সেই দিন, সেই সময়

টুনুজ্যোতি গগৈ

আজিৰ পৰা পঁইত্ৰিশ-চল্লিশ বছৰৰ আগৰ আমাৰ সমাজ জীৱন কিমান সহজ আৰু সৰল ৰৈখিক আছিল, ভাবিলেই আচৰিত লাগে।

কলেজত পঢ়ি থকা ল’ৰা এজনে পঢ়া শেষ কৰি চৰকাৰী চাকৰিৰ সন্ধান কৰিছিল। চৰকাৰী চাকৰি নাপালে কোম্পানীৰ চাকৰিতে মূৰ গুঁজিব বিচাৰিছিল। কোম্পানীৰ চাকৰি মানে দুলীয়াজান-ডিগবৈৰ তেল কোম্পানীৰ শ্ৰমিকৰ চাকৰি, চাহ বাগিচাৰ বাবু-মহৰীৰ চাকৰি, মাৰ্ঘেৰিটা-তিনিচুকীয়াৰ প্লাইউড ফেক্টৰীৰ চাকৰি…। সেয়াও ভাগ্যত নিমিলিলে পেটে-ভাতে খাব পৰাকৈ সুৰা-সুৰা ব্যৱসায় কৰিছিল। স্নাতক যুৱককেইজনে অট’ৰিক্সা চলাইছিল। গাঁৱৰ অশিক্ষিত-অৰ্ধশিক্ষিত ডেকাসকল খেতি-খোলাত ব্যস্ত হৈ থাকে। এডৰা ধাননি, এডৰা মাহনি, এডৰা চোমনি, এডৰা বাঁহনি,  এডৰা খেৰণি, এডৰা তামোলনী – জীৱন নিৰ্বাহৰ বাবে সেয়াই যথেষ্ট আছিল।

গাভৰুসকলে বোৱা-কটা কৰে, ৰোৱা-তোলা কৰে, এম্বইড্ৰাৰী কৰে। বোৱা-কটা, ৰোৱা-তোলা জনা গাঁৱৰ ছোৱালী এজনীৰ বাবে দৰাৰ অভাৱ নাথাকে। অলপ ধুনীয়া হ’লে, হাইস্কুললৈ পঢ়া-শুনা কৰিলেতো কথাই নাই; বিয়াৰ টোপোলা পেলাবলৈ ঢেৰ মানুহ ওলায়।

ডেকা এজন সংস্থাপিত হোৱাৰ পাছত তেওঁৰ জীৱন চকৰী বিবাহ, গতানুগতিক যৌনতা, সন্তান লালন-পালন, অসম আৰ্হিৰ পকী ঘৰ এটা সজা, বাজাজ স্কুটাৰ এখন কিনা, দূৰৈৰ মিতিৰৰ ঘৰত ৰেলেৰে বা বাছেৰে বিয়া-সবাহ খাবলৈ যোৱা আদিৰ মাজেৰেই নিৰুদ্বেগভাৱে আৱৰ্তিত হৈছিল।

সৰু চহৰ বা গাঁৱৰ ডেকা-গাভৰুৱে গল্প-উপন্যাসৰ কিতাপ পঢ়ি (তেতিয়া গাঁৱে গাঁৱে পুথিভঁৰাল আছিল), ৰেডিঅ’ৰ গীত-নাটক শুনি, গল্প-গুজব কৰিয়েই অৱসৰ মুহূৰ্তবোৰ পাৰ কৰিছিল। বছৰৰ মূৰত চহৰৰ এচকুলৈ বা কোনোবা এখন গাঁৱলৈ অহা ভ্ৰাম্যমান থিয়েটাৰখন বা চাৰ্কছ-আনন্দমেলাৰ দৰে অনুষ্ঠান সপৰিয়ালে উপভোগ কৰাটো নিয়ম আছিল। ডেকা ল’ৰাবোৰে সময় পালে চহৰৰ চিত্ৰগৃহত হিন্দী চিনেমা চাবলৈ যায়। চিনেমা চাই আহি কোনোবা এটা জনপ্ৰিয় গীত গুণগুণাই থাকে আৰু সেই গীত শিশু-কিশোৰসকলেও গুণগুণাবলৈ শিকে।

