স্বচ্ছ ভাৰত -অস্বচ্ছ মন

ক্ষীৰোদ শইকীয়া

আমি সৰু সৰু মানুহ সৰু সৰু আশা, সৰু সৰু সপোন। ২০১২ চনত এক ঘটনা বা দূৰ্ঘটনা অথবা মায়াবী কালচক্ৰৰ পাকত আহি ডিব্ৰুগড়ৰ ভাড়া ঘৰৰ বাসিন্দা হলোঁ। মা-দেউতাৰ ঘৰ উত্তৰ পাৰত অৰ্থাৎ ধেমাজিত। বিহুৱে-সংক্ৰান্তীয়ে, বিপদে-আপদে সপৰিয়ালে ঘৰলৈ যাবৰ বাবে আমাৰ এশ এবুৰি চিন্তা। এমা-ডিমা যমজ ছোৱালী দুজনীক নিজা গাড়ী নহ’লে ক’ৰবালৈ নিয়াটো অসম্ভৱ প্ৰায়।   ফেৰীত গাড়ী পাৰ কৰিলে লয় ১০০০ টকা, চলোৱাজনৰ বাহিৰে আন সকলৰ ভাড়া আছেই। ৰাতিপুৱাই গ’লে শাৰীত থাকি ভাগ্য ভাল থাকিলে ১১/১২ মান বজাত ঘাত পাৰ হব পাৰি। ৰিজাৰ্ভ কৰিলে ২৫০০ ৰ পৰা ৩০০০ টকা লয়। দিয়াৰ ক্ষমতা নাই। মুঠৰ ওপৰত বগীবিলৰ দলং উন্মোচনৰ আগলৈকে অশেষ শাস্তি ভুগিলোঁ। বিহুৰ দিনত ৰাতিপুৱা ৮ বজাত গৈ বিয়লি ৪.২০ বজাৰ ফেৰীত ঘাট পাৰ হোৱাৰ অভিজ্ঞতাও হ’ল।
শ্ৰীমতী আৰু মই ২০১২ ৰৰে পৰা প্ৰতিবাৰ ঘাত পাৰ হওঁতে এটা কথাই  কওঁ, যিদিনা দলং উদ্ঘাটন হ’ব সেইদিনাই পাৰ হ’ম। এটা সৰু মানুহৰ সৰু আশা।
সেঁতু মুকলিৰ মাহটোত শীতকালীন বন্ধত শ্ৰীমতী আৰু দুই কন্যা আছিলগৈ শ্ৰীমতীৰ পিতৃ গৃহ অৰ্থাৎ মোৰ শহুৰ দেউতাৰ ঘৰত। বঙাইগাঁওত। আৰু মই কর্মসংক্ৰান্তে ক’হিমা, ইম্ফল, আইজল আদিত। পিছে প্ৰথম দিনাই দলং পাৰ হোৱাৰ দূৰ্বাৰ বাসনাই  আমাক টানি আনিলে ডিব্ৰুগড়লৈ। ২৩ তাৰিখে আমাৰ সুখ-দুখৰ লগৰী সৰু গাড়ীখনেৰে বঙাইগাঁওৰ পৰা আহি নগাঁৱত থকা জেঠাইৰ ল’ৰা  ধন মানে নগাঁৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ডঃ যাদবেন্দ্ৰ বৰাৰ ঘৰত ৰাতিটো কটাও। আঁচলতে এইটো একৰকমৰ নিয়মত পৰিণত হৈছেগৈ। সপৰিয়ালে গুৱাহাটী বা বঙাইগাঁওলৈ গ’লে/আহিলে নগাঁৱত এৰাতি থাকি যোৱাতো। হয় ধনৰ ঘৰত নহয় বিদ্যুত মানে মই ছাতি ধৰা সখী তথা শৈশৱৰ বন্ধু United বেংকৰ মেনেজাৰ বিদ্যুৎ বিকাশ দাসৰ ঘৰত। বিদ্যুৎৰ  পত্নী কৰবী মানে ডঃ কৰবী কোঁচ ওঁ আমাৰ হাইস্কুলীয়া বান্ধৱী। গতিকে খুব জমে। কৰবী ওঁ বৰ্তমান শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ Associate Professor।
নগাঁৱৰ পৰা ২৪ তাৰিখে আহি আকৌ যোৰহাটত থকা ভনীৰঘৰত এপাক মাৰি ভাত -পানী খাই ডিব্ৰুগড়ৰ বহা পাওঁ মানে ৰাতি ১০.৩০ বাজিল।
২৫ তাৰিখে ভ্ৰমণৰ ভাগৰ, গাড়ী চলোৱা গাবিষ আদি শেষ কৰি বিচনাৰ পৰা উঠোঁতে ঘড়ীৰ কাঁটাই ১১ চুলেগৈ। টিভিত প্ৰধানমন্ত্ৰীৰ ভাষণ শেষ হোৱাত ৫ মান বজাত ওলালোঁ বহু দিনীয়া সপোন পূৰ কৰাৰ আশাত , বগীবিলৰ সেঁতু পাৰ হৈ ঘৰলৈ যোৱাৰ আশাত।
গাড়ীৰে গৈ জামিৰা তিনিআলি পাওঁতেই তাত থকা ট্ৰেফিক ইন্সপেক্টৰ জনে আমাক বাধা দি ক’লে এতিয়া যাব নোৱাৰিব , অৰ্ডাৰ নাই আৰু কেতিয়া যাব পাৰিব তাৰ কোনো ইয়াট্টা নাই। প্ৰায় এঘণ্টা অপেক্ষাৰ পিছতো কোনো আশা নেদেখি ইমান দিনৰ সপোন  ভাগি পৰাৰ উপক্ৰম হওঁতেই এজন পুলিচ কনিষ্টবলে আমাক একৰাকী মহিলা আৰু তেওঁৰ ৭/৮ বছৰীয়া পুত্ৰক আমাৰ লগত লৈ যোৱাৰ চৰ্তত আমাক যোৱাৰ সুবিধা কৰি দিলে। সেয়া এক অন্য কাহিনী।
