সবল ব্যক্তিৰ দেহে সামান্য বিষ হজম কৰি ল’ব পাৰে। যদিহে সাপটো বিষাক্ত হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ সহায় লওক।

সাপ-নেউলৰ মহাৰণঃ

প্ৰায়বোৰ মানুহেই ভাবে সাপে কামোৰাৰ পাছত নেউলে হাবিৰ মাজৰ কিবা বনত গাটো ঘঁহাই বিষ দূৰ কৰে। যিটো পৃথিৱী চেপেটাৰ দৰে মিছা কথা। সাপৰ বিষ সহ্য কৰিব পৰা গুণ ক্ষুদ্ৰ মানো নাই। সাপে খোঁট মাৰি দিয়াৰ লগে লগে নেউলটোৱে তাৰ নোমবোৰ ঠৰঙা কৰি দিয়ে। সাপৰ খোঁটটো তাৰ নোম বিলাকত পৰে বাবেই তাৰ একো অপকাৰ নহয়।

গাখীৰ খুৱাই সাপ পোহাঃ

এই পুৰণিকলীয়া বাক্যটোও তথ্য সমৃদ্ধ নহয়। সাপে গাখীৰ খায় যদিও কোনো সাপৰে প্ৰিয় খাদ্য গাখীৰ নহয়। যেতিয়া এটা সাপক কেইবাদিনো খাবলৈ নিদিয়াকৈ সঁজাত বন্ধ কৰি থোৱা হয়, ভোকাতুৰ সাপটোক তেনে অৱস্থাত গাখীৰ নিদি বিহ দিলেও সি ভক্ষণ কৰিব। কিছুমানে অাকৌ সাপে ৰাতি গাই গৰুৰ গাখীৰ খায় বুলি কয়। সাপে সাধাৰণতে গৰুক অাক্ৰমণ কৰোঁতে তাৰ দীঘল নেজ ডালেৰে গৰুৰ ভৰিত মেৰিয়াই ধৰি অাক্ৰমণ কৰে। দুই-এক গিৰিহঁতে গাই গৰুৰ ওহাৰত সাপৰ অাক্ৰমণৰ চিন প্ৰত্যক্ষ কৰি সাপে গাখীৰ খালে বুলি অভিহিত কৰিব খোজে।

অাপোনজনৰ গাৰ গোন্ধঃ

সাপৰ নেজৰ তলৰ ফালে এবিধ গ্ৰন্থি থাকে। এই গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰ মাধ্যমেৰেই এটা সাপে অাপোন গৰাকীক বিচাৰি পায়। এই গোন্ধ বিভিন্ন প্ৰজাতিৰ সাপৰ বেলেগ বেলেগ। যোৰ পতা সময়ত এই গ্ৰন্থিবোৰ সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠে।

সৰ্প পূজাঃ

ধৰ্মীয় বিশ্বাসমতে মনসা বা পদ্মা সৰ্পৰ দেৱী। সৰ্প পূজা বিভিন্ন জাতিৰ মাজত বিভিন্ন ৰূপত দেখা যায়। শিৱ পূজাও সৰ্প পূজাৰেই অংশ বুলি ক’ব পাৰি। ধৰ্ম শাস্ত্ৰত নাগ ৰাজ্যৰ অাভাস পোৱা যায়, অানহাতে ভগৱান বিষ্ণুৰ অনন্তশৰ্যাখনো সাপৰ অাছিল বুলি উল্লেখ আছে। মনসা দেৱীয়ে সৰ্প ভয় নিবাৰণ আৰু সকলো অপায় অমংগল দূৰ কৰি উপাসকক অায়ু, যশ, ধন, গৌৰৱ দিয়ে বুলি বিশ্বাস কৰা হয়। মনসা দেৱীক একাধাৰে হংসবাহিনী, বিষহৰি, গৌৰবৰ্ণা, নাগালংকাৰ ভূষিতা, ত্ৰিনেত্ৰা, ব্ৰাহ্মী, অাস্ত্ৰিক মাতা, কালীটোটলা, বাসুকী ভগিনী, শিৱকন্যা, জড়ৎকাৰী, জাঙ্গুলি আদি বিশেষণ আৰু নামে বাৰেৰহনীয়া ভাৰতীয় ধৰ্মীয় সমাজত সাপৰ বিভিন্ন প্ৰভাৱৰ ইংগীত বহন কৰে। (সহায় লৈ)

