সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ–(নৱম)

মিনাৰা হুছেইন

(নৱম)

ভাদমাহ শেষ হবলৈ হল। নামঘৰলৈ যোৱাই নহল। আজি নিমিশা আৰু শাহুয়েক নামঘৰলৈ যাবলৈ ওলাইছে। মালতীবায়ে ঘৰতে থাকিল ৰাধা আৰু গৌৰীৰ লগত। নিমিশা আৰু শাহুয়েক নামঘৰলৈ ওলাল। বেছি দূৰ নহয়। শাহুয়েকে যেন নিমিশাৰ লগত সহজ হব পৰা নাই।
নামঘৰত নিমিশা হতে সেৱা কৰিলে। নিমিশাই প্ৰাৰ্থনা কৰিলে তাইৰ মনোকামনা যেন পূৰণ হয়। তাই যি সিদ্ধান্ত লবলৈ গৈ আছে,  তাই জানে সেইটো সহজতে মানি নলয়। সকলোৱে আপত্তি দৰ্শাব। কিন্তু তাই বুজাব পাৰিব লাগিব সকলোকে। অপ্ৰিয় সত্য কিছুমান নোকোৱাই ভাল। আজি পৰিস্থিতিত পৰি তাই কিজানি কব লগীয়া হব পাৰে সকলো।
” মোক শক্তি দিয়া। মাইনাদুজনীক যাতে নিজৰ কৰি লব পাৰো।”
সেৱা কৰি নামঘৰৰ পৰা ওলাই আহিল। বাটতো বিশেষ কথা বতৰা নহল।
অনুৰাগ অফিচৰ পৰা আহোতে মাইনা দুজনীলৈ বহুতো পুতলা লৈ আনিছে। নিমিশাই দুয়োজনীক লৈ উমলি আছিল।
“নিমিশা… যেনেকৈ আছা তেনেদৰে থাকা। টিকলি দুজনীৰ সৈতে খুব মৰম লাগিছে তোমাক”
অনুৰাগে পকেটৰ পৰা মবাইলটো ওলাই ফটো এখন তুলিলে‌।
“চোৱা…ইহতদুজনীৰ প্ৰথম ফটো”
“অনুৰাগ…মই কথা এটা ভাবিছো ”
“কি…?”
“গৌৰী আৰু ৰাধাৰ..”
“ৰবা, ৰবা নিমিশা… তুমি বাৰে বাৰে কিয় গৌৰী আৰু ৰাধা নাম দুটা লৈ আছা?”
অনুৰাগে উচ্চ সুৰত কলে।
“মই দেখোন যোৱাকালি কৈছিলো।এতিয়া আকৌ একেটা কথাকে লৈ…”
“মায়ে কি কৈছিল তুমি শুনা নাছিলা ”
“শুনিছিলো…তোমালোকলৈ অপেক্ষা কৰিছিলো। কিন্তু পোন্ধৰ দিন পাৰ হৈ যোৱাৰ পিছতো যেতিয়া তোমালোকে ইহতদুজনীক কোনো নাম দিয়া নাছিলা, তেতিয়া মোৰ এই নাম দুটাই মনলৈ আহিল”

“বা বোৱাৰী বা…মনলৈ অকল এই নাম দুটাহে আহিল। আৰু তুমি নাম দিবলৈ কোন?”
অনুৰাগৰ মাক আধা জপাই থোৱা দুৱাৰখন  ঠেলি ৰুমলৈ সোমাই আহিল।

“মা আপুনিও আহিছে ভালেই হল। মোৰ কবলগীয়া বহু কথাই আছে। প্ৰথম টো হল মই গৌৰী আৰু ৰাধাক এডপ্ট কৰিম। লিগেলী।”
“গৌৰী….”
অনুৰাগ চিঞৰি উঠিল।
নিমিশাই চাই ৰল অনুৰাগলৈ।
“হাউ নিমিশা হাউ? ৱিডৱাউড মাই কনচেন্ট , হাউ? আৰু পিতৃ পৰিচয় কি দিবা?”

