স্বকীয় শিল্পকলাৰে উদ্ভাসিত  ভাস্কৰ প্ৰদীপ মহন্ত

অলক অধিকাৰী

এগৰাকী আজন্ম শিল্পী আৰু তেওঁৰ শিল্পকৰ্মই যুগ যুগ ধৰি স্বাক্ষৰ থৈ যায় শিল্পীজনাৰ চিন্তা-চেতনা, ভাবাৱেগ আৰু সময়ৰ প্ৰতিচ্ছবিত। সময়ৰ ম’টিফ-ৰূপকল্প, দৃশ্য আৰু সত্যবোৰ যেন শিল্পীজনাৰ শৈল্পিক চেতনাত উদ্ভাসিত হয়। তেখেতৰ শিল্পসৃষ্টি যেন অবিৰতভাৱে চিন্তাৰ অভিনিৰ্মাণতেই ঘূৰ্ণীয়মান হৈ থাকে। অৱয়ৱধৰ্মিতাৰ এনে কেতবোৰ পৌনঃপুনিক চিত্ৰণ আৰু প্ৰক্ষেপণৰ মাজেৰেই শিল্পীজনাৰ শৈল্পিক এষণাই অহৰহ কোনো দৃশ্য-সত্য তথা অন্তঃসত্যৰ অন্বেষণ কৰে। নামনি অসমত বিংশ শতিকাৰ ষাঠিৰ দশকত জন্মলাভ কৰি একবিংশ শতিকাৰ দ্বিতীয় দশকৰ আৰম্ভণিলৈকে শিল্প চেতনাৰে সৃষ্টিত নিমগ্ন হৈ থকা শিল্পীগৰাকীয়েই হৈছে প্ৰদীপ মহন্ত। জীৱনৰ চাৰি দশক জোৰা নিৰৱচ্ছিন্ন কলা চৰ্চাৰে প্ৰথম বিন্দুৰপৰা শেষ বিন্দুলৈকে তেখেত কেৱল কৰ্মচিন্তাৰ এক্সপেৰিমেণ্টেছনতেই ব্ৰতী হৈ থাকিল। শিল্পকৰ্মৰ সঠিক ৰূপত উপনীত হ’বলৈ এবাৰভাৱে এবাৰ গঢ়ে—যেন সেই অভিনিৰ্মাণৰ বন্ধনক পূৰ্ণাংগ ৰূপ দিয়াত নিৰন্তৰ প্ৰয়াস কৰি যায়, অথচ কিবা এক তাড়নাত বাৰে বাৰে তাতেই নিবদ্ধ হৈ ৰয় তেওঁ। তাকেই শিল্পী প্ৰদীপ মহন্তৰ শিল্প চেতনাৰ ম’টিফ বা ষ্টাইল বুলি ধৰি ল’ব পাৰি।

নামনি অসমৰ তাহানিৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত এক অভিজাত পৰিয়ালত জন্মলাভ কৰা প্ৰদীপ মহন্তই নিজ চিন্তা-চেতনাৰ শিল্পকৰ্মৰে অকল জিলাখনতেই নহয়, সমগ্ৰ অসমতেই তেওঁৰ শিল্পকৰ্মৰ নৈপুণ্য প্ৰকাশ কৰি থৈ যাবলৈ সক্ষম হৈছিল। যাৰ বাবে অসমৰ বাহিৰতো, বিশেষতঃ পশ্চিমবংগ আৰু পিছলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নামজ্বলা ভাস্কৰ্য শিল্পীৰূপে পৰিচিতি লাভ কৰে। এইচ.বি. পেঞ্চিলৰপৰা আৰম্ভ কৰি পিছলৈ বাঁহ-বেত, কাঠ, কাগজ-ব’ৰ্ড আদিকে ধৰি বিভিন্ন পেলনীয়া আৰু অলাগতিয়াল সামগ্ৰীৰে (scrap) সৃষ্ট কৰ্মক শিল্পী-প্ৰৱণতাৰে সজ্জিত কৰি আধুনিক ভাস্কৰ্যৰ ৰূপ দিয়া এইগৰাকী শিল্পীয়ে থলুৱা শিল্পকলাৰ প্ৰতি আকৃষ্ট হৈ পোৰামাটিৰ (টেৰাকোটা) সামগ্ৰীৰ প্ৰয়োগৰ কৌশল তেখেতৰ ছয় দশক জোৰা নিৰৱচ্ছিন্ন শিল্পকৰ্মৰ এক প্ৰতিফলন। আধুনিক ভাৰতীয় শিল্প পৰিমণ্ডলৰ অৱয়ৱধৰ্মিতাৰ ধাৰাটোৰ সৈতে নিজক প্ৰতিষ্ঠা কৰিবলৈ শিল্পী প্ৰদীপ মহন্তই জে. জে. স্কুল অৱ আৰ্টছত প্ৰশিক্ষণ ল’বৰ বাবে মুম্বাইলৈ গৈছিল।

