সোণালী আপেলটো

ৰাজদ্বীপ বৰগোহাঁই

ওপৰৰ পৰা পৰিল টেকেলী, তাৰ পেটত এশ ভেকুলী???? কঁঠাল… ওহোঁ নহয়, সেইয়া ঈশ্বৰৰ দান হে!!
আজিৰ বিষয়ঃ জনসংখ্যা বৃদ্ধি।
এতিয়া বাণিজ্যিক বিৰতি, বিৰতিৰ পাছত পুনৰ লগ পাম ষ্টুডিঅ’ৰ মজিয়াত…
নতুনকৈ Launch হোৱা advertisement টোত উন্মাদপ্ৰায় প্ৰায়, অন্তৰ্বাস পিন্ধা উন্মত্ত ডেকা – গাভৰু হালৰ ‘নিৰোধ’ সম্পৰ্কীয় দৃশ্য বোৰ চাই শিহৰিত হয় প্ৰতি নিশাৰ চিঞঁৰ বোৰ।
লোকপিয়লত যোগ হয়, এটাৰ পিছত এটাকৈ শূণ্য বোৰ…
প্রকৃততে, এই লোকপিয়লৰ শূণ্য বোৰ বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ এই সোণালী আপেলটো। অ’ হয়! সোণালী আপেলটো…
মানে ফুট-পাথ বা চেন্টেল মাৰ্কেট খনৰ মেডিচিন মাৰি তেজাল ৰঙা কৰা আপেলটো নহয়, এইটো হোমাৰৰ আপেল।
খবৰদাৰ! হোমাৰ কোন নুসুধিব…
The legendary author of ‘Illiad’.
প্ৰাচীন গ্ৰীচৰ মহাকাব্য ‘ ইলিয়াদ ‘ ৰ ৰচক জনাৰ অমৰ সৃষ্টি সেই সোণালী আপেলটো। মানে গ্ৰীচৰ সেই দেও লগা অপেলটো আপোনাৰ – মোৰ অঞ্চল বোৰতো পোৱা যায়…
অৱসৰৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰা, প্ৰশাসনিক বিষয়া জনৰ বেবেৰি- বাং কথাবোৰ কিমান শুনিম নো!! সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ কৰি, দুটা মান গলখেকাৰ মাৰি ডিঙিটো চাফা কৰি তেওঁ আৰম্ভ কৰে, ‘শ্ৰদ্ধেয় ৰাইজ…. বহিবলৈ চকী নাপাম বুলি খৰধৰকৈ ভাতকেইটা খাই সাংস্কৃতিক সন্ধিয়া চাবলৈ যোৱা ৰাইজৰ চাৰৰ ভাষণ শুনি, চিলমিলকৈ চকুহাল জাপ খাই পৰে আকৌ খকামকাকৈ চকুমেলে, ইপিনে চাৰে মাইকত চিঞৰি থাকে, ‘শ্ৰদ্ধেয় ৰাইজ….।
মানে তেখেতক দুখ দি লাভ নাই, এনেহেন বিয়াগোম সাংস্কৃতিক গৱেষক জনক, কবিতা আবৃত্তি অনুষ্ঠানত ‘ৰহস্যবাদী’ অসমীয়া কবিতাৰ বিচাৰক হিচাপে যদি বহিবলৈ দিয়ে, তেওঁটো বেবেৰিবাং বকিবই। হিঃ হিঃ হিঃ… তেতিয়াই তেওঁ সোণালী আপেলটো উলিয়াই লয়। মানে কথাটো এনেকোৱা, যিয়ে চাৰৰ বক্তৃতাৰ শেষত ওচৰলৈ গৈ ক’ব, কি সুন্দৰ বক্তৃতা দিছে, ফালি দিছে একদম’, তেওঁৱেই সোণালী আপেলৰ দাবীদাৰ হৈ পৰিব।
দাবীদাৰ হে হ’ব, অংশীদাৰ নহয় আকৌ, ভুল নকৰিব…
