সমাধিস্থ-সপোনত-অংকুৰিত-পোহৰ– (অষ্টম)

মিনাৰা হুছেইন

(অষ্টম)

টিকলীদুজনীৰ হিয়া ভগা কান্দোনে সকলোকে কন্দোৱালে। পৃথিৱীলৈ অহা এই নৱজাতক দুটিয়েও যেন অনুভৱ কৰিছে।নিজৰ জন্মদাত্ৰী মাতৃক হেৰুৱাই যেন বাউলি হৈ পৰিল। নিমিশাই দুয়োজনীকে বুকুৰ মাজত লৈ শুইছে। শোকে আৱৰি থকা  আবেগৰ মাজত যেন নিমিশাই সাৰ পাই উঠিল।এইয়া কি? মাইনাএজনীয়ে তাইৰ বুকুৰ মাজত যেন কিবা বিচাৰিছে। আনজনীয়েও চিঞৰি উঠিল। নিমিশাই ঠিকেই ধৰিব পাৰিছে। ইহত দুজনীৰ ভোক লাগিছে।তাই কি কৰিব? তপত লোতকেৰে গাৰু তিতিল। তায়ো অনুভৱ কৰিছে।হয় ।মাতৃত্বৰ উমাল পৰশেৰে দুয়োজনীকে দুটা চুমা আকি দিলে। লাহেকৈ চাদৰৰ তলেৰে ব্লাউজৰ হুক খুলি প্ৰথমবাৰৰ বাবে দুয়োজনীকে দুয়োফালে কাষ চপাই ললে। তাইৰ এই অনুভূতি , তাইৰ এই সিদ্ধান্ত …নাই নাই…আজি কাৰো কথা তাই নুশুনে।প্ৰতিগৰাকী নাৰীৰ মাজতে এগৰাকী মাতৃ লুপ্ত হৈ থাকে। আজি নিমিশাই বাৰুকৈয়ে উপলব্ধি কৰিছে। কি আচৰিত। মাইনা দুজনী কন্দা বন্ধ কৰি শুই পৰিল। নিমিশাৰ  ওঠৰ কোনত হাহি বিৰিঙি উঠিল।
“ৰাধা…এইয়া চোৱা। আমাৰ মাইনাদুজনীলৈ চোৱা”
ৰাধাৰ ৰুমৰ থকা ৰাধাৰ ফটোখনলৈ চাই ৰল নিমিশা।

ৰুবুল আৰু মাক আহিছিল। সৌজন্যতাৰ খাতিৰত দুই এটা কথা পাতিলে‌। কিন্তু এবাৰো ছোৱালী দুজনীক নললে। এবাৰো সিহঁতক লৈ যোৱাৰ কথা নকলে। এই কেইদিনমানতে মাইনাদুজনীয়ে বহুত মৰম পাইছে অনুৰাগৰ পৰা। অনুৰাগেও দহ দিনৰ চুটি ললে। মালতীবায়ে সকলো দুখ কাতি কৰি ইহতদুজনীৰ লগতে লাগি আছে। কেতিয়া নান খাবলৈ দিব, ডাইপাৰ চেন্জ কৰা, ধুনীয়া ধুনীয়া ৰঙ বিৰঙী কাপোৰবোৰ পিন্ধাই খুব খেলিছে ইহতদুজনীৰ লগত নিমিশা আৰু মালতীবায়ে। ৰাধাৰ মৃত্যুৰ পিছৰে পৰা বিৰেন বৰকটকীৰ যেন হঠাৎ পৰিবৰ্তন হৈ পৰিল। হাস্য মুখী বিৰেন বৰকটকীয়ে মন মাৰি থকা হল। হয়তো মনোকষ্ট ,হয়তো হতাশাত ভুগিছে। ৰাধাক তাইৰ অধিকাৰৰ পৰা বন্ছিত কৰাৰ বাবে। মাইনাদুজনীক বোকোচাত লৈ অনুৰাগৰ মাক বিৰেন বৰকটকীৰ ওচৰলৈ গল।
“কিয় এনেদৰে আছে?যি হব লগা আছিল, হেয়া হৈ গল।চাওকচোন এবাৰ ইহত দুজনীলো। “