পেঁপা বা বাঁহীৰ মাতত সাপৰ নাচোনঃ

পেঁপা বা বাঁহীৰ মাতত সাপ নাচি নাচি ওলাই অহা আপুনি নিশ্চয় কথাছবি বা ক’ৰবাত দেখিছে। কিন্তু অাচৰিত কথা কি জানেনে? কোনো সাপেই একো শব্দ নুশুনে। বায়ু মণ্ডলৰ শব্দ তৰংগ গ্ৰহণ কৰিব পৰা ক্ষমতা সাপৰ নাথাকে। অাচলতে সাপ নচুওৱা মানুহজনৰ দেহৰ অঙ্গি-ভঙ্গি দেখিহে সাপটো নাচি উঠে। পেঁপা বা বাঁহীৰ মাতত নহয়।

সাপৰ বিষ বনাম মন্ত্ৰঃ

বিশেষজ্ঞসকলৰ মতে সাপৰ প্ৰজাতি বিলাকৰ ভিতৰত বিষহীন সাপৰ প্ৰজাতিয়েই সৰহ। বেজসকলে মন্ত্ৰ মাতি বিষহীন সাপে কামোৰা মানুহবিলাককহে সুস্থ কৰি তুলিব পাৰে। যহিহে সাপে কামোৰা মানুহজন মানসিক ভাবে সুস্থ হৈ থাকে তেন্তে সাপে অলপ বিষ ঢালিলেও মানুহজনৰ একো অপকাৰ নহয়। অৱশ্যে ভয়াতুৰ অাৰু মানসিক ভাবে ভাগি পৰা লোকক সুস্থ কৰি তুলিবলৈ বেজৰ অলপ প্ৰয়োজন অাছে। কিন্তু সাৱধান, বিষাক্ত সাপে দংশন কৰিলে জীৱনৰ মায়া থকা প্ৰতিজন ব্যক্তিয়েই চিকিৎসকৰ সহায় লওক।

গুণৰ অাকৰ গুণাৰাম খনিকৰৰ সৈতেঃ

সাপে কামোৰাৰ লগে লগে বিষ তেজৰ লগত মিহলি হৈ যাতে বিয়পি পৰিব নোৱাৰে তাৰ বাবে কামোৰাৰ দুয়োফালে পট্ৰিৰে টানকৈ বান্ধি দিব লাগে।
বনদৰব:-১. অাধা কাপ ঘিউত অলপ গাখীৰ দি, ৩-৪ বাৰ খুৱালেই সকলো প্ৰকাৰৰ বিষ নাইকীয়া হয়।
২. নাহৰ ফুল অাৰু পাত খাব লাগে অাৰু পিহি কামোৰা ঠাইত লগাব লাগে।
৩. অপৰাজিতাৰ শিপা ঘিউৰ লগত খালে ছালৰ বিষ নাইকীয়া হয়।
৪.অপৰাজিতাৰ শিপা গাখীৰৰ লগত খালে তেজৰ বিষ নাইকীয়া হয়।
৫. অপৰাজিতাৰ শিপা হালধিৰ লগত খালে হাড়ৰ বিষ কমে। (‘সহজলভ্য বন-দৰবৰ গুণ’ৰ পৰা)

ফেটী সাপ অাৰু চুলিঃ

মই নিজে কোৱা শুনিছোঁ বৃদ্ধ ফেটী সাপৰ মূৰত বোলে চুলি থাকে। অাচলতে সাপে মোট সলাওতে কেতিয়াবা মোটৰ টুকুৰা মূৰ বা দেহৰ অন্যান্য অংশত লাগি থাকে। দূৰৈৰ পৰা তাকে দেখি কোনো কোনো লোকে সাপৰ গাত চুলি বা মোছ গজে বুলি মানি ল’ব খোজে অাৰু অানকো পতিয়ন নিয়াব খোজে।

