সুবাসিত সময়ৰ সুৰীয়া সুৰ.

মনোজ কুমাৰ ডেকা

কিতাপবোৰ সোণাৰুৰ দৰে ফুলিছে ।
কৃষ্ণচূড়াৰ দৰে জ্বলিছে ।
শেৱালিৰ দৰে গোন্ধাইছে ।
সিহঁতৰ ওঁঠবোৰ অলেখ অস্ফুট শব্দই কঁপাইছে ।
কিবা কৈছে ।
হাঁহিবোৰ নিশাৰ নিৰমেঘ আকাশৰ তৰা হৈ জকমকাই আছে ।
…মই এই আটাইবোৰ দেখিছিলো । দেখিছিলো কণ কণ নিষ্পাপ মনবোৰ কঢ়িয়াই ফুৰা উৎপতিয়া লাহী দেহাবোৰ । আমাৰ ছাত্ৰ ছাত্ৰীবোৰ ।
গৰ্বেৰে অথচ একান্ত বিনম্ৰতাৰে কওঁ, বোধকৰোঁ আমাৰ বিদ্যালয়খনেই ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে পুথিভঁৰাল সপ্তাহ পালন কৰিছে । নিজাববীয়াকৈ । উদ্দেশ্য, ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ আগ্ৰহ বঢ়াই তোলা । কিতাপৰ মূল্য সম্বন্ধে আকৌ এবাৰ মনত পেলাই দিয়া !…
বিদ্যালয় কৰ্তৃপক্ষ বা গ্ৰন্থগাৰিক, বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়ত্ৰী, সহায়কাৰী প্ৰতিগৰাকী কৰ্মীৰ পাৰ ভঙা উৎসাহ আৰু উদ্দ্যমে আমাক এনে এক পবিত্ৰ যজ্ঞৰ আহুতি দিয়াত সহায় কৰিলে । জ্ঞানৰ যজ্ঞৰ শুভবাণীৰ মন্ত্ৰত গা ধুলে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে । …মোৰ কৈ কিয় ভাল নালাগিব কওকচোন !
ৰং বিৰঙৰ ফুলেৰে সজোৱা হৈছিল বিদ্যালয়ৰ পুথিভঁৰাল । আন সমূহ শিক্ষক শিক্ষায়ত্ৰীৰ সমানে সমানে ফুল কাটিছিল অধ্যক্ষ মহোদয়াই, প্ৰধান শিক্ষয়ত্ৰী মহোদয়াই । অৱশ্যে এয়া আমাৰ বিদ্যালয়ৰ চিনাকি ছবি । কিবা এটা কৰাৰ সময়ত সকলোৱে পাহৰে কোন কি ! সকলোৱে হাত উজান দিয়ে । কাম কৰে হাঁহি হাঁহি । কিমান যে ভাল লগা কথা ।
মই লক্ষ্য কৰিছিল সকলোবোৰ । কোনোবাই ছবি আঁকিছে । ৰং ঘঁহিছে । আন এজনে জুমি চাইছে । কি ৰং ঘঁহিছ !!!! ছবিৰ শিক্ষক মণ্টু চাৰে ওচৰলৈ গৈ সৰু সৰু মাতেৰে বুজাই দিছে, “…এইটো ভাটৌ । সেউজীয়া ঘঁহিবা !” পাখিত সিহঁতে সেউজীয়া ঘঁহিছিল । মই সেউজীয়া হৈছিলোঁ । ৱাহ !
পোনতে তেওঁলোকক সোধা হৈছিল, পুথিভঁৰালত মানি চলিব লগীয়া নিয়মবোৰ তোমালোকে জানানে …!? ভাহি আহিছিল উৎসাহৰ পাৰ ভঙা মাত….Yes.
সোধা হৈছিল, নীৰৱতা বাঞ্ছনীয় । ক’ত  লিখা আছে…! খন্তেকৰ নীৰৱতা । মাজতে কোনো এজনে থিয় হৈ অকণমান আঙুলি এটিৰে দেখুৱালে সন্মুখৰ বেৰ খনলৈ । তাত লিখা আছিল-“Silence pls.”
এনেদৰে সুবাসিত সময় আগবাঢ়িছিল । কাৰো গাত তৰণি নাই । গ্ৰন্থগৰিক বাইদেৱলৈ চালে বুজিব পাৰি তেওঁৰ মনৰ অৱস্থা । – এনেয়ে নাচনী, তাতে নাতিৰ বিয়া !