অৱশ্যে, চিত্ৰগৃহলৈ অসমীয়া চিনেমা আহিলে জীয়ৰী-বোৱাৰীসকলেও চাবলৈ গৈছিল। মূলতঃ পাৰিবাৰিক কাহিনীক লৈ নিৰ্মিত সেই চিনেমাবোৰে সহজেই দৰ্শকৰ মন জয় কৰিছিল। প্ৰায়বোৰ চিনেমাৰ কাহিনী আছিল এনেধৰণৰ – গাঁৱৰ সহজ-সৰল ককায়েকে ভায়েকক খুব কষ্টৰে চহৰত পঢ়াই-শুনাই ডাঙৰ মানুহ কৰে। ভায়েকে চহৰত থাকিবলৈ লোৱাৰ পাছতেই গাঁৱৰ প্ৰেমিকাজনীক পাহৰি যায়, ধনী ঘৰৰ ছোৱালীৰ সৈতে প্ৰেম কৰি বিবাহপাশত আবদ্ধ হয় আৰু এসময়ত ককায়েক-বৌয়েকক পাহৰি যায়।

দুজনমান শিক্ষিতলোকে খবৰ কাগজ পঢ়ে। আবেলি বা পিছদিনা হাতত পৰা দৈনিক কাগজখনৰ দেশ-বিদেশৰ বা-বাতৰি পঢ়ি আন দহজনৰ লগত আলোচনা-বিলোচনা কৰে। অসমীয়া দৈনিক খবৰ কাগজ বুলিবলৈ দুখনেই আছিল– ‘দৈনিক অসম’ আৰু ‘দৈনিক জনমভূমি’। সাপ্তাহিক কাকত ‘অসম বাণী’ আৰু ‘জনমভূমি’ গাঁৱে-ভূঁয়ে জনপ্ৰিয় আছিল। বহুতে সপ্তাহটোৰ ৰাশিফল চাবৰ বাবেই সাপ্তাহিক কাকত এখন কিনিছিল।

গাঁৱৰ বুঢ়া-মেথাসকলে নামঘৰলৈ গৈছিল, ঘৰ চাবৰ বাবে তমাল তুলাইছিল, সঁজা-ডলা-পাচি-খৰাহী বনাইছিল, হৰিনাম লৈছিল। নাতি-নাতিনীহঁতক ৰামায়ণ-মহাভাৰতৰ কাহিনী কৈছিল, ভূত-প্ৰেতৰ সাধু কৈছিল, তাহানি কালৰ কথা কৈছিল। কৈছিল মানৰ আক্ৰমণৰ কথা, বগা বঙালৰ কথা, গান্ধী মহাৰাজ-নেহৰু-তৰুণৰামৰ কথা। দীনদয়াল উপাধ্যায়ৰ কথা কোনেও কোৱা নাছিল। কাৰণ, তেওঁলোকে দীনদয়ালৰ নাম শুনা নাছিল।

আইতাহঁতে নাতি-নাতিনীহঁতক ফুলকোঁৱৰ-মণিকোঁৱৰ, নাহৰ-মণিৰামৰ গীত গাই শুনোৱাইছিল। ফটাকানিৰে পুতলা সাজি দিছিল। আইতাকে খুন্দনাত খুন্দা তামোলৰ ভাগ নাতিহঁতে লৈছিল। তাৰ বিনিময়ত নাতিহঁতে আইতাকৰ জুহালৰ বাবে শুকান খৰি বিচাৰি আনি দিছিল।

সৰু ল’ৰা-ছোৱালীবোৰ নিসংগ নাছিল। সিহঁতে খেলা-ধূলা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় পাইছিল। মুকলি পথাৰৰো অভাৱ নাছিল। সিহঁতে লুকা-ভাকু খেলিছিল, ৰজা দৌৰ খেলিছিল, দৰা-কইনা খেলিছিল, টাংগুটি খেলিছিল। খেলি ভাগৰ লাগিলে কাৰোবাৰ ঘৰৰ আম, বগৰী, মধুৰীআম, পনিয়ল আদি পাৰি আনি খাইছিল।

সহজ-সৰল মানুহবোৰে ৰাজনীতিক লৈ বিশেষ চিন্তা-চৰ্চা কৰা নাছিল। ‘হাতৰ ছবিত ভোট দিয়ক’ জাতীয় পষ্টাৰ য’তে-ত’তে দেখিলেই গম পাইছিল – নিৰ্বাচন আহিছে। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ভোট দিয়াতেই বেছিভাগৰে দায়িত্ব শেষ হৈছিল। ভাল ভাল কথা কোৱা, খদ্দৰৰ কাপোৰ পিন্ধা মানুহসকলেই ৰাজনীতিৰ সৈতে জড়িত আছিল।

