স্বস্তি ! উতলা আৰু লুণীয়া পানীৰ সংস্পৰ্শলৈ আহিলেই কৰ’নাৰ আয়ুস শেষ !

মহাবাহুৰ মেজৰ পৰা

মস্কোঃ   প্ৰৱলভাৱে সংক্ৰামক কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ এতিয়াও কোনো ঔষধ বা প্ৰতিষেধক নাই। আনহাতে কৰ’না ভাইৰাছৰ আয়ুস ক্ষয় হোৱা দূৰৰ কথা, প্ৰতিদিনে নিজৰ জিনগত পৰিৱৰ্তন সাধন কৰি অধিক অপ্ৰতিৰোধ্য হৈ পৰিছে। বিশ্বৰ শ্ৰেষ্ঠ ভাইৰ’লজিষ্ট সকলে উজাগৰী নিশা অতিবাহিত কৰি ভেকচিনৰ বাবে নিৰলস গৱেষণা কৰি আছে আৰু অসহায় বিশ্ববাসীয়ে চাতক চৰাইৰ দৰে তাকেই অপেক্ষা কৰি আছে। এনে এক সময়তে কৰ’না ভাইৰাছৰ এক বিৰাট দুৰ্বলতাৰ বিষয়ে ঘোষণা কৰিছে ৰাছিয়াৰ এদল বিজ্ঞানীয়ে। তেওঁলোকৰ চাঞ্চল্যকৰ দাবী এয়ে যে ভয় কৰিবলগীয়া কথা একো নাই, সাধাৰণ পানীতেই পৰ্যুদস্ত হয় কৰ’না, আৰু গৰম পানী হ’লে কোনো চিন্তাই নাই।
       ৰাছিয়াৰ চাইবেৰিয়াৰ নভোচিবিৰ্ক্সত অৱস্থিত ৰাছিয়া চৰকাৰৰ অধীনস্থ ‘ভেক্টৰ স্টেট ৰিচাৰ্ছ চেন্টাৰ অব্ ভাইৰ’লজি এন্ড বায়’টেকনোলজি’ নামৰ গৱেষণা সংস্থাত কৰ্মৰত বিজ্ঞানীসকলে কৰ’নাৰ দুৰ্বলতাৰ সন্ধান পাইছে। তেওঁলোকে দাবী কৰিছে যে কেৱল পানীয়েই কৰ’না ভাইৰাছৰ বৃদ্ধি ৰূদ্ধ কৰি দিব পাৰে। বিশ্বত যিসমূহ সংস্থাৰ গৱেষণাক লৈ উদ্দীপনাৰ সৃষ্টি হৈছে, তাৰে ভিতৰত ৰাছিয়াৰ সংস্থাও অন্যতম।
          এইকথা ইতিমধ্যে চৰ্চিত হৈছে যে ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে আগষ্ট মাহতেই নিজৰ দেশত তৈয়াৰী কৰ’না টিকা প্ৰয়োগৰ বাবে চূড়ান্ত অনুমোদন দিব পাৰে। প্ৰথমে এই টিকা স্বাস্থ্য-কৰ্মীসকলৰ শৰীৰত প্ৰয়োগ কৰা হ’ব। তাৰপিছত জনসাধাৰণৰ দেহত। ভাৰতৰ দৰে ৰাছিয়াতো সংক্ৰমণ বৃদ্ধি হৈয়েই আছে। ৰাছিয়াৰ মুঠ সংক্ৰমণৰ সংখ্যা প্ৰায় ৯ লাখ হওঁ হওঁ হৈছে। মৃত্যুৰ সংখ্যা ১৪২০৭+ ! এনে অৱস্থাত অইন দেশতকৈ আগতে কৃতিত্ব ল’ব বিচাৰিছে ৰাছিয়াই। কৰ’নাৰ টিকাৰ বাবে সমগ্ৰ বিশ্বতে যেতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে, তেনে সময়তেই ৰাছিয়াৰ সংবাদ মাধ্যম ‘স্পুটনিক’ত ভেক্টৰৰ বিজ্ঞানীসকলৰ গৱেষণা প্ৰকাশিত হৈছে। ভেক্টৰৰ ভাইৰ’লজিস্ট আৰু জৈৱ প্ৰযুক্তিৰ কামত নিয়োজিত বিজ্ঞানীসকলে জনাইছে যে ২৪ ঘন্টাৰ ভিতৰতে সাধাৰণ তাপমাত্ৰাত ( কোঠাৰ উষ্ণতা ) ৰখাপানীৰ সংস্পৰ্শলৈ আহিলেই কৰ’না ভাইৰাছৰ প্ৰায় ৯০% কণা মৰি যায়। আৰু ৭২ ঘন্টাৰ ভিতৰত ৯৯.