ক্ৰমাগত ভাবে পুথিভঁৰাললৈ লৈ যোৱা হৈছিল বাকী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক । ক্ৰমশঃ সৰুৰে পৰা ডাঙৰলৈ । কেতিয়াবা একোটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কেইবাটাও ভাগত ভগাই লৈ প্ৰতিটো ভাগক এটাকৈ আখৰ বাছি লব কোৱা হৈছিল । দিয়া হৈছিল সেই আখৰৰ আটাইতকৈ দীঘল আৰু চুটি দুটা শব্দ বাছিবলৈ । কোৱা হৈছিল সেইশব্দৰে দুটা বাক্য ৰচনা কৰিবলৈ । …শব্দ বিচাৰি অভিধান চাওঁতে ইটোৰ মূৰে সিটোক খুন্দিয়াইছিল । সিহঁতে ফুচফুচাইছিল । শব্দ বিচাৰিছিল । শব্দৰ সাগৰত সিহঁতৰ সাঁতোৰ, নেদেখাজনক লিখি বুজোঁৱাটো অকণ মস্কিল ।…
ছাৰ বাইদেউ সকলে মাজে মাজে কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা বা আনুষাংগিক বিভিন্ন বিষয় লৈ ছাত্র ছাত্ৰীক বুজাইছিল । বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে কৈছিল, আমি বিচাৰিছো সকলো সভাৱনাপূৰ্ণ পাঠক হওঁক একোগৰাকী নিয়মীয়া পাঠক । তেখেতে কৈছিল, এটা চকলেট খোৱা আৰু এখন কিতাপ পঢ়াৰ মাজত পাৰ্থক্য আছে । এখন কিতাপে এজন ব্যক্তিক জীৱনলৈ তৃপ্তি দিব পাৰে । তৃপ্ত কৰিব পাৰে । তেখেতে নিজৰ শৈশবলৈ উভতি গৈ কৈছিল, ঘৰৰ পুথিভঁৰালৰ কথা । কৈছিল, কেনেকৈ চিটি বাচেৰে গৈ জিলা পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িছিল …!
বহু ভাল লগা, শিকিব লগা, শুনিব লগা কথা কামেৰে আমি সামৰিছিলোঁ পুথিভঁৰাল সপ্তাহ । বিদ্যালয়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ কিতাপ প্ৰদান কৰিছিল বিনামূলীয়াকৈ ।
কিন্তু এষাৰ কথা নক’লে খুব বেয়া হব ।…আমি কৰা এই চেষ্টা ইমান সহজে নিৰ্বিঘ্নে সমাপন হৈছিল নে ? আমাৰ চেষ্টাক সমূহ ছাত্ৰ ছাত্ৰীয়ে সচাঁকৈ সমৰ্থন কৰিছিলনে ?-নাই । কৰা নাছিল ।…পিছদিনা দলীয় আলোচনাত ভাগ লোৱাৰ ভয়ত দ্বাদশ শ্ৰেণীৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ নহাৰ সিদ্ধান্ত লৈছিল । আলোচনা কৰিছিল…কাইলৈ নাহো ভাই !
-এগৰাকী ছাৰে শুনিছিল । আমাৰ উৎসাহ খন্তেকৰ বাবে ম্লান পৰিছিল । কিন্তু আমি আকৌ মন বান্ধিছিলোঁ, হুহ…নপঢ়িব !
আমি জানো, আমাৰ দায়িত্ব । এক পবিত্ৰ পেছাৰ সৈতে আমি জড়িত হৈছো । আমি নুবুজালে, নিশিকালে শিকাব-বুজাব কোনে ?! সমাজৰ বাবে  আশাৰ বা হেঁপাহৰ পোহৰ মতাৰ দায়িত্ব লব কোনে ?
সেয়ে আমি পাতিছিলো পুথিভঁৰাল সপ্তাহ । ভাল হওক । শুভ হওক জীৱনৰ । সমাজৰ । দেশৰ । পৃথিৱীৰ । বা, ব্ৰহ্মাণ্ডৰ ।
( আমাৰ বিদ্যালয়ৰ কেওফালে বৈ থকা সুবাসিত সময়ৰ সুৰীয়া সুৰ আপোনাৰ মনৰ চোতাললৈ কাঢ়িয়ালোঁ । বেয়া নাপাব । আমি হেঁপাহেৰে কিবা এটা কৰো যে…কওঁ কওঁ লাগি থাকে । সেয়ে কলো ।)

Related Articles

Close