“মই যিখিনি কথা কেতিয়াও তোমাক নজনাও বুলি ভাৱিছিলো, আজি জনাব লাগিব। মই আজি তিনি বছৰে জীয়াই জীয়াই মৰি আছো। কিয় জানা অনুৰাগ।একমাত্ৰ তোমাৰ বাবে। তুমি যাতে কষ্ট নোপোৱা, তুমি যাতে সদায় এনেদৰে হাহি থাকা তাৰবাবে মই সকলো অকলে সহিছিলো”
নিমিশাই চকুৰ পানী মচি খিৰিকীৰে বাহিৰলৈ চাই ৰল।

“নিমিশা… কি কৈ আছা।ভালদৰে বুজাই কোৱা। আৰু ইহত দুজনীক মোৰ লৰাৰ নাম, মোৰ বংশৰ নাম দিবলৈ তুমি অধিকাৰ ক’ত পালা?”

“জানেনে মা …আমি নাৰী সকলেই এখন ঘৰ গঢ়িব পাৰো।আৰু এখন ঘৰ ধ্বংস ও কৰিব পাৰো। আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰৰ আগতে গৌৰীৰ লগত যি ঘটিছিল তাৰ বাবে দেউতা জগৰীয়া।এজনী ফুলকুমলীয়া ছোৱালীৰ জীৱনৰ লগত খেলা কৰি শেষ কৰি দিলে। কিন্তু আপুনি ক’ত আছিল মা? মোক ক্ষমা কৰিব।বহুতো নকবলগীয়া কথা কবলৈ আজি মই বাধ্য। ”

“নিমিশা… ডন্ট ক্ৰছ ইউৰ লিমিট”
“অনুৰাগ …তাইক কবলৈ দে।কোৱা নিমিশা কোৱা মোৰ ভূল ক’ত?”

“ভূল এইখিনিতে যে আপুনি সকলো দেখিও নেদেখিছিল। ঘৰত গাভৰু ছোৱালী আছিল আপোনাৰ সহায়ৰ বাবে। সিহত সুৰক্ষিত আছেনে নাই, এবাৰ খবৰ কৰিছিল নে? কিছুমান পুৰুষ সুবিধাবাদী।সুযোগৰ সন্ধানত থাকে। তাতে কেও কিছু নোহোৱা বাগানীয়া ছোৱালী। আৰু ৰাধা।তাইৰ কি দোষ আছিল? সমাজত আপোনালোকৰ মান মৰ্যাদা অটুত থাকিবলৈ ৰাধাক নিজৰ নাম দিলে।কিন্তু মনত ঠাই দিছিলনে কেতিয়াবা? মা সময় পালে ৰাধাৰ ডায়েৰীবোৰ পঢ়িব। কিমান বিচাৰিছিল আপোনাৰ এটি উস্ম চুম্বনৰ বাবে।দেউতাৰ লগত খেলিবলৈ। মা জানেনে যেতিয়া আপোনালোকে অনুৰাগক লৈ ফুৰিবলৈ গৈছিল, ৰাধাই মালতীবাইৰ কোলাত শুই শুই কান্দিছিল। মা তাই তাইৰ জন্ম বৃতান্ত সকলো গম পাইছিল, যেতিয়া তাইক অকলে হস্পিতালত মালতীবাইৰ লগত থৈ আহিছিল।আপুনাৰ আৰু দেউতাৰ কথোপকথনৰ পৰা সকলো গম পাই গৈছিল।তেতিয়া তাইৰ বয়স মাথো দহ বছৰ হৈছিল।তাই সকলো জানিছিল।কিন্তু নজনাৰ ভাও ধৰিছিল। কিজানি এইবোৰ জনাজনি হলে আপোনালোকৰ সন্মান হানি হয়।”
নিমিশাৰ চকুৰ পানী মচিলে অনুৰাগে।

“নিমিশা… ৰাধাই সকলো জানিছিল।আমি তাইক…”
অনুৰাগৰ চকু সেমেকি উঠিল।
“অ অনুৰাগ …তাইৰ ডায়েৰীৰ পৃষ্ঠাবোৰ সাক্ষী হৈ ৰল তাইৰ অভিমানৰ, তাইৰ চকুৰ পানীৰ। তাইৰ হৃদয়ে বিচাৰিছিল তোমালোকক, তোমালোকৰ মৰম, মাৰ মৌসনা মিঠা মাত এষাৰৰ, দেউতাৰ স্নেহ আৰু তোমাৰ পৰা অলপ সমবেদনা।ককায়েক বুলি কেতিয়াবা তাইৰ মনটো জানিবলৈ চেষ্টা কৰিছিলা নে?”

(আগলৈ)

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close