ক’ৰবাত ক’ৰবাত দুই-এজন কমিউনিষ্ট থাকে। কমিউনিষ্টৰ কথাবোৰ শুনি মানুহবোৰ আচৰিত হয় – ভগৱান-তগবানো নামানে, মানুহৰ অপকাৰো নকৰে! ভাবে, চৰকাৰ বাহাদুৰৰ বিৰুদ্ধে কথা কোৱা মানুহকেইটাক জে’লত ভৰাই নথ’লেই হয় ! কমিউনিষ্টৰ মুখত আখৈ ফুটা দি ফুটা ‘সাম্যবাদ’, ‘পুঁজিবাদ’, ‘সৰ্বহাৰা’ আদি শব্দবোৰৰ অৰ্থ বহুতেই বুজি নাপায়।

গাঁও বা মফচলীয় অঞ্চলৰ মানুহে জিলা সদৰ অৱস্থিত ঠাইখনকে জিলা বুলি কৈছিল। জিলা বা ৰাজধানীত শোধনাগাৰক লৈ, ভাষাৰ মাধ্যমক লৈ আন্দোলন হৈ থাকে। আন্দোলনৰ প্ৰভাৱ গাঁৱৰ মানুহবোৰৰ ওপৰত নপৰে। কোনোবাই কিবা ক’লে কয়, আদা বেপাৰীক নো জাহাজৰ খবৰ কেলৈ?

মানুহবোৰে জিলা উপায়ুক্ত আৰু বিধায়কজনকেই আটাইতকৈ ডাঙৰ মানুহ বুলি ভাবিছিল। নৰ্মাল উত্তীৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনকো পণ্ডিত বুলি কৈছিল। সঘনাই ইংৰাজী শব্দ উচ্চাৰণ কৰা ব্যক্তিজনে সকলোৰে পৰা সমীহ আদায় কৰি লৈছিল। এম ই বা হাইস্কুলৰ শিক্ষক মানেতো বহুত জনা-বুজা চোকা মানুহ। চাইকেল চলাবলৈ জনা, অকলে বজাৰ-সমাৰ কৰিবলৈ যোৱা মহিলাক মানুহবোৰে অলপ বেলেগ দৃষ্টিৰে চাইছিল।

সমাজত শিক্ষকসকলৰ স্থান আছিল অতি উচ্চ। তেতিয়া ‘চেকনিৰ আগত শিকনি’ নীতি প্ৰচলন আছিল। স্কুলত চেকনিৰ কোব নোখোৱা ল’ৰা-ছোৱালী খুব কমহে ওলাব। ল’ৰা-ছোৱালীক শিক্ষকে প্ৰহাৰ কৰিলেও অভিভাৱকে আপত্তি কৰা নাছিল।

ৰাইজৰ দান-বৰঙণিৰে বিদ্যালয় স্থাপন কৰা শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সন্তানৰ দৰেই ভাবিছিল। তেনেই অনাড়ম্বৰ আৰু অভাৱী জীৱন যাপন কৰা সৎ আৰু নীতিনিষ্ঠ শিক্ষকসকলক কোনেও অৱমাননা কৰা নাছিল।

অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে থৈলা-কঠত বহিয়েই শিক্ষা জীৱন আৰম্ভ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে বোকা-পানী গচকি খালি ভৰিৰেই স্কুল গৈছিল। জোতা-চেণ্ডেল পিন্ধাটো আছিল একপ্ৰকাৰৰ বিলাসীতা।

পানী খোৱা ছুটীত ল’ৰা-ছোৱালীবোৰ দৌৰিছিল কাষৰ বাৰী এখনৰ শিলিখা-আমলখি-আম-মধুৰী গছৰ তললৈ। কেতিয়াবা কাৰোবাৰ হাতত আঠ অনা বা এটকা থাকে। সেই টকাৰে চানা, মৰ্টন, তেতেলী আদি কিনে। পপিন্স নামৰ ভিন্নৰঙী মৰ্টনবিধ ল’ৰা-ছোৱালীবোৰে খুবেই ভাল পাইছিল।

