সূৰ্য উঠা দেশ আমাৰ

সূৰ্য দাস

গীতঃ

সূৰ্য উঠা দেশ আমাৰ

অতি মোহনীয়া

নানা জাতি-উপজাতিৰে ভৰা

ভূমিপুত্ৰ আমি খিলঞ্জীয়া??

 

জন্মভূমিৰ জন্মস্বত্ত অধিকাৰ

যদি কোনোবাই খৰ্ব কৰে

ৰুধিম আমি একতাৰ ডোলেৰে

সেই চক্ৰান্তকাৰীক (সুবিধাবাদীক) ব্ৰহ্মাৰ অস্ত্ৰৰে,

 

শংকৰ মাধৱ আৰু আজান পীৰৰ

আমি সন্তান

চাওলুং-ছ্যুকাফা আৰু লাচিত কনকলতাৰ

আদৰ্শেৰে আমি জ্যোতিষ্মান।।

ভূমিপুত্ৰ আমি খিলঞ্জীয়া—

ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োপাৰৰ

সুখৰ সংজ্ঞা বিচাৰি ফুৰা আৰ্তনাদৰ মানুহখিনিৰ,

আমি নিৰাপত্তাৰ সাক্ষী হওঁ আহা।।

 

বিষ্ণু, জ্যোতিৰ, সুধাকণ্ঠ, নজৰুলৰ,

গীতৰ ধ্বনিৰে

আমি একেই আকাশৰ

আমি একেই বতাহৰ

জীৱ শ্ৰেষ্ঠ মানৱ আমি।।

(‘খিলঞ্জীয়া মঞ্চ, অসম’ৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন উপলক্ষে শ্ৰীযুত সূৰ্য দাসদেৱে এই গীতটি ৰচনা কৰি সুৰ দিছে।)

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Related Articles

error: Content is copy right protected !!
Close