‘স্বাধীনতা’

বিৰিঞ্চি ভট্টাচাৰ্য

“ফৰাচী কবি প’ল ইলুয়াদে লিখাৰ দৰে
স্বাধীনতা,
মইনো কেনেকৈ বাৰো লিখো তোমাৰ নাম
মোৰ স্কুলৰ ন’টবহীত
ডেক্স আৰু বেন্সবোৰত
মোৰ শৈশৱৰ প্ৰতিধ্বনিত
বালিত আৰু বৰফত?
কেনেকৈ বাৰু লিখো তোমাৰ নাম
নীড় আৰু বননিবোৰত
মোৰ শেতেলীৰ আৰ্চিখনত
ৰাতিৰ আশ্চৰ্যবোৰত
আৰু দিনৰ শ্বেত ৰুটীবোৰত?
স্বাধীনতা, কেনেকৈ মই লিখো
তোমাৰ নাম ৰাতিপুৱাৰ সূৰ্যটোত
একাদশীৰ জোনটোত
চৰাইবোৰৰ কন্ঠত
নিজৰাবোৰৰ শৱদত?
কেনেকৈনো লিখো তোমাৰ নাম
মোৰ দেউতাৰ হাড়কেইডালত
মোৰ আইৰ শুকান মুখমন্ডলত
তেত্ৰিশ বছৰে ‘ডাচ কেপিটেল’
পঢ়ি শেষ নোহোৱা বুদ্ধিজীৱিহঁতৰ মস্তিষ্কত?
স্বাধীনতা, এইকথা তুমি নক’বা
তোমাৰ নাম লিখাৰ বাবে মোৰ
প্ৰস্তুতি নাই
কাপ মৈলাম নাই
অথবা চিঞাহীৰ দোকানবোৰ
বন্ধ হৈছে।
সকলোৱেই আছে
অথচ তথাপিতো তোমাৰ নাম
মই ক’তো লিখিব নোৱাৰো।
লিখিব নোৱাৰো
মই তোমাৰ নাম
নিষ্পেষিতহঁতৰ ঘামবোৰত
লিখিব নোৱাৰো মই তোমাৰ নাম
ছুপ্ৰিম কোৰ্টৰ বেৰবোৰত
লিখিব নোৱাৰো মই তোমাৰ নাম
নাঙলৰ সিৰলুত
লিখিব নোৱাৰো মই তোমাৰ নাম
আঘোণৰ বিস্তৃত পথাৰবৈৰত
 লিখিব নোৱাৰো মই তোমাৰ নাম
পাৰ্লিয়ামেন্ট ভৱনত।
লিখিব নোৱাৰো মই তোমাৰ নাম
সংবিধানৰ সকলো পঢ়া পৃষ্ঠাত
লিখিব নোৱাৰো মই তোমাৰ নাম
বৃন্দাবনত
লিখিব নোৱাৰো মই তোমাৰ নাম
জুম্মা মছজিদত।
লিখিব নোৱাৰো মই তোমাৰ নাম
অৰ্জুনৰ গান্ডীৱখনত
লিখিব নোৱাৰো মই তোমাৰ নাম
গান্ধীজীৰ উপাসনা কোঠাত
লিখিব নোৱাৰো মই তোমাৰ নাম
মাউন্টবেটেনৰ সমাধিক্ষেত্ৰত।
আনকি স্বাধীনতা
লিখিব নোৱাৰিলো মই তোমাৰ নাম
পোন্ধৰ আগষ্টৰ ত্ৰিৰংগ পতাকাখনত।”

Related Articles

Close