সদায় শিল্পচেতনা আৰু শিল্পকলাৰ প্ৰতি উদ্বুদ্ধ মহন্তই নিজৰ জন্মস্থান অসমৰ পিছপৰা জনজাতীয় অধ্যূষিত অঞ্চলটোত উঠি অহা প্ৰজন্মৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰি কোকৰাঝাৰত ১৯৭৭ চনত কোকৰাঝাৰ কলা বিদ্যালয় (চাৰু-কাৰু কলাৰ বিদ্যালয়) শুভাৰম্ভ কৰি পৰৱৰ্তী সময়ত চহৰখনৰ কলেজ পথত ‍‘বিভু গোস্বামী মেম’ৰিয়েল কলা বিদ্যালয়’ক সম্পূৰ্ণ কলাত্মক ৰূপ প্ৰদান কৰি ১৯৭৯ চনত প্ৰতিষ্ঠিত কৰে। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে উন্মোচন কৰা এই বিদ্যালয়খন কোকৰাঝাৰ তথা নামনি অসমৰ এক উচ্চ স্তৰৰ চাৰু-কাৰু কলাৰ বিদ্যালয়ৰূপে পৰিগণিত হৈছিল। কোকৰাঝাৰ চহৰৰ মাজমজিয়াত অৱস্থিত আৰু ১৯৮৫-৮৬ চনত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মাণ কৰা শ্বহীদ বেদীত প্ৰদীপ মহন্তই তেখেতৰ শিল্পদৃষ্টি আৰু শিল্পকলাৰ নৈপুণ্যতাৰে বহল মনৰ পৰিচয় দাঙি ধৰে। সম্পূৰ্ণ হ’বলৈ কিছু বাকী থকা শ্বহীদ বেদীটো শ্বহীদৰ শ্ৰদ্ধাঞ্জলি স্মাৰক হোৱাৰ উপৰি শান্তি-সম্প্ৰীতিৰ প্ৰতীকস্বৰূপে দণ্ডায়মান।

ভাস্কৰ্য শিল্পী দেৱীচৰণ বড়ো আৰু কোকৰাঝাৰৰ প্ৰখ্যাত চিত্ৰশিল্পী শৰৎ নাৰ্জাৰীৰ শিল্পকৰ্মৰ প্ৰতি উদ্বুদ্ধ হৈ পিছলৈ সময়ে সময়ে তেওঁলোকৰ আদৰ্শ-শৈলীগত প্ৰসংগবোৰৰ অনুধাৱন কৰিবলৈ যত্ন কৰা প্ৰদীপ মহন্তই এই উপাদানবোৰ নিজ শিল্পকৰ্মৰ মাজতো প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰিছিল। অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী প্ৰণৱ বৰুৱাৰ সৈতেও তেখেত অতি ঘনিষ্ঠ আছিল আৰু বৰুৱাৰ শিল্পকৰ্মৰ প্ৰতিও আকৃষ্ট প্ৰদীপ মহন্তই উক্ত সম্পৰ্কৰ বাবেই হয়তো প্ৰণৱ বৰুৱাই শিল্পচৰ্চাৰ বাবে যোৱা একেটি শিক্ষানুষ্ঠানতে অৰ্থাৎ মুম্বাইৰ জে. জে. আৰ্ট স্কুলত প্ৰশিক্ষণ ল’বলৈ গৈছিল।

সময়ে সময়ে বিভিন্ন প্ৰদর্শনীত অংশগ্ৰহণ কৰি অহা প্ৰদীপ মহন্তই ১৯৯০ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰৰ ওচৰত (বর্তমান তৰাঘৰসংলগ্ন ঠাইত) এক বিশাল পৰিসৰত অনুষ্ঠিত কৰা মুকলি (Open air) কলা প্ৰদৰ্শনীখনে অসমৰ প্ৰখ্যাত শিল্পৰসিকসকলৰপৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। লোকশিল্পৰ প্ৰতি অধীৰ আগ্ৰহ আৰু ভালপোৱা থকা বাবেই তেখেতৰ উক্ত প্ৰদৰ্শনীত নিজৰ কল্পনাৰ বাস্তৱ ৰূপ দিছিল। আনকি অসমৰ বাহিৰৰপৰা আমন্ত্ৰিত লোকশিল্পীৰো শিল্প-কৰ্ম প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ উপৰি নগাঁও আৰু কোকৰাঝাৰৰ চৰকাৰী উঃমাঃ আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰতো উক্ত আৰ্হিৰে Open air art exhibition অনুষ্ঠিত কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিয়াৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