মানে কাজিয়া এখন হৈছিল, অলপ ওপৰ খাপৰ কাজিয়া। আমি দেখি থকা আমাৰ সমাজৰ অভিভাৱক সকলে চকী দলিয়াই কৰা কাজিয়া নহয়, সেই যে কলেজৰ প্ৰৱক্তাজনে  ভাগত পৰা ক্লাছ কেইটা নকৰি, জনপ্ৰিয়তাৰ আশাত মেলে- মিটিঙে ঘূৰি ফুৰি, Syllabus সম্পূৰ্ণ হ’ল নে?? সোধাত, সহকৰ্মীৰ লগত ফেপেৰি পাতি যুক্তি তৰ্ক কৰে, সেইখন কাজিয়াও নহয় বা বিখ্যাত নিউজ চেনেলটোত গৈ, গ্ৰীক দেৱতাৰ দৰে আকৰ্ষনীয় অভিনেতা জনক, কেঁকোৰা চুলিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেত্ৰী গৰাকীয়ে দিয়া গুৱাল গালিবোৰো নহয়। মুঠতে কল্পনা কৰিব নোৱাৰা এখন কাজিয়া!!যিখন কাজিয়াই মৃত্যু যজ্ঞৰ সূচনা কৰিছিল।
ভাৰতীয় মহাকাব্যত দেৱ লোকৰ পৰা অসুৰ লোকলৈ ভ্ৰমণ কৰি ফুৰা দেৱৰ্ষি জনাৰ দৰে গ্ৰীক মহাকাব্য খনতো পৃথিৱীখন ভ্ৰমি ফুৰা এগৰাকী দেৱী আছিল, ‘Eris’, তেখেতৰ বিশেষত্ব আছিল, কাজিয়া লগাই ভাল পায়। ধেৎ!! আধুনিক যুগৰ সমাজৰ অভিভাৱক সকলৰ কথা কোৱা নাই ঔ!!
‘Eris’ ক নামাতিলে, বিশাল ভোজ সভালৈ, য’ত শক্তিশালী Zeus আৰু আন আন গ্ৰীক দেৱতা সকল একত্ৰিত হৈছিল। প্ৰতিহিংসাত জ্বলি-পুৰি, দেৱতা – দুষ্টাই , সোণালী আপেলটো সভাকক্ষত সুমুৱাই তাত লিখি দিলে, সকলোতকৈ ধুনীয়া গৰাকীৰ বাবে। সেই যে দুটা পক্ষৰ যুদ্ধত, আঁতৰৰ পৰা ৰঙ চাই, যুদ্ধৰ শেষত বিজয়ী পক্ষত থিয় হৈ, ফুলাম গামোচা খনি পিন্ধাই সম্বৰ্ধনা জনাই, ঠিক সেইটোৱে কাৰবাৰ।
সভাকক্ষত তিনি গৰাকী অতি ক্ষমতাশালী দেৱী, Hera, Athena আৰু Aphrodite. নিজ ক্ষমতা আৰু সৌন্দৰ্য্যৰে, ‘মই হে মই – তই হে তই’।
সৰুতে শুনিছিলো, কোনোবা প্ৰভাৱশালী ব্যক্তিৰ পত্নীৰ কনভয়ে মহতিয়াই নিলে, চাইকেল আৰোহীক। ৰ’বলৈ সময় নাই ভাই, একদম সময় নাই…সেই চাইকেল আৰোহী জন মৰিল নে বাছিল কোনে খবৰ লয়!!! মই হে মই – তই হে তই…..
যিদৰে, প্ৰাণঘাটক মহাযুদ্ধত, মহাবীৰ্য্যবান, আসুৰিক তৃপ্তিত মতলীয়া,  যুদ্ধ বিলাসী সেনাধ্যক্ষ সকলে বিচাৰি ফুৰে কেঁচা কোমল বিলাস বোৰ। সেই বিলাসত থাকে কেৱল আসুৰিক উন্মদনা, পিছে অসুৰ বধত দশভূজা হ’বলৈ কোন আহিব!!
