সাধাৰণ সভাৰ ৩ দিনৰ ভিতৰতেই বিশ্বৰ ১৩নং ধনী

মহাবাহু

[৪৮ ঘণ্টাত মুকেশ আম্বানীৰ সম্পত্তি বাঢ়িল ২৯০০০ কোটি টকা]

মুম্বাই, ২০ আগষ্ট মাত্ৰ দুটা দিনৰ ভিতৰতেই মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ২৯০০০ কোটি টকা বৃদ্ধি পালে। যোৱা ১২ আগষ্ট তাৰিখে মুম্বাইত অনুষ্ঠিত হৈছিল ‍‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ (RIL) লিমিটেড’ৰ বাৰ্ষিক সাধাৰণ সভা। এই সভাৰ দুদিন পাৰ হওঁতেই মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ২৯০০০ কোটি টকা বৃদ্ধি হৈ সম্প্ৰতি তেওঁ কেৱল ভাৰত বা এছিয়া নহয়, সমগ্ৰ বিশ্বৰ ধনী লোকৰ তালিকাৰ ১৩নং স্থান দখল কৰিবলৈ সক্ষম হৈছে।

১২ আগষ্ট আছিল সোমবাৰ। সেইদিনা ৰিলায়েন্সৰ বাৰ্ষিক সাধাৰণ সভাৰ মঞ্চৰপৰা ‍‘জিঅ’-ৰ ‍‘গিগা ফাইবাৰ’ প্ৰযুক্তিৰ ‍‘ফাইবাৰ টু হোম’ সেৱাৰ কথা ঘোষণা কৰিছিল ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। একেদিনাই চৌদি আৰবৰ তেল সংস্থা ‍‘চৌদি আৰামকো’-ক ৰিলায়েন্সৰ তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেল সংস্থাৰ ২০অংশ বিক্ৰী কৰাৰ বিষয়েও তেওঁ ঘোষণা কৰে। সেই ২০অংশৰ মূল্য হ’ল ৭৫ বিলিয়ন আমেৰিকান ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰে ৫.৩২ লাখ কোটি টকা।

সেইদিনাই মুকেশ আম্বানীয়ে জনায় যে চৌদি আৰবৰ সংস্থাটোৰ সৈতে হোৱা চুক্তিৰ ফলত আগন্তুক ডেৰ বছৰৰ ভিতৰতেই (২০২১ চনৰ মাৰ্চ) ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড ঋণমুক্ত হ’ব। মুকেশ আম্বানীৰ এনে ঘোষণাৰ পিছতেই ৰিলায়েন্সৰ শ্বেয়াৰৰ মূল্য হু-হুকৈ বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু বুধ-বৃহস্পতি-শুক্ৰবাৰলৈ ১৪বৃদ্ধি পায় শ্বেয়াৰৰ মূল্য। লগে লগেই ঊর্ধ্বমুখী হৈ পৰে মুকেশৰ সম্পত্তিৰ মূল্য।

সাধাৰণ সভাৰ আগলৈকে ৰিলায়েন্সৰ শ্বেয়াৰৰ মূল্য আছিল প্ৰতিটো শ্বেয়াৰত ১১৬২ টকা। সভা শেষ হোৱাৰ পিছতেই ১১.৪১বৃদ্ধ পাই হৈ পৰে ১২৯৫ টকা। সভাৰ আৰম্ভণিতে ৰিলায়েন্সৰ বজাৰ মূল্য আছিল ৭৩৬৬০২ কোটি টকা; সভাৰ শেষত হৈ পৰে ৮২০৭৫৩ কোটি টকা !

সেয়েহে বুধবাৰৰপৰা শুক্ৰবাৰলৈ—তিনিটা দিনত মুকেশৰ সম্পত্তিৰ বৃদ্ধি হৈছে ৪০০ কোটি মাৰ্কিন ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰে প্ৰায় ২৯০০০ কোটি টকা। ‍‘ব্লুমবাৰ্গ বিলিয়নাৰ্ছ’-ৰ তৰফৰপৰা জনোৱা হৈছে যে এই সময়ত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধনীসকলৰ ১৩নং স্থান মুকেশ আম্বানীয়ে দখল কৰিছে।

 

Related Articles

Close