সুমেৰুত মহাবাহু

Prince Choudhury

‘গ্ৰীণ গাৰ্ড নেচাৰ অৰ্গেনাইজেশ্যন’ৰ সাধাৰণ সম্পাদক আৰু ‘মহাবাহু’ৰ অন্যতম সদস্য ঋতুৰাজ ফুকনে ‘ক্লাইমেট ফোৰ্চ আৰ্কটিক এক্সপেডিশ্যন’ গোটৰ এগৰাকী আনুষ্ঠানিক সদস্য হিচাপে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি অলপতে উত্তৰ মেৰু অভিযান সুসম্পন্ন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে।

উল্লেখ্য যে কিম্বদন্তি অভিযানকাৰী ৰবাৰ্ট আৰু বাৰ্ণে ছোৱান, কেইবাগৰাকী বিজ্ঞানী,পৰিৱেশ-কৰ্মী আৰু বতৰৰ প্ৰতিকূল প্ৰভাৱাধীন বিভিন্ন দেশৰ চিন্তাশীল ব্যক্তিৰে গঠিত অভিযানকাৰী দলটোত তেৱেঁই একমাত্ৰ অসমীয়া সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল।

এই কথা সকলোৰে জ্ঞাত যে মেৰু অঞ্চলৰ বৰফে আমাৰ গ্ৰহটো ঠাণ্ডা কৰি ৰখাৰ লগতে বতৰৰ পৰিৱৰ্তন নিয়ন্ত্ৰণত ৰাখে। মেৰু অঞ্চলত সংঘটিত হোৱা যি কোনো পৰিঘটনাই আমাৰ পাৰিপাৰ্শ্বিক বাতাৱৰণক প্ৰভাৱান্বিত কৰে। বিজ্ঞানীসকলে কৈছে যে পৃথিৱীৰ উত্তাপ বৃদ্ধি পোৱাৰ ফলত উত্তৰ মেৰুৰ বৰফ গলিবলৈ ধৰিছে। ২০৩০ চনৰ ভিতৰত মেৰু অঞ্চল বৰফহীন হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যাৰ পৰিণামস্বৰূপে সমগ্ৰ বিশ্বতে বানপানী, খৰাং, দুৰ্ভিক্ষ, সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱা আদি প্ৰাকৃতিক দুৰ্যোগ সঘনাই সংঘটিত হোৱাত মানৱ-জীৱন বিপৰ্যস্ত হৈ পৰিছে।

‘ক্লাইমেট ফোৰ্চ আৰ্কটিক এক্সপেডিশ্যন’ৰ এই অভিলাষী প্ৰকল্পটিয়ে ২৭খন দেশৰ ৮৬জন ব্যক্তিৰে গঠিত দলটিৰ সদস্যসকলক সমল আৰু কাৰ্যকৰী সমাধানৰ স’তে পৰিৱৰ্তনৰ এক গোলকীয় শক্তিৰ অংশীদাৰ হ’বৰ বাবে উদ্বুদ্ধ কৰিছে।

সম্প্ৰতি ঋতুৰাজে সম্পন্ন কৰিছে ‘লীডাৰশ্বিপ অন দ্য এজ’ কাৰ্যসূচী, য’ত অন্তৰ্ভুক্ত হৈছে পাৰিপাৰ্শ্বিক নেতৃত্বৰ বিকাশ, বতৰৰ সদ্য পৰিৱৰ্তনৰ প্ৰশিক্ষণ আৰু ধাৰাবাহিকতা-শিক্ষা।

ইয়াৰ আগতেও ঋতুৰাজে ‘ইণ্টাৰনেশ্যনেল এণ্টাৰ্কটিক এক্সপেডিশ্যন-২০১৩’ৰ এগৰাকী সদস্য হিচাপে দক্ষিণ মেৰু অভিযানত অংশ গ্ৰহণ কৰিছে। উল্লেখ্য যে কুমেৰুৰ শীতল বক্ষত পদচিহ্ন ৰখা তেৱেঁই আছিল তৃতীয়গৰাকী অসমীয়া।

আনন্দৰ বিষয় যে সুমেৰু অঞ্চলত ঋতুৰাজে এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰো আয়োজন কৰে। উল্লেখ্য যে অঞ্চলটিত সৰ্বপ্ৰথমবাৰৰ বাবে হোৱা, কেৱল সেয়াই নহয়, খুবসম্ভৱ ভাৰতবৰ্ষৰপৰা সুমেৰু অভিযানত অংশ গ্ৰহণ কৰা কোনো ব্যক্তিয়ে বৰফাচ্ছাদিত পৰিৱেশত গ্ৰন্থ উন্মোচন কৰা দৃষ্টান্ত সৰ্বপ্ৰথম। ‘Fin Del Mundo—Lessons from the End of the Earth’ নামৰ ঋতুৰাজৰচিত গ্ৰন্থখনিত বৰ্ণিত হৈছে মেৰু অঞ্চলত সংঘটিত জলবায়ু পৰিৱৰ্তন আৰু এই অঞ্চলৰ জনসাধাৰণৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ গৈ কৰা অসমৰপৰা সুদূৰ দক্ষিণ মেৰু যাত্ৰাৰ ৰোমাঞ্চকৰ বৰ্ণনা।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close