‘সৰু সৰু চহৰ বোৰত, সৰু সৰু আশাবোৰৰ হাজাৰ বাৰ মৃত্যু হয়’।
Hera আৰু  Athena তকৈ কম শক্তিশালী  আছিল প্ৰেমৰ দেৱী  Aphrodite। ছলনাময়ী Aphrodite…
According to BRITANNICA, ancient Greek Goddess of sexual love and beauty, identified with Venus by the Romans.
কিন্তু আটাইতকৈ শক্তিশালী অস্ত্ৰ ডাল আছিল তেওঁৰ ওচৰত। ৰোমান সকলে তেওঁক অৰ্চনা কৰে Venus নামেৰে আৰু গ্ৰীক সকলৰ মতে তেওঁ Aphrodite, প্ৰেমৰ দেৱী…
এই প্ৰেমৰ নামতেই, সাহিত্যৰ সৰ্বোচ্চ বঁটা বিজয়ীনী গৰাকীয়ে নিজৰ জীৱন উৎসৰ্গা কৰে। তেওঁৰ প্ৰেম কুণ্ডলি পকাই চিগাৰেটৰ ধোঁৱাত উৰি নাযাই বা বিদেশী Vodka ৰ ৰঙত ৰঙীনো নহয়। অমৃতা – ইমৰোজৰ  মহঙা প্ৰেম গাঁথা লিখি থোৱা হয় সোঁৱৰণীৰ পৃষ্ঠা বোৰত । প্ৰেমৰ জ্বলন্ত সাক্ষী দুৰ্দান্ত প্ৰেমিক জনক কৈ উঠিছিল অমৃতাই, ‘Jahaan Bhi Azaad Rooh Ki Jhalak Pade, Samajh Lena Wahi Mera Ghar Hai,’
‘স্বাধীন প্ৰেমৰ আস্বাদনত তোমাৰ অময়া সুখ, অমৃতা প্ৰীতম।’
ৰহস্যময় ৰুমীৰ কবিতাবোৰৰ উচ্চ প্ৰশংসক আছিল আমাৰ জগলীয়াৰ পাৰৰ, কামৰূপৰ সেই সৰস্বতী গোসাঁনী, নীলাচলৰ কাষেৰে বৈ যোৱা লৌহিত্যৰ পৰা বৃন্দাবনলৈ তেওঁ আজীৱন লৈ ফুৰিছিল মাধৱেনৰ আকুল প্ৰেম বোৰ….. তেওঁ গাই যাই, ৰহস্যময় ৰুমীৰ কবিতা,
Lovers don’t finally meet somewhere. They’re in each other all along…
চৰ্ত সাপেক্ষে আটাইতকৈ ধুনীয়া গৰাকীক নিৰ্বাচন কৰিব, সেই সময়ৰ সবাতোকৈ ধুনীয়া, ৰাজকুমাৰ জনে, নাম পেৰিছ।
Hera আৰু  Athena তকৈ Aphrodite য়ে আটাইতকৈ আকৰ্ষণীয় প্ৰস্তাৱ দিলে, ‘যদি মোক সোণালী আপেলটোৰ কাৰণে আটাইতকৈ উপযুক্ত বুলি ঘোষণা কৰা,মই বিশ্বৰ সবাটোকৈ সুন্দৰী গৰাকীক তোমাক আনি দিম’।
যদিও সোণালী আপেলটো Aphrodite য়ে পাইছিল তথাপি ৰাজকুমাৰ পেৰিছো দৌৰিছিল, সোণালী আপেলটোৰ আশাত…
সকলো সোণালী অপেলৰ আশাত দৌৰি আছোঁ…
‘মোক পছন্দ কৰা আজীৱন সুখত ৰাখিম’।
‘অমাক সমৰ্থন কৰক, আমিয়ে আপোনালোকক উদ্ধাৰ কৰিম ‘।
‘ আমাৰ product কিনক, ১০০ বছৰ যাব আৰু লগতে আকৰ্ষনীয় offer ও আছে।
সোণালী আপেলৰ মহিমা, অ’…
••••••মহাবাহু•••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!