মাজে মাজে স্কুললৈ বেজী দিবৰ বাবে চৰকাৰী ডাক্তৰ আহে। ডাক্তৰ আহিলে ল’ৰা-ছোৱালীবোৰে খুবেই ভয় কৰিছিল। বেজীৰ খোঁচ সহিব নোৱৰি বহুতে কান্দিছিলেও। ডাক্তৰ আহিব বুলি ভাবি পাছৰ দুদিনমান সৰু ল’ৰা-ছোৱালীবোৰে স্কুললৈ যাব নিবিচাৰিছিল।

ডাঙৰ মানুহবোৰে ভয় কৰিছিল পুলিচলৈ। গাঁৱলৈ খাকী পোচাক পিন্ধি পুলিচ অহাটো কোনেও বিচৰা নাছিল। সীমাৰ কাজিয়া, ভাই-ভাইৰ মাজৰ কাজিয়া মীমাংসা কৰিবলৈ গাঁওবুঢ়া থাকেই দেখোন– দুজনমান মুখিয়াল মানুহ মাতি মেল চপালেই হ’ল। দুজনমানে মদ এটুপি ধৰি লৈ কেতিয়াবা হৈ-হাল্লা কৰে, ঘৈণীয়েক মাৰ-ধৰ কৰে। তাৰ বাবে পুলিচৰ ওচৰলৈ নগ’লেও হয়; কোনোবা মুখিয়াল এজনে ধমক দিলেই সি চুপ হৈ থাকে।

সৰু চহৰ বা গাঁৱৰ নিস্তৰংগ জীৱনক হঠাৎ তোলপাৰ লগাই দিছিল প্ৰেমজনিত কিছুমান খবৰে। অসৱৰ্ণ বিবাহ, পৰকীয়া প্ৰেম, অবৈধ সম্পৰ্কৰ খবৰে মানুহৰ কথন-মথনক বেচ সৰস কৰি তুলিছিল। লাহে লাহে সেইবোৰ তল পৰিছিল।

বাটেৰে ডাকোৱাল আহিলে নিৰ্দিষ্ট কেইটামান পৰিয়ালৰ মানুহ বাহিৰলৈ ওলাই গৈছিল। পুলিচ-মিলিটেৰী চাকৰি কৰা পতিৰ চিঠি পত্নীলৈ আহে। চহৰৰ কলেজত পঢ়া পুতেকৰ চিঠি মাক-দেউতাকলৈ আহে। চিঠিবোৰে এখন হদয়ৰ সকলো আৱেগ-অনুভূতি কঢ়িয়াই আনে। চিঠিত ভাল খবৰ আহিলে বা মানি অৰ্ডাৰৰ টকা আহিলে ডাকোৱালক ভালদৰে চাহ-জলপান খুৱাইছিল।

মানুহবোৰৰ বেংকৰ লগত বিশেষ সম্পৰ্ক নাছিল। অৱস্থাপন্নসকলে ডাকঘৰতেই সাঁচতীয়া টকা জমা থৈছিল। বিপদে-আপদে দুখীয়াসকলে অৱস্থাপন্ন মানুহৰ ওচৰত মাটি বন্ধকত থৈছিল। হালৰ গৰু বেচি দিছিল। বগী টিন জিলিকাই ঘৰ বনোৱা মানুহজনকে অৱস্থাপন্ন বুলি ভবা হৈছিল। দুটা ভঁৰালৰ গৰাকীজনক ধনী খেতিয়ক বুলি সকলোৱে জানিছিল।

গাঁৱত খুব বেছি এটা বা দুটা পকী ঘৰ আছিল। পকী ঘৰটোৰ গ্ৰাম’ফোন বা টেইপ ৰেকৰ্ডাৰৰ পৰা ভাহি অহা ‘আলফুলীয়া কপৌফুল, অ’ দেহী তোক দেখি চিত বিয়াকুল’, ‘পাৰ যদি যাগৈ গুচি, আহিছ যে নিজে যাচি’ আদি গীত বাটৰুৱাই ৰৈ ৰৈ শুনিছিল। ঘৰটোত এনলীয়া বন্দুক এটাও আছিল। উপৰি পুৰুষে সেই বন্দুকেৰে চিকাৰ কৰা হৰিণাৰ প্ৰাচীন শিং ঘৰৰ বেৰত আঁৰি থৈছিল।