“তুমি এইটো কথা কৈছা? মই আচৰিত। এইটো কথা যদি তুমি নিজে বুজি পালা হয়, আমি নিশ্চয় ৰাধাক এনেদৰে হেৰাব লগীয়া নহল হয়”
বিৰেন বৰকটকী উঠিগুছি গল।

নিমিশাই সকলো দেখিছে। বুজিও পাইছে। কিন্তু কেনেদৰে আগবঢ়াই নিব ?।কেনেদৰে জনাব তাইৰ সিদ্ধান্তৰ কথা?

ৰাধাৰ শ্ৰাদ্ব হৈ গল। লাহে লাহে সকলো নিজৰ গতিত অৱস্থান লৈছিল।
“ৰুবুল হতে কোনো খবৰ নোলোৱা হৈছ। ইহত দুজনীক আমি দি আহিব লাগিছিল”
ৰাতি ভাত খাই থাকোতে ডাইনিঙত বহি অনুৰাগৰ মাকে কলে।
নিমিশাৰ খুব খঙ উঠিছিল। কেনেকৈ এনেদৰে কব পাৰে? যিজন পিতৃয়ে নিজৰ সন্তান দুটিক এবাৰ নিজৰ বুলি আকোঁৱালি নললে, সেইজনৰ

হাতত কি দৰে গতাব?

“তোমালোকে যি ভাল দেখা”
দেউতাকে মাত দিলে।

“মা কথা এটা নহয়।  ইহতদুজনীৰ নামটো দিয়া নহল। বাৰ্থ চাৰ্টিফিকেট খনো ওলোৱা নহল।”
“নিমিশা তুমি ঠিকেই কৈছা। ধুনীয়া নাম দুটা দিয়া মাইনাদুজনীক।”
নিমিশাই মালতীবাইৰ কোলাৰ পৰা দুয়োজনীক ললে।
“আজিৰ পৰা ইহত ৰাধা আৰু গৌৰী।”
“বোৱাৰী… নামটো সলাই দিয়া।”
“কিয় মা …অনুৰাধাৰ অংশ …সেয়ে ৰাধা আৰু…”
“আৰু কি…?”
শাহুয়েকে গৰজি উঠিল।
“ৰাধাৰ লগত গৌৰী নামটো মিলে।সেয়ে আনজনী গৌৰী”
নিমিশাই লাহেকৈ কলে। আহিবলগীয়া ধুমুহাৰ উমান পাই মালতীবায়ে মাইনাদুজনীক ভিতৰৰ ৰুমলৈ লৈ গল।

“আপুনি শুনিছেনে …আকৌ গৌৰী।নোৱাৰো মই সহ্য কৰিব। ”
শাহুয়েকে কান্দি দিলে।

অনুৰাগ আৰু দেউতাকে সকলো চাই আছে। কিন্তু যেতিয়া হৃদয়ত বা মাৰলী আহে, আমিবোৰ যেন শব্দহীন হৈ পৰো। দেউতাক চোফাখনত বহিল।
“নিমিশা… তুমি সকলো নিশ্চিয় জানিলা । মোৰেই ভূল আছিল। মই এতিয়া কিদৰে প্ৰায়চিত্ত কৰো। ইহত দুজনীক মই কত ঠেলি দিম? আৰু এই অনুৰাগৰ মাক ..? তেওক মই কি কম? ”
বিৰেন বৰকটকীয়ে নিমিশাৰ হাতত ধৰি কান্দি দিলে।
কি কব নিমিশাই? পিতৃসম ব্যক্তি, যি গৰাকীয়ে নিজৰ ভূলৰ প্ৰায়চিত্ত কৰিব বিচাৰে তেওঁক কি বুলি শান্তনা দিব ?

Related Articles

error: Content is copy right protected !!
Close