পুৰণি সম্পত্তি অাৰু সাপঃ

বহু লোকে ক’ব খোজে ফেটী সাপে পুৰণি সম্পত্তি ৰক্ষা কৰি থাকে। মতমতটো গ্ৰহনযোগ্য নহয়। সাধাৰণতে পুৰণি ঘৰ, অাছুতিয়াকৈ থকা সা-সম্পত্তিত মানুহ নথকাৰ সুবিধাতে সাপে বাঁহ সাজে। এনেকুৱা মানুহহীন ঠাইত সাপৰ খাদ্য বস্তুৰো অভাৱ নহয়। গতিকে এনে সুবিধাজনক ব্যৱস্থাত সাপে বাঁহ লোৱাটো স্বাভাৱিক কথা।

সাপ অাপোনাৰ প্ৰকৃত বন্ধুঃ

সাপ দেখিলে অাপুনিও লাঠিডাল লৈ খেদা মাৰি যায় নেকি? ৰ’ব। এবাৰ মূল্যাংকন কৰক প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টিক নিষ্ঠুৰ ভাবে হত্যা আপোনাৰ কি লাভ হ’ব। অনাগত প্ৰজন্মক যাতে সাধুকথাৰ মাধ্যমেৰে অাপুনি মৰা সাপটোৰ বৰ্ণনা দিব লগা নহয় তাৰবাবেই প্ৰকৃতিৰ এই অনবদ্য সম্পদটোক জীয়াই ৰাখক। সাপ অামাৰ শত্ৰু নহয়, বৰঞ্চ অামাৰ পৰম বন্ধু। সাপৰ খাদ্য নিগনি, এন্দুৰ, ডালশলীয়া, ভেকুলী আদি। অাপুনি চিন্তা কৰকচোন নিগনি-এন্দুৰৰ বৃদ্ধি মানেই মানৱ জাতিৰ ভয়াৱহ বিপদ। অাপোনালৈ সদায়েই সহায়ৰ হাত অাগবঢ়াই থকা সাপনো অাপোনাৰ কেনেকৈ শত্ৰু হ’ল?

অাতুৰত যদি কেতিয়াবাঃ

কেতিয়াবা আপুনি এনে অৱস্থাত পৰি গ’ল যে সাপটো নামাৰিলে নহয়। তেতিয়া কি কৰিব? লাঠি লৈ সাপটোৰ গাত য’তে ত’তে নোকোবাব। এনে কৰিলে অাপোনাৰ বিপদ অাহিব পাৰে। হাতত থকা আহিলাৰে সাপটোৰ মূৰত অাঘাত কৰিবলৈ চেষ্টা কৰক।

বুদ্ধিয়েই ভৰসাঃ

ভয়ংকৰ চকৰি ফেটী সাপ এটাই অাপোনাক খেদি অাহিছে। সাপটোক প্ৰতিঅাক্ৰমন কৰিবলৈ সুবিধাজনক একো বস্তু অাপোনাৰ হাতত নাই। দৌৰি পলোৱাও টান। কি কৰিব? অাপোনাৰ গাৰ যিকোনো কাপোৰ খুলি তাৰ ফালে দলিয়াই দিয়ক, কাপোৰত লাগি তাৰ গতি ৰুদ্ধ হ’ব অাৰু সেই ছেগতে অাপুনি পলাওক।

অানাকোণ্ডাঃ

জেনিফাৰ লোপেজ, বিশ্বৰ বহু যুৱকৰ সপোনৰ ৰাণী। ভয়ংকৰ সৰ্প এডালে তাইক খেদি লৈ ফুৰিছে। অতিকায় সৰ্পডালৰ অাগত ক্ৰমশঃ লোপ পাইছে মানবীয় শক্তি। অাপুনি ঠিকেই অনুমান কৰিছে মোৰ এই পাতনিৰ লক্ষ্য ১৯৯৭ চনত নিৰ্মিত হলিউডৰ ছবি অানাকোণ্ডা। ৰূপালী পৰ্দাত অানাকোণ্ডাৰ কালান্তক অাকৃতি কাল্পনিক হ’লেও স্বাভাৱিক অৰ্থত প্ৰাচীন পৃথিৱীত অানাকোণ্ডাতকৈয়ো বিশাল অাকৃতিৰ সৰ্প অাছিল। উত্তৰ পূব কলম্বিয়াত উদ্ধাৰ হোৱা কিছুমান জীৱাশ্মৰ অাধাৰত গৱেষকে এই মত পোষণ কৰিছে। এই সাপৰ দৈৰ্ঘ আছিল প্ৰায় ৪২ ৰ পৰা ৪৫ ফুট। ইহঁতে প্ৰকাণ্ড গৰু এটাক সহজতে গিলি পেলাব পাৰিছিল।