৯% কৰ’নাৰ কণা (পাৰ্টিকল) মৰি যায়। গৱেষক সকলে দাবী কৰিছে যে উতলা পানীৰ সংস্পৰ্শলৈ আহিলে ‘চাৰ্ছ-কোভ-২’ ভাইৰাছৰ ষ্ট্ৰেইন কাৰ্যত প্ৰায় নিঃশ্চিহ্ন হৈ যায়। গৱেষক সকলে লক্ষ্য কৰিছে যে ডিক্লোৰিনেটেড ( লুণীয়া পানী) আৰু সাগৰৰ পানীত কৰ’না ভাইৰাছে কোনোপধ্যেই বংশবৃদ্ধি কৰিব নোৱাৰে, তথা অলপ সময় হে জীয়াই থাকে। লুণীয়া পানীত পৰিলেই কৰ’না ভাইৰাছ সক্ৰিয় হৈ থাকিব নোৱাৰে। সেই সময়ত পানীৰ উষ্ণতাৰ ওপৰত ভাইৰাছৰ আয়ুস নিৰ্ভৰ কৰে। প্ৰশ্নৰ উদ্ৰেক হৈছে, তেনেহলে লুণীয়া পানীৰেই ভাইৰাছক খেদাৰ উপায় নেকি? ৰাছিয়াৰ বিজ্ঞানীসকলে জনাইছে যে ‘ক্লোৰিনেটেড’ পানীত খুব শীঘ্ৰেই মৃত্যু বৰণ কৰে কৰ’না ভাইৰাছে।
      ৰাছিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই মাহতেই বজাৰলৈ কৰ’নাৰ ভেকচিন আহিব। ১০ আগষ্টত হয়তো ৰাছিয়াৰ চৰকাৰে অনুমোদন দিব। ৰাছিয়াই যে অইন দেশবোৰতকৈ আগতেই কৰ’নাৰ ভেকচিন আৱিষ্কাৰ কৰিব পাৰিব, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা তেনে দাবী আগতেই কৰা হৈছিল। কিছুদিন আগতে সেই টিকাৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলৰ প্ৰতিবেদন সন্তোষজনক হোৱা হেতুকে ৰাছিয়াৰ উপ-প্ৰতিৰক্ষামন্ত্ৰী ৰুছলান চালিক’ভ- এ জনাইছে যে ৰাছিয়াৰ ‘গ্যামালিয়া নেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ ফৰ এপিডেমিওলজি এন্ড মাইক্ৰ’বায়োলজি’ৰ বিশেষজ্ঞ আৰু বিজ্ঞানীসকলে যি ভেকচিন তৈয়াৰ কৰিছে, সেই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে উপযুক্ত। আনহাতে ৰাছিয়াৰ স্বাস্থ্যমন্ত্ৰী মিখাইল মুৰাশ্বকো-ই কৈছে যে মস্কোত চৰকাৰী উদ্যোগত তৈয়াৰী গ্যামালিয়াৰ বিজ্ঞানীসকলে মোটামুটিভাবে ভেকচিনৰ ট্ৰায়েল আৰু ‘পেপাৰৱৰ্ক’ সমাপ্ত কৰি পেলাইছে আৰু অহা অক্টোবৰ মাহৰ পৰা সমগ্ৰ ৰাছিয়াত গণহাৰত টিকা দিয়াৰ কাম আৰম্ভ হ’ব।
•••••••••মহাবাহু••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!