ঐতিহ্যমুখী চেতনাৰে উদ্বুদ্ধ শিল্পী প্ৰদীপ মহন্তই মানুহৰ অন্তঃচেতনাৰ নিবিড় আন্ধাৰত নিমজ্জিত হৈ থকা ৰহস্য অথবা অস্তিত্বৰ অৱস্থিতিৰ স’তে সংলগ্ন চিৰন্তন প্ৰশ্নবোৰৰ অৰ্থ অন্বেষণ কৰি জন্ম দিছিল বিভিন্ন সৃষ্টিশীল সংৰচনা। তেনে চিন্তা অন্বেষণেৰে ১৯৯৩ চনত কলকাতাৰ লিটল আৰ্ট গেলেৰীত sculptures & musks-ৰ ওপৰত বহল ভিত্তিত প্ৰদৰ্শনী অনুষ্ঠিত কৰি কলাৰসিক, দৰ্শক আৰু কলা-সমালোচকৰ প্ৰশংসা লাভ কৰিব পাৰিছিল।

প্ৰতিমুহূৰ্তত শিল্পকলাৰ চিন্তা-চৰ্চা কৰা প্ৰদীপ মহন্তই তেওঁৰ কৰ্মসমূহ এগৰাকী স্থাপত্য শিল্পীৰ দৰেই নিখুঁত ৰূপত উপস্থাপন কৰিছিল। তেওঁ থলুৱা সামগ্ৰী, যেনে—বাঁহ-বেত, ঢাৰি, শয়ন খেৰ, চাহপাতৰ গছ, তামোল গছৰ ঢকুৱা, কুলা, পাচি আদিৰেই অপূৰ্ব শিল্পকৰ্ম প্ৰস্তুত কৰিছিল। আনকি উক্ত সামগ্ৰীবোৰেৰে বিভিন্ন সময়ত বিহু সন্মিলনৰ মঞ্চ, সাহিত্য সভাকে ধৰি সভা, অধিৱেশন আদিৰ মূল তোৰণ নিৰ্মাণ কৰি স্থানীয় শিল্পকলাৰ প্ৰদৰ্শনেৰে অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰী দৰ্শকসকলকো মোহিত কৰিছিল। অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ মূল তোৰণ আৰু প্ৰতিবছৰে প্ৰস্তুত কৰি অহা ৰঙালী বিহুৰ মঞ্চখনতেই তেওঁৰ কৰ্মৰ পৰিচয় পোৱা গৈছিল। গৌৰীপুৰৰ আশাৰীকান্দিৰ বিখ্যাত টেৰাকোটা পুতলা-মূৰ্তি, মডেল ইত্যাদিৰ প্ৰতি আকৃষ্ট হৈ সেই টেৰাকোটাৰ কৰ্মশালা আদিৰদ্বাৰা বিভিন্ন সময়ত উক্ত সামগ্ৰীসমূহ প্ৰস্তুত কৰি তাক আধুনিক ৰূপত সজাই উপস্থাপন কৰিছিল। গুৱাহাটীৰ বিভিন্ন ৰাজহুৱা ঠাই, গৃহ, ৰিচেপছন কাউণ্টাৰ আদিত প্ৰদীপ মহন্তৰ কৰ্মৰ নিদৰ্শন আজিও বিদ্যমান। কোকৰাঝাৰ চহৰৰ পাগলা বাবা মন্দিৰ নিৰ্মাণৰ সম্পূৰ্ণ প্ৰজেক্ট ডিজাইন কৰি এটা-এটাকৈ সম্পাদন কৰি শেষত কিছু অসম্পূৰ্ণ হৈ থাকে যদিও উক্ত মন্দিৰৰ শিল্পকৰ্মত তেখেতৰ কৰ্মসুদক্ষতা প্ৰত্যক্ষ কৰিব পাৰি।