ঘৰৰ ভিতৰত সাপ সোমালেঃ

প্ৰথমেই অাপুনি সাপটোক জোকাই নল’ব। সুবিধাজনক ঠাইত ৰৈ আপুনি সাপটোৰ গতি বিধি লক্ষ্য কৰক। মনত ৰাখিব সি অাপোনাক কামুৰিবলৈ ভিতৰলৈ অহা নাই, খাদ্য বস্তুৰ পাছে পাছে বা খাদ্য বস্তুৰ সন্ধানতহে ভিতৰলৈ আহিছে। তাৰ লক্ষ্য মাথোঁ খাদ্য। ঘৰত সৰু সৰু ল’ৰা-ছোৱালী থাকিলে বাহিৰলৈ উলিয়াই অানিব। ফেনাইল জাতীয় বিষাক্ত দ্ৰব্য তাৰ গালৈ ছটিয়াই নিদিব। তাক বাহিৰলৈ ওলোৱাৰ সুবিধা দি মজিয়াত শব্দ কৰক। অাপোনাৰ এই নিয়মানুবৰ্তিতাই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত অলপ হ’লেও সহায় কৰিব।

সাপক দূৰৈত ৰখাৰ উপায়ঃ

ঘৰৰ পিৰালিত যাতে হাবি-বন নগজে তাৰ প্ৰতি সততে লক্ষ্য ৰাখক। ফুলৰ টাবৰ মাজত যথেষ্ট ব্যৱধান ৰাখক। ভাল ফুল ফুলে বুলিয়েই ফুলেৰে ঘৰৰ চাৰিওদিশ হাবি সদৃশ কৰি নুতুলিব। জাবৰ-জোঁথৰৰ দ’ম ঘৰৰ কাষতে নোগোটাব। উল্লিখিত সকলোতে এন্দুৰ, নিগনি, দালশলীয়া, ভেকুলী আদিয়ে বাঁহ লয়, যিবোৰ যিকোনো সৰ্পৰে প্ৰিয় খাদ্য। খাদ্যৰ সন্ধানত অহা সাপে কেতিয়াবা অাপোনাৰ লগতে অাপোনাৰ ঘৰৰ কণমানিটোকো বিপদত পেলাব পাৰে। সেয়েহে ঘৰৰ পৰিৱেশটো সদায় চাফ্-চিকুনকৈ ৰখা দৰকাৰ।

টপা টপা তিনি টপাঃ

অসমৰ কোনোবা কোনোবা ঠাইত ৰাতি সাপ শব্দটো উচ্চাৰণ কৰিবলৈ নিদিয়ে। কেনেবাকৈ কোনোবাই কৰিলে লগে লগে তিনিজন টপা মানুহৰ নাম মুখৰ ভিতৰতে অাওৰাব লাগে। ইয়াৰ অাঁৰত থকা প্ৰকৃত কথাটো জানিবলৈ মই প্ৰায় এশজন বয়োজেষ্ঠ লোকৰ মতামত সংগ্ৰহ কৰিছিলোঁ। কিন্তু কোনেও এটা গ্ৰহণযোগ্য মতামত দাঙি ধৰিব পৰা নাছিল। সাধাৰণতে অান্ধাৰে মানুহৰ মন দুৰ্বল কৰি তোলে। দিনৰ সাহসী মানুহজনেও অান্ধাৰলৈ ভয় কৰে। ‘সাপ’ শব্দটো উচ্চাৰণ কৰি থাকিলে মানুহজনৰ দুৰ্বল মনটোলৈ ‘এই কণতে সাপ এডাল ওলাব নেকি’ এনে এক ভাব সহজতে অাহিব পাৰে। এই ক্ষেত্ৰত মানুহজনে বাহিৰলৈ ওলোৱা বা ভিতৰলৈ সোমোৱাৰ ক্ষেত্ৰত নিঃসন্দেহে ভয় ভয় ভাব এটা মনলৈ আহিব। সেইবাবেই ছাগৈ ৰাতি ‘সাপ’ শব্দটো উচ্চাৰণ কৰিবলৈ দিয়া নহয়।

