সাগৰ কিয় ভাললাগে

পুষ্পাঞ্জলি শিৱম শর্মা

সাগৰ কিয় ভাল লাগে?

নতুবা পর্বতৰ ইশখৰত উঠি হাতদুখন বহলকৈ মেলি দি

মনটোক সম্পূৰ্ণভাৱে মুক্ত কৰি প্ৰকৃতিক আৰু তাৰ অমিয় স্বৰূপক

উপলব্ধি কৰাৰ হাবিয়াস কিয় আমাৰ প্ৰতিজনৰে?

সূর্যাস্ত ৰাগৰন্জিত মেঘমলা নতুবা উৰ্মিমালাৰ তৰংগায়িত

সাগৰখনৰ পিনে একেথৰে চায়েই থাকিবৰ মন যায় আমাৰ সকলোৰে।

মনৰ মাজত তেতিয়া যেন এক বিপুল পুলকতাৰ হিল্লোল।

অনিবৰ্চনীয় আনন্দ অনুভৱ হয় আৰু

সেই সময়ত এক মুহূৰ্তৰ বাবেও আমাৰ মনটোৱে প্ৰকৃতিৰ

সেই গৰিমাময় দৃশ্যৰপৰা পাৰ্থিৱ বস্তুগত লাভজনক

কিবা এটা সমুলঞ্চে নিবিচাৰে।

বিচাৰি ফুৰে মাথোঁ সুন্দৰতাৰ ওচৰত স্ৱ সমৰ্পণ আৰু

প্ৰকৃতিৰ সাহচৰ্য, আৰু যেন বিচাৰিবলৈ একোৱেই বাকী নৰয়গৈ।

কেৱল মাত্ৰ বিচাৰিবলৈ একোৱেই বাকী নৰয়গৈ।

কেৱল মাত্ৰ প্ৰকৃতিৰ অমিয় মাধুৰ্যৰ মাজত

বিলীন হোৱা পেঁপাহটোত ঘৰ বান্ধিব খোজে।

প্ৰকৃতিৰপৰা শিকিবলৈ বহুত কথাই আছে,

নহলেনো হেজাৰ অলেখ পাৰ্থিৱ সুখৰ মাজত

থকাজনেও এপলক হ’লেও সুৰুঙা উলিয়াই ঢাপলি মেলে সাগৰ,

পাহাৰ, বলুকাৰাশি কিম্বা বনভূমিলৈ।

এক চিৰশ্ৱাশ্বত শান্তিৰ সন্ধানত, অনামী সুখৰ আকৰ বিচাৰি,

কিয়নো প্ৰকৃতিৰ সান্নিধ্যই হৈছে মানুহৰ বাএব শ্ৰেষ্ঠতম সান্নিধ্য।

আমি আমাক নিজেই নিজৰ সকলোতকৈ প্ৰিয় আৰু নিজৰ লগত

নিজক উদযাপন কৰাৰ শ্ৰেষ্ঠতম লগৰীয়াই হৈছে প্ৰকৃতি।

Related Articles

Close