ক’ৰবাত মাইক বাজিলে মানুহৰ মনবোৰ উৎসৱমুখৰ হৈ পৰিছিল। ৰেডিঅ’-গ্ৰামফোনত শুনা গীতবোৰ মাইকত শুনি বেছি ভাল পাইছিল। কিছুমান গাঁৱত ছোৱালীৰ তোলনী বিয়া হ’লেও মাইক বাজিছিল। উৎসাহী ডেকাসকলে মাইকৰ মাতৰ উৎস অনুসৰণ কৰিয়েই বিয়া, সভা আদিত উপস্থিত হৈছিল।

সুবিধাজনক ঠাইত অৱস্থিত কেঞাৰ গোলাখনত সংসাৰৰ সকলো বস্তুৱেই পোৱা গৈছিল। বহুতেই ঘৰৰ বাঁহৰ খুঁটাত জমা থোৱা খুচুৰা পইছাখিনি কেঞাৰ গোলাত দি কাগজৰ নোটৰ গৰাকী হৈছিল। ঢক ঢক কৈ বগা কাপোৰেৰে ঢাকি ৰখা গাদীত বহি হিচাপ-নিকাচ কৰি থকা পেটুৱা কেঞাজনক বহুতেই হিংসা কৰিছিল। টকা-পইছা থকা, সুখত থকা লোকহে পেটুৱা হয় বুলি মানুহবোৰে ভাবিছিল।

ঘড়ী পিন্ধা মানুহ কম আছিল। চাকৰিয়াল আৰু কলেজীয়া ছাত্ৰই চাবি দিয়া ঘড়ী পিন্ধিছিল। সাধাৰণ মানুহে ঘৰৰ ছালৰ ছাঁ চাই, ৰেডিঅ’ৰ অনুষ্ঠান শুনি দৈনন্দিন কামবোৰ কৰি গৈছিল। দূৰৈৰ চাহ বাগিচাৰ পৰা ভাহি অহা বিউগুলৰ শব্দয়ো ঘড়ীৰ কাম কৰিছিল।

গাঁৱৰ দুপৰৰ নিৰ্জনতাক থান-বান কৰি দূত-দূত-দূত শব্দৰে মটৰ বাইক চলি আহিলে সৰু সৰু ল’ৰা-ছোৱালীবোৰ বাহিৰলৈ দৌৰ দিছিল। মটৰ বাইক দেখিবলৈ পোৱাটো বহুতৰ বাবে সৌভাগ্যৰ কথা আছিল। খৰালি কালত গাঁৱৰ পৰা ধান-বাঁহ নিবলৈ ল’ৰী (ট্ৰাক) আহিছিল। ল’ৰী আহিলে ল’ৰা-ছোৱালীবোৰে ভোক-পিয়াহ পাহৰি ল’ৰীৰ পিছে পিছে দৌৰিছিল।

বহু গাঁৱলৈ তেতিয়াও বিজুলী অহা নাছিল। গধূলি ঘৰে ঘৰে জ্বলি উঠিছিল লেম-টিপচাকি। টিপচাকিৰ ঢিমিক-ঢামাক পোহৰতে ল’ৰা-ছোৱালীবোৰে ঢাৰিত বহি পদ্য পঢ়িছিল– ‘জোনবাই এ তৰা এটি দিয়া’। অৱস্থাপন্নসকলে চুঙাচাকি ব্যৱহাৰ কৰিেলও সাধাৰণ লোকে ৰাতি এপৰত ক’ৰবালৈ যাবলৈ হ’লে জোঁৰ জ্বলাই লৈছিল।

ডকাইতিৰ ঘটনা তেনেকৈ নঘটিলেও চুৰি কাৰ্য সংঘটিত হৈছিল। চোৰে সিন্ধি দি ঘৰৰ পৰা বাচন-বৰ্তন, কাপোৰ-কানি লৈ গৈছিল। একোটা অঞ্চলত এজন বা দুজন চোৰ থাকে। ক’ৰবাত কিবা চুৰি হ’লেই সকলোৱে তাকেই সন্দেহ কৰে। কেনেবাকৈ চোৰ ধৰা পৰিলে তাক মূৰৰ চুলি খলপা-খলপকৈ কাটি, নাকে-কাণে চূণ সানি বাটে বাটে ঘূৰাই লৈ ফুৰিছিল।