বিংশ শতিকাৰ শেষভাগত সময়ে সময়ে হোৱা আন্দোলনৰ বাবে সমগ্ৰ অসমতেই এক ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল আৰু তাৰ বাবেই তেৱোঁ অশেষ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু শিল্পকলাৰ সাধনাৰ অৰ্থে বাহিৰৰ পৃথিৱীখনলৈ ওলাই গৈছিল। প্ৰদীপ মহন্তই খোজ দিছিল অনিশ্চয়তাৰে ভৰা এক অস্থিৰ শৈল্পিক যাত্ৰাত আৰু অন্তহীন প্ৰতিকূলতাৰ মাজতো দৃঢ়তাৰে খুপি খুপি গৈ অৱশেষত এক স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছিল—ৰবি ঠাকুৰৰ সপোনৰ ঠাই শান্তিনিকেতনত স্থায়ীভাৱে থাকিবলৈ লোৱাৰপৰা। পৰৱৰ্তী সময়ত তাৰপৰাই দেশ-বিদেশত তেওঁ শ্ৰেষ্ঠ শিল্প-কলাত্মক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। শান্তিনিকেতনৰ তেওঁৰ পঁজাটো ইমানেই আটকধুনীয়া আৰু ব্যতিক্ৰমী শিল্পকৰ্মেৰে সজাইছিল যে সেয়া দেশী-বিদেশী পৰ্যটকৰো আকৰ্ষণৰ বিষয় হৈছিল।

সাধাৰণ পোছাক, পেণ্ট-চোলা, মূৰত টুপী, শীতকালত দীঘল জেকেট বা ছুৱেটাৰ আৰু চাইকেল চলাই ঘূৰি ফুৰা প্ৰদীপদা অতি সহজ-সৰল, স্বল্পভাষী ব্যক্তিত্বৰ অধিকাৰী আছিল। সাধাৰণ মানুহৰ সৈতে মিলা-মিছা কৰি ভালপোৱা অমায়িক স্বভাৱৰ প্ৰদীপদাই তেওঁলোকৰদ্বাৰা শিল্প চিন্তাৰ কৰ্ম সম্পাদন কৰাটো প্ৰায়ে পৰিলক্ষিত হৈছিল। বিভিন্ন জাতি-জনগোষ্ঠীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি সেই জনগোষ্ঠীৰ থলুৱা খাদ্য, ভাষা আদি আয়ত্ত কৰি ঘৰলৈ অহা আলহী-অতিথি, বন্ধু-বান্ধৱকো থলুৱা খাদ্যৰে আপ্যায়িত কৰি ভাল পাইছিল। সৃষ্টিৰ তাড়নাৰে অস্থিৰ এগৰাকী প্ৰকৃত কবি শিল্পীৰ দৰেই গাঁৱে-ভূঞে, পাহাৰে-ভৈয়ামে ঘূৰি ফুৰি তাৰ পৰিৱেশ-পৰিস্থিতি, আনকি ছবিৰ বাবে মনত বিমূৰ্ত প্ৰতিবিম্ব গাঁথি লৈ সেইসমূহক পেঞ্চিল বা ৰং-তুলিকাৰে উপস্থাপন কৰিছিল।