তাৰ পিছত প্ৰায় বিনা বাধাই সেঁতুত স্মাৰক হিচাপে ফটো/চেলফি পৰ্ব সমাপন কৰি আনন্দ মনেৰে উত্তৰ পাৰত উপস্থিত হোৱাৰ লগে লগে আমাৰ গতিত যতি পৰিল। লাখ লাখ মানুহ লাখৰ ঘৰত গাড়ী। মানে আমাৰ দৰে সৰু সপোন দেখা মানুহৰ সংখ্যা এই অসমত অগনন। মাজে মাজে গাড়ী সমূহৰ পঞ্জীয়ন নাম্বাৰ সমূহ চাওঁ…শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, তেজপুৰ, লক্ষীমপুৰ, অৰুণাচল, মেঘালয়, গোলাঘাট, গুৱাহাটী আদি বিভিন্ন ঠাইৰ গাড়ীৰ পয়োভৰ। দলংৰ পৰা নামি কুলাজন পাবলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগিল যদিওঁ বিৰক্ত নহ’লো। কোনো কোনোৱে ৰাস্তাতে বিহু গোৱাও দেখিলোঁ। মুঠতে এক উৎসৱ মুখৰ পৰিবেশ।
প্ৰায় ১০ বজাত কুলাজন পালোঁ। লগত অহা মানে আৰক্ষী জনে উঠাই দিয়া বাইদেউ গৰাকীক ৰাতি অধিক হোৱাৰ বাবে তেখেতৰ আকাজানত থকা সমন্ধীয় লোকৰ ঘৰত নমাই মাছখোৱা ঘৰ পাওঁগৈ মানে ১২ বাজিল। আশা পূৰণৰ সুখানুভূতি আৰু গাড়ী চলোৱাৰ শ্ৰমত নাক বাজিবলৈ কোনো সময় নালাগিল।
পিছদিনা ১ বজাত উভটনি যাত্ৰা আৰম্ভ কৰি প্ৰায় ২ বজাত পুনৰ বগীবিল দলঙত উঠোঁ। মোৰ গাড়ীৰ বেগ ঘণ্টাত ২০ কিঃমিঃ মান, সকলো গাড়ী তেনেদৰেই গৈ আছে। দলঙৰ দুয়োকাষে অলেখ ভ্ৰমণকাৰী, সকলো চেলফি ফটো আদি লোৱাত ব্যস্ত। মইও সুযোগ বুজি অলপ খালি যেন ঠাইত গাড়ী অলপ সময়ৰ বাবে ৰখাই দুই পুত্ৰীক এবাৰ দিনৰ পোহৰত দলংখন দেখুৱালোঁ নিজেও প্ৰাণভৰি চালোঁ।মনতে ভাবিলোঁ এটা যুগৰ অৱসান ঘটিল, নতুন যুগৰ আৰম্ভণি হ’ল।
১৫ মিনিট মান থাকি পুনৰ ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ গাড়ীৰ সন্মুখত এখন উগ্ৰ ৰঙা ৰঙৰ নতুন টাটা টিগৰ গাড়ী তুলনা মূলকভাৱে অলপ বেছি বেগত সম্ভৱত ঘণ্টাত ৪০ কিঃমিঃ মানত গৈ আছে।
হঠাৎ গাড়ীখনে জোৰত ব্ৰেক টানি দলঙৰ মাজতে ৰৈ গ’ল….অলপৰ বাবে মই খুন্দা নামৰিলোঁ। কি হ’ল বুলি চাওঁতেই দেখিলোঁ এজন থুলন্তৰ ক’লা কপালত এটা ডাঙৰ ৰঙা ফোঁট থকা ব্যক্তিয়ে , গাড়ীৰ দুৱাৰ খুলি মুৰটো বাহিৰলৈ উলিয়াই গহীনত পাছলৈ চাই পাণৰ পিকেৰে কিচিকিছিয়া ক’লা দলঙৰ বুকুত ৰঙা দাগ দি গুচি গ’ল। একমুহূৰ্তৰ বাবে শৰীৰৰ সমস্ত তেজ মূৰলৈ উঠি গৈছিল, ১০/১২ বছৰৰ আগৰ বলিয়া খংতো দকমকাই জ্বলি উঠিছিল। পিছে পিছে খেদা দিবই লৈছিলো পিছে গাড়ীত থকা শ্ৰীমতীৰ আৰু সন্তান দুটিৰ কথা চিন্তা কৰি বিৰত থাকিলোঁ। এটা অব্যক্ত ক্ৰোধে বহু দিনৰ প্ৰথম দিনাই দলং পাৰ হোৱাৰ আনন্দ পানী কৰি দিলে। উপায় নাই সৰু মানুহ সৰু সপোন সৰু অভিমান সৰু খং।

Related Articles

Check Also

Close
Close