মালিনীয়ে নাপাহৰে ফুলৰ শোক, সাপে
নাপাহৰে কঁকালৰ কোবঃ

এজোপা ফুল, মালিনীৰ পৰিচৰ্যাত এদেও দুদেওকৈ বাঢ়িছে তাইৰ শোভা। মালিনীৰ বাবে ফুল প্ৰাণৰো প্ৰাণৰ, ফুল মালিনীৰ হৃদস্পন্দন। এনেপৰতেই কোনোবা নিষ্ঠুৰজনে ভৰিৰে মোহাৰি পেলালে মালিনীৰ হেঁপাহী সপোন। মালিনীৰ বাবে নিশ্চয় সেই দুখৰ কোনো মূল্যাংকন নাই। মালিনী দুখী হ’ব পাৰে, ফুলৰ শোকত তাই মৰিব পাৰে। কিন্তু সাপৰ ক্ষেত্ৰত কঁকালৰ কোব নাপাহৰা কথাটো কিমান গ্ৰহণযোগ্য? সাপক হেনো অাধামৰা কৰি এৰি থৈ আহিলে অাধমৰা সাপটো পাছে পাছে আহি ঘৰ ওলায় আৰু অাঘাত কৰা মানুহজনক দংশন কৰে। কথাষাৰৰ যুক্তিযুক্ততা অাছে যদিও কথাটো ঠিক তেনেকুৱা নহয়। সাপেই হওক বা অন্যান্য প্ৰাণীয়েই হওক নোজোকালে বা আক্ৰমন নকৰিলে এনেয়ে সহজতে মানুহৰ গালৈ খেদি নাহে, কাৰণ মানুহলৈ সিহঁতে ভয় কৰে। কোনো প্ৰাণীকেই অাধামৰা কৰি এৰি দিয়াটো ন্যায়সংগত কথাও নহয়। আধামৰা ফেটী সাপক মহাকালৰ লগত তুলনা কৰিব পাৰি। এটা অাধামৰা ফেটী সাপে খঙৰ ভমকত তাৰ সন্মুখলৈ অহা যিকোনো প্ৰাণীকেই দংশন কৰিব পাৰে। ফেটী সাপৰ মগজুৰ চেৰিবেলাম অংশটো অন্য সাপৰ তুলনাত উন্নত বাবে ইহঁতবোৰ প্ৰতিশোধৰ তাড়নাত অস্থিৰ হৈ উঠে। সেই সময়ত সি যে অকল তাক অাঘাত কৰা মানুহজনকে দংশন কৰিব তেনে বুলি কোনো কথা নাই।

মই অাশা কৰিম- অাপুনি নিশ্চয় এনে মাৰাত্মক ভুল নকৰে।

(অকল বিজ্ঞানেই মানুহক প্ৰগতি অানি দিব নোৱাৰে। প্ৰকৃতিক বাদ দি এখন সুন্দৰ পৃথিৱীক অনুভৱৰ মাধ্যমেৰেও কল্পনা কৰিব নোৱাৰি। চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অাইন প্ৰণয়ন কৰিছে যদিও সেই অাইনে কেতিয়াও অাপোনাৰ চোতালৰ কাষতে ওলোৱা দুষ্প্ৰাপ্য চকৰি ফেটী সাপটোক সুৰক্ষা দিব নোৱাৰে। তাক সুৰক্ষা দিব লাগিব অাপুনি। মোৰ এই লেখাৰ লক্ষ্য অাৰু উদ্দেশ্য এইটোৱেই। লেখাটো প্ৰস্তুত কৰোঁতে ডিম্বেশ্বৰ চলিহা আৰু টিকেন্দ্ৰজিৎ গগৈৰ দেৱৰ ‘অসমৰ সৰীসৃপ’ শীৰ্ষক নিবন্ধটোৰ বিশেষভাৱে সহায় লোৱাৰ উপৰি ইন্টাৰনেট-বন্যপ্ৰাণী বিষয়ক বিভিন্ন গ্ৰন্থৰ সহায় লোৱা হৈছে।)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close