চোৰক গুৰুতৰভাৱে মাৰ-ধৰ নকৰিছিল। পেটৰ দায়ত পৰিহে চুৰি কৰিছে বুলি ভাবি বহুতে চোৰৰ প্ৰতি সহানুভূতিও প্ৰদৰ্শন কৰিছিল। তামোল-কল চুৰি কৰিলে দুই-এক গৃহস্থই চোৰক বুজাই-বঢ়াই তামোল বা কলঠোক দি পঠাইছিল।

আৰু এবিধ চোৰ আছিল– গাভৰু চোৰ। বিহুতলী বা ধাননিৰ পৰাই সেই চোৰে গাভৰু পলুৱাই নিছিল। এদিন বা দুদিনৰ পাছত ‘চোৰ’ৰ অভিভাৱক ভাৰ-ভেটি লৈ গাভৰুৰ ঘৰলৈ আহে। তাকেই ‘চোৰ ওলোৱা’ বুলি কয়। কেতিয়াবা গাভৰুৰ ঘৰে ‘চোৰ’ৰ অভিভাৱকক মেচি দা জোকাৰি খেদিও পঠিয়ায়।

ডেকা-গাভৰুৱে প্ৰেম কৰিছিল – সঁচা আন্তৰিকতা, সঁচা বিশ্বাস আৰু প্ৰতীক্ষাৰ মাদকতাৰে ভৰা আছিল সেই প্ৰেম। বিহুতলী, ৰাসথলী, বিয়া-সবাহ আদিত কোনো ডেকাই কোনো গাভৰুক পচন্দ কৰিছিল। মনে খোৱা গাভৰুজনীক মনৰ কথা ক’বলৈ ডেকাজনক প্ৰয়োজন হৈছিল বহু সময়ৰ। দুমাহো লাগিব পাৰে, দুবছৰো লাগিব পাৰে। গাভৰুজনীৰ পদূলিমুখত দীঘলীয়াকৈ মৰা উকিটোৱেই যেন বহু কথা ক’ব খুজিছিল। প্ৰেমত পৰা ডেকাজনে সুহুৰিয়াবলৈ শিকিছিল, নতুন নতুন বিহু নাম গাবলৈ শিকিছিল।

স্কুল-কলৈজলৈ যোৱা ডেকাসকলে চিঠিৰ আশ্ৰয় লৈছিল। ৰাতি ৰাতি উজাগৰি থাকি বাচকবনীয়া শব্দৰ ব্যৱহাৰেৰে চিঠি লিখিছিল। চিঠিৰ শব্দবোৰ হৈ পৰিছিল হদয়ৰ সাঁকো, যি সাঁকোৱেই অহা-যোৱা কৰিছিল মৰম-অভিমানৰ তেজী ঘোঁৰা। এখন চিঠিৰ বাবে বাবে প্ৰেমিক-প্ৰেমিকাই বহু দিন প্ৰতীক্ষা কৰিব লগা হৈছিল আৰু ব্যাকুল প্ৰতীক্ষাৰ সেই সময়খিনিয়ে সম্পৰ্কটোক বেছি দৃঢ় কৰি তুলিছিল।

দৃষ্টি বিনিময়, দুশাৰীমান বাক্য বিনিময়ৰ মাজেৰেই এটা সম্পৰ্ক গভীৰৰ পৰা গভীৰ হৈ পৰিছিল। দেহজ অনুৰাগ থাকিলেও খুব কম সংখ্যক প্ৰেমিকেহে স্পৰ্শ কৰি পাইছিল প্ৰেমিকাৰ আলুলায়িত চুলি, লিহিৰি আঙুলি..। এৰাব নোৱৰা কাৰণত সেই সম্পৰ্ক ভাগি গ’লেও কোনেও কাৰো অপকাৰ কৰাৰ কথা ভবা নাছিল। স্মৃতিবোৰ মনৰ মাজতেই সযতনে ৰাখি ক্ষত-বিক্ষত হদয়েৰে চিঠিবোৰ ঘূৰাই দিছিল।

হঠাৎ সময়বোৰ সলনি গৈ গ’ল। খুব খৰ গতিৰে, টলকিব নোৱাৰকৈয়ে।

এৰি অহা দিনবোৰে আশী দশকৰ বিশ বছৰীয়া যুৱক এজনক স্বাভাৱিকতে আমনি কৰে। যুগৰ পৰিৱৰ্তনক স্বীকাৰ কৰি ল’বলৈ বাধ্য হ’লেও আজিৰ সমাজখনৰ সৈতে তেওঁ একাত্ম হ’ব নোৱাৰে।

Related Articles

Close