কোকৰাঝাৰ অঞ্চলটোক লৈ সপোন ৰচা প্ৰদীপদাই শিল্পকলাৰ সৃষ্টিৰ বাবেই উক্ত অঞ্চলটোৰ নদ-নদী, চৰাই-চিৰিকটি, জীৱ-জন্তুৰ প্ৰতিও অকৃত্ৰিম ভালপোৱাৰে বিভিন্ন ঠাইত দৌৰি ফুৰিছিল। হাতৰ ওচৰত যি বস্তুৱে পাইছিল তাক শিল্প-ৰূপ দিয়াত অকণো সময় নালাগিছিল। সংগীতৰ প্ৰতি অনুৰাগ থকা প্ৰদীপদাই ঘৰতেই সংগী-লগৰীয়াক লৈ আনন্দ-স্ফূতি কৰি ভাল পাইছিল। কেতিয়াবা আমিও তাক প্ৰত্যক্ষ কৰিছিলো। সময়ে সময়ে লগৰীয়াসকলক লৈ দূৰ-দূৰণিলৈ ফুৰিবলৈ যোৱাটোও তেওঁৰ বন্ধুসকলৰপৰা জানিব পাৰিছিলো। কোকৰাঝাৰ চহৰৰ নাৰাবাৰীত তেওঁলোকৰ ৰশ্মি ফাৰ্মৰ এডোখৰ ঠাইত (য’ত বৰ্তমান Girls College আছে) নিজ কৰ্ম-প্ৰতিভাৰে আধুনিক পদ্ধতিৰে (থলুৱা সামগ্ৰীৰে বনোৱা) খেৰী ঘৰ (Cottage)-ৰ আৰ্হিত সাজি ঘৰত ব্যৱহৃত সামগ্ৰী, যেনে—পানীৰ জগ, গিলাছ, থাল-বাটি, লেম্প, কাপ-প্লেট, বিছনা, টেবুল-চেয়াৰ, ডাইনিং টেবুল, ছোফা ছেট আদি নিজেই বনাই ব্যৱহাৰ কৰিছিল। মুদ্ৰণ কৰ্মতো প্ৰদীপদাৰ শিল্প চিন্তা পৰিলক্ষিত হৈছিল। সময়ে সময়ে আমাৰ প্ৰেছৰ জৰিয়তে (মহামায়া প্ৰিণ্টিং ৱৰ্কছ) letter press, tradal machine-ত বেটুপাত, কেলেণ্ডাৰ, ফল্ডাৰ, বিয়াৰ নিমন্ত্ৰণী-পত্ৰ আদি ছপাবৰ বাবে নিজে ছবি আঁকি কাঠেৰে ব্লক কৰি, বিশেষ ৰং প্ৰস্তুত কৰি ছপা কৰ্ম সম্পূৰ্ণ নোহোৱালৈকে মেচিনমেনৰ লগত থাকি কাম সম্পূৰ্ণ কৰিছিল। যেতিয়ালৈকে ৰঙৰ মিশ্ৰণ তেওঁৰ মতে সঠিক নহয়, তেতিয়ালৈকে চেষ্টা অব্যাহত ৰাখিছিল। ভাস্কৰ্য আদি নিৰ্মাণৰ বেলিকাও আমি অনুৰূপ ধাৰণা প্ৰত্যক্ষ কৰিছিলো। প্ৰদীপদাৰ সৈতে ওতপ্ৰোতভাৱে লাগি থকা লগৰীয়াসদৃশ অমল ৰয়, দেৱাশীষ দে’ (ভাইয়া), মহেন্দ্ৰ নাৰায়ণ দেৱ, জয়ন্ত বৰ্মন, প্ৰেমাংকুৰ নাথ, পৰাগ ডেকা, শৰৎ ডেকা আদিৰ বহুতেই তেওঁৰ সৈতে বিভিন্ন কৰ্মত জড়িত হৈ থাকি কোকৰাঝাৰত প্ৰদীপ মহন্তৰ শিল্পচিত্ৰ কৰ্মৰ অনুকূলে এক পৰিৱেশ সৃষ্টি কৰিছিল। আজিও উক্ত পৰিৱেশৰ সংযোজন ক’ৰবাত নহয় ক’ৰবাত প্ৰতীয়মান হৈ আহিছে।

সামগ্ৰিকভাৱে কোকৰাঝাৰ অঞ্চলৰ উপৰি অসমৰ শিল্পী পৰিচয়েৰে ঢাপলি মেলা প্ৰদীপদাই সংসাৰ গঢ়ি শান্তিনিকেতনত থাকিবলৈ লৈছিল যদিও কোকৰাঝাৰৰ প্ৰতি থকা মোহ আৰু লগৰীয়াৰ সান্নিধ্য পাবলৈ মাজে মাজে কোকৰাঝাৰলৈ নহাকৈ থকা নাছিল।

কেইবা দশক জোৰা কৰা সাধনা আৰু শৈল্পিক এষণাৰে শিল্পকলাৰ পৰিমণ্ডললৈ অৰিহণা আগবঢ়োৱা প্ৰদীপদা এক স্বকীয় অৱস্থিতিৰে প্ৰোজ্জ্বল হৈ থাকি অৱশেষত জীৱনৰ সৈতে হাৰ মানি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হয়। ১৯৫৪ চনৰ ২৯ অক্টোবৰত জন্মগ্ৰহণ কৰি খ্যাতি অৰ্জন কৰা এইগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰৱচ্ছিন্নভাৱে সেই পথতেই আত্মোৎসৰ্গ কৰি শান্তি নিকেতনৰ (বোলপুৰ লালবাধৰ) নিজ বাসগৃহত ২০১৪ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে।

শিল্পী প্ৰদীপ মহন্তৰ ব্যক্তিত্ব, শিল্পচিন্তা আৰু কৰ্মৰ পৰিসৰ ইমানেই বেছি আছিল যে তাক বিচাৰ আৰু বিশ্লেষণ কৰিবলৈ গৱেষণাৰ প্ৰয়োজন হ’ব। সামান্য পৰিচয়মূলক এই লেখাটোৰে সেয়া সম্ভৱ নহ’ল, আগলৈ তেওঁৰ বিষয়ে জানিবলৈ আৰু লিখিবলৈ হেঁপাহ থাকিল। শেষত কবি হীৰেন ভট্টাচাৰ্যৰ ‍‘মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য’ শীৰ্ষক কবিতাৰ পংক্তিৰে শিল্পীগৰাকীলৈ আমাৰ গভীৰ শ্ৰদ্ধাৰ্ঘ্য যাচিলো।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!